প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইণ্ডিয়া আইডিয়াছ সন্মিলনত মূল ভাষণ আগবঢ়ালে প্ৰধানমন্ত্রীয়ে

দেশৰ শক্তিশালী অর্থনৈতিক ক্ষমতাৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় অর্থনীতিৰ সুস্থিৰতা অর্জন কৰাটো সম্ভৱঃ প্ৰধানমন্ত্রী

সমৃদ্ধ আৰু আত্মনির্ভৰ বিশ্ব গঢ় দিয়াৰ উদ্দেশ্যে ভাৰতে 'আত্মনির্ভৰ ভাৰত' গঢ়াৰ মুকলি আহ্বান জনাইছেঃ প্ৰধানমন্ত্রী

ভাৰতত বিনিয়োগৰ বাবে পূৰ্বতে ইয়াতকৈ ভাল সময় অহা নাছিলঃ প্ৰধানমন্ত্রী

সম্ভাৱনাৰ খণ্ড হিচাপে ধৰা দিছে ভাৰতেঃ প্ৰধানমন্ত্রী

মহামাৰীৰ পাছত ভাৰত-মার্কিন অংশীদাৰীত্বই বিশ্বক দ্রুতগতিত পূৰ্বৰ ছন্দলৈ ঘূৰাই অনাৰ ক্ষেত্রত গুৰুত্বপূর্ণ সহায়কৰ ভূমিকা পালন কৰিবঃ প্ৰধানমন্ত্রী

Posted On: 22 JUL 2020 9:25PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়্ আজি ইণ্ডিয়া আইডিয়াছ সন্মিলনত মুল ভাষণ আগবঢ়ায়৷ মাৰ্কিন-ভাৰত ব্যৱসায়িক পৰিষদে(ইউএছআইবিচি) এই সন্মিলনৰ আয়োজন কৰে৷ চলিত বৰ্ষৰ সন্মিলনৰ বিষয়বস্তু আছিলউন্নত ভৱিষ্য গঢ় দিয়া

প্ৰধানমন্ত্রীয়ে আৰম্ভণিতে ইউএছআইবিচিৰ ৪৫সংখ্যক বর্ষপূর্তি উপলক্ষে সংস্থাটোক অভিনন্দন জনায়৷ ভাৰত-মার্কিন বাণিজ্য অংশীদাৰিত্বক আৰু আগুৱাই নিয়াৰ সন্দৰ্ভত ইউএছআইবিচিৰ নেতৃত্বৰ প্ৰতিশ্ৰুতিক তেওঁ ধন্যবাদ জনায়৷

দেশৰ শক্তিশালী অর্থনৈতিক ক্ষমতাৰ মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় অর্থনীতিৰ সুস্থিৰতাঃ

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ উন্নয়নৰ মুল লক্ষ্য হ’ব দৰিদ্ৰ এবং সমাজৰ পিছপৰা লোকসকল৷ সহজ জীৱনশৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ ইয়াক সহজে ব্যৱসায়-বাণিজ্য কৰাৰ দৰেই এক গুৰুত্বপূর্ণ বিষয় বুলি উল্লেখ কৰে৷ তেওঁ কয় যে বিশ্বজুৰি মহামাৰীয়ে আমাৰ মন পেলাই দিছে যে আন্তঃৰাষ্ট্ৰীয় অর্থনীতিৰ বাহিৰৰ পৰা আঘাত সহ্য কৰাৰ ক্ষমতা কিমান দৃঢ় হোৱা উচিত, যি প্ৰকৃতাৰ্থত দেশৰ শক্তিশালী অর্থনৈতিক ক্ষমতাৰ মাধ্যমেৰেহে অর্জন কৰি পাৰি৷ তেওঁ সজোৰে কয় যে সমৃদ্ধ আৰু আত্মনির্ভৰ বিশ্ব গঢ়াৰ বাবেই ভাৰতেআত্মনির্ভৰ ভাৰতগঢ়াৰ আহ্বান জনাইছে৷

 

