প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লালজী টেণ্ডনৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
21 JUL 2020 11:19AM by PIB Guwahati
মধ্য প্ৰদেশৰ ৰাজ্যপাল লালজী টেণ্ডনৰ দেহাৱসানত আজি শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।
এটা টুইটত, শ্ৰী নৰেন্দ্ৰ মোডীয়ে টেণ্ডন এগৰাকী “সাংবিধানিক বিষয়সমূহত পাৰদৰ্শী” ব্যক্তি আছিল বুলি কয়।
তেওঁ কয়, “সমাজ সেৱাৰ বাবে লালজী টেণ্ডনে কৰা অক্লান্ত প্ৰচেষ্টাৰ বাবেই তেওঁ চিৰস্মৰণীয় হৈ ৰ’ব। এগৰাকী সাৰ্থক প্ৰশাসক হিচাপে খ্যাতি ৰাখি থৈ যোৱা তেওঁ সদায়ে ৰাজহুৱা কল্যাণত গুৰুত্ব প্ৰদান কৰিছিল। তেওঁৰ বিয়োগত ব্যথিত হৈ পৰিছো।”
প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰে থকা টেণ্ডনৰ দীৰ্ঘ-দিনীয়া সম্পৰ্কৰ কথাও প্ৰধানমন্ত্ৰীয়ে সোঁৱৰণ কৰে।
***
VRRK/SH/SB
(रिलीज़ आईडी: 1640288)
आगंतुक पटल : 180
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam