কেবিনেট

উচ্চ মানদণ্ডৰ টেক্সটাইলৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে ভাৰত আৰু জাপানৰ মাজৰ বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 02 SEP 2020 4:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে জাপানৰ বজাৰৰ বাবে ভাৰতীয় টেক্সটাইল আৰু ক্লথিঙৰ মানদণ্ড বৃদ্ধি আৰু টেষ্টিঙৰ অৰ্থে টেক্সটাইল কমিটি, ভাৰত আৰু মেচাৰ্ছ নিচ্চেংকেন কোৱালিটি ইভালুৱেশ্যন চেন্টাৰ, জাপানৰ মাজত এখনি বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ বাবে অনুমোদন জনাইছে।

এই চুক্তিখনৰ জৰিয়তে ঘৰুৱা আৰু বিদেশ উভয়ৰে ক্লাইন্ট/ক্ৰেতাৰ অৰ্থে টেকনিকেল টেক্সটাইল আৰু পৰৱৰ্তী তাৰিখ এটাত পাৰস্পৰিক একমত হোৱা আন কোনো পণ্যকে ধৰি টেক্সটাইল আৰু এপ্পাৰেল প্ৰডাক্টৰ বাবে ভাৰতৰ টেষ্টিং আৰু ইনছপেকশ্যন সেৱা প্ৰদানকাৰীক সহযোগী হিচাপে টেক্সটাইল কমিটিৰ দায়িত্ব প্ৰদানত মেচাৰ্ছ নিচ্চেংকেন কোৱালিটি ইভালুৱেশ্যন চেন্টাৰ, জাপানক সক্ষম কৰি তুলিব।

***

VRRK/AKP/SB


(रिलीज़ आईडी: 1650707) आगंतुक पटल : 217
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam