প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭৫০ মেগাৱাট ৰেৱা সৌৰ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 10 JUL 2020 12:22PM by PIB Guwahati
মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল জী,
মধ্যপ্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং জী,
কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী আৰ কে সিং জী, থাৱৰ চান্দ গেহলট জী, নৰেন্দ্ৰ সিং টোমৰ জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, প্ৰহ্লাদ পেটেল জী, মধ্যপ্ৰদেশৰ মন্ত্ৰীসভাৰ সদস্যবৃন্দ, সাংসদ আৰু বিধায়কসকল,
ৰেৱাৰ লগতে মধ্যপ্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল৷ আজি ৰেৱাই প্ৰকৃতাৰ্থত ইতিহাস ৰচনা কৰিলে৷ ৰেৱাক মা নৰ্মদা আৰু বগা বাঘৰ বাবে সকলোৱে জানিছিল৷ এতিয়া ইয়াত এচিয়াৰ আটাইতকৈ বিশাল সৌৰ শক্তি প্ৰকল্পৰ নামো সংযোগ হ’ল৷
ৰেৱাৰ আকাশৰ পৰা লোৱা ভিডিঅ’ আপোনালোকে দেখিছে৷ হাজাৰ হাজাৰ সৌৰ পেনেল দেখি এনে ভাৱ হয় যেন শস্যৰ মাজত ফচলৰ বাহাৰ৷ আকৌ কেতিয়াবা এৱে লাগে কোনো গভীৰ সমুদ্রৰ মাজেৰে উৰি গৈছো, তলত নীলা পানী৷ ইয়াৰ বাবে ৰেৱাৰ জনগণ, মধ্যপ্ৰদেশৰ জনগণক মই বহুত বহুত শুভেচ্ছা জনাইছো৷
ৰেৱাৰ এই সৌৰ প্ৰকল্পই সমগ্ৰ এলাকাটোৰ এই দশকৰ শক্তিৰ ডাঙৰ কেন্দ্ৰ হৈ উঠাত সহায় কৰিব৷ এই সৌৰ প্ৰকল্পই মধ্যপ্ৰদেশৰ জনগণক, ইয়াৰ উদ্যোগখণ্ডক বিদ্যুতৰ ক্ষেত্রত আত্মনির্ভৰ কৰিব৷ তদুপৰি, ইয়াৰ পৰা দিল্লীৰ মেট্রো ৰে’লো লাভৱান হ’ব৷ ইফালে, ৰেৱাৰ দৰে ছাজাপুৰ, নিমচ আৰু ছত্ৰপুৰতো বৃহৎ সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ কাম চলিছে। ওংকাৰেশ্বৰ বান্ধত পানীৰ ওপৰত ভাসমান আন এটি সৌৰ প্ৰকল্প নির্মাণৰ পৰিকল্পনা আছে। এই সকলো প্ৰকল্প যেতিয়া গঢ় লৈ উঠিব, তেতিয়া মধ্যপ্ৰদেশ নিশ্চিতভাবে সস্তা আৰু স্বচ্ছ বিদ্যুতৰ হাব হৈ উঠিব৷ ইয়াৰ দ্বাৰা আটাইতকৈ বেছি লাভবান হ’ব মধ্যপ্ৰদেশৰ দুখীয়া, মধ্যবিত্ত পৰিয়াল, কৃষক আৰু আদিবাসী লোসকলক৷
বন্ধুসকল,
 
আমাৰ পৰম্পৰাত, আমাৰ সংস্কৃতিত, আমাৰ দৈনন্দিন জীৱনত সূর্যপূজাৰ এক বিশেষ স্থান আছে৷ শাস্ত্রত কৈছেঃ
