স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

একেৰাহে ১৩ দিন চিকিৎসাধীন ৰোগীৰ সংখ্যা ১০ লাখতকৈ কম কৰি ৰাখিবলৈ সক্ষম হৈছে ভাৰতে

সপ্তাহান্ত দীঘলীয়া হোৱাৰ সত্তেও ভাৰতে ৩দিন একেৰাহে ১০লাখতকৈ অধিক নমূনা পৰীক্ষা কৰিছে

Posted On: 04 OCT 2020 11:14AM by PIB Guwahati

ভাৰতে একেৰাহে ১৩ দিন চিকিসাধীন ৰোগীৰ সংখ্যা ১০ লাখতকৈ কম কৰি ৰাখিবলৈ সক্ষম হৈছে৷

আজি চিকিসাধীন ৰোগীৰ সংখ্যা ৯,৩৬,৬২৬ গৰাকী, যিটো কালিতকৈ ৭,৩৭১জন কম৷

সপ্তাহান্ত দীঘলীয়া হোৱাৰ সত্তেও ভাৰতে যোৱা ৩দিন-বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবৰ ক্ৰমে ১০,৯৭,৯৪৭, ১১,৩২,৬৭৫ আৰু ১১,৪২,১৩১টা নমূনা পৰীক্ষা কৰিছে৷

ভাৰতৰ দৈনিক পৰীক্ষণ ক্ষমতা বৃদ্ধি পাই আহিছে৷ এতিয়া প্ৰতিদিনে ১৫লাখতকৈ অধিক নমূনা পৰীক্ষা কৰিব পৰা যায়৷

বিগত ১০দিনত গড়ে ১১.৫ লাখ নমূনা পৰীক্ষা কৰা হৈছে৷

জানুৱাৰী, ২০২০ৰ পৰা ভাৰতে এতিয়ালৈকে ৭.৮৯ কোটি নমূনা পৰীক্ষা কৰিছে৷ পজিটিভিটিৰ হাৰত আনুপাতিক কম হোৱা পৰিলক্ষিত হৈছে৷ এই ক্ষেত্ৰত ক’ভিড পৰীক্ষণে সংক্ৰমণ ৰোধত এক কাৰ্যকৰী আহিলা হিচাপে ধৰা দিছে৷

উচ্চ মাত্ৰাৰ পৰীক্ষাণে আগতীয়া চিনাক্ত, আইছ’লেচনত ৰখা, ফলপ্ৰসূ চিকিসা প্ৰদানত সহায় কৰিছে৷ ইয়াৰ ফলত মৃত্যু হাৰো হ্ৰাস পাইছে৷

ভাৰতৰ সৰ্বাধিক আৰোগ্যৰ ধাৰাবাহিকতা অব্যাহত আছে৷ বিগত ২৪ ঘণ্টাত দেশত ৮২,২৬০গৰাকী ৰোগী আৰোগ্য হৈছে৷ ইয়াৰ বিপৰীতে দেশত নতুনকৈ আক্ৰান্ত হৈছে ৭৫,৮২৯গৰাকী লোক৷

ভাৰতত আজিলৈকে মুঠ আৰোগ্য লোকৰ সংখ্যা ৫৫,০৯,৯৬৬জন হৈছে৷ দেশৰ ৰাষ্ট্ৰীয় আৰোগ্য হাৰো ৮৪.১৩%লৈ উন্নীত হৈছে৷ নতুনকৈ আৰোগ্য লাভ কৰাসকলক ৭৫.৪৪%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ এই তালিকাত মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশে শীৰ্ষ স্থানত আছে৷

একদৰে, নতুনকৈ আক্ৰান্তসকলৰ ৭৭.১১%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ দেশত বৰ্তমান মুঠ আক্ৰান্তৰ ১৪.৩২% ৰোগী চিকিসাধীন হৈ আছে৷

কালিৰ দিনটোত মহাৰাষ্ট্ৰত ১৪,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷ একেদৰে কৰ্ণাটক আৰু কেৰালাত ক্ৰমে ৯,৮৮৬ আৰু ৭,৮৩৪গৰাকী লোক আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৯৪০গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে মহাৰাষ্ট্ৰত সৰ্বাধিক ২৭৮ আৰু কৰ্ণাটকত ১০০গৰাকী ৰোগীৰ মৃত্যু হৈছে৷

****

MV/DB



(Release ID: 1661569) Visitor Counter : 115