PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 23 JUN 2020 6:26PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যঃ বিশ্বৰ ভিতৰতে ভাৰতত প্ৰতি লাখ জনসংখ্যাত মৃত্যুৰ হাৰ কম

বিশ্ব স্বাস্থ্য সংস্থাৰ ২২ জুন ২০২০ তাৰিখৰ প্ৰতিবেদন মতে ভাৰতত প্ৰতি লাখ জনসংখ্যাত মৃত্যুৰ হাৰ আটাইতকৈ কম৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image001YXC5.jpg

আৰোগ্যৰ হাৰ দিনে দিনে উত্তৰণ হ’ব ধৰিছে৷ আজিৰ তাৰিখ পৰ্যন্ত ৫৬.৩৮% পৰ্যন্ত আৰোগ্যৰ হাৰ বৃদ্ধি হৈছে৷ এই পৰ্যন্ত ২,৪৮,১৮৯ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত মুঠ ১০,৯৯৪ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ পিএম কেয়াৰ্ছ ফাণ্ডৰ অধীনত ৫০,০০০ ভাৰতত প্ৰস্তুত ভেন্টিলেটৰ    

সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰদ্বাৰা চালিত ক’ভিড চিকিৎসালয়সমূহলৈ ৫০০০০ ‘মেড-ইন-ইণ্ডিয়া’ ভেন্টিলেটৰ যোগানৰ অৰ্থে পিএম কেয়াৰ্ছ ফাণ্ড ন্যাসে ২০০০ কোটি টকা আৱন্টন দিছে। তদুপৰি, প্ৰব্ৰজিত শ্ৰমিকসকলৰ কল্যাণৰ অৰ্থে মুঠ ১০০০ কোটি টকা আৱন্টন দিয়ে।

এই ৫০০০০ ভেন্টিলেটৰৰ ভিতৰত, ৩০০০০ ভেন্টিলেটৰ প্ৰস্তুত কৰি উলিয়াইছে মেচাৰ্ছ ভাৰত ইলেকট্ৰনিক লিমিটেডে। বাকী ২০০০০ ভেন্টিলেটৰৰ প্ৰস্তুতকাৰীসকল হৈছে এগভা হেল্থকেয়াৰ (১০০০০), এএমটিজেদ বেছিক (৫৬৫০), এএমটিজেদ হাই এনড (৪০০০) আৰু এলাইড মেডিকেল (৩৫০)। এতিয়ালৈকে ২৯২৩ টা ভেন্টিলেটৰৰ প্ৰস্তুত সম্পূৰ্ণ হৈছে, ইয়াৰে ১৩৪০ টা ভেন্টিলেটৰক অদ্যপি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা যায়। এইসমূহ লাভ কৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে মহাৰাষ্ট্ৰ (২৭৫), দিল্লী (২৭৫), গুজৰাট (১৭৫), বিহাৰ (১০০), কৰ্ণাটক (৯০), ৰাজস্থান (৭৫)। জুন, ২০২০ ৰ শেষলৈকে, অতিৰিক্ত ১৪,০০০ ভেন্টিলেটৰ সকলোবোৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰদান কৰা হ’ব।

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ওড়িশাত জনসাধাৰণৰ অংশগ্ৰহণ আৰু ডিজিটেল পদক্ষেপ বৃদ্ধি পাইছে

ওড়িশাই এণ্টি-ক’ভিড পদক্ষেপ গ্ৰহণ কৰি তথ্য প্ৰযুক্তিৰ সুবিধা গ্ৰহণ, স্থানীয় পঞ্চায়তৰ সৱলীকৰণ, স্বাস্থ্য সেৱাৰ উত্তৰণৰ দিশত অগ্ৰসৰ হৈছে৷

অধিক বিৱৰণৰ বাবে

কঠোৰ কণ্টেইনমেণ্ট আৰু দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজাৰ ক্ষেত্ৰত দিয়া গুৰুত্বই পাঞ্জাৱত কভ‌িড -১৯ৰ আৰোগ্যত সহায় ক‌ৰিছে

কৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সৈতে মোকাবিলা কৰিবলৈ দেশত কেন্দ্ৰৰ নেতৃত্বত সামূহিক প্ৰচেষ্টা আৰু স্বাস্থ্য আন্তগাঁথনি মজবুত কৰিবলৈ সামগ্ৰিক পৰামৰ্শ প্ৰদান আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ চেষ্টাৰ অংশস্বৰূপে পাঞ্জাৱে ভাইৰাছবিধৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ভাল অগ্ৰগতি লাভ কৰিছে।ৰাজ্যখনত আৰোগ্যৰ হাৰ বৃদ্ধ‌ি পাই আছে।

