প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্রীয় স্বচ্ছতা কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠান প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
Posted On:
08 AUG 2020 6:01PM by PIB Guwahati
আজি এক অতি ঐতিহাসিক দিন। ভাৰতৰ স্বাধীনতা সংগ্রামত আজিৰ দিনটো অর্থাৎ, ৮ আগষ্টৰ যথেষ্ট বৰঙণি আছে। আজিৰ দিনটো ১৯৪২ চনত গান্ধীজীৰ নেতৃত্বত স্বাধীনতাৰ বাবে এক বিশাল গণ আন্দোলন আৰুম্ভ হৈছিল৷ ‘ইংৰাজে ভাৰত ত্যাগ কৰক’ শীৰ্ষক শ্ল’গানে আকাশ-বতাহ কঁপাই তুলিছিল৷ এনে ঐতিহাসিক দিনত ৰাজঘাটৰ কাষত ৰাষ্ট্রীয় স্বচ্ছতা কেন্দ্ৰৰ উদ্বোধন সচাকৈয়ে অতি প্রাসংগিক কাৰ্য৷ এই কেন্দ্ৰটো শ্ৰদ্ধাৰ বাপুজীৰ স্বচ্ছাগ্ৰহৰ প্ৰতি ১৩০ কোটি ভাৰতীয়ৰ শ্ৰদ্ধাঞ্জলি, আমাৰ সকলোৰে কর্মাঞ্জলি৷
বন্ধুসকল,
পূজনীয় বাপুজীয়ে স্বচ্ছতাৰ মাজেৰে স্বৰাজৰ প্ৰতিবিম্ব দেখিছিল৷ তেওঁ স্বৰাজৰ সপোন পূৰণৰ বাবে স্বচ্ছতাক এক পথ হিচাপে ধৰি লৈছিল৷ মই অতিশয় আনন্দিত যে স্বচ্ছতাৰ প্ৰতি বাপুজীৰ এই আগ্ৰহৰ প্ৰতি সমর্পিত এক আধুনিক স্মাৰকৰ নাম এতিয়া ৰাজঘাটৰ সৈতে যুক্ত হৈছে৷
বন্ধুসকল,
ৰাষ্ট্রীয় স্বচ্ছতা কেন্দ্ৰ, গান্ধীজীৰ স্বচ্ছাগ্ৰহ আৰু তাৰ বাবে সমর্পিত কোটি কোটি ভাৰতীয়ৰ বিশাল সংকল্পক একেঠাই সন্নিৱিষ্ট কৰিছে৷ কিছুসময়ৰ পূৰ্বে যেতিয়া মই এই কেন্দ্রৰ ভিতৰত আছিলো, কোটি কোটি ভাৰতীয়ৰ প্ৰচেষ্টাৰ বিভিন্ন উদাহৰণৰ অসাধাৰণ সংগ্ৰহ আৰু সংকলন দেখি মনে মনে তেওঁলোকক প্ৰণাম জনাইছিলো৷ ছবছৰ পূৰ্বে লালকিল্লাৰ প্রাচীৰৰ পৰা যি যাত্রা আৰুম্ভ হৈছিল, তাৰ প্ৰতিটো মুহূর্তৰ চিত্ৰ আমাৰ স্মৃতিপটত এটাৰ পাছত এটাকৈ ফুটি উঠিছে৷
দেশৰ প্ৰতিটো প্রান্তৰ পৰা যিদৰে কোটি কোটি বন্ধুয়ে সকলো বাধা অতিক্ৰম কৰি একত্রিত হৈ একে সুৰতে স্বচ্ছ ভাৰত অভিযানক আপোন কৰি লৈছিল সেয়া এই কেন্দ্রত সন্নিৱিষ্ট হৈছে৷ এই কেন্দ্রত সত্যাগ্ৰহৰ প্রেৰণাৰ পৰা আমাৰ স্বচ্ছাগ্ৰহৰ দিশৰ যাত্রাক আধুনিক প্ৰযুক্তিৰ জৰিয়তে দেখুওৱা হৈছে৷ মই এইটোও দেখিছিলো যে ইয়াত ৰখা স্বচ্ছতা ৰবটটোও প্ৰদর্শনী দেখি অহা শিশুসকলৰ মাজত যথেষ্ট জনপ্রিয় হৈ পৰিছে। তেওঁলোকে ৰবটটোৰ সৈতে বন্ধুৰ দৰে কথাবার্তা পাতিছে। স্বচ্ছতাৰ মূল্যবোধৰ সৈতে এই সংযোগ, দেশ আৰু বিশ্বৰ বিভিন্ন স্থানৰ পৰা যিসকলে ইয়ালৈ ঘুৰিবলৈ আহিব, প্ৰতিগৰাকী বন্ধুৱে ইয়াত আহি অনুভৱ কৰিব আৰু ভাৰতৰ এখন নতুন ছবি, নতুন প্রেৰণা লৈ যাব৷
