PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 04 JUL 2020 6:27PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যঃ বৰ্তমানে সক্ৰিয় ৰোগীতকৈ প্ৰায় ১.৬ লাখ অধিক লোকে আৰোগ্য লাভ কৰিছে; আৰোগ্যৰ হাৰ হ’ল ৬০.৮১%; ৯৫ লাখতকৈও অধিক নমুনা পৰীক্ষণ কৰা হৈছে

বৰ্তমানে সক্ৰিয় ৰোগীতকৈ ১,৫৮,৭৯৩ জন অধিক লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হৈছে ৬০.৮১%৷ বিগত ২৪ ঘণ্টাত মুঠ ১৪,৩৩৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্য লাভ কৰা মুঠ লোকৰ সংখ্যা হ’ল ৩,৯৪,২২৬ জন৷ বৰ্তমানে ২,৩৫,৪৩৩ জন লোকে চিকিৎসাধীন অৱস্থাত আছে৷

অধিক বিৱৰণৰ বাবে

 

মহামাৰীবিধে মানৱ জীৱনলৈ বিভীষিকা নমাই অনাৰ লগতে বিশ্বৰ অৰ্থনীতিও গ্ৰাস কৰাৰ পৰিপ্ৰেক্ষিতত বুদ্ধৰ বাৰ্তাই আলোকজ্যোতি হিচাপে বিবেচিত হ’ব পাৰে, ৰাষ্ট্ৰপতিয়ে এইদৰে কয়

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে কয় যে এই মহামাৰীবিধে মানৱ জীৱন আক্ৰান্ত কৰাৰ লগতে বিশ্বৰ অৰ্থনীতিলৈও সন্দেহৰ ছা নমাই আনিছে৷ এই ক্ষেত্ৰত বুদ্ধৰ বাণী সমাজৰ আলোকজ্যোতি হিচাপে বিবেচিত হ’ব পাৰে৷

অধিক বিৱৰণৰ বাবে

 

ধৰ্ম চক্ৰ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ আদৰ্শ আৰু তেওঁ প্ৰদৰ্শিত কৰা অষ্ট মাৰ্গৰ বিষয়ে উল্লেখ কৰি কয় যে সমাজৰ কল্যাণত এই অষ্ট মাৰ্গে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে৷ তেওঁ কয় যে বৌদ্ধবাদে মহিলা, দৰিদ্ৰ, শান্তি আৰু অহিংসাৰ হকে সমৰ্থন কৰে৷

অধিক বিৱৰণৰ বাবে

ধৰ্ম চক্ৰ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

ধনৱন্ত্ৰী ৰথঃ আহমেদাবাদত ঘৰে ঘৰে নন-কভিড স্বাস্থ্য সেৱা প্ৰদান কৰাৰ এক পদক্ষেপ

আহমেদাবাদ পৌৰ নিগমে ধনৱন্ত্ৰী ৰথ শীৰ্ষক এক ম’বাইল ভানেৰে মহানগৰ খনৰ ঘৰে ঘৰে নন-ক’ভিড অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা যোগানৰ ব্যৱস্থা কৰিছে৷ ৰাজ্যখনৰ বহুকেইখন চিকিৎসালয় ক’ভিড-১৯ৰ চিকিৎসালয়লৈ পৰিৱৰ্তিত কৰাৰ পৰিপ্ৰেক্ষিতত নন-ক’ভিড ৰোগীসকলক সেৱা আগবঢ়োৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

মেঘালয়ৰ ৬৭০০ গৰাকী আশা কৰ্মীয়ে নিৰীক্ষণ আৰু সজাগতা শিবিৰৰ প্ৰক্ৰিয়া কৰি তুলিছে অধিক সক্ৰিয়