পাঞ্জাৱৰ বহুতৰপীয়া কৌশলৰ এটা মূল বৈশিষ্ট্য হল কণ্টেইমেণ্ট এলেকাৰ যিসকল সংক্ৰমিত হোৱাৰ শংকা অধিক/ স্পৰ্শকাতৰ লোকসকলক চৰকাৰী কোৱাৰেণ্টাইনত ৰখাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। মৃতকৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্য আগত ৰাখি স্পৰ্শকাতৰ লোকসকলক ৬০ বছৰৰ ওপৰৰ, হৃদৰোগ নাইবা বৃক্ক ৰোগী, হাইপাৰটেনচন, মধুমেহ নাইবা যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেনে লোকসকলক বিশেষ গুৰুত্ব দিয়া হৈছে। এনে লোকসকলক তেওঁলোকৰ অঞ্চল কণ্টেইনমেণ্টৰ পৰা মুক্ত নোহোৱালৈকে চৰকাৰী কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। হোটেল, লজ নাইবা আন সুবিধাজনক স্থানত কোৱাৰেণ্টাইনৰ সুবিধা কৰা হৈছে। এনে লোকসকলৰ বাবে এজনকৈ কেয়াৰ গিভাৰ দিয়া হৈছে। সকলোধৰণৰ প্ৰয়োজনীয় চিকিত্সাজনিত বস্তু কোৱাৰেণ্টাইন কেন্দ্ৰত দিয়াৰ ব্যৱস্থা কৰা হৈছে।এগৰাকী স্বাস্থ্য বিষয়াই এওঁলোকৰ চোৱাচিতা কৰে আৰু দিনত দুবাৰকৈ কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰে।

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ চিকিৎসা সন্দৰ্ভত পতঞ্জলি আয়ুৰ্বেদৰ দাবীক লৈ আয়ুষ মন্ত্ৰালয়ৰ বিবৃতি

পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে ক’ভিড-১৯ৰ ঔষধ প্ৰস্তুত কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক নস্যাৎ কৰিছে আয়ুষ মন্ত্ৰালয়ে৷ আয়ুষ মন্ত্ৰালয়ে কয়ে যে এই বাতৰিৰ এই পৰ্যন্ত কোনো সত্যতা প্ৰকাশ পোৱা নাই৷

অধিক বিৱৰণৰ বাবে

অৰ্থনৈতিক গতিবিধি বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক সূচকাংক বৃদ্ধি হৈছে

‘জনতা হি জাহান’হে আপ্তবাক্যশাৰী দোহাৰি ভাৰতে ২৪ মাৰ্চ ২০২০ তাৰিখে দেশত প্ৰথমটো ২১ দিনীয়া লকডাউনৰ কথা ঘোষণা কৰিছিল৷  লকডাউনৰ সময়ছোৱাত দেশত স্বাস্থ্য খণ্ড আৰু পৰীক্ষণ আন্তঃগাঁথনিৰ দ্ৰুত উত্থান ঘটিছিল৷ সময়মতে কৰা অনুসৰণ, চিকিৎসা আৰু প্ৰতিবেদন, ক’ৰোনা ভাইৰাছৰ পৰা সময়মতে আৰোগ্য লাভ কৰাৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজি ভাৰতত মুঠ ৪১% সক্ৰিয় ৰোগী আছে৷

এই কঠোৰ লকডাউন আৰু সামাজিক ব্যৱধানে কিন্তু অৰ্থনীতিত প্ৰতিকূল প্ৰভাৱ পেলাইছে৷ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিও ভাৰতে আনলক ১ৰ প্ৰথম পৰ্যায়ত প্ৰৱেশ কৰিছে৷  চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াই হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাৰ দ্বাৰা ভাৰতীয় অৰ্থনীতিত বহুলাংশে ক্ষতিৰ পৰিমাণ হ্ৰাস হৈছে৷

ভাৰতীয় অৰ্থনীতিত এতিয়াও কৃষি প্ৰধান ভেটি হিচাপে বিবেচিত হৈ আছে৷ যদিও কৃষি খণ্ডৰ পৰা জিডিপিলৈ অৱদান অন্যান্য উদ্যোগ তথা সেৱাৰ তুলনাত কম হ’লেও ইয়াৰ উত্তৰণে ইতিবাচক দিশ প্ৰদৰ্শিত কৰিছে৷ তাৰোপৰি কৃষিখণ্ডৰ বাবে শেহতীয়াকৈ ঘোষণা কৰা সংস্কাৰমূলক পদক্ষেপে খণ্ডটোৰ মূল্য শৃংখলাত কাৰ্যকৰী ফলাফল প্ৰদৰ্শিত কৰাৰ লগতে কৃষকসকললৈ উন্নত উপাৰ্জনৰো সুবিধা প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

এমএছএমই আৰু এনবিএফচিৰ বাবে চৰকাৰী আঁচনিসমূহে উল্লেখযোগ্য প্ৰভাৱৰ সৃষ্টি কৰিছে

এমএছএমইত চৰকাৰে হস্তক্ষেপ কৰাৰে পৰা ক্ষেত্ৰটোৰ দ্ৰুত উন্নতি সাধন হৈছে৷ চৰকাৰে জৰুৰীকালীন ঋণ গেৰাণ্টীৰ সুবিধা প্ৰদান কৰাৰ পিছত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহে ২০ জুন ২০২০ তাৰিখ পৰ্যন্ত ৭৯,০০০ কোটি টকা আৱণ্টিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

'মেক ইন ইণ্ডিয়া' কৰ্মসূচীৰ প্ৰসাৰত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ চৰকাৰী ই-মাৰ্কেট প্লেচ ব্যৱস্থাত বিক্ৰেতাসকলৰ বাবে পণ্য উৎপাদকে সংশ্লিষ্ট দেশৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক কৰা হৈছে

কেন্দ্ৰীয় বাণিজ্য আৰু শিল্প মন্ত্ৰালয়ৰ অধীনস্থ বিশেষ কৰ্মসূচী চৰকাৰী ই-মাৰ্কেট প্লেচ (জিইএম) ব্যৱস্থাত সকলো নতুন পণ্যৰ ৰেজিষ্ট্ৰেচনৰ সময়ত পণ্যবিধ কোন দেশৰ, সেই কথা বিক্ৰেতাসকলৰ ফালৰ পৰা উল্লেখ কৰাটো বাধ্যতামূলক কৰা হৈছে। তদুপৰি, যিসকল বিক্ৰেতা চৰকাৰী ই-মাৰ্কেট প্লেচ ব্যৱস্থাত নতুন তেওঁলোকে এই বিধি আৰম্ভ কৰাৰ পূৰ্বে তেওঁলোকৰ পণ্য সংক্ৰান্তীয় বিৱৰণ ইতিমধ্যেই উল্লেখ কৰিছে, সেই সকলো ক্ষেত্ৰতে বিক্ৰেতাসকলে পুনৰাই সংশ্লিষ্ট পণ্যবিধ কোন দেশৰ, সেই কথা স্পষ্টভাৱে উল্লেখ কৰাৰ বাবে সুস্পষ্ট বাৰ্তা দিয়া হৈছে। যদি কোনো বিক্ৰেতাই পণ্যবিধ সম্পৰ্কে সংশ্লিষ্ট দেশৰ নাম উল্লেখ নকৰে, সেই ক্ষেত্ৰত পণ্যবিধক চৰকাৰী ই-মাৰ্কেট প্লেচ ব্যৱস্থাৰ পৰা আতৰাই দিয়া হ'ব। 'মেক ইন ইণ্ডিয়া' কৰ্মসূচীৰ প্ৰসাৰত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

ভাৰতৰ মুছলমানসকলে  ২০২০ বৰ্ষৰ হজ যাত্ৰাৰ বাবে ছৌদি আৰৱলৈ নাযায়

কেন্দ্ৰীয় সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নাকভিয়ে কয় যে ছৌদি আৰৱৰ চৰকাৰৰ অনুৰোধৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এইবাৰ ভাৰতৰ পৰা হজ যাত্ৰালৈ বুলি মুছলমান ধৰ্মাৱলম্বী লোকসকলে যাত্ৰা নকৰে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰে’লৱেৰ ক’ভিড কেয়াৰ দবাসমূহ বৰ্তমান ব্যৱহাৰ হ’বলৈ ধৰিছে; ৫ খন ৰাজ্যলৈ ৰে’লৱেয়ে আৱণ্টিত কৰিছে ৯৬০টা ক’ভিড কেয়াৰ দবা

ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ভাৰতীয় ৰে’লৱেয়ে ক’ৰোনা ৰোগীৰ বাবে বিভিন্ন ৰাজ্যলৈ ক’ভিড কেয়াৰ দবাসমূহ প্ৰেৰণ কৰিছে৷  এই পৰ্যন্ত ৰাজ্যসমূহলৈ ৫২৩১টা ক’ভিড কেয়াৰ দবাসমূহ আৱণ্টিত কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

ৰাষ্ট্ৰীয় মেডিকেল পৰীক্ষণ প্ৰতিষ্ঠানৰ মুৰব্বী আৰু প্ৰতিনিধিসকলক উদ্দেশ্যি ড০ জিতেন্দ্ৰ সিঙৰ ভাষণ প্ৰদান

কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে কয় যে ক’ভিড-১৯ৰ পিছৰ সময়ছোৱাত অধ্যয়ন আৰু সংক্ৰমিত ৰোগৰ ব্যৱস্থাপনা সন্দৰ্ভত নতুনকৈ গুৰুত্ব বৃদ্ধি পাব৷

অধিক বিৱৰণৰ বাবে

২ কোটি বিল্ডিং আৰু অন্যান্য নিৰ্মাণ কৰ্মীয়ে লকডাউনৰ সময়ছোৱাত ৪৯৫৭ কোটি টকাৰ নগদ ধনৰ সাহায্য লাভ কৰিছে

শ্ৰম আৰু নিয়োজন মন্ত্ৰালয়ে ২৪ মাৰ্চ ২০২০ তাৰিখে জাৰি কৰা নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ২ কোটি পঞ্জীকৃত শ্ৰমিকলৈ ৪৯৫৭ কোটি টকাৰ নগদ সাহায্য প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

ম’হালিৰ এনআইপিইআৰে প্ৰস্তুত কৰিলে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিকাৰী হাৰ্বেল চাহ

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে জনাইছে যে ৰাজ্যখনৰ অধিকাংশ ক’ভিড-১৯ত আক্ৰান্ত লোকেই বহিঃৰাজ্যৰ পৰা অহা৷
  • পাঞ্জাৱঃ ৰাজ্যখনৰ উদ্যোগীসকলক সকাহ দিয়াৰ উদ্দেশ্যে পাঞ্জাৱ কেবিনেটে এককালীন সাহায্য প্ৰদান দিয়াৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • হাৰিয়ানাঃ ক’ৰোনা মহামাৰীৰ সময়ত জনসাধাৰণক তথ্য প্ৰদানৰ বাবে এক ৰাজ্যিক ভিত্তিত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে৷ এই পৰ্যন্ত ৪,৭৮,৩৬৯ টা কল লাভ হৈছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে কয় যে ৰেড জ’নৰ পৰা অহা লোকসকলক আনুষ্ঠানিক কোৱাৰেণ্টিনত ৰখা হৈছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যাই ১,৩৫,৭৯৬ৰ সংখ্যা স্পৰ্শ কৰিছে৷  ইয়াৰে ৬৭,৭০৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • গুজৰাটঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ২৭,৮৮০ জন৷
  • ৰাজস্থানঃ ৰাজস্থানত আজি সক্ৰিয় ৰোগীৰ সংখ্যাই ৩,০০০ৰ সীমা স্পৰ্শ কৰিছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২,০৭৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৩৪২ জন৷
  • অৰুণাচল প্ৰদেশঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২৬ জন৷
  • মণিপুৰঃ আজিৰ তাৰিখ পৰ্যন্ত ৫০০০ জন ৰোগী চৰকাৰী কোৱাৰেণ্টিনত আছে, ১৪,০০০ জন লোক ৰাজহুৱা কোৱাৰেণ্টিন আৰু ৫৫০০ জন লোক পেইড কোৱাৰেণ্টিনত আছে৷
  • মিজোৰামঃ জোৰাম মেডিকেল কলেজৰ পৰা ৭ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২৩ জন৷
  • নাগালেণ্ডঃ বিগত ২৪ ঘণ্টাত ৩১২ টা নমুনা পৰীক্ষণ কৰা হৈছে৷
  • ছিক্কিমঃ ছিক্কিম চৰকাৰে গালৱানত নিহত হোৱা ২০জন সৈনিকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷
  • চট্টিশগড়ঃমুঠ ৰোগীৰ সংখ্যা ২,৩০২লৈ বৃদ্ধি পাইছে৷
  • গোৱাঃ ৪৬ জন নতুন ৰোগী চিনাক্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হৈছে ৮৬৪ জন৷
  • কেৰালাঃ বৰ্তমানে ১৫৪০ জন ৰোগীয়ে বিভিন্ন জিলাত চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৭১৭৮ জন৷ মৃত্যুৰ সংখ্যা হ’ল ৭৯৪ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৩৯৯ জন৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৮৩৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫১২৩ জন৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৬৭৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৪৫২ জন৷

ফেক্ট চেক



(Release ID: 1633802) Visitor Counter : 247