PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 03 JUL 2020 6:32PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আগবঢ়োৱা ক’ভিড-১৯ৰ শেহতীয়া তথ্যঃ আৰোগ্যৰ হাৰ ৬০% অতিক্ৰম কৰিছে; বিগত ২৪ ঘণ্টাত ২০,০৩৩ জন লোকে আৰোগ্য লাভ কৰিছে; সক্ৰিয় ৰোগীতকৈ আৰোগ্য ৰোগীৰ সংখ্যা ১.৫ লাখ অধিক হৈছে; বিগত ২৪ ঘণ্টাত ২.৪ লাখতকৈও অধিক পৰীক্ষণ সম্পন্ন কৰা হৈছে

আজি ক’ভিড-১৯ ৰোগীসকলৰ আৰোগ্যৰ হাৰে ৬০.৭৩%ৰ সীমা স্পৰ্শ কৰিছে৷ বিগত ২৪ ঘণ্টাত ২০,০৩৩ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ মুঠ ৩,৭৯,৮৯১ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আজিৰ তাৰিখত সক্ৰিয় ৰোগীতকৈ আৰোগ্য হোৱাৰ ৰোগীৰ সংখ্যা ১,৫২,৪৫২ জন লোক অধিক হৈছে৷ বিগত ২৪ ঘণ্টাত ২,৪১,৫৭৬ টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ বিনামূলীয়াকৈ ২ কোটি এন৯৫ মাস্ক আৰু ১ কোটি পিপিই বিতৰণ কৰিছে

১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰে ২.০২ কোটিতকৈ অধিক এন৯৫ মাস্ক আৰু ১.১৮ কোটিতকৈও অধিক পিপিই কিট ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ/কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহলৈ বিনামূলীয়াকৈ বিতৰণ কৰিছে৷ তাৰোপৰি ৬.১২ কোটিতকৈও অধিক এইচচিকিউ টেবলেট বিতৰণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত ২০ লাখতকৈও অধিক আয়কৰ দাতাক ৬২,৩৬১ কোটি টকা ৰিফাণ্ড কৰিছে আয়কৰ বিভাগে

আয়কৰ দাতালৈ সকাহ প্ৰদান কৰি আয়কৰ বিভাগে ৮ এপ্ৰিলৰ পৰা ৩০ জুন ২০২০ তাৰিখলৈ প্ৰতি মিনিটত ৭৬টা কেছৰ ৰিফাণ্ড প্ৰদানৰ গতিৰে ২০.৪৪ লাখতকৈও অধিক লোকক ৬২,৩৬১ কোটি টকা ৰিফাণ্ড কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হৈ দেশৰ ৰাজধানীত ক’ভিড-১৯ক মোকাবিলা কৰা সন্দৰ্ভত আলোচনা কৰে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হৈ দেশৰ ৰাজধানীত ক’ভিড-১৯ক কিদৰে মোকাবিলা কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰে৷  এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধন, ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

 

কৰ্ণাটকত ৪২,০০০ আশা কৰ্মীয়ে প্ৰায় ১.৫৯ কোটি পৰিয়ালৰ সৰ্বেক্ষণ সম্পন্ন কৰিছে

কৰ্ণাটকত ক’ভিড-১৯ক মোকাবিলা কৰাৰ দিশত ৪২,০০০ আশা কৰ্মীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ তেওঁলোকে প্ৰায় ১.৫৯ কোটি ঘৰলৈ গৈ এককালীন সৰ্বেক্ষণ সম্পন্ন কৰিছে৷

অধিক বিৱৰণৰ বাবে

জল জীৱন অভিযানঃ লকডাউনৰ সময়ছোৱাত ১৯ লাখ ঘৰলৈ যোগান ধৰা হৈছে পানী টেপৰ সংযোগ

 সমগ্ৰ দেশে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে সকলোৰে ঘৰে-ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগানৰ দিশত অগ্ৰসৰ হৈছে৷ বৰ্তমানে এই অভিযান বিভিন্ন ৰাজ্যৰ সহযোগিতাত প্ৰণয়ন কৰি থকা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে প্ৰাথমিক পৰ্যায়ৰ বাবে মুকলি কৰিলে ৮ সপ্তাহৰ বৈকল্পিক শৈক্ষিক কেলেণ্ডাৰ