ভাৰতে অবাধ সুযোগ আৰু বাছনি কৰাৰ অধিকাৰ সকলোকে প্ৰদান কৰিছেঃ

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি ভাৰতৰ প্ৰতি এক আকর্ষণ সৃষ্টি হৈছে, যাৰ মূল কাৰণ দেশখনত অবাধ সুযোগ আৰু বিভিন্ন পছন্দৰ মাজৰ পৰা বাছনি কৰাৰ অধিকাৰ সকলোকে দিয়া হৈছে। তেওঁ কয় যে বিগত ছবছৰ ধৰি আমাৰ অর্থনীতিক আৰু মুক্ত তথা সংস্কাৰমুখী কৰি তোলাৰ বাবে বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ ইয়াৰ ভিতৰত সংস্কাৰ প্ৰতিযোগিতাক নিশ্চিত কৰি স্বচ্ছতা বৃদ্ধি, ডিজিটাইজেশ্যনৰ প্ৰক্রিয়াৰ সম্প্ৰসাৰণ, উদ্ভাৱনী শক্তিক শক্তিশালী কৰা আৰু নীতিৰ সুস্থিতিৰতা বৃদ্ধি কৰা উল্লেখযোগ্য৷

শেহতীয়া এক প্ৰতিবেদনৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বর্তমান ভাৰতত চহৰাঞ্চলতকৈ গাঁও অঞ্চলত অধিক ইণ্টাৰনেট ব্যৱহাৰ হৈ আহিছে৷ ভাৰতক সম্ভাৱনাৰ এক নতুন স্থান বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান দেশত ৫০ কোটি লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে৷ কম সময়ৰ ভিতৰতে আৰু ৫০ কোটি লোক ইণ্টাৰনেটৰ সৈতে জড়িত হৈ পৰিব৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত ৫-জি, বিগ ডেটা এনালিটিক্স, কোৱাণ্টাম কম্পিউটিং, ব্লক চেন আৰু ইণ্টাৰনেট অফ থিংছৰ দৰে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰাটো সম্ভৱ হৈ পৰিছে৷

 

বিভিন্ন ক্ষেত্রত বিনিয়োগৰ অপৰিসীম সুযোগ

প্ৰধানমন্ত্রীয়ে ভাৰতত বিভিন্ন ক্ষেত্রত বিনিয়োগৰ অপৰিসীম সুযোগৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে কৃষিখণ্ডত বৰ্তমান যি ঐতিহাসিক সংস্কাৰ সাধন কৰা হৈছে তাৰ ফলত কৃষি যন্ত্ৰপাতি, কৃষিখণ্ডৰ যোগান শৃংখলা, খাদ্য প্ৰক্রিয়াকৰণ উদ্যোগ, মীনপালন আৰু জৈৱিক কৃষি-কাৰ্যত বিনিয়োগৰ ব্যাপক সুযোগ সৃষ্টি হৈছে৷ প্ৰতিবছৰ ভাৰতৰ স্বাস্থ্য সেৱা ক্ষেত্রত ২২ শতাংশতকৈ অধিক বৃদ্ধিৰ ফলত ভাৰতীয় সংস্থাসমূহে চিকিসা সম্পৰ্কীয় প্ৰযুক্তি, টেলি-মেডিচিন আৰু বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ যন্ত্ৰপাতি পাদনৰ কামত জড়িত হৈছে৷ ভাৰতৰ স্বাস্থ্য খণ্ডত বিনিয়োগৰ এয়াই আটাইতকৈ উত্তম সময় বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷

প্ৰধানমন্ত্রীয়ে বিদ্যু খণ্ড, আন্তঃগাঁথনি খণ্ড-ইয়াৰ অন্তৰালত থকা আবাস, পথ, ঘাইপথ, আৰু বন্দৰ, অসামৰিক বিমান চলাচলৰ দৰে খণ্ডসমূহৰ কথা উল্লেখ কৰি কয় যে ইয়াত বিনিয়োগৰ অপৰিসীম সুযোগ সৃষ্টি হৈছে৷ অহা দশকত ভাৰতৰ সর্ববৃহ বেচৰকাৰী বিমান সংস্থাত প্রায় এহেজাৰ বিমান অন্তৰ্ভূক্ত কৰা লক্ষ্য ৰাখিছে। ইয়াৰ ফলত বিনিয়োগৰ যথেষ্ট সুযোগ সৃষ্টি হৈছে৷ মূলত পাদন, ৰক্ষণাবেক্ষণ, মেৰামতি আৰু পৰিচালন ব্যৱস্থাত প্ৰচুৰ বিনিয়োগৰ সম্ভাৱনাই দেখা দিছে৷ তেওঁ প্ৰসংগক্ৰমে কয় যে ভাৰতত প্ৰতিৰক্ষা ক্ষেত্রত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সর্বোচ্চ সীমা বৃদ্ধি কৰা ৭৪ শতাংশ কৰা হৈছে৷ দুটাকৈ প্ৰতিৰক্ষা সৰঞ্জাম কৰিড’ৰ গঢ়ি তোলা হৈছে৷ ইয়াৰ ফলত প্ৰতিৰক্ষা সৰঞ্জাম নিৰ্মাণ সংস্থা ইয়াত গঢ়ি তুলিব পাৰে৷ ঘৰুৱা আৰু বিদেশী বিনিয়োগকাৰীসকলৰ বাবে বিভিন্ন সাহজনক পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই প্ৰসংগত তেওঁ মহাকাশ খণ্ডতো যুগান্তকাৰী সংস্কাৰৰ কথা উল্লেখ কৰে৷

