PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 21 JUN 2020 6:33PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যঃ ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যাতকৈ ৫০,০০০ত কৈও অধিক বৃদ্ধি পাইছে আৰোগ্য হোৱা লোকৰ সংখ্যা; ৫৫.৪৯%লৈ উন্নীত হৈছে আৰোগ্যৰ হাৰ

ক’ভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ আৰোগ্যৰ হাৰ দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে৷  এই পৰ্যন্ত ২,২৭,৭৫৫ জন লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত মুঠ ১৩,৯২৫ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৫৫.৪৯%৷ বৰ্তমানে ১,৬৯,৪৫১ জন ৰোগীয়ে চিকিৎসকৰ তত্বাৱধানত চিকিৎসা লাভ কৰি আছে৷ আজি ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যাই ৫৮,৩০৫ৰ সংখ্যা অতিক্ৰম কৰিছে৷ ৰোগৰ গৱেষণাগাৰ আৰু পৰীক্ষণ আন্তঃগাঁথনি বৃদ্ধিৰ প্ৰয়াসৰ পৰিপ্ৰেক্ষিতত চৰকাৰে চৰকাৰী গৱেষণাগাৰৰ সংখ্যা ৭২২লৈ আৰু ব্যক্তিগত গৱেষণাগাৰৰ সংখ্যা ২৫৯লৈ বৃদ্ধি কৰিছে (সৰ্বমুঠ ৯৮১টা গৱেষণাগাৰ)৷

দৈনিকভিত্তিত নমুনাসমূহৰ পৰীক্ষণ ক্ষমতাও বৃদ্ধি পাবলৈ ধৰিছে৷ বিগত ২৪ ঘণ্টাত ১,৯০,৭৩০টা নমুনা পৰীক্ষণ কৰা হৈছে৷ এই পৰ্যন্ত ৬৮,০৭,২২৬টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ধাৰাভিত “ভাইৰাছক চিকাৰ”, মে’ত গড়ে ৪৩ জনৰপৰা জুনৰ তৃতীয় সপ্তাহত ১৯ জনলৈ দৈনিক আক্ৰান্তৰ হাৰ হ্ৰাস

অগ্ৰাধিকাৰমূলক, অধিক কাৰ্যকৰী আৰু ক্ৰমবিভক্ত প্ৰশমন নীতিৰ জৰিয়তে কভিড-১৯ ক প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ইয়াৰে মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰে লগ লাগি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।এই প্ৰচেষ্টাৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হয় বিভিন্ন গাইডলাইন, পৰামৰ্শাৱলী আৰু চিকিৎসা প্ৰদান সম্পৰ্কীয় নীতি-নিয়মক আৰু এইসমূহককভিড-১৯ ক প্ৰতিৰোধৰ অৰ্থে সংঘবদ্ধ প্ৰচেষ্টাক শক্তিশালী কৰি তুলিবলৈ ৰাজ্যসমূহৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা যায়।

বহুকেইখন ৰাজ্যই এই নিয়ন্ত্ৰণ পদ্ধতিসমূহ কাৰ্যকৰী কৰে আৰু ইয়াৰ ফলত আশাপ্ৰদ ফলাফল লাভ কৰাটো সম্ভৱ হৈ উঠে।মহাৰাষ্ট্ৰ চৰকাৰ আৰু বৃহত্তৰ মুম্বাই পৌৰ নিগম (বিএমচি)এ গ্ৰহণ কৰা প্ৰচেষ্টাৰ জৰিয়তেও ফলপ্ৰসূ ফলাফল লাভ কৰা হয়।এই প্ৰচেষ্টাৰ অংশ হিচাপে, সন্দেহজনক কভিড আক্ৰান্ত লোকক অনুসৰণৰ অৰ্থে “ভাইৰাছক চিকাৰ (chased the virus) শীৰ্ষক সক্ৰিয় কাৰ্যপন্থা গ্ৰহণ কৰে আৰু ইয়াক অতি ব্যাপক ৰূপত কাৰ্যকৰী কৰি তোলে।