বন্ধুসকল,
আজিৰ বিশ্বৰ বাবে গান্ধীজীতকৈ ডাঙৰ প্রেৰণা একো হ’ব নোৱাৰে৷ গান্ধীজীৰ জীৱন আৰু তেওঁৰ দর্শনক আপোন কৰি লোৱাৰ বাবে আজি সমগ্ৰ বিশ্ব এতিয়া আগুৱাই আহিছে৷ বিগত বছৰত যিদৰে সমগ্ৰ বিশ্বত মহাত্মা গান্ধীৰ ১৫০সংখ্যক জয়ন্তী মহা ধূমধামেৰে পালিত হৈছে সেয়া অভূতপূর্ব আছিল৷ গান্ধীজীৰ প্রিয় ভজন ‘বৈষ্ণৱ জন তো তেনে কহিয়েঁ’ক বহু দেশৰ সংগীতজ্ঞই সুৰাৰোপ কৰাৰ লগতে বহু দেশৰ গায়কে গাইছে৷ ভাৰতীয় ভাষাত এই ভজন অতি সুন্দৰভাৱে তেওঁলোকে এক নতুন বিশ্ব অভিলেখ গঢ়িছিল৷ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত বিশেষ আয়োজনৰ পৰা আৰুম্ভ কৰি বিশ্বৰ ডাঙৰ ডাঙৰ দেশত গান্ধীজীৰ শিক্ষাক স্মৰণ কৰা হৈছে, তেওঁৰ আদর্শসমূহ স্মৰণ কৰা হৈছে৷ এনে অনুভৱ হৈছিল যেন গান্ধীজীয়ে সমগ্ৰ বিশ্বক একতাৰ এনাজৰীৰে, এক বান্ধোনেৰে বান্ধি ৰাখিছে৷
বন্ধুসকল,
গান্ধীজীৰ এই সমাদৰ আৰু জনপ্রিয়তা দেশ, কাল আৰু পৰিস্থিতিৰ ঊর্ধ্বত৷ ইয়াৰ এক ডাঙৰ কাৰণ হ’ল তেওঁৰ সাধাৰণ মাধ্যমৰ পৰা অভূতপূর্ব পৰিৱর্তন অনাৰ ক্ষমতা। বিশ্বত কোনে ভাবিছিল যে এক অতি শক্তিশালী সাম্রাজ্যবাদী শক্তিৰ হাতৰ পৰা মুক্তিৰ পথ স্বচ্ছতাৰ জৰিয়তে সম্ভৱ হ’ব পাৰে? গান্ধীজীয়ে কেৱল এই বিষয়তে ভৱা নাছিল, তেওঁ ইয়াক স্বাধীনতাৰ ভাৱনাৰ সৈতে জড়িত কৰিছিল, ইয়াক জনআন্দোলনৰ ৰূপান্তৰিত কৰিছিল৷
বন্ধুসকল,
গান্ধীজীয়ে কৈছিল, “স্বৰাজ কেৱল সাহসী আৰু পৰিচ্ছন্ন লোকসকলেহে আনিব পাৰে৷”
স্বচ্ছতা আৰু স্বৰাজৰ মাজত সম্পর্ক লৈ গান্ধীজীয়ে অতি বিশ্বাসী আছিলে কাৰণ তেওঁৰ দৃঢ় বিশ্বাস আছিল যে লেতেৰা আৱর্জনা যাক আটাইতকৈ অধিক ক্ষতি কৰে সেয়া হ’ল দেশৰ দুখীয়া লোকসকল৷ লেতেৰা আৱর্জনাই দুখীয়া লোকসকলৰ শৰীৰৰ পৰা তেওঁলোকৰ শক্তি কাঢ়ি নিয়ে৷ শাৰীৰিক শক্তিৰ পৰা আৰুম্ভ কৰি মানসিক শক্তিলৈকে৷ গান্ধীজীয়ে জানিছিল ভাৰত যিমান দিনলৈকে লেতেৰা আৱর্জনাৰ মাজত থাকিব, সিমান দিনলৈকে ভাৰতৰ জনমানসত আত্মবিশ্বাস জন্ম ল’ব নোৱাৰে৷ যিমান দিনলৈকে জনগণৰ মনত আত্মবিশ্বাস নজন্মে, তেতিয়ালৈকে তেওঁলোকে স্বাধীনতাৰ বাবে কিদৰে সাজু হ’ব পাৰিব?