পুনাতু মাঁ তৎস বিতুৰ বৰেণ্যম
অর্থাৎ, সূর্যদেৱতা, যি উপাসনাৰ যোগ্য, তেওঁ আমাক পবিত্ৰ কৰক৷ পবিত্ৰতাৰ এই অনুভূতি আজি এই ৰেৱা তথা ইয়াৰ চৌপাশৰ এলেকাৰ লোকসকলৰ মনত অনুভূত হৈছে৷ সূর্যদেৱতাৰ এই শক্তিক আজি সমগ্ৰ দেশে অনুভৱ কৰিছে৷ এয়া তাৰেই আশীর্বাদ যি আমি সৌৰশক্তি ক্ষেত্রত বিশ্বৰ শ্রেষ্ঠ পাঁচখন দেশৰ তালিকাত উপনীত হৈছে৷
বন্ধুসকল,
সৌৰশক্তি কেৱল বৰ্তমানৰ নহয়, একবিংশ শতিকাৰ শক্তিৰ প্ৰয়োজন পুৰণত এক ডাঙৰ মাধ্যম হৈ উঠিব৷ কাৰণ, সৌৰশক্তি হ’ল ‘নিশ্চিত, বিশুদ্ধ আৰু নিৰাপদ’৷ ‘নিশ্চিত’ সেইবাবে, শক্তি আৰু বিদ্যুতৰ অন্যান্য উৎস শেষ হৈ যাব পাৰে কিন্তু সূর্যই সদায় সমগ্ৰ বিশ্বত ইয়াত পোহৰ বিলাই গৈ থাকিব৷ ‘বিশুদ্ধ’ সেইবাবে এই শক্তিৰ উৎপাদন পৰিৱেশক দূষিত নকৰাকৈ নিৰাপদে ৰখাত সহায় কৰে৷ ‘নিৰাপদ’ সেইবাবে, সৌৰশক্তি আত্মনির্ভৰতাৰ এক বহুত ডাঙৰ প্ৰতীক, বহুত ডাঙৰ প্রেৰণা৷ ই আমাৰ শক্তিৰ প্ৰয়োজনকো নিৰাপদ কৰি তোলে। যিদৰে ভাৰতে উন্নয়নৰ নতুন উচ্চতাৰ দিশত আগুৱাই গৈছে, আমাৰ আশা-আকাংক্ষা বৃদ্ধি পাইছে, সিমানে আমাৰ শক্তি আৰু বিদ্যুতৰ প্ৰয়োজনীয়তাও বৃদ্ধি পাইছে৷ এই ক্ষেত্রত আত্মনির্ভৰ ভাৰতৰ বাবে বিদ্যুতৰ আত্মনির্ভৰতাও অতি প্ৰয়োজনীয়। এই প্ৰয়োজন পুৰণ কৰিবলৈ সৌৰশক্তিয়ে এক বহুত ডাঙৰ ভূমিকা পালন কৰিব৷ ভাৰতৰ এই শক্তিক যথাসম্ভৱ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি সদায় প্ৰয়াস অব্যাহত ৰাখিব৷
বন্ধুসকল,
আমি যেতিয়ান আত্মনির্ভৰতাৰ কথা কও, প্ৰগতিৰ কথা কও, তেতিয়া তাৰ এটা গুৰুত্বপূর্ণ দিশ হ’ল অর্থনীতি। সমগ্ৰ বিশ্বৰ নীতি নির্ধাৰণকাৰীসলে বছৰৰ পাছত বছৰ ধৰি দুমোজাত পৰিছে যে অর্থনীতিৰ কথা ভাবিব নে পৰিৱেশৰ কথা ভাবিব৷ এনে দুমোজাত সিদ্ধান্ত কেতিয়াবা একপক্ষীয় হয়, কেতিয়াবা আনৰ পক্ষলৈ যায়৷ কিন্তু ভাৰতে এয়া কৰি দেখুৱাইছে যে এই অর্থনীতি আৰু পৰিৱেশ সুৰক্ষা পৰস্পৰ বিরোধী নহয়৷ ই পৰস্পৰৰ সহযোগী। স্বচ্ছ ভাৰত অভিযানৰ পৰা আৰম্ভ কৰি প্ৰত্যেক পৰিয়ালক এলপিজি ৰন্ধন গেছ আৰু পিএনজিৰ পৰিৱেশ অনুকূল ইন্ধনৰ সৈতে যুক্ত কৰাৰ অভিযান, সমগ্ৰ দেশত চিএনজিভিত্তিক পৰিবহণ ব্যবস্থাৰ ডাঙৰ নেটৱর্ক গঢ়ি তোলা, দেশত বিদ্যুৎচালিত পৰিবহণ ব্যৱস্থাৰ উন্নতি- এনেধৰণৰ বহুত প্ৰচেষ্টাৰ জৰিয়তে দেশৰ সাধাৰণ জনতাৰ জীৱনকো উন্নত আৰু পৰিৱেশ অনুকূল কৰাৰ চেষ্টা অব্যাহত আছে। ভাৰতৰ বাবে অর্থনীতি আৰু পৰিৱেশ পৰস্পৰৰ প্ৰতিকূল নহয়, পৰিপূৰক হে৷
