PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 18 JUN 2020 6:20PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা ক’ভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্যঃ আৰোগ্যৰ হাৰ হ’ল ৫২.৯৬%, ডাঃ হৰ্ষ ৱৰ্ধনে মুকলি কৰিলে ভাৰতৰ প্ৰথমটো আই-লেব

বিগত ২৪ ঘণ্টাত ৭৩৯০ ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ মুঠ ১,৯৪,৩২৪ জন ৰোগীয়ে এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৫২.৯৬%৷ শেহতীয়াকৈ ১,৬০,৩৮৪ জন ৰোগী চিকিৎসকৰ নিৰীক্ষণৰ অধীনত আছে৷ চৰকাৰী গৱেষণাগাৰ ৬৯৯লৈ আৰু ব্যক্তিগত গৱেষণাগাৰ ২৫৪ লৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ১,৬৫,৪১২ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ মুঠ ৬২,৪৯,৬৬৮টা নমুনা পৰীক্ষণ কৰা হৈছে৷

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে ভাৰতৰ প্ৰথমটো আই-লেব (ইনফেকচিয়াছ ডিজিছ ডায়েগ্নষ্টিক লেব) মুকলি কৰিছে৷ ইয়াক দুৰ্গম অঞ্চলত স্থাপন কৰা হ’ব আৰু প্ৰতিদিনে ২৫ ক’ভিড-১৯ আৰটি-পিচিআৰ পৰীক্ষণ সম্পন্ন কৰা হ’ব৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বাণিজ্যিক খননৰ বাবে কয়লা ব্ল’কৰ নিলাম প্ৰক্ৰিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে বাণিজ্যিক খননৰ বাবে ৪১টা কয়লা ব্ল’কৰ নিলাম প্ৰক্ৰিয়া মুকলি কৰিলে৷ এয়া ভাৰত চৰকাৰে ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত এক অভিলাসী প্ৰক্ৰিয়া হিচাপে বিবেচিত হৈছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী মোদীয়ে বাণিজ্যিক খননৰ বাবে কয়লা ব্ল’কৰ নিলামৰ বাবে ভাৰ্চুৱেল বৈঠকত ভাষণ প্ৰদান কৰে

অধিক বিৱৰণৰ বাবে

ভাৰতৰ গ্ৰামাঞ্চলত কৰ্মসংস্থানৰ সুযোগ বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ২০ জুন তাৰিখে মুকলি কৰিব গৰীব কল্যাণ ৰোজগাৰ অভিযান

উভতি অহা প্ৰব্ৰজনকাৰী শ্ৰমিক তথা গ্ৰামাঞ্চলৰ লোকসকলৰ সবলীকৰণ আৰু তেওঁলোকক কৰ্মসংস্থানৰ সুযোগ প্ৰদান কৰিবলৈ কেন্দ্ৰ চৰকাৰে এক ব্যাপক পৰিসৰৰ গ্ৰামীণ সাৰ্বজনীন কৰ্মসংস্থান নিশ্চয়তা আঁচনি “গৰীব কল্যাণ ৰোজগাৰ অভিযান” আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিহাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ২০ জুন তাৰিখে দিনৰ ১১ টা বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰকল্প মুকলি কৰিব। বিহাৰৰ খাগাৰিয়া জিলাৰ বেলদৌৰ ব্লকৰ তেলিহাৰ গাওঁত আৰম্ভ হ’ব এই প্ৰকল্প। আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে অনলাইনৰ মাধ্যমেৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত শাৰীৰিক দূৰত্ব বজায় ৰাখি উমৈহতীয়া সেৱা কেন্দ্ৰ তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ মাধ্যমেৰে ৬খন ৰাজ্যৰ ১১৬ খন জিলাৰ গাওঁবাসীয়েও এই অনুষ্ঠানত যোগ দিব।

