PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 14 SEP 2020 6:19PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

অন্য এক অগ্ৰগতি, ভাৰতৰ আৰোগ্য লাভৰ হাৰে স্পৰ্শ কৰিলে ৭৮%; সক্ৰিয় ঘটনাতকৈ আৰোগ্য লাভৰ সংখ্যা ২৮ লাখ অধিক, মুঠ সক্ৰিয় ঘটনাৰ ৬০% পাঁচ অতিশয় প্ৰভাৱিত ৰাজ্যৰ

অবিৰত যাত্ৰা অক্ষুন্ন ৰাখি, আৰোগ্য লাভৰ হাৰে ৭৮.০০% স্পৰ্শ কৰাত, দৈনিক অধিক ৰোগীয়ে আৰোগ্য লাভ কৰাটোকে সূচিত কৰিছে। যোৱা ২৪ ঘন্টাত ৭৭,৫১২ ৰোগীক ডিচাৰ্জ দিয়া হৈছে। ইয়াৰ জৰিয়তে মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৭৭,৫১২ জন। মুঠ আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ ব্যৱধান নিৰৱচ্ছিন্নভাৱে বৃদ্ধি হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ আৰু ভাৰত চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত কেন্দ্ৰীয় পৰিয়াল আৰু স্বাস্থ্য কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনৰ নিজাববীয়া বিবৃতিৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ৰপৰা আৰোগ্য লাভ কৰা ৰোগীৰ মেনেজমেন্ট প্ৰটকলত আয়ুষৰ প্ৰেক্টিছৰ অন্তৰ্ভুক্তি

’ভিড উত্তৰ ব্যৱস্থাপনাৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰট’কল জাৰি কৰিছে। যাৰ জৰিয়তে, ক’ভিডৰপৰা আৰোগ্য লাভ কৰা ৰোগীৰ ঘৰতে সৰ্বাংগীন যত্নৰ পথ প্ৰশস্ত হৈ পৰিব। ইয়াত কোৱা হৈছে যে আন বহু ৰোগত ভুগি থকা লোকৰ ক্ষেত্ৰত ক’ভিডৰপৰা সোনকালেই আৰোগ্য লাভ কৰিব পৰা নাযায়। ইয়াৰ পৰিপ্ৰেক্ষিততে, আয়ুষৰ কেতবোৰ আচৰণ তেনে ৰোগীসকলৰ যতনৰ নীতি-নিয়মৰ সৈতে সংযোগ ঘটোৱা যায়।

অধিক বিৱৰণৰ বাবেঃ

 

সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনৰ আৰম্ভণিত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ ইংৰাজী পাঠ

“….বিশেষ পৰিস্থিতিৰ অধীনত সংসদৰ অধিৱেশন আজিৰেপৰা আৰম্ভ হৈছে। এফালে ক’ৰোনা মহামাৰী আনফালে আনৰ কাৰণে আমাৰ দায়িত্ব পালন কৰিবলৈ আমি সংকল্পবদ্ধ আৰু সকলো সাংসদেই দায়িত্বৰ এই পথ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ বাবে মই প্ৰতিজন সাংসদকে ধন্যবাদ জ্ঞাপন কৰিছো ……

এই অধিৱেশনত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ, ভিন্ন প্ৰসংগৰ ওপৰত আলোচনা কৰা যাব।

 

অধিক বিৱৰণৰ বাবে

 

সকলো স্বাস্থ্যসেৱা ব্যৱস্থাত যথোচিত অক্সিজেনৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ ৭ খন ডাঙৰ ৰাজ্যক আহ্বান কেন্দ্ৰীয় স্বাস্থ্য সচিব, উদ্যোগ ও আভ্যন্তৰীণ বাণিজ্য সচিবৰ

কালি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এখনি ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে। ইয়াত কেন্দ্ৰীয় স্বাস্থ্য সচিব, ডিপিআইআইটিৰ সচিব আৰু ফাৰ্মাচিউটিকেলছৰ সচিবে অংশগ্ৰহণ কৰে। এই বৈঠকখনিত মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তেলেংগানা, গুজৰাট, ৰাজ্যস্থান আৰু মধ্য প্ৰদেশৰ ৰাজ্যিক স্বাস্থ্য সচিব আৰু উদ্যোগ সচিবসকলে ভাগ লয়। এই ৰাজ্যকেইখনত স্বাস্থ্যসেৱা সুবিধাত যথোচিত অক্সিজেনৰ উপলব্ধতা আৰু অক্সিজেনৰ ৰাজ্যৰ ভিতৰত তথা আন্তঃৰাজ্যিক যোগান নিশ্চিত কৰিবলৈকে এই বৈঠকখনি অনুষ্ঠিত কৰা যায়।

