প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰসংঘৰ অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সভাৰ উচ্চপৰ্যায়ৰ অধিৱেশনত মূল ভাষণ আগবঢ়ালে প্ৰধানমন্ত্রীয়ে

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ বহুপাক্ষিক সংস্কাৰৰ আহ্বান জনায়

বহনক্ষম উন্নয়নৰ লক্ষ্যক সাৰোগত কৰা আমাৰ ‘সবকা সাথ, সাবকা বিকাশ, সবকা বিশ্বাস’ নীতিয়ে কোনো লোককে পিছ পেলাই নাৰাখেঃ প্ৰধানমন্ত্ৰী

উন্নয়নৰ পথত আগুৱাই গ’লেও, আমি আমাৰ পৃথিৱীৰ প্ৰতি দায়বদ্ধতা পাহৰা নাইঃ প্ৰধানমন্ত্ৰী

আমাৰ তৃণমূল পৰ্যায়ৰ স্বাস্থ্য ব্যৱস্থাই ক’ভিডৰ বিৰুদ্ধে যুঁজি বিশ্বৰ ভিতৰতে উন্নত আৰোগ্যৰ হাৰত উপনীত হোৱাত সহায় কৰিছেঃ প্ৰধানমন্ত্ৰী

Posted On: 17 JUL 2020 8:46PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্ক চহৰস্থিত ৰাষ্ট্ৰসংঘৰ অর্থনৈতিক আৰু সামাজিক পৰিষদ(ইক’ছক)ৰ সভাত চলিত বৰ্ষৰ উচ্চ পৰ্যায়ৰ অধিৱেশনত মূল ভাষণ আগবঢ়ায়৷

২০২১-২২লৈকে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে যোৱা ১৭ জুনত ভাৰতৰ প্ৰতি বিপুল সমর্থনৰ পৰিপ্রেক্ষিতত ৰাষ্ট্ৰসংঘৰ বৃহত্তৰ সদস্য দেশসমূহক উদ্দেশ্যি প্ৰথমবাৰলৈ ভাষণ আগবঢ়াইছিল প্ৰধানমন্ত্রীয়ে৷

এই বছৰ ইক’ছকৰ উচ্চ পৰ্যায়ৰ অধিৱেশনৰ মূল বিষয়বস্ত - ক’ভিড-১৯ৰ পাছত বহুপাক্ষিকতাঃ ৭৫সংখ্যক বৰ্ষপূৰ্তিত আমাক কেনে ৰাষ্ট্ৰসংঘৰ প্ৰয়োজন"

ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিত উচ্চ পৰ্যায়ৰ ইক’ছক অধিৱেশনৰ মূল বিষয়বস্তুৰ সৈতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ অগ্রাধিকাৰমূলক বিষয়বোৰ প্ৰতিফলিত হয়। প্ৰধানমন্ত্রীয়ে ক’ভিড-১৯ৰ পাছত বিশ্বত 'বহুপাক্ষিক সংস্কাৰ' ক্ষেত্ৰত ভাৰতৰ আহ্বানৰ কথা পুনৰ ব্যক্ত কৰে, যি সমসাময়িক বিশ্বৰ বাস্তৱতাক প্ৰতিফলিত কৰে৷

প্ৰধানমন্ত্রীয়ে তেওঁৰ ভাষণত বহনক্ষম উন্নয়নৰ লক্ষ্যকে ধৰি ইক’ছক আৰু ৰাষ্ট্ৰসংঘৰ উন্নয়নমূলক কামৰ সৈতে ভাৰতৰ দীর্ঘদিনীয়া সম্পর্কৰ কথাও স্মৰণ কৰে৷ তেওঁ উল্লেখ কৰে যেসবকা সাথ, সাবকা বিকাশ, সবকা বিশ্বাস’-ভাৰতৰ এই উন্নয়নমূলক নীতিয়ে কোনো লোককে পিছ পেলাই নাৰাখি বহনক্ষম উন্নয়নৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে৷

প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে যে ভাৰতৰ এই বিশাল জনসংখ্যাৰ আর্থ-সামাজিক সূচকৰ উন্নতিৰ সাফল্যই বিশ্বত বহনক্ষম উন্নয়নৰ লক্ষ্যত উল্লেখযোগ্য প্ৰভাব পেলাইছে। প্ৰধানমন্ত্ৰীয়ে অন্যান্য উন্নয়নশীল দেশসমূহৰ বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণত ভাৰতৰ প্ৰতিশ্রুতিৰ কথা অৱগত কৰে৷
তেওঁ "স্বচ্ছ ভাৰত অভিযানৰ" জৰিয়তে স্বচ্ছ কাম-কাজৰ উন্নতি, নাৰীৰ সবলীকৰণ, বিত্তীয় অন্তর্ভুক্তি নিশ্চিতকৰণ আৰু "সকলোৰে বাবে গৃহ" আৰু "আয়ুষ্মান ভাৰত" আঁচনিৰ দৰে জন কল্যাণকামী আঁচনিৰ জৰিয়তে আবাস আৰু স্বাস্থ্য সেৱা প্ৰদানৰ দৰে একাধিক উন্নয়নমূলক প্ৰচেষ্টা হাতত লোৱা হৈছে বুলিও ভাষণত সদৰি কৰে৷

প্ৰধানমন্ত্রীয়ে পৰিৱেশগত স্থায়িত্ব আৰু জৈৱ-বৈচিত্র্য সংৰক্ষণৰ বিষয়ত ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ত আলোকপাত কৰে আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিৰোধ আন্তঃগাঁথনি গঢ়ি তোলাত ভাৰতে গ্ৰহণ কৰা অগ্ৰণী ভূমিকাৰ কথা স্মৰণ কৰে৷

নিজৰ চুবুৰীয়া অঞ্চলক অগ্ৰাধিকাৰ দিয়াৰ প্ৰসংগত ভাৰতৰ ভূমিকাৰ সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে বিভিন্ন দেশক ঔষধ যোগান নিশ্চিত কৰাৰ ক্ষেত্রত ভাৰত চৰকাৰ আৰু ভাৰতীয় ঔষধ প্ৰস্তুতকাৰী সংস্থাসমূহৰ আগবঢ়োৱা সহায় আৰু ছার্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত এটা যৌথ কৌশলগত প্ৰতিক্রিয়া সমন্বিত কৰাৰ কথাও উল্লেখ কৰে৷

২০১৬ চনৰ জানুৱাৰী মাহত ইক’ছকৰ ৭০সংখ্যক বৰ্ষপূৰ্তিৰ পাছত আজি দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্রীয়ে ইক’ছকত মুল ভাষণ আগবঢ়ায়৷

****

VRRK/SH/DB



(Release ID: 1639603) Visitor Counter : 272