বন্ধুসকল,
আজি আপোনালোকে লক্ষ্য কৰিলে দেখিব যে চৰকাৰৰ যিমান আঁচনি আছে সেইবোৰ পৰিৱেশ সুৰক্ষা আৰু ‘সহজ জীৱন-যাপন’ক অগ্রাধিকাৰ দিয়া হৈছে৷ আমাৰ বাবে পৰিৱেশৰ নিৰাপত্তা কেৱল কেইটামান প্ৰকল্পৰ মাজতে সীমাৱদ্ধ নহয়, এয়া আমাৰ জীৱনশৈলীৰ অন্তর্গত। যেতিয়া আমি নবীকৰণযোগ্য শক্তিৰ দিশত আগুৱাইছো, বিভিন্ন প্ৰকল্প আৰম্ভ কৰিছো, তেতিয়া আমি এইটোও সুনিশ্চিত কৰিছো যে আমাৰ এই স্বচ্ছ ইন্ধনৰ সংকল্প জীৱনৰ প্ৰত্যেক ক্ষেত্রত দেখা যায়। আমি চেষ্টা কৰিছো যে দেশৰ প্ৰতিটো প্রান্তৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতিগৰাকী নাগৰিক উপকৃত হ’ব৷ মই আপোনালোকক উদাহৰণ দিব বিচাৰিছো৷
বন্ধুসকল,
বিগত ছবছৰত সমগ্ৰ দেশত প্রায় ৩৬ কোটি এলইডি বাল্ব বিতৰণ কৰা হৈছে৷ সমগ্ৰ দেশৰ ৰাজপথৰ ষ্ট্ৰীটলাইটত ১ কোটিতকৈও অধিক এলইডি বাল্ব লগোৱা হৈছে৷ শুনিবলৈ স্বাভাৱিক যেন লাগে কাৰণ নিবিচৰাকৈ যেতিয়া আমি কোনো সুবিধা পাও, তেতিয়া ইয়াৰ প্ৰভাৱক লৈ আমি বৰ বিশেষ আলোচনা আমি নকৰো৷ তেতিয়াই আলোচনা হয় যেতিয়া কোনো কিছু আমাৰ ওচৰত নাথাকে৷
বন্ধুসকল,
এই সৰু বগা-ৰঙা এলইডি বাল্ব যেতিয়া নাছিল, তেতিয়া ইয়াৰ প্ৰয়োজন অনুভৱ হৈছিল৷ কিন্তু ইয়াৰ দাম আছিল সাধাৰণ মানুহৰ বাজেটৰ বাহিৰত৷ সিমান বিক্রী নহয় বুলি নির্মাতাসকলে সেয়া বনোৱা নাছিল৷ কিন্তু বিগত ছবছৰত কিমান পৰিৱর্তন আহিছে। এলইডি বাল্বৰ দাম প্রায় ১০গুণ কমি গ’ল৷ বহুত কোম্পানীয়ে এই বাল্ব বজাৰত মুকলি কৰি দিছে৷ আগে ১০০ৰ পৰা ২০০ ৱাটৰ বাল্বে যিমান পোহৰ দিছিল, এলইডি ৯-১০ ৱাটৰ বাল্বে সিমানে পোহৰ দিয়ে৷ ঘৰ ঘৰে তথা অলিয়ে-গলিয়ে এলইডি বাল্ব সংস্থাপনৰ ফলত প্ৰতি বছৰ প্রায় ৬ হাজাৰ কোটি ইউনিট বিদ্যুৎ ৰাহি হৈছে৷ জনগণ ভাল পোহৰো পাইছে৷ কেৱল ইমানে নহয়, প্ৰতি বছৰ তেওঁলোকে প্রায় ২৪ হাজাৰ কোটি টকা কম বিল দিবলগীয়া হৈছে৷ আপোনালোক সকলোৱে নিশ্চয় অনুভৱ কৰিছে যে এলইডি বাল্ব লগোৱাৰ ফলত আপোনালোকৰ বিদ্যুতৰ বিল হ্ৰাস পাইছে। ইয়াৰ আন এক গুৰুত্বপূর্ণ দিশ আছে৷ দেশত এলইডি বাল্ব লগোৱাৰ ফলত প্রায় ৪.