অধিক বিৱৰণৰ বাবে

ছানডে সংবাদৰ জৰিয়তে ছচিয়েল মিডিয়াৰ ফৱাৰেৰে মত-বিনিময় ডাঃ হৰ্ষ বৰ্ধনৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কালি ছানডে সংবাদ প্লেটফৰ্মৰ জৰিয়তে তেওঁৰ ছ’চিয়েল মিডিয়াৰ ফ’ল’ৱাৰসকলেৰে মত-বিনিময় কৰে আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়ে। ইয়াত কেৱল সাম্প্ৰতিক ক’ৰোনা কেন্দ্ৰিক পৰিস্থিতিয়েই নহয়, বৰঞ্চ চৰকাৰখনৰ অনাগত পৰিকল্পনাৰ কথা-বাৰ্তায়ো স্থান লাভ কৰে। ইয়াত মন্ত্ৰীগৰাকীয়ে জনাই যে ক’ভিড-১৯ৰ প্ৰতিষেধক কেতিয়া প্ৰস্তুত হৈ উঠিব, সেয়া সঠিককৈ ক’ব পৰা নাযাব যদিও ২০২১ৰ প্ৰথম ত্ৰৈমাসিকতে এয়া বজাৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁ কয় যে মানৱদেহত এই প্ৰতিষেধকৰ পৰীক্ষামূলক প্ৰয়োগত চৰকাৰখনে যথেষ্ঠ সতৰ্কতা অৱলম্বন কৰিব।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে, ভিন্ন মন্ত্ৰালয় আৰু বিভাগে কৰা ভাল কামক প্ৰশংসা

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি.কে. মিশ্ৰই শনিবাৰে এখন উচ্চস্তৰীয়া পৰ্যালোচনা বৈঠকত পৌৰহিত্য কৰি ক’ভিড-১৯ৰ প্ৰস্তুতি আৰু মোকাবিলাৰ দিশ পৰ্যালোচনা কৰে। ইয়াত সকলো ৰাজ্যৰ প্ৰতিখন জিলাৰ সাম্প্ৰতিক এনে পৰিস্থিতিৰ অৱলোকন কৰা হয়। ইয়াত প্ৰতিষেধকৰ বিকাশ সাধন আৰু ইয়াৰ বিতৰণৰ পৰিকল্পনাৰ প্ৰসংগয়ো স্থান লাভ কৰে।

অধিক বিৱৰণৰ বাবে

 

উত্তৰ পূবৰ ৰাজ্যকেইখনক সক্ৰিয়তাৰে সংক্ৰমণৰ শৃংখল ছিঙিবলৈ আহ্বান কেন্দ্ৰৰ

উত্তৰ পূবৰ আঠোখন ৰাজ্যৰ ক’ভিড ব্যৱস্থাপনা কৌশল আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনাৰ অৰ্থে কেন্দ্ৰীয় স্বাস্থ্য সচিবে আজি এখন ভিডিঅ’ কনফাৰেন্স (ভিচি)ত ভাগ লয়। এই ভিচিত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ প্ৰধান সচিব, স্বাস্থ্য সচিব আৰু আন ৰাজ্যিক প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। দেশখনত মুঠ সক্ৰিয় ঘটনাৰ ৫% তকৈয়ো কম উত্তৰ পূবৰ এই ৮ খন ৰাজ্যত আছে। ২৯,৬৯০ (আজিৰ তাৰিখত) সক্ৰিয় ঘটনাৰে, অসমে এই উত্তৰ পূবৰ আঠখন ৰাজ্যৰ মুঠ সক্ৰিয় ঘটনাৰ ৬৮% ধাৰণ কৰি আছে। ৭,৩৮৩ সক্ৰিয় ঘটনাৰে এই ৰাজ্যকেইখনৰ মুঠ সক্ৰিয় ঘটনাৰ তালিকাখনত দ্বিতীয় স্থানত থকা ত্ৰিপুৰাৰ হাৰ ১৭%।

অধিক বিৱৰণৰ বাবেঃ

 

তেলৰ আমদানিত কভিড-১৯ৰ প্ৰভাৱ

’ভিড-১৯ মহামাৰীয়ে প্ৰভাৱিত কৰিছে তেলৰ আমদানিত। তেল আৰি গেছ খণ্ডৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে এই কথা অৱগত কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজহ ঘাটি হোৱাৰ কথাটোত প্ৰতিষ্ঠানসমূহে উদ্বেগ প্ৰকাশ কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ৰে যুঁজিবলৈ ৰাজ্যসমূহলৈ পুঁজি মুকলি

’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত, ভাৰত চৰকাৰে এছডিআৰএফৰ ১ম কিস্তি চলিত বৰ্ষৰ ৩ এপ্ৰিলত মোকলাই দিছিল। ইয়াৰ মুঠ পৰিমাণ আছিল ১১,০৯২ কোটি। আজি লোকসভাত লিখিত উত্তৰ প্ৰদান কৰি এই তথ্য সদৰী কৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে।

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত কোম্পানী/এলএলপিসমূহলৈ শিথিলকৰণ

’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত কাৰ্যকৰী কৰা লকডাউনৰ সময়ছোৱাত কোম্পানী/এলএলপিসমূহৰ কল্যাণৰ অৰ্থে কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰণালয়ে বহু পদক্ষেপ গ্ৰহণ কৰিছিল। আজি লোকসভাত লিখিত উত্তৰ প্ৰদান কৰি এই তথ্য সদৰী কৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে। ইয়াৰ জৰিয়তে কোম্পানী/এলএলপিসমূহৰ সমস্যা লাঘৱ কৰাৰ চেষ্টা কৰা যায়।

অধিক বিৱৰণৰ বাবেঃ

 

পেট্ৰলিয়াম খণ্ডৰে জড়িত বিহাৰৰ তিনিটা গুৰু প্ৰকল্প ৰাষ্ট্ৰৰ বাবে অৰ্পণ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পেট্ৰ’লিয়াম খণ্ডৰে জড়িত বিহাৰৰ তিনিটা প্ৰকল্প ৰাষ্ট্ৰৰ বাবে অৰ্পণ কৰে। এই প্ৰকল্প কেইটা হৈছে পাৰাদীপ-হালদিয়া-দুৰ্গাপুৰ পাইপলাইন আগুমেনটেশ্যন প্ৰকল্পৰ দুৰ্গাপুৰ-বাংকা শাখা আৰু দুটা এলপিজি বটলিং প্লান্ট।

অধিক বিৱৰণৰ বাবেঃ

 

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহেৰে স্বাস্থ্য মন্ত্ৰালয়ৰ ভাৰ্চুৱেল সন্মিলনত নেশ্যনেল ক্লিনিকেল ট্ৰিটমেন্ট প্ৰটকল আৰু বেষ্ট প্ৰেক্টিছ মানি চলাত গুৰুত্ব আৰোপ

দেশখনত ক’ভিড-১৯ৰ চিকিৎসা আগবঢ়োৱা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰ অৰ্থে এফআইচিচিআই আৰু এইমছ, নতুন দিল্লীৰ সহযোগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এখনি ভাৰ্চুৱেল সন্মিলন অনুষ্ঠিত কৰে। এই সন্মিলনে পৰিহাৰ্য মৃত্যু হ্ৰাস কৰিবলৈ ক’ভিড-১৯ ব্যৱস্থাপনাৰ ক্লিনিকেল প্ৰট’কল আৰু বেষ্ট প্ৰেক্টিছৰ আলোচনাৰ এটি সুযোগ আগবঢ়ায়। দেশখনৰ স্বাস্থ্যসেৱা খণ্ডলৈ ক’ভিড-১৯এ অপ্ৰতিৰোধ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰা সময়তে, চৰকাৰখনকে প্ৰমুখ্য কৰি ব্যক্তিগত খণ্ডসমূহৰ উদ্যোগতো সক্ৰিয় সঁহাৰি আগবঢ়োৱা হৈছে। দেশখনত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰদ্বাৰা ৰূপায়ণ কৰা বেষ্ট প্ৰেক্টিছ আৰু ফলপ্ৰসূ চিকিৎসা বিধিৰ আদান-প্ৰদানৰ অৰ্থেই এই সন্মিলনৰ আয়োজন কৰা যায়। মন্ত্ৰালয়ে চিকিৎসালয়সমূহৰ প্ৰতিনিধিসকলক তেওঁলোকৰ সা-সুবিধাৰ মাজত কভিড-১৯ৰ চিকিৎসা আগবঢ়াওঁতে মুখামুখি হোৱা প্ৰত্যাহ্বান আৰু তেওঁলোকৰ মূল অসুবিধাসমূহ ব্যক্ত কৰিবলৈ কয়। কেন্দ্ৰীয় স্বাস্থ্য সচিবে এই ভাৰ্চুৱেল সন্মিলনখনি উদ্বোধন কৰে। ’ভিড-১৯ত আক্ৰান্ত ৰোগীয়ে যাতে বিছনা নোপোৱাকৈ নাথাকে আৰু তেওঁলোকক যাতে উপযুক্ত চিকিৎসা প্ৰদান কৰা হয়, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰখনৰ অংগীকাৰৰ কথা উল্লেখ কৰে। সন্মিলিত লক্ষ্যটো উপলব্ধ, সুলভ আৰু সুগম চিকিৎসা ব্যৱস্থা হোৱা উচিত বুলি তেওঁ কয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেৰে মিলিত হৈ কেন্দ্ৰই আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ১% ৰো নিম্ন কৰিবলৈ চেষ্টা চলাইছে বুলি তেওঁ উল্লেখ কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

