PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 22 JUN 2020 6:33PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ক’ভিড-১৯ সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ শেহতীয় তথ্যঃ সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতত প্ৰতি লাখ জনসংখ্যাত সংক্ৰমণৰ পৰিঘটনা কম হোৱাৰ লগতে আৰোগ্য হোৱাৰ লোকৰ সংখ্যা তথা সক্ৰিয় ৰোগীৰ সংখ্যাৰ মাজৰ ব্যৱধান ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰত এখন ঘন জনবহুল দেশ হোৱা স্বত্বেও প্ৰতি লাখ জনসংখ্যাত সংক্ৰমণৰ পৰিঘটনা অতিশয় কম বুলি প্ৰকাশ কৰা হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image001JVC1.jpg

এই পৰ্যন্ত ২,৩৭,১৯৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৯৪৪০ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৫৫.৭৭%৷ বৰ্তমানে ১,৭৪,৩৮৭ জন ৰোগীয়ে চিকিৎসকৰ তত্বাৱধানত চিকিৎসা লাভ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

দিল্লীত ক’ভিড-১৯ৰ নিয়ন্ত্ৰিত কৌশলৰ ওপৰত ডাঃ ভি কে পাল কমিটিৰ প্ৰতিবেদন সন্দৰ্ভত এখন বৈঠকত সভাপতিত্ব কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাক্ৰমে ডাঃ বিনোদ পালৰ অধ্যক্ষতাত ১৪.০৬.২০২০ তাৰিখে এখন কমিটি গঠন কৰা হৈছিল৷ কালি সেই কমিটিখনে নিয়ন্ত্ৰিত এলেকাৰ কৌশল কিছুমান গৃহ মন্ত্ৰীৰ সন্মুখত প্ৰস্তুত কৰে৷

অধিক বিৱৰণৰ বাবে

শ্ৰী মাণ্ডৱ্যই মুকলি কৰিলে ভাৰতৰ সৰ্ববৃহৎ প্ৰথমখন ভাৰ্চুৱেল স্বাস্থ্য সেৱা আৰু স্বাস্থ্যবিধি মেলা ২০২০

এই ধৰণৰ এক বৃহৎ ভাৰ্চুৱেল মেলা ভাৰতত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে৷ এই মেলাৰ মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে স্বাৱলম্বী ভাৰতৰ ভেটি গঢ়াৰ এক পৰিবেশতন্ত্ৰৰ সৃষ্টি হ’বলৈ ধৰিছে য’ত ফাৰ্মাচিউটিকেল খণ্ড, স্বাস্থ্য আৰু স্বাস্থ্যবিধি খণ্ডৰ থলুৱা উৎপাদনে গা কৰি উঠিছে৷

অধিক বিৱৰণৰ বাবে

খাদ্য সংসাধন কেন্দ্ৰত নতুন সুযোগৰ সৃষ্টি হৈছেঃ হৰসিমৰৎ কৌৰ বাদল

কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী শ্ৰীমতী হৰসিমৰৎ কৌৰ বাদলে আজি ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বিনিয়োগৰ উত্তৰণ আৰু সুবিধা প্ৰদান সংস্থাৰ বিশেষ বিনিয়োগ মঞ্চৰ খাদ্য সংসাধন সংস্কৰণ মুকলি কৰে৷ মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড-১৯ৰ ফলত এই খণ্ডত প্ৰত্যাহ্বানৰ সৃষ্টি হ’লে ঘৰুৱা চাহিদা বৃদ্ধি পাবলৈ ধৰিছে৷

অধিক বিৱৰণৰ বাবে

বিগত দুটা বৰ্ষত ইপিএফঅ’ত সংযোজিত হৈছে ১.৩৯ কোটি হিতাধিকাৰী

ইপিএফঅ’ই শেহতীয়াকৈ প্ৰকাশ কৰা বেতন সম্পৰ্কীয় তথ্যত ছেপ্টেম্বৰ ২০১৭ৰ পৰা ইপিএফঅ’ত অধিক সংখ্যক লোক সংযোজিত হোৱা প্ৰতিবেদন দাখিল হৈছে৷ ২০১৯-২০ বৰ্ষত ৭৮.৫৮ লাখলৈ সদস্যৰ সংখ্যা বৃদ্ধি পাইছে৷