৫০ কোটি টন কার্বন ডাই-অক্সাইড নিৰ্গমণ কম হৈছে৷ অর্থাৎ, পৰিৱেশ প্ৰদূষণ বহু পৰিমাণে হ্ৰাস পাইছে৷
বন্ধুসকল,
বিদ্যুৎ সকলোৰে ওচৰ পাওক, পর্যাপ্ত বিদ্যুৎ পাওক। আমাৰ পৰিৱেশ আমাৰ আকাশ, বতাহ, আমাৰ পানী বিশুদ্ধ হৈ থাকক। এই ভাবনাৰে আমি নিৰন্তৰ কাম কৰি আহিছো৷ এই ভাৱনাই আমাৰ সৌৰশক্তি উৎপাদন নীতি আৰু আমাৰ ৰণনীতিত স্পষ্টভাৱে পৰিলক্ষিত হৈছে৷ আপোনালোকে ভাৱক, ২০১৪চনত সৌৰশক্তিৰ দাম য’ত প্ৰতি ইউনিটত ৭-৮ টকা আছিল, আজি ইয়াৰ দাম ২-২.৫০ টকা হৈছে৷ ইয়াৰ দ্বাৰা বহু উদ্যোগ প্ৰতিষ্ঠান উপকৃত হৈছে, বহুতৰ কর্মসংস্থাপন হৈছে, দেশবাসী লাভবান হৈছে৷ কেৱল দেশেই নহয়, সমগ্ৰ বিশ্বত আমাৰ এই সাফল্যক লৈ আলোচনা হৈছে যে ভাৰতত ইমান সস্তায় সৌৰশক্তি কিদৰে দিয়া হৈছে৷ যিদৰে ভাৰতত সৌৰশক্তিক লৈ কাম হৈছে, এই আলোচনা আৰু বৃদ্ধি পাব৷ এনে ডাঙৰ ডাঙৰ পদক্ষেপৰ ফলতে ভাৰতক স্বচ্ছ শক্তিৰ আটাইতকৈ ডাঙৰ আকর্ষণীয় বজাৰ বুলি স্বীকাৰ কৰা হৈছে৷ আজি যেতিয়া বিশ্বত নবীকৰণযোগ্য শক্তিৰ দিশৰ পৰিৱৰ্তনক লৈ আলোচনা হয়, তেতিয়া ভাৰতক মডেল হিচাপে সন্মুখত ৰখা হয়৷
 
বন্ধুসকল,
ভাৰতৰ পৰা বিশ্ববাসীৰ এই আশা-প্ৰত্যাশা দেখি আমি এই অভিযানৰ সৈতে সমগ্ৰ বিশ্বক যুক্ত কৰাৰ চেষ্টা কৰিছো৷ এই ভাৱনাৰ পৰাই জন্ম লৈছে ‘আইএছএ’ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী৷ এক বিশ্ব, এক সূর্য, এক গ্রিডৰ অন্তৰালতো এই ভাৱনাই আছে৷ এই সৌৰশক্তিৰ উন্নত উৎপাদন আৰু ব্যৱহাৰযোগ্যতাক লৈ আমি সমগ্ৰ বিশ্বক একত্রিত কৰাৰ চেষ্টা কৰিছো যাতে আমাৰ পৃথিৱীৰ সন্মুখত পৰিৱেশ প্ৰদূষণৰ ডাঙৰ সংকটক হ্রাস কৰিব পৰা যায়। আজি দৰিদ্ৰ দেশসমূহৰ বিদ্যুতৰ প্ৰয়োজন পুৰণ কৰাটো সম্ভৱ হৈছে৷
বন্ধুসকল,