ডিছইনফেকটেন্ট স্পেৰ বিকাশসাধন আইপিএফটিৰ

কেমিকেলছ আৰু পেট্ৰ’কেমিকেলছ বিভাগৰ অধীনস্থ স্বতন্ত্ৰ সংস্থা ইনষ্টিটিউট অৱ পেষ্টিচাইড ফৰ্মুলেশ্যন টেকন’ল’জিয়ে দুটা নতুন প্ৰযুক্তিৰ সফল বিকাশ সম্পূৰ্ণ কৰিছে।

অধিক বিৱৰণৰ বাবেঃ

 

ৱেব-নিৰ্ভৰ কভিড প্ৰেডিক্টৰ প্ৰস্তুত ভাৰতীয় বিজ্ঞানীৰ

’ভিড-১৯ৰ ক্ৰম-বিকাশ, ইয়াৰ গতি-বিধি লক্ষ্য কৰি অহা ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ এদল বিজ্ঞানীয়ে ৱেব-নিৰ্ভৰ ক’ভিড প্ৰেডিক্টৰ প্ৰস্তুত কৰি উলিয়াইছে।

অধিক বিৱৰণৰ বাবেঃ

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • চণ্ডীগড়ঃ কেন্দ্ৰীয় শাসিত অঞ্চলটোত টেষ্টিং বৃদ্ধি কৰিবলৈ ইয়াৰ প্ৰশাসকে অতিৰিক্তভাৱে ১০,০০০ এন্টিজেন কিট ক্ৰয়ৰ নিৰ্দেশনা প্ৰদান কৰিছে। তদুপৰি, ক’ভিড ৰোগীসকলৰ অৰ্থে আৰু ২০০ খন বিচনা বৃদ্ধিতো তেওঁ গুৰুত্ব আৰোপ কৰিছে।
  • হাৰিয়ানাঃ হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী অনিল ভীজে সদৰী কৰে যে ৰাজ্য চৰকাৰখনে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত ১,৪৪ লাখ লোকৰ ট্ৰিটমেন্টত ১৬৯,৪ কোটি টকা ব্যয় কৰিছে। ইয়াত, ক’ভিড ৰোগীসকলকো অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ জনাইছে।
  • অৰুণাচল প্ৰদেশঃ দায়িত্ব পালনৰ সময়তে ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা ইটানগৰস্থিত আৰকে মিশ্যন হাস্পতালৰ স্বাস্থ্য কৰ্মী শ্ৰীমতী চালমী চাংডিগৌৰিয়া (৩৮)লৈ গভীৰ সমবেদনা জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে।
  • অসমঃ কালি অসমত নতুনকৈ ১২৯২ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। ইফালে, কালিৰ দিনটোতে ২২৫১ জন ৰোগীক ডিচাৰ্জ দিয়া হয়। ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা ১,৪১,৭৩৯ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ডিচাৰ্জ দিয়া হৈছে ১,১৩,১৩৩ জনক। বৰ্তমান ইয়াত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৮,১৫৮ আৰু অদ্যপি মৃত্যু হৈছে ৪৬৯ জনৰ।
  • মণিপুৰঃ মণিপুৰত নতুনকৈ আক্ৰান্ত হৈছে ১৪৪ জন লোক। ইয়াত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৬৩৮ টা। যোৱা ২৪ ঘন্টাত ৮৯ জনে আৰোগ্য লাভ কৰাত ইয়াৰ হাৰ হয় ৭৮ শতাংশ। ইফালে, একে সময়ছোৱাত এজন লোকৰ মৃত্যু হৈছে।
  • মেঘালয়ঃ মেঘালয়ত মুঠ সক্ৰিয় ঘটনা ১৬২৩ ৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ২০৭৫ জনে।
  • মিজোৰামঃ ৰাজ্যখনত কালি নতুনকৈ ১৪ জন লোক আক্ৰান্ত হৈছে। মুঠ আক্ৰান্তৰ সংখ্যা ১৪২৮ হোৱাৰ বিপৰীতে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৫৯৮ টা।
  • নাগালেণ্ডঃ নাগালেণ্ডত শেহতীয়াভাৱে ১৯ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। দেওবাৰৰ দিনটোত ৰাজ্যখনত ৫৬৩ টা নমুনা টেষ্ট কৰা যায়। ইফালে, একে সময়তে ৬১ জনে আৰোগ্য লাভ কৰিছে।
  • কেৰালাঃ কেৰালাৰ ৰাজহুৱা প্ৰশাসন বিভাগে শনিবাৰৰ বন্ধৰ দিন বাতিল কৰিছে। কালি ৰাজ্যখনত নতুনকৈ আক্ৰান্ত হয় ৩,১৩৯ জন লোক।
  • তামিল নাডুঃ যোৱা ২৪ ঘন্টাত পুডুচেৰীত নতুনকৈ আক্ৰান্ত হৈছে ৪১৪ জন লোক। ইয়াত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৪৮০৫ টা।
  • কৰ্ণাটকঃ ইয়াৰ বাছাপ্পা মেম’ৰিয়েল হাস্পতালক ক’ভিড হাস্পতাললৈ ৰূপান্তৰিত কৰা হৈছে। ইয়াত মূলতঃ ক’ভিড-১৯ত আক্ৰান্ত হোৱা জ্যেষ্ঠ নাগৰিকসকলক ভৰ্তি কৰা যাব।
  • অন্ধ্ৰ প্ৰদেশঃ স্বৰ্ণ পেলেচ ক’ভিড কেয়াৰ চেন্টাৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ক চৰকাৰখনক অনুমতি প্ৰদান কৰিবলৈ কৈছে। উল্লেখ্য যে গত ৯ আগষ্টত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। 
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ আক্ৰান্ত হৈছে ১৪১৭ জন লোক। আৰোগ্য লাভ কৰে ২৪৭৯ জন ৰোগীয়ে। ইফালে, একে সময়তে মৃত্যুৰ মুখত পৰিছে ১৩ জনকৈ লোকে।
  • মহাৰাষ্ট্ৰঃ মুম্বাইত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাতে মহানগৰখনত টেষ্টিঙৰ মাত্ৰা বৃদ্ধি কৰি তোলা হৈছে। ইয়াত, সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩০,৩১৬ টা।
  • গুজৰাটঃ মাস্ক পৰিধান কৰিবলৈ অমান্তি হোৱা লোকসকলৰ বিৰুদ্ধে আহমেদাবাদ আৰক্ষী আৰম্ভ কৰিছে বিশেষ অভিযান। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৬,৪৩৯ টা।
  • ৰাজস্থানঃ ৰাজ্যখনত অধিক আক্ৰান্ত ৰোগীৰেই শ্বাস-প্ৰশ্বাসৰ সমস্যা থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰখনে ৩৮ টা অক্সিজেন জেনেৰেশ্যন প্লান্ট স্থাপন কৰিছে। এইসমূহ, চৰকাৰী মেডিকেল কলেজ আৰু জিলা হাস্পতালসমূহত সংস্থাপিত কৰা হৈছে।
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশলৈ দৈনিক ৫০ টনকৈ অক্সিজেন যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰখনে সন্মতি প্ৰকাশ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কথা প্ৰকাশ কৰিছে।
  • গোৱাঃ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ শ্বাৱন্তই কয় যে ক’ভিড-১৯ ৰ বিৰুদ্ধে সমুখ সমৰত থকা প্ৰতিজন স্বাস্থ্য কৰ্মীলৈকে ৫০ লাখ টকাৰ বীমা ক’ভাৰেজ আগবঢ়োৱা যাব। প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত এই বীমা ক’ভাৰ আগবঢ়োৱা হৈছে।

 

ফেক্ট চেক

********



(Release ID: 1654256) Visitor Counter : 155