অৰ্থনীতি আৰু বীমা খণ্ডত বিনিয়োগৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত বর্তমানে বীমা খণ্ডত ৪৯ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি জনোৱা হৈছে৷ অন্তৰ্ৱর্তীকালীন বীমা ব্যৱস্থাত ইয়াৰ পৰিমাণ ১০০ শতাংশ কৰা হৈছে৷ স্বাস্থ্য, কৃষি, ব্যৱসায়-বাণিজ্য আৰু জীবন বীমাত বিনিয়োগৰ যি অপৰিসীম সুযোগ এতিয়াও ব্যবহৃত হোৱা নাই, তেওঁ সেইবোৰৰ সদ্ব্যৱহাৰৰ আহ্বান জনায়৷

ভাৰতত বিনিয়োগৰ পৰিমাণ বৃদ্ধিঃ

বিশ্ব বেংকৰ সহজে ব্যৱসায় কৰাৰ সূচকত ভাৰতৰ অগ্ৰগতিৰ সন্দৰ্ভতো ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্রীয়ে৷ তেওঁ কয় যে প্ৰতি বছৰে ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাইছে৷ ২০১৯-২০ বিত্তীয় বৰ্ষত ৭,৪০০ কোটি মার্কিন ডলাৰ বিনিয়োগ হৈছে, যিটো পূৰ্বৰ বছৰৰ তুলনাত ২০ শতাংশ অধিক৷ তেওঁ কয় যে মহামাৰীৰ সময়তো অর্থা, এপ্রিলৰ পৰা জুলাইৰ মাহৰ ভিতৰত ২,০০০ কোটি মার্কিন ডলাৰ বিনিয়োগ ভাৰতে নিশ্চিত কৰিছে।

ভাৰতত বিনিয়োগৰ আটাইতকৈ উত্তম সময়ঃ

প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় অর্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় শক্তি ভাৰতৰ আছে। তেওঁ কয় যে ভাৰতৰ পুনৰুত্থানৰ অর্থ হ’ল সেই দেশৰ ব্যৱসায়-বাণিজ্যৰ সুযোগৰ উত্থান-যিটো বিশ্বাসযোগ্য, মুক্ত বজাৰৰ সৈতে য’ত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত সমন্বয় সাধন কৰিব পৰা যায়, বজাৰত প্ৰতিযোগিতা বৃদ্ধি কৰিব পৰা যায়, বিনিয়োগৰ পৰা লাভাংশ বৃদ্ধিৰ বিষয়টো নিশ্চিত হোৱাৰ লগতে দক্ষ মানৱসম্পদ যি দেশত সুলভ ইত্যাদি৷ মার্কিন যুক্তৰাষ্ট্ৰ আৰু ভাৰতক স্বাভাবিক সহযোগী বুলি উল্লেখ কৰে তেওঁ কয় যে মহামাৰীৰ পাছত বিশ্বক স্বাভাৱিক ছন্দলৈ ঘূৰাই আনিবলৈ এই অংশীদাৰিত্বই গুৰুত্বপূর্ণ সহায়কৰ ভূমিকা পালন কৰিব৷ মার্কিন বিনিয়োগকাৰীসকলক তেওঁ কয় যে ভাৰতত বিনিয়োগ কৰাৰ ইয়াতকৈ ভাল সময় পূৰ্বতে কেতিয়াও অহা নাছিল৷

****

VRRK/SH/DB



(Release ID: 1640786) Visitor Counter : 183