মেঘালয়ত ক’ভিড-১৯য়ে দেখা দিয়াৰ লগে লগে আশা কৰ্মীসকলক নিৰ্ধাৰিত নিয়ন্ত্ৰিত এলেকাসমূহত সক্ৰিয় ৰোগী সন্ধান দলৰ অভিন্ন অংশ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল৷ এই পৰিপ্ৰেক্ষিতত নিয়ন্ত্ৰিত এলেকাসমূহত ক’ভিড গ্ৰামীণ স্বাস্থ্য সজাগতা শিবিৰ আৰু সক্ৰিয় ৰোগী সন্ধান দলত ৬৭০০ গৰাকী আশা কৰ্মীক অংশ হিচাপে গঢ়ি তোলা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে আত্মনিৰ্ভৰ ভাৰত উদ্ভাৱনী প্ৰত্যাহ্বান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰত উদ্ভাৱনী প্ৰত্যাহ্বান মুকলি কৰিছে৷ ইয়াৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলে ইতিমধ্যেই ব্যৱহাৰ কৰি থকা ভাৰতীয় এপসমূহৰ চিনাক্তকৰণৰ ব্যৱস্থা কৰা হৈছে৷ ষ্টাৰ্ট-আপসমূহক বিশ্বমানৰ এপ নিৰ্মাণ কৰি উলিয়াবলৈ মুকলি কৰা এই প্ৰত্যাহ্বানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰত এপ উদ্ভাৱনী প্ৰত্যাহ্বানত অংশগ্ৰহণ কৰিবলৈ প্ৰযুক্তিদলসমূহক আহ্বান জনাইছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তথ্য-প্ৰযুক্তি সমাজক আত্মনিৰ্ভৰ ভাৰত এপ উদ্ভাৱনী প্ৰত্যাহ্বানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ লিংকডইনত প্ৰকাশিত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে ভাৰতত ষ্টাৰ্ট-আপ পৰিবেশতন্ত্ৰৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰীৰ ডিজিটেল ভাৰতৰ বীক্ষণ বাস্তৱায়িত কৰিবলৈ Meity-NITIয়ে মুকলি কৰিলে ডিজিটেল আত্মনিৰ্ভৰ ভাৰত এপ উদ্ভাৱনী প্ৰত্যাহ্বান

ভাৰতীয় এপসমূহৰ এক শক্তিশালী পৰিবেশতন্ত্ৰ গঢ়ি তুলিবলৈ নিটি আয়োগৰ অটল উদ্ভাৱনী অভিযানৰ সহযোগত MeitYয়ে ডিজিটেল ভাৰত আত্মনিৰ্ভৰ ভাৰত এপ উদ্ভাৱনী প্ৰত্যাহ্বান ভাৰতীয় প্ৰযুক্তিখণ্ডৰ উদ্যমী আৰু ষ্টাৰ্ট-আপসমূহৰ বাবে মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে ঘোষণা কৰি নীট আৰু জেইই মেইনছ তথা এডভান্সৰ নতুন তাৰিখ

মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ নীট আৰু জেইই মেইনছ তথা এডভান্সৰ নতুন তাৰিখ ঘোষণা কৰিছে৷ তেওঁ কয় যে জেইই মেইন পৰীক্ষা ১ৰ পৰা ৬ ছেপ্টেম্বৰ ২০২০ তাৰিখৰ ভিতৰত আৰু জেইই এডভান্স পৰীক্ষা ২৭ ছেপ্টেম্বৰ ২০২০ তাৰিখে অনুষ্ঠিত কৰা হ’ব৷ আনহাতে নীটৰ পৰীক্ষা ১৩ ছেপ্টেম্বৰ ২০২০ তাৰিখে অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

অধিক বিৱৰণৰ বাবে

দেশৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰী পীয়ুষ গোৱেলে ৰপ্তানীকাৰীসকলক ভূয়সী প্ৰশংসা কৰে

কালি এখন বৈঠকত ৰপ্তানীকাৰীসকলক উদ্দেশ্যি শ্ৰী গোৱেলে কয় যে বিগত দুটা মাহৰ অৰ্থনৈতিক লোকচানৰ অন্তত আনলক প্ৰক্ৰিয়া মুকলি হোৱাৰ পৰিপ্ৰেক্ষিতত অৰ্থনীতি সজীৱ হ’বলৈ ধৰিছে৷ তেওঁ কয় যে আনলক ২.০ত অনুমতিৰ পৰিমাণ অধিক হোৱাৰ বাবে ব্যৱসায় প্ৰক্ৰিয়া সুচল হ’বলৈ ধৰিছে৷