ক’ভিড-১৯ৰ ফলত শিক্ষাৰ্থীসকলক ঘৰতে ব্যস্ত কৰি ৰখাৰ বাবে এনচিইআৰটিয়ে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ সহযোগত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে এক বৈকল্পিক শৈক্ষিক কেলেণ্ডাৰ প্ৰস্তুত কৰি উলিয়াইছে৷

অধিক বিৱৰণৰ বাবে

আত্মনিৰ্ভৰ ভাৰতৰ বাবে ক’ভিভ-১৯ এক সুযোগ হিচাপে বিবেচিত হৈছে, এইদৰে কয় ডঃ ৰঘুনাথ মাশ্বেলকাৰে

ক’ভিড-১৯য়ে দেশবাসীলৈ আত্মনিৰ্ভৰ ভাৰতৰ সিদ্ধি লাভ কৰাৰ এক সুযোগ কঢ়িয়াই আনিছে, এইদৰে কয় পদ্ম বিভূষণ ডঃ ৰঘুনাথ মাশ্বেলকাৰে৷ আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই তেওঁ কয় যে আমি বিশ্বৰ পৰা নিজকে পৃথক কৰিব নোৱাৰো কিন্তু বিশ্বৰ যোগান শৃংখলৰ এক অংশ হ’ব পাৰো৷

অধিক বিৱৰণৰ বাবে

৬ জুলাই ২০২০ তাৰিখৰ পৰা এএছআইৰ কেন্দ্ৰীয়ভাৱে সুৰক্ষিত কীৰ্তিস্তম্ভসমূহ মুকলি কৰা হ’বঃ শ্ৰী প্ৰহ্লাদ সিং পেটেল

কেন্দ্ৰীয় ৰাজ্যিক সাংস্কৃতিক আৰু পৰ্যটন (স্বতন্ত্ৰ) মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলে কয় যে সাংস্কৃতিক আৰু ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণ মন্ত্ৰালয়ে কেন্দ্ৰীয়ভাৱে সুৰক্ষিত সকলো কীৰ্তিস্তম্ভ ৬ জুলাই ২০২০ তাৰিখৰ পৰা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ মুঠ ২,০৮৮ জন ৰোগীয়ে এতিয়াও বিভিন্ন জিলাত ৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৮,৩৯২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪১০৪৭ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৮,০১৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৪০৬ জন৷ ২৭২ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬,৯৩৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯০৯৬ জন৷ মুকলি কৰি দিয়া হৈছে ৭৬৩২ জনক৷ মৃত্যু হৈছে ২০৬ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৮৫৭০ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯২২৬ জন, মৃত্যু হৈছে ২৭৫ জনৰ৷ ৯০৬৯ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৮৬,৬২৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৭২৬০ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭,৫১০ জন৷ এই পৰ্যন্ত ৰাজ্যখনত ৩.৮৮ লাখটা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৮,৭৮৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৩০৭ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪,১০৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৭০২ জন৷ ৫৮৯ জনৰ মৃত্যু হৈছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,০১৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৩৭ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪৮২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৪৪ জন৷
  • অসমঃ  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত প্লাজমা বেংক আৰম্ভ কৰা হৈছে, প্ৰথমজন দাতা হৈছে চিকিৎসক লিথিকেশ৷
  • মণিপুৰঃ বক্সাৰ আৰু এছিয়ান গেমছত সোণৰ পদক বিজেতা ডিংকো সিঙে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে৷
  • মেঘালয়ঃ তিনিজন লোকৰ দেহত আজি ক’ভিড-১৯ৰ বীজাণু ধৰা পৰিছে৷ মুঠ সক্ৰিয় ৰোগী হ’ল ১৮ আৰু ৪৩ জনে আৰোগ্য লাভ কৰিছে৷
  • মিজোৰামঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৫ জন, ১২৭ জনক মুকলি কৰি দিয়া হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬২ জন৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৩৯ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৪২ জন৷ ১৯৭ জনে আৰোগ্য লাভ কৰিছে৷
  • পাঞ্জাৱঃ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে আজি সহজে বোধগম্য হোৱাকৈ পাঞ্জাৱ ক’ভিড-১৯ ক্লিনিকেল মেনেজমেণ্ট মেনুৱেল মুকলি কৰিছে৷

ফেক্ট চেক



(Release ID: 1636287) Visitor Counter : 160