PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 12 JUL 2020 6:30PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যঃ ক’ভিড-১৯ৰ পৰা ৫.৩ লক্ষাধিক লোকে আৰোগ্য লাভ কৰিছে; সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২.৯ লাখ; সক্ৰিয় ৰোগীতকৈ আৰোগ্য হোৱা ৰোগীৰ সংখ্যাৰ ব্যৱধান হ’ল ২.৪ লাখ; বিগত ২৪ ঘণ্টাত ১৯০০০ত কৈও অধিক লোকে আৰোগ্য লাভ কৰিছে; প্ৰতি মিলিয়নত পৰীক্ষণৰ সংখ্যা হৈছে ৮৩৯৬.৪

বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ৰ পৰা ১৯,২৩৫ জন লোকে আৰোগ্য লাভ কৰিছে৷ ইয়াৰ জৰিয়তে আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা হ’ল ৫,৩৪,৬২০ জন৷ আৰোগ্যৰ হাৰ ৬২.৯৩%লৈ উত্তৰণ হৈছে৷ সক্ৰিয় ৰোগীতকৈ আৰোগ্য হোৱা লোকৰ সংখ্যাৰ ব্যৱধান হ’ল ২,৪২,৩৬২ জন৷ ২,৯২,২৫৮ জন সক্ৰিয় ৰোগীক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে৷

অধিক বিৱৰণৰ বাবে

দিল্লীৰ চট্টৰপুৰৰ চৰ্দাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰ এণ্ড হাস্পতাল পৰিদৰ্শন কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে  আজি নতুন দিল্লীৰ চট্টৰপুৰৰ চৰ্দাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোত ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ স্থিতি সন্দৰ্ভত খতিয়ান লয়৷ কেন্দ্ৰ আৰু দিল্লী চৰকাৰৰ যুটীয়া উদ্যোগত ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে চট্টৰপুৰৰ আৰএছএছবিত ১০,২০০খন বিচনাযুক্ত ‘চৰ্দাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰ’ মুকলি কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

আত্মনিৰ্ভৰ ভাৰত পেকেজ- এই পৰ্যন্ত

ভাৰতৰ জিডিপিৰ ১০% অৰ্থাৎ ২০ লাখ কোটি টকাৰ বিশেষ অৰ্থনৈতিক আৰু ব্যাপক পেকেজ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ মে’ তাৰিখে ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ বাবে ঘোষণা কৰিছিল৷  এই অৰ্থনৈতিক পেকেজৰ ব্যয় সন্দৰ্ভত নিয়মীয়া খতিয়ান গ্ৰহণ কৰি থকা হৈছে৷ শেহতীয়াকৈ বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ইয়াৰ উত্তৰণ সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন দাঙি ধৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ৰোনাৰ সময়ত লাভ কৰা শিক্ষণৰ জৰিয়তে আত্মবীক্ষণ কৰিবলৈ জনসাধাৰণক উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

ক’ভিড-১৯ৰ বিভীষিকাৰ সময়ছোৱাত জনসাধাৰণক উপযুক্ত কামত নিয়োজিত কৰি ৰখাৰ উদ্দেশ্যে উপ ৰাষ্ট্ৰপতি শ্ৰী নাইডুয়ে ফে’চবুকত জনসাধাৰণলৈ বুলি ১০টা প্ৰশ্ন প্ৰদান কৰিছে৷ তেওঁ কয় যে এই মহামাৰীবিধক কেৱল দুৰ্যোগ হিচাপে গ্ৰহণ নকৰি ইয়াক ‘সংস্কাৰক’ বুলি গণ্য কৰি আত্মবীক্ষণত নিয়োজিত হোৱা আৱশ্যক৷

অধিক বিৱৰণৰ বাবে

ফিকি ফ্ৰেমৰ বিদায়ী অধিৱেশনত শ্ৰী পীয়ুষ গোৱেলৰ ভাষণ প্ৰদান

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় চলচ্চিত্ৰ আৰু বিজ্ঞাপন উদ্যোগৰ বিশ্বৰ চালিকা শক্তিলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনীয়তা তথা প্ৰতিভা আছে৷ ক’ভিডৰ বিৰুদ্ধে যুঁজত ভাৰতীয় চলচ্চিত্ৰৰ অৰিহণাক শ্ৰী গোৱেলে প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