এফালে সৌৰশক্তি সাধাৰণ উপভোক্তাক উৎপাদকত পৰিণত কৰিছে, তেওঁলোকৰ হাততে বিদ্যুৎ বিতৰণৰ নিয়ন্ত্ৰণ তুলি দিছে। বিদ্যুৎ উৎপাদনৰ অন্যান্য মাধ্যমেৰে সাধাৰণ জনতাৰ অংশীদাৰিত্ব একপ্ৰকাৰ নাই বুলিয়েই ক’ব পাৰি৷ কিন্তু সৌৰশক্তিৰ ক্ষেত্রত সাধাৰণ জনতাৰ ঘৰৰ ছাঁদ, কাৰ্যালয় আৰু কাৰখানাৰ ছাঁদ, আৰ যি য’থে অলপ ঠাই পায় তাতে প্ৰয়োজন অনুসৰি বিদ্যুৎ উৎপাদন কৰিব পাৰে৷ সেই ক্ষেত্ৰত চৰকাৰে ব্যাপক উৎসাহ যোগোৱাৰ লগতে সাহায্যও প্ৰদান কৰিছে৷ বিদ্যুৎ উৎপাদনত আত্মনির্ভৰতাৰ এই অভিযানত এতিয়া আমাৰ অন্নদাতাসকলো জড়িত হৈছে৷
 
বন্ধুসকল,
আমাৰ কৃষকসকল আজি ইমানেই সক্ষম, ইমানেই সম্পদসম্পন্ন যে আজি তেওঁলোক এক নহয়, দুইধৰণৰ প্ৰকল্পৰ জৰিয়তে দেশক সহায় কৰিছে৷ এটা প্ৰকল্প হ’ল তেওঁলোকৰ পৰম্পৰাগত খেতি; যাৰ জৰিয়তে তেওঁলোকে আমাৰ সকলোৱে অন্ন দিয়ে, খাদ্যৰ ব্যৱস্থা কৰে৷ কিন্তু এতিয়া কৃষকসকলে দ্বিতীয় প্ৰকল্প আৰম্ভ কৰিছে, যি ঘৰে ঘৰে বিদ্যুৎ প্ৰদান কৰিব৷ তেওঁলোকৰ প্ৰথম প্ৰকল্প খেতিৰ জৰিয়তে কৃষকে এনে ভূমি ব্যৱহাৰ কৰে-যি অতি ঊর্বৰ৷ কিন্তু যিবোৰ অনূৰ্বৰ ভূমি আছে, সেই ভূমিত এতিয়া তেওঁলোকে সৌৰশক্তিৰ প্ৰকল্পৰ মাধ্যমেৰে বিদ্যুৎ উৎপাদন কৰিছে৷ অর্থাৎ, এতিয়া কৃষকে অনূর্বৰ ভূমিৰ পৰাও উপাৰ্জন কৰিব পাৰিব৷
 
‘কুসুম’ যোজনাৰ জৰিয়তে বৰ্তমান কৃষকৰ অতিৰিক্ত ভূমিত এই ধৰণৰ সৌৰ প্ৰকল্প স্থাপন কৰাত সহায় কৰা হৈছে৷ ফচলৰ খেতিৰ পৰা যি সৌৰ বিদ্যুৎ উৎপন্ন হ’ব, সেয়া আমাৰ কৃষকসকলৰ নিজা প্ৰয়োজন পুৰণ কৰাৰ লগতে অতিৰিক্ত বিদ্যুৎ বিক্রী কৰিব পাৰিব৷ আমাৰ দৃঢ় বিশ্বাস যে মধ্যপ্ৰদেশৰ কৃষক বন্ধুসকলেও এই অতিৰিক্ত আয়ৰ ব্যৱস্থাক গ্ৰহণ কৰি ল’ব আৰু ভাৰতক শক্তি ৰপ্তানিকাৰক হিচাপে গঢ়ি তোলাৰ এই ব্যাপক অভিযানক সফল কৰি তুলিব৷ মোৰ এই বিশ্বাস এইবাবেই দৃঢ়, কাৰণ মধ্যপ্ৰদেশৰ কৃষকসকলে তেওঁলোকৰ সংকল্প সিদ্ধি কৰি দেখুৱাইছে৷ আপোনালোকে যি কাম কৰিছে, তাক লৈ সমগ্ৰ দেশত আলোচনা হয়। আপোনালোকে যিদৰেবে গম উৎপাদনত ৰেকর্ড কৰিছে, আনক পাছ পেলাই দিছে, সেয়া অতি প্ৰশংসনীয়। ক’ৰোনাৰ এই কঠিন সময়ত কৃষকসকলে যি ৰেকর্ড পৰিমাণ উৎপাদন কৰিছে, মধ্যপ্ৰদেশ চৰকাৰে যি ৰেকর্ড পৰিমাণ ক্ৰয় কৰিছে, সেইবাবে আপোনালোক প্ৰশংসাৰ পাত্ৰ। একেদৰে বিদ্যুৎ উৎপাদনৰ ক্ষেত্রতো মধ্যপ্ৰদেশৰ সামর্থ্যক লৈ মোৰ সম্পূর্ণ ভৰসা আছে। আশা কৰো ইমানদিনে এইটোও সংবাদ শিৰোনামত আহিব যি মধ্যপ্ৰদেশৰ কৃষকসকলে ‘কুসুম’ যোজনাৰ মাধ্যমেৰে ৰেকর্ড পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰিছে৷