অধিক বিৱৰণৰ বাবে  

ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত  ক্ষেত্ৰীয় পৰ্যায়ত কৃষক আৰু কৃষি গতিবিধিসমূহৰ সুবিধাৰ বাবে কৃষি, সমবায় আৰু কৃষক কল্যাণ বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে

ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত  ক্ষেত্ৰীয় পৰ্যায়ত কৃষক আৰু কৃষি গতিবিধিসমূহৰ সুবিধাৰ বাবে কৃষি, সমবায় আৰু কৃষক কল্যাণ বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ পিছৰ সময়ছোৱাত দেশৰ অৰ্থনীতিৰ ধ্বজ্বাবাহক হিচাপে বিবেচিত হ’ব উত্তৰ-পূৰ্বাঞ্চলঃ ড জিতেন্দ্ৰ সিং

কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে কয় যে ক’ভিড-১৯ৰ পিছৰ সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ দেশৰ অৰ্থনীতিক আগুৱাই লৈ যোৱাৰ ক্ষমতা আছে৷  এই সন্দৰ্ভত তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ মহিলা শক্তিৰ বিষয়েও আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৯২,৯৯০ জন৷ বৰ্তমানে ১.০৪ লাখ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৯,৯১১ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৪,৬৮৬ জন৷ বিগত ২৪ ঘণ্টাত ৬৮৭ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মৃত্যু হোৱা ৰোগীৰ সংখ্যা হ’ল ১৯০৬ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৯,২৫৬ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪,২৯৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬৫৫ জন৷ ১১০৪৯ জন ৰোগীয়ে এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩০৬৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৩৭ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪৮২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৩৪ জন৷
  • চণ্ডীগড়ঃ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ২০২০-২১ শৈক্ষিক বৰ্ষৰ প্ৰথম ছমাহৰ মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷
  • পাঞ্জাৱঃ আগন্তুক সপ্তাহৰ পৰা ক’ভিড-১৯ দ্ৰুত এণ্টিজেন পৰীক্ষণৰ পাইলট প্ৰকল্প মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে অনুমোদন প্ৰদান কৰিছে৷
  • হাৰিয়ানাঃ উপ-মুখ্যমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশতে চলি থকা আনলক-২ৰ পৰিপ্ৰেক্ষিতত ঔদ্যোগিক আৰু বাণিজ্যিক গতিবিধিসমূহ ক্ৰমান্বয়ে স্বাভাৱিক হ’বলৈ ধৰিছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ৰ পৰীক্ষণৰ ক্ষেত্ৰত পালামপুৰৰ হিমালয়ান বায়’-ৰিছ’ৰ্চ টেকনল’জীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে৷
  • কেৰালাঃ ৰাজ্যখনত ২,০৯৮ চন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু বিভিন্ন জিলাত ১,৭৭,০০১ জন লোক চিকিৎসকৰ পৰ্যৱক্ষেণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪২৯৫৫ জন, মৃত্যু হৈছে ১৩৮৫ জনৰ, মুকলি কৰি দিয়া হৈছে ৫৮৩৭৮ জনক৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ১৯৭১০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১০,৬০৮ জন৷ মৃত্যু হৈছে ২৯৩ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ১৭,৬৯৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯৪৭৩ জন, মৃত্যু হৈছে ২১৮ জনৰ৷ মুকলি কৰি দিয়া হৈছে ৮০০৮ জনক৷
  • তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ২০৪৬২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৯৮৪ জন, মৃত্যু হৈথে ২৮৩ জনৰ৷ মুকলি কৰি দিয়া হৈছে ১০১৯৫ জনক৷
  • অৰুণাচল প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭৬ জন৷ ৭৫ জনে আৰোগ্য লাভ কৰিছে আৰু ১জনৰ মৃত্যু হৈছে৷
  • মিজোৰামঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩২ জন৷ ১৩০ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷

ফেক্ট চেক



(Release ID: 1636552) Visitor Counter : 190