বিশ্ব জনসংখ্যা দিৱসত পৰিয়াল পৰিকল্পনাক মানৱ অধিকাৰৰ বিষয় বুলি অভিহিত কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কালি বিশ্ব জনসংখ্যা দিৱস উপলক্ষে এক ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰি কয় যে বিশ্বত জনসংখ্যাৰ স্থিতি বাহাল ৰাখিবলৈ বিশ্ব জনসংখ্যা দিৱসৰ গুৰুত্ব অধিক৷

অধিক বিৱৰণৰ বাবে

আহক আৰু ভাৰতত উদ্ভাৱন কৰক, সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থীসকললৈ শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আহ্বান

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সমগ্ৰ বিশ্বতে থকা ভাৰতীয় শিক্ষাৰ্থীসকলক ভাৰতলৈ আহি উদ্ভাৱন কৰিবলৈ আহ্বান জনাইছে৷ বিদেশত থকা ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে এই ভাষণ প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

পিআইবি ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ ছেপ্টেম্বৰ মাহৰ ভিতৰত বাধ্যতামূলক চূড়ান্ত পৰীক্ষাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ মানৱ সম্পদ বিকাশ মন্ত্ৰালয় আৰু ইউজিচিক পৰামৰ্শ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷
  • হিমাচল প্ৰদেশঃ হিমাচল প্ৰদেশত পৰ্যটকৰ প্ৰৱেশত অনুমতি প্ৰদান কৰাৰ পিছত পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগে পৰ্যটকসকলৰ বাবে মানসম্পন্ন কাৰ্যকৰী প্ৰক্ৰিয়া মুকলি কৰিছে৷
  • কেৰালাঃ বৰ্তমানে ৩৪৪২ জন ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে আৰু বিভিন্ন জিলাত ১,৮২,০৫০ জন লোকে নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৩৪,২২৬৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৬,৪১০ জন৷ মৃত্যু হৈছে ১৮৯৮ জনৰ৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৬,২১৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২০,৮৮৩ জন৷ মৃত্যু হৈছে ৬১৩ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৯,১৬৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,৪২৮ জন৷ ৩২৮ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা আছিল ৩৩,৪০২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,১৩৫ জন৷ মৃত্যু হৈছে ৩৪৮ জন৷ ২০,৯১৯ জনক মুকলি কৰি দিয়া হৈছে৷
  • অৰুণাচল প্ৰদেশঃ ২০ জুলাই তাৰিখলৈ ইটানগৰৰ ৰাজধানী এলেকা লকডাউনৰ বাবে বিশদ নিৰ্দেশনাৱলী মুকলি কৰা হৈছে৷
  • অসমঃ আজি ৩জন ক’ভিড-১৯ৰ ৰোগী জিএমচিএইচ ক’ভিড আইচিইউত সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰে৷
  • মণিপুৰঃ মণিপুৰৰ থৌবালত ১০০খন বিচনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰা হয়৷
  • মেঘালয়ঃ মেঘালয়ত মুঠ ৰোগীৰ সংখ্যা হৈছে ২৪৮ জন৷ ৪৫ জনে আৰোগ্য লাভ কৰিছে৷
  • মিজোৰামঃ মিজোৰামৰ ৰাজ্যপালে তেওঁৰ জুন মাহৰ দৰমহাৰ ৩০% অৰ্থাৎ ১,০৫,০০০ টকা মুখ্যমন্ত্ৰী সাহায্য নিধিলৈ বৰঙণি হিচাপে আগবঢ়ায়৷
  • মহাৰাষ্ট্ৰঃ বিগত ২৪ ঘণ্টাত ৮১৩৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৪৬,৬০০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯১,৪৫৭ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪১,০২৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,৩০৮ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৩,৯০১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৪৯২ জন৷ মৃত্যু হৈছে ৫০৭ জনৰ৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৭,২০১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৮৭৮ জন৷ আৰোগ্য হৈছে ১২,৬৭৯ জন৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৮৯৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮১০ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৩৬৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯২৮ জন৷



(Release ID: 1638222) Visitor Counter : 187