PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 08 JUL 2020 6:33PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্যঃ সৰ্বভাৰতীয় পৰ্যায়ত আৰোগ্যৰ হাৰ ৬১.৬৩%লৈ উন্নীতকৰণ হৈছে

বিগত ২৪ ঘণ্টাত ২,৬২,৬৭৯টা নমুনা পৰীক্ষণ কৰা হৈছে৷ এই পৰ্যন্ত ১,০৪,৭৩,৭৭১টা নমুনা পৰীক্ষণ কৰা হৈছে৷ সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ১,৯১,৮৮৬ জন বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ১৬,৮৮৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত ৬১.৫৩% আৰোগ্য হাৰৰ সৈতে ৪,৫৬,৮৩০ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বৰ্তমানে ২,৬৪,৯৪৪ জন ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়াসৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ এইমছে ৰাজ্যৰ চিকিৎসকসকলক টেলি নিৰ্দেশনা প্ৰদান কৰিছে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীয়ে এতিয়াৰে পৰা নতুন দিল্লীৰ এইমছৰ চিকিৎসকসকলক অন্য ৰাজ্যৰ চিকিৎসকসকলক ক’ভিড সন্দৰ্ভত দিহা পৰামৰ্শ দিয়াৰ কামত নিয়োজিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যাই উন্নীতকৰণৰ পথ প্ৰদৰ্শিত কৰিছে

ভাৰতত ক’ভিড-১৯ৰ ক্ষেত্ৰত আগতীয়াকৈ চিহ্নিতকৰণ আৰু কাৰ্যকৰী ক্লিনিকেল ব্যৱস্থাপনাই সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি কৰি তুলিছে৷ ইয়াৰ দ্বাৰা ক’ভিড স্বাস্থ্যসেৱাৰ দ্ৰুত উত্তৰণ হোৱাটোকেই প্ৰদৰ্শিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

Screenshot (2).png

‘কৃষিজাত আন্তঃগাঁথনি পুঁজি’ৰ অধীনত কেন্দ্ৰীয় খণ্ডৰ বিত্তপোষিত আঁচনিত কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে সমগ্ৰ ভাৰততে কেন্দ্ৰীয় খণ্ডৰ আঁচনি-কৃষিজাত আন্তঃগাঁথনি পুঁজিত আজি অনুমোদন প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে  

পিএমজিকেৱাই/আত্মনিৰ্ভৰ ভাৰতৰ অধীনত ২০২০ বৰ্ষৰ জুনৰ পৰা আগষ্ট মাহলৈ ইপিএফ অৱদানৰ ২৪% সম্প্ৰসাৰণৰ প্ৰস্তাৱক কেবিনেটে অনুমোদন জনাইছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আজি প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা/আত্মনিৰ্ভৰ ভাৰতৰ অধীনত জুনৰ পৰা আগষ্ট ২০২০লৈ তিনি মাহৰ বাবে ১২ % কৰ্মচাৰীৰ অৱদান আৰু ১২% নিয়োগকৰ্তাৰ অৱদান সম্প্ৰসাৰণ কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

নগৰৰ প্ৰব্ৰজক/দৰিদ্ৰসকলৰ বাবে ব্যয়সাধ্য ভাড়াঘৰৰ বাবে কেবিনেটৰ অনুমোদন

কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ (পিএমএৱাই-ইউ)ৰ অধীনত নগৰৰ প্ৰব্ৰজক/দৰিদ্ৰসকলৰ বাবে ব্যয়সাধ্য ভাড়াঘৰ প্ৰাংগন শীৰ্ষক এক উপ আঁচনিত অনুমোদন জনাইছে৷

অধিক বিৱৰণৰ বাবে

০১.০৭.২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ তিনি মাহৰ বাবে উজ্বলা হিতাধিকাৰীসকলক ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা’ৰ লাভালাভসমূহ প্ৰদানৰ সময়সীমা সম্প্ৰসাৰণৰ বাবে কেবিনেটে অনুমোদন জনাইছে

০১.০৭.২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ তিনি মাহৰ বাবে উজ্বলা হিতাধিকাৰীসকলক ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা’ৰ লাভালাভসমূহ প্ৰদানত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ প্ৰস্তাৱক কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে৷

অধিক বিৱৰণৰ বাবে

জুলাই ২০২০ৰ পৰা নৱেম্বৰ ২০২০লৈ পাঁচ মাহৰ বাবে বিনামূলীয়াকৈ গোটা চানা বিতৰণৰ বাবে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ পেকেজ-প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ সম্প্ৰসাৰণত কেবিনেটে অনুমোদন জনাইছে

ক’ভিড-১৯ৰ অৰ্থনৈতিক সাহায্যৰ অধীনত কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ (পিএমজিকেএৱাই) সম্প্ৰসাৰণত অনুমোদন প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

জুলাই ২০২০ৰ পৰা নৱেম্বৰ ২০২০লৈ পাঁচ মাহৰ বাবে অতিৰিক্ত খাদ্য শস্য আৱণ্টনৰ বাবে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ পেকেজ-প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ সম্প্ৰসাৰণত কেবিনেটে অনুমোদন জনাইছে

ক’ভিড-১৯ৰ অৰ্থনৈতিক সাহায্যৰ অধীনত কেন্দ্ৰীয় কেবিনেটে জুলাই ২০২০ৰ পৰা নৱেম্বৰ ২০২০লৈ প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ (পিএমজিকেএৱাই) সম্প্ৰসাৰণত অনুমোদন প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ইচিএইচএছৰ অধীনত প্ৰতিটো পৰিয়াললৈ ৱান প্লাছ অক্সিমিটাৰৰ প্ৰতিপূৰ্তিৰ অনুমোদন প্ৰদান কৰা হৈছে

অধিক বিৱৰণৰ বাবে

লাক্ষাই ছাইন্সেছৰ সহযোগিতাত চিএছআইআৰে এণ্টিভাইৰেল আৰু হোষ্ট-নিৰ্দেশিত চিকিৎসাৰ সমন্বয়ৰ জৰিয়তে ক্লিনিকেল ট্ৰায়েলৰ বাবে নিয়ামকত অনুমোদন বিচাৰিছে

অধিক বিৱৰণৰ বাবে

২০২০-২১ শৈক্ষিক বৰ্ষৰ বাবে নৱম-দ্বাদশ শ্ৰেণীৰ চিবিএছইৰ ছিলেবাছৰ সংশোধিত ৰূপৰ বিষয়ে ঘোষণা কৰিলে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ কয় যে চিবিএছইৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে শৈক্ষিক পাঠ্যক্ৰমৰ বোজা হ্ৰাস কৰাৰ উদ্দেশ্যে ছিলেবাছৰ কিছু সংশোধন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এছঅ’পিৰ বিষয়ে ঘোষণা কৰিব চৰকাৰেঃ শ্ৰী প্ৰকাশ জাভাড়েকাৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে কয় যে চৰকাৰে অতি শীঘ্ৰেই চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এখন এছঅ’পি জাৰি কৰিব৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ ডঃ কে কে তলৱাৰৰ নেতৃত্বত ৰাজ্য চৰকাৰে ক’ভিড ব্যৱস্থাপনা তথা শুশ্ৰূষা কৌশলৰ বাবে দুখন ‘বিশেষজ্ঞ উপদেষ্টা সমিতি’ গঠন কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে এমএছএমইৰ অধীনত যুৱ উদ্যমীসকললৈ সমৰ্থন আৰু সহযোগিতা প্ৰদানৰ বাবে ৫৬টা ক্লাষ্টাৰ চিনাক্ত কৰিছে৷
  • হিমাচল প্ৰদেশঃ পৰ্যটন খণ্ডৰ সৱলীকৰণৰ বাবে ৰাজ্য চৰকাৰে আতিথ্য খণ্ডৰ বাবে কৰ্ম মূলধনী ঋণত সুতৰ সাহায্য প্ৰদান কৰিছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,১৭,১২১ জন৷ আজি পৰ্যন্ত ১,১৮,৫৫৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৭,৬৩৬ জন৷ আৰোগ্য লাভ কৰিছে ২৬,৭৪৪ জনে৷ ১৯৭৯ জনৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২১,৫৭৭ জন৷ আৰোগ্যৰ হাৰ হ’ল ৭৭.৪৩%৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৫,৬২৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩২৩৭ জন৷ ১১,৭৬৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৪১৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৭৩ জন৷
  • কেৰালাঃ মুঠ ২৪১১ জন ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে আৰু ১,৮৬,৫৭৬ জন লোকে কোৱাৰেণ্টিনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,১৮,৫৯৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৫,৮৩৯ জন৷ ১৫৭১ জনৰ মৃত্যু হৈছে৷ ৭১,১১৬ জনে আৰোগ্য লাভ কৰিছে৷
  • কৰ্ণাটকাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৬,৮১৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫,২৯৭ জন৷ ৪১৬ জন ৰোগীৰ মৃত্যু হৈছে৷ আৰোগ্য হৈছে ১১,০৯৮ জন৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২২,২৫৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,৮৯৪ জন৷ ১১,১০১ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ২৬৪ জন লোকৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ২৭,৬১২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,০১২ জন৷ ৩১৩ জনৰ মৃত্যু হৈছে৷ ১৬,২৮৭ জনে আৰোগ্য লাভ কৰিছে৷
  • অৰুণাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ক’ভিড-১৯ৰ পৰিস্থিতি সন্দৰ্ভত এক বৈঠকত অংশগ্ৰহণ কৰে৷
  • মণিপুৰঃ মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ৫টা PHED প্ৰকল্প মুকলি কৰে৷
  • মেঘালয়ঃ আজি দক্ষিণ পশ্চিম গাৰো পাহাৰৰ দুজন লোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫২ জন৷ ৪৫ জনে আৰোগ্য লাভ কৰিছে৷
  • মিজোৰামঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০১ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৮ জন৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৫৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৫৩ জন আৰু আৰোগ্য লাভ কৰিছে ৩০৩ জনে৷

 



(Release ID: 1637422) Visitor Counter : 124