ভাই-ভনীসকল,
সৌৰশক্তিৰ ক্ষমতাক আমি সিমানদিনলৈকে সম্পূর্ণভাৱে ব্যৱহাৰ কৰিব নোৱাৰিম, যিমানদিনলৈকে আমাৰ দেশত উন্নত সৌৰ পেনেল, উন্নত বেটাৰী, উন্নতমানৰ সংৰক্ষণৰ সুবিধা নাথাকিব৷ এতিয়া এই লক্ষ্যত দ্রুতগতিত কাম চলি আছে। ‘আত্মনির্ভৰ ভাৰত অভিযান’ৰ জৰিয়তে এতিয়া দেশৰ লক্ষ্য হ’ল সৌৰ পেনেলসহ যাৱতীয় সৰঞ্জামৰ বাবে আমাৰ আমদানি নির্ভৰতা সমাপ্ত কৰা আৰু দেশৰ ভিতৰতে ছ’লাৰ পিবি মডিউল উৎপাদন ক্ষমতাক দ্রুতগতিত বৃদ্ধি কৰা৷ এই দেশীয় উৎপাদন বৃদ্ধিৰ বাবে আমি বহু জৰুৰী পদক্ষেপ হাতত লৈছো৷ যেনে ‘কুসুম’ যোজনাৰ জৰিয়তে যিবোৰ পাম্প লগোৱা হৈছে, ঘৰে ঘৰে ছাঁদত পেনেল সংস্থাপনৰ বাবে ভাৰতত প্ৰস্তুত কৰা ছ’লাৰ ফোটোভল্টইক চেল আৰু মডিউল নির্ধাৰিত কৰা হৈছে৷ তদুপৰি, চৰকাৰী বিভাগ আৰু অন্যান্য চৰকাৰী সংস্থাই যি ছ’লাৰ চেল মডিউল ক্ৰয় কৰিব, সেয়া যেন ‘মেক ইন ইণ্ডিয়া’ হয় - এই নির্দেশ দিয়া হৈছে৷ কেৱল ইমানেই নহয় সৌৰশক্তি প্ৰকল্প স্থাপনকাৰী কোম্পানীসমূহে যাতে ছ’লাৰ পিভি নিজই উৎপাদন কৰে, তাৰবাবে উৎসাহ যোগোৱা হৈছে৷ মই আজি এই ক্ষেত্রত সংশ্লিষ্ট উদ্যোগীসকলৰ, নবীন বন্ধুসকলৰ ষ্টার্ট-আপসমূহ, অতিক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহক এই সুযোগৰ সদ্ব্যবহাৰ কৰাৰ বাবে অনুৰোধ জনাইছো৷
ভাই-ভনীসকল,
আত্মনির্ভৰতা সঠিক অর্থত তেতিয়াই সম্ভৱ যেতিয়া আমাৰ মনত আত্মবিশ্বাস থাকিব৷ আত্মবিশ্বাস তেতিয়াই গঢ়ি উঠে যেতিয়া সমগ্ৰ দেশত, সমগ্ৰ ব্যৱস্থা, প্ৰতিগৰাৰীয়ে নাগৰিক কাৰোবাৰ সৈতে থাকে। ক’ৰোনা সংকটে সৃষ্টি কৰা পৰিস্থিতিত ভাৰতে এই কামেই কৰিছে৷ চৰকাৰে এই আত্মবিশ্বাস জগোৱাৰ কামতে লাগি গৈছে৷ সমাজৰ যি অংশৰ ওচৰত সাধাৰণতে চৰকাৰৰ কোনো সহায় পোৱা নাই, আজি তেওঁলোকৰ ওচৰত চৰকাৰে সম্পদ আৰু সংবেদনশীলতা-দুয়োটাই প্ৰদান কৰিছে৷ যেনে ‘প্ৰধানমন্ত্রী গৰীৱ কল্যাণ যোজনা’ৰ কথাই নধৰক কিয়৷ লকডাউনৰ পাছতে প্ৰথম পদক্ষেপ লোৱা হৈছে দেশৰ ৮০ কোটিতকৈও অধিক দুখীয়া মানুহক বিনামূলীয়া খাদ্য সামগ্ৰী প্ৰদানৰ লগতে তেওঁলোকৰ পকেটত যাতে সামান্য ধন থাকে তাৰ ব্যৱস্থা কৰা৷ লকডাউন উঠাই দিয়াৰ পাছত চৰকাৰৰ ভাৱিছে যে বাৰিষা ঋতু আহি আছে আৰু তাৰপাছৰে পৰা আৰম্ভ হ’ব এটাৰ পাছত আন এটা উৎসৱ৷ এই ক্ষেত্রত দুখীয়ালোকসকলৰ এই সহায্য অব্যাহত থকা উচিৎ-এই কথা ভাবি এই প্ৰকল্পক অব্যাহত ৰখা হৈছে৷ এতিয়া দুখীয়া পৰিয়ালসমূহে নৱেম্বৰৰ শেষ দিনলৈকে বিনামূলীয়া খাদ্য সামগ্ৰী লাভ কৰিব৷ কেৱল ইমানেই নহয় বেচৰকাৰী খণ্ডত লাখ লাখ কর্মচাৰীৰ ইপিএফৰ ক্ষেত্রত, তেওঁলোকৰ ফালৰ পৰা দিয়া ধন চৰকাৰে দিছে৷ সেইদৰে ‘পিএম স্ব-নিধি যোজনা’ৰ জৰিয়তে সেই বন্ধুসকলৰ কাষত থিয় দিয়া হৈছে, যাৰ ওচৰত চৰকাৰী সা-সুবিধা আটাইতকৈ কম হয়৷ বৰ্তমান এই প্ৰকল্পৰ জৰিয়তে ঠেলাৱলা, ৰিস্কাৱলাৰ দৰে সৰু সৰু লাখ লাখ বন্ধুৱে বেংকৰ পৰা কম সুদত ১০ হাজাৰ টকালৈকে ঋণ দিয়া হৈছে৷ আমাৰ বাবে আটাইতকৈ উপযোগী এই সৰু সৰু ব্যৱসায়সমূহ ৰক্ষাৰ বাবে, ব্যৱসায়ী বন্ধুসকলৰ পৰিয়াল স্বচ্ছল ৰখাৰ বাবে, এনে পদক্ষেপৰ কথা আগতে কেতিয়াব কোনোবাই শুনিছেনে? অর্থাৎ, এফালে ক্ষুদ্ৰ, লঘূ হস্তশিল্প আৰু ডাঙৰ উদ্যোগসমূহ সম্পর্কেও ভবা হৈছে৷ আনফালে, এই ক্ষুদ্ৰ কিন্তু আমাৰ প্ৰত্যেকৰে বাবে প্ৰয়োজনীয় ব্যৱসায়সমূহ জীয়াই ৰখাৰ কথাও ভবা হৈছে৷
বন্ধুসকল,
চৰকাৰে হওক বা সমাজ, সংবেদনশীলতা আৰু সতর্কতা, বৰ্তমানৰ এই কঠিন পৰিস্থিতিৰ বিৰুদ্ধে যঁজুত আমাৰ আটাইতকৈ ডাঙৰ প্রেৰণাৰ উৎস৷ আজি যেতিয়া আপোনালোকে মধ্যপ্ৰদেশক সমগ্ৰ দেশৰ শীৰ্ষত আগুৱাই নিয়াৰ বাবে ঘৰৰ পৰা বাহিৰ হৈ আহিছে, তেতিয়া আপোনালোকে এটা দায়িত্বও সদায় মনে ৰাখিব৷ সেয়া হ’ল দুই গজ দূৰত্ব বজাই ৰখা, মাস্ক ব্যৱহাৰ আৰু ঘনে ঘনে ২০ ছেকেণ্ডকৈ চাবোনেৰে হাত ধোঁৱা৷ এই নিয়মসমূহ আমি সদায় পালন কৰিব লাগিব৷ পুনৰবাৰ আপোনালোকৰ মধ্যপ্ৰদেশৰ এই সৌৰশক্তি প্ৰকল্পৰ বাবে বহুত বহুত শুভেচ্ছা জনালো৷ আপোনালোক সতর্ক হৈ থাকক, নিৰাপদে থাকক, সুস্থ থাকক৷ বহুত বহুত কৃতজ্ঞতা জনাইছো!
*****
VRRK/KP/DB


(Release ID: 1638127) Visitor Counter : 159