ঘন বসতিপূৰ্ণ (২,২৭,১৩৬ লোক/বৰ্গ কিমি) ধাৰাবীত ১৮ দিনৰ ব্যৱধানত আক্ৰান্তৰ সংখ্যা ১২% বৃদ্ধিৰে দুগুণ হৈ এপ্ৰিল, ২০২০ ত ৪৯১ জন আছিল।কিন্তু বিএমচিয়ে গ্ৰহণ কৰা অধিক কাৰ্যকৰী ব্যৱস্থাৰ জৰিয়তে কভিড-১৯ ত আক্ৰান্তৰ হাৰ মে, ২০২০ত ৪.৩%লৈ হ্ৰাস পাই আৰু একেদৰে জুনটো হ্ৰাস পাই আক্ৰান্তৰ হাৰ হয় ১.০২%।এই ব্যৱস্থাৰ ফলতেই মে, ২০২০ৰ তুলনাত জুন, ২০২০ত আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও দুগুণলৈ বৃদ্ধি পায়।

অধিক বিৱৰণৰ বাবে

ডিজিটেল মিডিয়াৰ জৰিয়তে সমগ্ৰ দেশত উদযাপিত কৰা হ’ল ৬ষ্ঠ আন্তৰ্জাতিক যোগ দিৱস

সমগ্ৰ দেশতে আজি বৈদ্যুতিন আৰু ডিজিটেল মিডিয়াৰ জৰিয়তে অতি উৎসাহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে৷ তেওঁ কয় যে যোগই পৰিয়াল সদস্যসমূহক ঐক্যৱদ্ধ কৰি ৰখাত সহায় কৰে৷

অধিক বিৱৰণৰ বাবে

আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণ

অধিক বিৱৰণৰ বাবে

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ৰাষ্ট্ৰক সম্বোধন প্ৰধানমন্ত্ৰীৰ; যোগে ক’ভিড-১৯ ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বঢ়াইছেঃ প্ৰধানমন্ত্ৰী

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হৈছে এটা সংহতিৰ দিন। ই বিশ্বজনীন ভাতৃত্ববোধৰ দিন। ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি স্বাস্থ্য জৰুৰীকালীন অৱস্থা অব্যাহত থকাৰ কাৰণে, এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ইলেকট্ৰনিক আৰু ডিজিটেল মাধ্যমৰ জৰিয়তে উদযাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, জনসাধাৰণে তেওঁলোকৰ পৰিয়ালৰ আটাইকে লৈ ঘৰতে যোগ সাধনা কৰি আছে।

তেওঁ কয়, যোগে আমাক একত্ৰিত কৰিছে।

বিশ্বজুৰি ‘My Life - My Yoga’ ভিডিঅ’ ব্লগিং প্ৰতিযোগিতাত জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণে যোগৰ বৰ্ধিত জনপ্ৰিয়তাকে প্ৰতিফলিত কৰিছে, তেওঁ কয়।

আজি, আমি সকলোৱে বিশাল জনসমাগমৰপৰা আঁতৰি থাকি ঘৰতে পৰিয়ালৰ সৈতে যোগ সাধনা কৰা উচিত। এই বৰ্ষৰ থীম হৈছে ‘ঘৰতে যোগ আৰু পৰিয়ালৰ সৈতে যোগ’ (Yoga at Home and Yoga with Family)। পৰিয়ালৰ শিশু, কিশোৰ, বৃদ্ধ সকলোৱে যোগ সাধনা কৰা কাৰ্যই পাৰিবাৰিক বন্ধন শক্তিশালী কৰিছে, যাৰ ফলত ঘৰখনত এটা যোগাত্মক ধাৰা প্ৰৱাহিত হৈছে। যোগে মানসিক সুস্থিৰতাও বৃদ্ধি কৰে, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

অধিক বিৱৰণৰ বাবে

উপ ৰাষ্ট্ৰপতিয়ে শৈক্ষিক প্ৰতিষ্ঠানসমূহক অনলাইন শিক্ষণ কাৰ্যসূচী হিচাপে যোগক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়

উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে শৈক্ষিক প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ অনলাইন শিক্ষণ কাৰ্যসূচীত যোগক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে৷ তেওঁ কয় যে আমি মহামাৰীবিধক আমাৰ বিৰুদ্ধে জয়ী হ’বলৈ দিব নোৱাৰো৷ এই ক্ষেত্ৰত আমি শাৰীৰিকভাৱে আৰু মানসিকভাৱে ঐক্যৱদ্ধ হোৱাটো আৱশ্যক৷

অধিক বিৱৰণৰ বাবে

আন্তৰ্জাতিক যোগ দিৱস ২০২০ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে

শ্ৰী অমিত শ্বাহে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে ভাষণ প্ৰদান কৰি কয় যে যোগাভ্যাসে শৰীৰ আৰু মন তথা কৰ্ম আৰু চিন্তাধাৰাৰ মাজত এক ভাৰসাম্যৰ সৃষ্টি কৰে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় সংখ্যালঘূ উন্নয়ন মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নাকভিয়ে বিভিন্ন সম্প্ৰদায়ৰ সৈতে তেওঁৰ বাসভৱনত যোগ অনুশীলনত অংশগ্ৰহণ কৰে

কেন্দ্ৰীয় সংখ্যালঘূ উন্নয়ন মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নাকভিয়ে আজি তেওঁৰ বাসভৱনত বিভিন্ন সম্প্ৰদায়ৰ সৈতে ৬ষ্ঠতম আন্তৰ্জাতিক যোগ দিৱসত অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ১,২৮,২০৫ৰ সীমা স্পৰ্শ কৰিছে৷ ৰাজ্যখনত এই পৰ্যন্ত ৫,৯৮৪ লোকৰ মৃত্যু হৈছে৷
  • গুজৰাটঃ ৰাজ্যখনত ২৬,৭৩৭ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত  এই পৰ্যন্ত ১,৬৩৯ জন লোকৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪,৬৯১ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১,৭২৪ জন৷ মৃতকৰ সংখ্যা হ’ল ৫০১ জন৷
  • মণিপুৰঃ বৰ্তমানে ১৪,৯৮৩ জন লোক কমিউনিটী কোৱাৰেণ্টিনত আছে৷ ইয়াৰে ৫৪৩৮ জন লোক চৰকাৰী কোৱাৰেণ্টিন ব্যৱস্থাত আছে৷
  • মেঘালয়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬ জন৷ আৰোগ্য লাভ কৰিছে ৩৭ জনে৷
  • মিজোৰামঃ ১৫টা নমুনাৰ ছোৱাব পৰীক্ষাৰ পিছত ১৪ জনৰ ফলাফল নিগেটিভ ওলাইছে৷
  • নাগালেণ্ডঃ ডিমাপুৰৰ উপায়ুক্তই বাৰ্মা কেম্পৰ প্ৰব্ৰজিত কৰ্মীসকলৰ বাবে আত্মনিৰ্ভৰ ভাৰত আঁচনি মুকলি কৰিছে৷
  • কেৰালাঃ বন্দে ভাৰত অভিযানৰ অধীনত মুঠ ১৪৯০ জন প্ৰবাসী আজি কোচিত উপস্থিত হ’ব৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৬৮৪৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৪৮২২ জন৷ মৃত্যু হৈছে ৭০৪ জনৰ৷ আৰোগ্য লাভ কৰিছে ৩০২৭১ জনে৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৬৯৭ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১৭০ জন৷ মৃত্যু হৈছে ১৩২ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭০৫৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৫৯৯ জন৷ আৰোগ্য লাভ কৰিছে ৩৩৫৪ জনে৷ মৃত্যু হৈছে ১০৬ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ৭০৭২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৩৬৩ জন৷ আৰোগ্য লাভ কৰিছে ৩৫০৬ জনে৷ মৃত্যু হৈছে ২০৩ জনৰ৷

Image



(Release ID: 1633258) Visitor Counter : 238