সেইবাবে দক্ষিণ আফ্রিকাৰ পৰা আৰুম্ভ কৰি চম্পাৰণ আৰু সবৰমতী আশ্ৰমলৈকে তেওঁ স্বচ্ছতাকে নিজৰ আন্দোলনৰ আটাইতকৈ ডাঙৰ মাধ্যম কৰি তোলে৷
বন্ধুসকল,
মই অতিশয় আনন্দিত যে গান্ধীজীৰ প্রেৰণা লৈয়ে বিগত বছৰসমূহত দেশৰ চুকে কোনে লাখ লাখ স্বচ্ছাগ্ৰহীয়ে স্বচ্ছ ভাৰত অভিযানক নিজৰ জীৱনৰ লক্ষ্য কৰি লৈছে৷ সেই কাৰণে ৬০ মাহ প্রায় ৬০ কোটি ভাৰতীয়ক শৌচালয় সেৱাৰ সৈতে যুক্ত হৈছে, আত্মবিশ্বাসেৰে সৈতে যুক্ত হৈছে৷
সেইবাবে দেশৰ ভনীসকলৰ সন্মান, নিৰাপত্তা আৰু সেৱা লাভ কৰিছে৷ ইয়াৰ ফলত দেশৰ লাখ লাখ কন্যাই স্কুল এৰিব নলগাকৈ পঢ়া-শুনা চলাই যোৱাৰ ভৰসা পাইছে৷ ইয়াৰ ফলত লাখ লাখ দুখীয়া শিশু অসুস্থতাৰ পৰা বাচি উঠাৰ উপায় বিচাৰি পাইছে৷ ইয়াৰ ফলত দেশৰ কোটি কোটি দলিত, বঞ্চিত, পীড়িত, শোষিত জনজাতিসকলৰ মনত সমতাৰ বিশ্বাস জন্মিছে৷
স্বচ্ছ ভাৰত অভিযানে প্ৰতিগৰাকী ভাৰতীয়ৰ আত্মবিশ্বাস আৰু আত্মবল বৃদ্ধি কৰিছে৷ কিন্তু ইয়াৰ জৰিয়তে আটাইতকৈ বেছি লাভবান হৈছে দেশৰ দুখীয়া জনসাধাৰণ। তেওঁলোকৰ জীৱনত ইয়াৰ প্ৰভাৱ সৰ্বাধিক পৰিছে৷ স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে আমাৰ সামাজিক চেতনা সমাজ ৰূপে আমাৰ আচাৰ-ব্যৱহাৰতো স্থায়ী পৰিৱর্তন আনিছে৷ সকলোৱে বাৰে বাৰে হাত ধোঁৱাৰ অভ্যাস গঢ়ি তুলিছে, য’তে ত’তে থু পেলোৱাৰ দৰে কুঅভ্যাসৰ পৰা সকলো সতর্ক হৈছে৷ লেতেৰা আৱৰ্জনা সঠিক ঠাইত পেলোৱাৰ দৰে বহু বিষয় আমি সহজভাৱে অতি ক্ষিপ্ৰতাৰে সাধাৰণ ভাৰতীয়ৰ ওচৰ চপাই আনিব পাৰিছে৷ চাৰিওফালে লেতেৰা আৱৰ্জনা দেখিও নিৰুদ্দেগ হোৱাৰ দৰে স্বভাৱৰ পৰা এতিয়া দেশ বাহিৰ হৈয়ে আহিছে৷ এতিয়া ঘৰতে হওক বা পথতে হওক, যিসকলে লেতেৰা সামগ্ৰী পেলাই, তেওঁলোকক বহুতে বাধা দিয়ে৷ এই কাম আটাইতকৈ ভালদৰে কোনে কৰে? এই কাম আটাইতকৈ ভালদৰে কৰে আমাৰ শিশু, কিশোৰ আৰু যুৱক-যুৱতীসকলে৷
বন্ধুসকল,