অধিক বিৱৰণৰ বাবে

‘‘প্ৰত্যাশী’’ জিলাসমূহত স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ খতিয়ান ল’লে ডাঃ জিতেন্দ্ৰ সিঙে

কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কালি উত্তৰ পূৰ্বাঞ্চলৰ ‘‘প্ৰত্যাশী’’ জিলাসমূহত স্বাস্থ্যসেৱা সুবিধাৰ খতিয়ান লোৱাৰ লগতে ক’ভিড-১৯ৰ পৰিস্থিতিৰো বুজ লয়৷  তেওঁ কয় যে স্বাস্থ্য সেৱাৰ বিকাশৰ বাবে মন্ত্ৰালয়ে ১৯০ কোটি টকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ আৱণ্টিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

অপাৰেচন সমুদ্ৰ সেতু- মালদ্বীপৰ পৰা আইএনএছ ঐৰাৱতত ভাৰতীয় নাগৰিকৰ আগমন

অপাৰেচন সমুদ্ৰ সেতুৰ অধীনত ভাৰতীয় নৌবাহিনীৰ জাহাজ ঐৰাৱতে কালি মালদ্বীপৰ মালে বন্দৰত প্ৰৱেশ কৰে৷ মুঠ ১৯৮ জন ভাৰতীয় নাগৰিক এই জাহাজ খনৰ জৰিয়তে গৃহভূমিলৈ উভতি আহিব৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে ব্যক্তিগত চিকিৎসালয়ত ক’ভিডৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনৰ আৱণ্টন দিব৷
  • হাৰিয়ানাঃ ৬ষ্ঠতম ‘আন্তৰ্জাতিক যোগ দিৱস’ উপলক্ষে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ২০১৫ বৰ্ষৰ পৰাই জিলা পৰ্যায়ত ধুমধামেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰি আহিছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত মুঠ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ১,৩২,০৭৫ জন৷ বিগত ২৪ ঘণ্টাত ৩,৮৭০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৭,৩১৭ জন৷ মৃত্যুৰ সংখ্যা হ’ল ১৬৬৪ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪,৯৯৭ জন৷ ১১,৬৬১ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১,৯০৩ জন৷ ৯,০১৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • চট্টিশগড়ঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ২২৭৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৪১ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮১৮ জন৷
  • কেৰালাঃ ৰাজ্যখনত মুঠ ১৪৯০ জন সক্ৰিয় ৰোগী আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৯৩৭৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৫৮৬৩ জন৷ মৃত্যু হৈছে ৭৫৭ জনৰ৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯১৫০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৩৯১ জন৷ মৃত্যু হৈছে ১৩৭ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭০৫৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৫৯৯ জন৷ মৃত্যু হৈছে ১০৬ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংথ্যা হ’ল ৭৮০২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৮৬১ জন৷ আৰোগ্য লাভ কৰিছে ৩৭৩১ জন৷
  • মেঘালয়ঃ ক’ভিড-১৯ৰ বাবে ২ মাহতকৈও অধিক সময়ৰ বাবে বন্ধ হৈ থকা লেউডুহ আজি মুকলি হৈছে৷
  • মণিপুৰঃ ৰাজ্যখনৰ সীমাত প্ৰথমটো লকডাউনৰ সময়ৰ পৰা ২.৭৬ লাখ ব্যক্তিৰ পৰীক্ষণ  সম্পন্ন কৰা হৈছে৷
  • মিজোৰামঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ড’নাৰ মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সৈতে ভূমিকম্প সন্দৰ্ভত টেলিফোনযোগে বাৰ্তালাপ কৰে৷
  • নাগালেণ্ডঃ ৰাজ্যখনৰ ৰাজধানীত যুগ্ম-অযুগ্ম বাহনৰ নীতি প্ৰণয়ন কৰা হৈছে৷



(Release ID: 1633460) Visitor Counter : 223