অধিক বিৱৰণৰ বাবে

২০ জুন ২০২০ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিবলগীয়া গৰিব কল্যাণ ৰোজগাৰ যোজনা অভিযানৰ সংবাদ মেল অনুষ্ঠিত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিবলগীয়া গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ বাবে আজি এক সংবাদ মেল অনুষ্ঠিত হয়৷  সংবাদ মেলত উপস্থিত থাকি বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে ক’ভিড-১৯ৰ লকডাউনৰ বাবে বৃহৎ সংখ্যাত শ্ৰমিকসকল ঘৰলৈ ঘূৰি আহিছে আৰু তেওঁলোকৰ কল্যাণৰ বাবে গৰিব কল্যাণ ৰোজগাৰ যোজনাৰ প্ৰণয়ন কৰা হ’ব৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে শেহতীয়াকৈ খতিয়ান লোৱা দিল্লীৰ ক’ভিড-১৯ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা পদক্ষেপসমূহ

১৪ আৰু ১৫ জুন তাৰিখে দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ পৰিপ্ৰেক্ষিতত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ নমুনা পৰীক্ষণৰ মাত্ৰা দুগুণলৈ বৃদ্ধি কৰা হৈছে৷ ১৫ৰ পৰা ১৬ তাৰিখলৈ মুঠ ১৬,৬১৮ টা পৰীক্ষণ নমুনা সংগ্ৰহ কৰা হৈছে৷ দিল্লীত মুঠ ১৬৯টা নমুনা সংগ্ৰহ আৰু পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

চিএছআইআৰ-চিডিআইআৰৰ ঔষধ ‘ইউমিফেন’ভিৰ’য়ে ক’ভিড-১৯ৰ বিৰুদ্ধে তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে ড্ৰাগ কণ্ট্ৰলাৰৰ অনুমোদন লাভ কৰিছে

অধিক বিৱৰণৰ বাবে

পূব ৰে’লৱেৰ আছানছল মণ্ডলে বিকশিত কৰিলে স্বয়ংক্ৰিয় বেগ ছেনিটাইজাৰ যন্ত্ৰ

ক’ভিড-১৯ক প্ৰতিৰোধ কৰিবলৈ পূব ৰে’লৱে মণ্ডলে বিকশিত কৰিছে স্বয়ংক্ৰিয় বেগ ছেনিটাইজাৰ যন্ত্ৰ৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কয় যে আগন্তুক পাঁচ বছৰৰ ভিতৰত ভাৰত বৈদ্যুতিক বাহন নিৰ্মাণ কেন্দ্ৰ হৈ উঠিব

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে আগন্তুক পাঁচ বছৰৰ ভিতৰত ভাৰত বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে৷ এই সন্দৰ্ভত চৰকাৰে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে৷

অধিক বিৱৰণৰ বাবে

এনআৰডিচিয়ে ভাৰতীয় নৌসেনাৰ দ্বাৰা বিকশিত নৱৰক্ষক পিপিই সাজৰ নিৰ্মাণৰ প্ৰযুক্তি তথা কৌশলৰ অনুজ্ঞাপত্ৰ পাঁচটা এমএছএমইলৈ হস্তান্তৰিত কৰিছে

এনআৰডিচিয়ে নৱৰক্ষক শীৰ্ষক  এক পিপিই সাজ নিৰ্মাণৰ প্ৰযুক্তি তথা কৌশলৰ অনুজ্ঞাপত্ৰ পাঁচটা এমএছএমইলৈ হস্তান্তৰিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

আন্তৰ্জাতিক অসামৰিক সেৱকৰ বাবে সুশাসনৰ এক আন্তৰ্জাতিক কৰ্মশালা মুকলি কৰে ড জিতেন্দ্ৰ সিঙে

কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে আজি কয় য়ে ক’ভিড-১৯ক পৰাভূত কৰিবলৈ হ’লে ‘উদ্বেগ নহয়, সজাগতা’ৰ হে প্ৰয়োজন৷ আৰু লগতে আন্তৰ্জাতিক সহযোগিতাৰো প্ৰয়োজন৷ মন্ত্ৰীগৰাকীয়ে আজি এই বিষয়ত ৱেবিনাৰৰ জৰিয়তে এক আন্তৰ্জাতিক কৰ্মশালা মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

এছইআৰবি সমৰ্থিত অধ্যয়নত প্ৰদৰ্শিত হৈছে যে মগজুত শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ ব্যৰ্থতাই ক’ভিড-১৯ ৰোগীৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে

কলকাতাৰ চিএছআইআৰ-ইণ্ডিয়ান ইন্সটিটিউট অব্ কেমিকেল বায়’লজী (আইআইচিবি)য়ে ছাৰ্চ-চিঅ’ভি-২ৰ এক নিউৰ’-ইনভেছিভ সম্ভাৱনীয়তা লক্ষ্য কৰিছে আৰু তেওঁলোকে কয় যে এই ভাইৰাছবিধে মগজুৰ শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ কেন্দ্ৰত প্ৰভাৱ পেলাব পাৰে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড়ৰ সমাজ কল্যাণ বিভাগে প্ৰায় ২২,৫৮৬ হিতাধিকাৰীৰ ঘৰত খাদ্য সামগ্ৰীৰ যোগান ধৰিছে৷
  • পাঞ্জাৱঃ ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ পাঞ্জাৱৰ ৰাজহ বিভাগে বিভিন্ন বিভাগ তথা উপায়ুক্তলৈ ৩০০ কোটি টকা আৱণ্টিত কৰিছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতি আনবোৰ ৰাজ্যতকৈ বহুগুণে উন্নত হৈ আছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যাই ১,১৬,৭৫২ৰ সংখ্যা স্পৰ্শ কৰিছে৷ শেহতীয়া প্ৰতিবেদন অনুসৰি ৫৯,১৬৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • গুজৰাটঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫,১৪৮ জন৷ ইয়াৰে ১৭,৪৩৮ জনে আৰোগ্য লাভ কৰিছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩,৬২৬ জন৷ কিন্তু আৰোগ্য লাভ কৰিছে ১০,৫৮২ জন ৰোগীয়ে, যি এক অভিলেখৰ সৃষ্টি হৈছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১,২৪৪ জন৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৮৬৪ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৫৬ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৫৬ জন৷ ইয়াৰে ৫৬০ জন হ’ল সক্ৰিয় ৰোগী৷
  • কেৰালাঃ মুঠ ১৩৫১ জন ৰোগীয়ে বিভিন্ন জিলাত চিকিৎসকৰ নিৰীক্ষণত চিকিৎসালয়ত চিকিৎসা লাভ কৰি আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫০১৯৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২১৯৯০ জন৷ মৃত্যুৰ সংখ্যা হ’ল ২৭৬২৪ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৭৩৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৮২৪ জন৷ মৃত্যু হৈছে ১০২ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৮৫৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৭৭৯ জন৷ আৰোগ্য লাভ কৰিছে ২৯৮৩ জনে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৬৭৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৪১২ জন৷ আৰোগ্য লাভ কৰিছে ৩০৭১ জনে৷
  • অসমঃ অসমত ৮২ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৭৭৭ জন৷ আৰোগ্য লাভ কৰিছে ২৬৫৮ জনে৷ মৃত্যু হৈছে ৯ জনৰ৷
  • মণিপুৰঃ ৰাজ্যখনত মুঠ ২৯,৮৬৫ টা নমুনা পৰীক্ষণ কৰা হৈছে৷
  • মিজোৰামঃ কলাছিব জিলাৰ ৯জন ৰোগীৰ দুবাৰকৈ পৰীক্ষা সম্পন্ন কৰাৰ পিছত ফলাফল নিগেটিভ আহিছে৷
  • নাগালেণ্ডঃ ডিমাপুৰ-কহিমা টেক্সি সেৱা যুগ্ম-অযুগ্ম নিয়মত পৰিচালিত হ’ব৷



(Release ID: 1632420) Visitor Counter : 172