দেশৰ প্ৰতিগৰাকী শিশুৰ মাজত এতিয়া ব্যক্তিগত আৰু সামাজিক স্বচ্ছতা লৈ যি সজগতা জন্মিছে, এই সজাগতাৰ ফলত ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আমি সুফল পাইচো৷ আপোনালোকে কল্পনা কৰকছোন যদি ২০১৪ চনৰ পূৰ্বে ক’ৰোনাৰ দৰে মহামাৰী পৰিস্থিতি হ’লহেতেন, তেতিয়াহ’লে এই দেশৰ কি অৱস্থা হ’লহেতেন? শৌচালয়ৰ অভাৱত আমি কি ক’ৰোনা সংক্ৰমণৰ গতিক ইমান ক্ষিপ্ৰতাৰে কম কৰিব পাৰিলোহেতেন নে? তেতিয়া লকডাউনৰ দৰে ব্যৱস্থা কার্যকৰী কৰা সম্ভৱপৰ হ’লহেতেন নে? যেতিয়া ভাৰতৰ ৬০ শতাংশ জনসংখ্যা মুকলি স্থানত মলত্যাগ কৰাৰ বাবে বাধ্য হৈছি, তেতিয়া কিদৰে এইবোৰ সম্ভৱ হ’লহেতেন? আমাৰ স্বচ্ছাগ্ৰহে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আমাক যথেষ্ট সহায়ক হৈছে, এক ডাঙৰ মাধ্যম হিচাপে কাম কৰিছে৷
বন্ধুসকল,
স্বচ্ছতা অভিযান এক এনে যাত্রাপথ যি নিৰন্তৰ চলাই যাব লাগিব৷ মুকলি স্থানত শৌচকর্ম কৰাৰ পৰা মুক্তিৰ পাছত এতিয়া দায়িত্ব আৰু অধিক বৃদ্ধি পাইছে। দেশক ‘অ’ডিএফ’ ঘোষণা কৰাৰ পাছত এতিয়া ‘অ’ডিএফ প্লাছ’পর্যায়লৈ নিয়াৰ লক্ষ্যৰে কাম চলিছে। এতিয়া আমাৰ চহৰেই হওক বা গাঁৱেই হওক, বর্জ্য ব্যৱস্থাপনাক উন্নত কৰিব লাগিব৷ আমি বর্জ্য সামগ্ৰীৰ পৰা স্বর্ণ উৎপাদনৰ কাম ত্বৰান্বিত কৰিব লাগিব৷ এই সংকল্পৰ বাবে আজিৰ এই ‘ইংৰাজৰ বিৰুদ্ধে ভাৰত ত্যাগ’ আন্দোলনৰ দিনটোতকৈ ভাল দিন কি হ’ব পাৰে?
বন্ধুসকল,
দেশক দুর্বল কৰি তোলা কুঅভ্যাসসমূহ যদি ভাৰতএ এৰি দিয়ে তেতিয়াহ’লে ইয়াতকৈ ভাল আৰু কি হ’ব পাৰে? এই ভাৱনাৰ পৰা বিগত ছবছৰ ধৰি দেশত এক ব্যাপক ‘ভাৰত ত্যাগ’ অভিযান চলি আছে৷
দাৰিদ্র্য-ভাৰত ত্যাগ!
মুকলি স্থানত বাধ্যতামুলক মলত্যাহ-ভাৰত ত্যাগ!
পানীৰ বাবে হা-হুমুনিয়াহ কঢ়াৰ অসহায় অৱস্থা-ভাৰত ত্যাগ!
এবাৰ ব্যৱহৃত প্লাষ্টিক-ভাৰত ত্যাগ!
বৈষম্যৰ প্ৰবৃত্তি-ভাৰত ত্যাগ!
দুর্নীতিৰ কূ-ৰীতি-ভাৰত ত্যাগ!
আতংক আৰু হিংসা-ভাৰত ত্যাগ!
বন্ধুসকল,
ভাৰত ত্যাগৰ এই সকলো সংকল্প স্বৰাজৰ জৰিয়তে সু-শাসনৰ ভাৱনাৰে প্ৰতিফলন৷ এই প্ৰক্রিয়াত আজি আমি সকলোৱে লেতেৰা-আৱৰ্জনা-ভাৰত ত্যাগ সংকল্প পুনৰাবৃত্তি কৰিব লাগিব৷
আহক,
আজিৰ পৰা ১৫ আগলৈকে অর্থাৎ, স্বাধীনতা দিৱসলৈকে দেশত এসপ্তাহ ধৰি অভিযান চলাও৷ স্বৰাজক সন্মান প্ৰদর্শনকাৰী সপ্তাহ যেন লেতেৰা-আৱৰ্জনা-ভাৰত ত্যাগ সপ্তাহত পৰিণত কৰিব পাৰো৷ মই প্ৰতিখন জিলাৰ দায়িত্বশীল বিষয়াসকলক অনুৰোধ জনাও যে এই সপ্তাহত নিজৰ নিজৰ জিলাৰ প্ৰতিখন গাঁৱত ৰাজহুৱা শৌচাগাৰ নির্মাণৰ আৰু সেইবোৰৰ মেৰামতিৰ অভিযান চলায়৷ যিবোৰ স্থানত অন্যান্য ৰাজ্যৰ শ্ৰমিক বন্ধুসকল আছে, তেওঁলোকৰ বাসস্থানসমূহত অগ্রাধিকাৰৰ ভিত্তিত ৰাজহুৱা শৌচাগাৰ নির্মাণ আৰু মেৰামতিৰ কাম কৰিব৷ এইদৰে আৱৰ্জনাৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰাৰ কাম, গোৱর্ধন যোজনা, পানীক পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা, এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্তি দিয়া ইত্যাদি সকলোবোৰৰ বাবে আমি মিলাপ্ৰীতিৰে আগুৱাই আহিব লাগিব৷
বন্ধুসকল,
গংগাৰ নির্মলতাক লৈ যেনেকৈ আমি উৎসাহজনক ফল দেখিবলৈ পাইছে, তেনেকৈয়ে দেশৰ অন্যান্য নদীসমূহকো আৱৰ্জনামুক্ত কৰিব লাগিব৷ আমাৰ কাষতে যমুনা আছে। আমি যমুনাকো আৱৰ্জনা বহনকাৰী লেতেৰা নলাৰ পৰা মুক্ত কৰাৰ অভিযান আৰু অধিক ত্বৰান্বিত কৰিব লাগিব। সেইবাবে যমুনাৰ দুয়ো পাৰে সকলো গাঁৱত, প্ৰতিখন চহৰত বসবাস কৰা বন্ধুসকলৰ সহযোগিতা অধিক প্ৰয়োজন৷
এই কাম কৰাৰ সময়ত দুই গজৰ দূৰত্ব আৰু মাস্কেৰে নাক-মুখ ঢাকি ৰখাৰ নিয়ম কেতিয়াও নাপাহৰিব৷ ক’ৰোনা ভাইৰাছে মুখ আৰু নাকেৰে আমাদেৰ শৰীৰত প্ৰৱেশ কৰি বিয়পি পৰে আৰু তাৰপাছত সংক্রমণ হ’ব ধৰে৷ সেইবাবে মাস্ক, দুই গজৰ দূৰত্ব আৰু য’তে-ত’তে থু নেপেলোৱাৰ নিয়ম কঠোৰভাবে পালন কৰিব লাগিব৷
নিজকে নিৰাপদে ৰাখি এই ব্যাপক অভিযানক আমি সকলোৱে মিলি সফল কৰি তোলাৰ এই আশাৰ লগতে পুনৰবাৰ ৰাষ্ট্রীয় স্বচ্ছতা কেন্দ্রৰ বাবে বহুত বহুত শুভেচ্ছা জনালো৷
সকলোকে বহুত বহুত কৃতজ্ঞতা জনালো৷
*****
VRRK/KP/DB
(Release ID: 1648191)
Visitor Counter : 782
Read this release in:
Hindi
,
English
,
Urdu
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam