প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইচিচিৰ ৯৫তম বাৰ্ষিক পৰিকল্পনা অধিৱেশনৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 11 JUN 2020 12:54PM by PIB Guwahati

নমস্কাৰ!!! আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে!!! ৯৫ বৰ্ষ ধৰি ধাৰাবাহিকভাৱে দেশৰ সেৱা কৰি অহাটো কোনো এটা সংস্থাৰ বাবে সঁচাকৈয়ে ডাঙৰ কথা৷ আইচিচিয়ে পূব ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত যি অৰিহণা আগবঢ়াইছে, বিশেষকৈ তাৰে নিৰ্মাণ ইউনিট সেয়া সঁচাকৈয়ে ঐতিহাসিক হিচাপে বিবেচিত হৈছে৷  আইচিচিৰ বাবে অৱদান আগবঢ়োৱা আপোনালোক সকলোকে, প্ৰত্যেক মহানুভৱক মই অভিনন্দন জনাইছো৷

বন্ধুসকল, ১৯২৫ চনত আইচিচি গঠন হোৱাৰ পিছত তেওঁলোকে স্বাধীনতাৰ যুদ্ধ প্ৰত্যক্ষ কৰিছে, ভীষণ আকাল আৰু অন্ন সংকট দেখিছে আৰু ভাৰতৰ বিকাশৰ কক্ষপথৰো অংশীদাৰ হৈছে৷

এইবাৰৰ এজিএম (AGM) এনে এক সময়ত অনুষ্ঠিত হৈছে য’ত আমাৰ দেশে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ক’ৰোনা ভাইৰাছৰ সৈতে সমগ্ৰ বিশ্বই যুঁজিবলৈ ধৰিছে, ভাৰতেও যুঁজিছে, কিন্তু ইয়াৰ বাহিৰেও অন্য সংকটেও মূৰ দাঙি উঠিছে৷

ক’ৰবাত খাদ্যৰ প্ৰত্যাহ্বান, ক’ৰবাত লকাষ্ট, পংগোপাৰ বিভীষিকা, ক’ৰবাত অতিবৃষ্টি, ক’ৰবাত তৈলক্ষেত্ৰত জুই, ক’ৰবাত সৰু সৰু ভূমিকম্প, তাৰোপৰি পূব আৰু পশ্চিম ক্ষেত্ৰত এটাৰ পিছত এটা ঘূৰ্ণী বতাহৰ প্ৰত্যাহ্বান ইত্যাদি৷ এনে অনেক প্ৰত্যাহ্বানৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যৱদ্ধ হৈ যুঁজিছো৷ কেতিয়াবা কেতিয়াবা সময়েও আমাৰ পৰীক্ষা লয়৷ বহু সময়ত অনেক কঠিনতা, অনেক প্ৰত্যাহ্বান একে সময়তে উপস্থিত হয়৷

কিন্তু আমি এয়াও অনুভৱ কৰিছো যে এই ধৰণৰ সংকটে আমাৰ কৃতিত্ব, উজ্বল ভৱিষ্যতৰ গেৰাণ্টীও লৈ আনে৷ কোনো ধৰণৰ  সংকটৰ সৈতে আমি কিদৰে যুঁজিছো, সমস্যাৰ মাজতো কিদৰে শক্তিশালীভাৱে যুঁজিছো, ই অনাগত অৱকাশসমূহৰো নিশ্চিতি প্ৰদান কৰে৷

বন্ধুসকল, আমাৰ ইয়াত কোৱা হয় যে মনৰ হাৰেই হাৰ, মনৰ জয়েই জয়, অৰ্থাৎ আমাৰ সংকল্প শক্তি, আমাৰ ইচ্ছাশক্তিয়ে আমাৰ ভৱিষ্যতৰ পথ প্ৰশস্ত কৰে৷ যি প্ৰথমেই পৰাজয় বৰণ কৰে তেওঁ কম সুযোগ লাভ কৰে৷ কিন্তু যিয়ে জয়ৰ বাবে নিৰন্তৰে প্ৰয়াস কৰে, ঐক্যৱদ্ধভাৱে আগবাঢ়ে, তেওঁৰ সন্মুখন নতুন অৱকাশো তেনেদৰেই সৃষ্টি হয়৷

বন্ধুসকল, এই আমাৰ ঐক্যৱদ্ধতা, বৃহৎ বিপদৰ সন্মুখীন হোৱাৰ আমাৰ এই সংকল্প শক্তি, এই আমাৰ ইচ্ছাশক্তি, ইয়েই আমাৰ এক বৃহৎ শক্তি, ইয়েই ৰাষ্ট্ৰৰ ৰূপত আমাৰ এক বৃহৎ শক্তি হিচাপে বিবেচিত হৈছে৷

সমস্যাৰ ঔষধ হ’ল মজবুতি৷ সমস্যাই  প্ৰতিবাৰে ভাৰতৰ নিৰ্ণয় শক্তিক অধিক শক্তিশালী কৰি তুলিছে, এক ৰাষ্ট্ৰৰ ৰূপত দেশবাসীৰ সংকল্পক শক্তি প্ৰদান কৰিছে৷ এই ভাৱনা আজি আপোনালোকৰ মুখমণ্ডলত প্ৰদৰ্শিত হৈছে, কোটি কোটি দেশবাসীৰ প্ৰয়াসত প্ৰতিফলিত হৈছে৷ ক’ৰোনাৰ সংকটে সমগ্ৰ বিশ্বতে চানি ধৰিছে৷ সমগ্ৰ বিশ্বই ইয়াৰ সৈতে যুঁজি আছে৷ ক’ৰোনা যোদ্ধাৰ সৈতে আমাৰ দেশে ঐক্যৱদ্ধভাৱে ইয়াৰ বিৰুদ্ধে যুঁজিছে৷

কিন্তু এই সমস্যাসমূহৰ মাজতো প্ৰতিজন দেশবাসীৰ মনত এই সংকল্পইও ঠাই লৈছে যে এই সংকটক কিদৰে সুযোগলৈ পৰিৱৰ্তন কৰিব পাৰি, ইয়াক দেশৰ বাবে কিদৰে টাৰ্ণিং পইণ্টলৈ ৰূপান্তৰিত কৰিব পাৰি৷

এই টাৰ্ণিং পইণ্ট কি? আত্মনিৰ্ভৰ ভাৰত, স্বাৱলম্বী ভাৰত, আত্মনিৰ্ভৰতাৰ এই ভাৱনা প্ৰত্যেক ভাৰতীয়ই বৰ্ষজুৰি এক প্ৰত্যাশাৰ ৰূপত ধাৰণ কৰি আহিছে৷

কিন্তু তথাপিও প্ৰত্যেক ভাৰতীয় মনত এক ‘যদি’য়ে মন, মস্তিষ্ক ভৰাই তুলিছে৷ যদি আমি চিকিৎসা সামগ্ৰীৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ’লোহেঁতেন! যদি আমি প্ৰতিৰক্ষা নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ’লোহেঁতেন! যদি আমি কয়লা আৰু খনিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ’লোহেঁতেন!

যদি আমি খোৱা তেল, সাৰ আদিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ’লোহেঁতেন! যদি আমি বৈদ্যুতিক নিৰ্মাণত আত্মনিৰ্ভৰ হ’লোহেঁতেন! যদি আমি সৌৰ পেনেল, বেটেৰী আৰু চিপ নিৰ্মাণত আত্মনিৰ্ভৰ হ’লোহেঁতেন৷ যদি আমি বিমান ক্ষেত্ৰত আত্মনিৰ্ভৰ হ’লোহেঁতেন৷ এনেকুৱা অনেক ‘যদি’য়ে সদায়েই প্ৰতিজন ভাৰতীয়ৰ মন-মগজু উদবাউল কৰি ৰাখে৷

বন্ধুসকল, বিগত ৫-৬ বছৰ ধৰি দেশৰ ৰীতি-নীতিক ভাৰতৰ আত্মনিৰ্ভৰতা লক্ষ্য সৰ্বোপৰি স্থানত ৰখা হৈছে৷ এতিয়া ক’ৰোনা সংকটে ইয়াৰ গতি বৃদ্ধি কৰাৰ বাবে আমাক অধিক গতিশীল কৰি তুলিছে৷ ইয়াৰ পৰাই আমি পাইছো-আত্মনিৰ্ভৰ ভাৰত অভিযান৷

বন্ধুসকল, আমি দেখো যে পৰিয়ালৰ সন্তান ১৮ বছৰীয়া হ’লে আমি নিজৰ ভৰিত নিজে থিয় দিয়াৰ কথা কও৷ এক ধৰণে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰথমটো পাঠ পৰিয়ালৰ পৰাই আৰম্ভ হয়৷ ভাৰতে নিজৰ ভৰিত নিজে থিয় দিব লাগিবই৷

বন্ধুসকল, আত্মনিৰ্ভৰ ভাৰত অভিযান প্ৰত্যক্ষ অৰ্থ এয়াই যে ভাৰতে অন্য দেশৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰিব লাগিব৷ যিবোৰ সামগ্ৰী দেশ আমদানি কৰে সেইসমূহ ভাৰততে কিদৰে প্ৰস্তুত হ’ব, ভৱিষ্যতে সেই সামগ্ৰীসমূহৰ ভাৰত কিদৰে ৰপ্তানিকাৰীলৈ পৰিৱৰ্তিত হ’ব সেই দিশত আমি দ্ৰুত গতিত কাম কৰিব লাগিব৷

ইয়াৰোপৰি প্ৰতিটো সামগ্ৰী যি ভাৰতৰ লঘূ উদ্যোগীসকলে নিৰ্মাণ কৰে, আমাৰ হস্ত কাৰিকৰসকলে নিৰ্মাণ কৰে, আমাৰ আত্মসহায়ক গোটসকলে প্ৰস্তুত কৰে, যি দশকজুৰি আমাৰ ইয়াত নিৰ্মাণ হৈ আহিছে, গলিয়ে-চুবুৰীয়ে বিক্ৰী হৈ আহিছে, সেইসমূহ এৰি বিদেশৰ পৰা সামগ্ৰী আমদানি কৰাৰ প্ৰবৃত্তি আমি নিয়ন্ত্ৰণ কৰিব লাগিব৷

আমি এই ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰা লোকৰ পৰা কেৱল সামগ্ৰীয়েই ক্ৰয় নকৰো, তেওঁলোকক কেৱল টকাই নিদিও, বৰঞ্চ তেওঁলোকৰ পৰিশ্ৰমক পুৰষ্কৃতও কৰো, সন্মানো প্ৰদান কৰো৷ আমি এই কথাৰ ভূ-কে নাপাও যে ইয়াৰ দ্বাৰা তেওঁলোকৰ হৃদয়ত কি প্ৰভাৱ পৰে, তেওঁলোকে কিমান গৌৰৱ অনুভৱ কৰে৷

সেইবাবে এতিয়া থলুৱা সামগ্ৰীৰ প্ৰচাৰৰ সময়, প্ৰতিখন গাঁও, প্ৰতিটো চুবুৰী, প্ৰতিখন জিলা, প্ৰতিখন প্ৰদেশ, সমগ্ৰ দেশকেই আত্মনিৰ্ভৰ কৰি তোলাৰ সময়৷

বন্ধুসকল, স্বামী বিবেকানন্দই এবাৰ এক পত্ৰত লিখিছিল- The simplest method to be worked upon at present is to induce Indians to use their own produce and get markets for Indian art ware in other countries. স্বামী বিবেকানন্দই কোৱা এই পথ পচ্ছাদ ক’ভিদৰ বিশ্বত ভাৰতৰ বাবে প্ৰেৰণা হ’ব পাৰে৷ এতিয়া দেশে প্ৰতিজ্ঞা লৈছে আৰু দেশ পদক্ষেপো গ্ৰহণ কৰিছে৷ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত যিমান বোৰ বৃহৎ সংস্কাৰৰ কথা ঘোষণা কৰা হৈছে, সেইসমূহৰ দ্ৰুত ৰূপায়ণৰ দিশত অগ্ৰসৰ হোৱা হৈছে৷

এমএছএমইৰ সংজ্ঞাৰ পৰিসৰ বৃদ্ধি অথবা এমএছএমইৰ সমৰ্থনৰ বাবে সহস্ৰ কোটি টকাৰ বিশেষ পুঁজিৰ ব্যৱস্থা, এই সকলোবোৰ আজি সত্যলৈ ৰূপান্তৰিত হৈছে৷ আইবিচিৰ সৈতে জড়িত সিদ্ধান্ত, সৰু সৰু ভুলক ডিক্ৰিমিনেলাইজ কৰাৰ সিদ্ধান্ত, বিনিয়োগৰ ফাষ্ট ট্ৰেকিঙৰ বাবে প্ৰকল্প বিকাশ কোষৰ গঠন, এনে অনেক ধৰণৰ কাৰ্য বহু পূৰ্বেই আৰম্ভ কৰা হৈছে৷

এতিয়া বিভিন্ন খণ্ড, বিশেষকৈ কয়লা আৰু খনিৰ খণ্ডক অধিক প্ৰতিদ্বন্ধী কৰি তোলাৰ বাবে যি সংস্কাৰ সাধন কৰা হৈছে, তাৰে ভৰপক লাভ গ্ৰহণ কৰাৰ বাবে উদ্যোগ জগত আগুৱাই আহক, যুৱ বন্ধুসকল আগুৱাই আহক৷

বন্ধুসকল, কৃষক আৰু গ্ৰামীণ অৰ্থনীতিৰ বাবে শেহতীয়াকৈ যি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল, ইয়াৰ জৰিয়তে কৃষি অৰ্থনীতি বৰ্ষ পুৰণি দাসত্বৰ পৰা মুক্ত হ’ল৷ এতিয়া ভাৰতৰ কৃষকে নিজৰ সামগ্ৰী, নিজৰ উপজাত সামগ্ৰী দেশৰ ভিতৰতেই বিক্ৰী কৰাৰ স্বতন্ত্ৰতা লাভ কৰিলে৷

এপিএমচি আইন, অত্যাৱশ্যকীয় সামগ্ৰী আইনত যি সংশোধন কৰা হৈছে, কৃষক আৰু উদ্যোগৰ মাজত সহযোগিতাৰ যি পথ মুকলি হৈছে, ইয়াৰ জৰিয়তে কৃষক আৰু গ্ৰামীণ অৰ্থনীতিৰ কায়াকল্প সৃষ্টি হৈছে৷ এই সিদ্ধান্তসমূহে কৃষকসকলক এক উৎপাদকৰ ৰূপত আৰু তেওঁলোকৰ উপজাত সামগ্ৰীসমূহক এক পৰিচয় প্ৰদান কৰিছে৷ 

বন্ধুসকল, কৃষকৰ বেংক একাউণ্টলৈ ধন প্ৰত্যক্ষ স্থানান্তৰেই হওক অথবা এমএছপিৰ সিদ্ধান্তই হওক, তেওঁলোকৰ পেঞ্চনৰ যোজনাই হওক, তেওঁলোকক সৱলীকৃত কৰাটোৱেই হ’ল আমাৰ প্ৰয়াস৷ এতিয়া কৃষকসকলক এক বৃহৎ হজাৰ শক্তি হিচাপে বিকশিত হোৱাত সাহায্য প্ৰদান কৰা হৈছে৷

বন্ধুসকল, স্থানীয় সামগ্ৰীৰ বাবে যি ক্লাষ্টাৰ বেষ্ট অভিগমনত ভাৰতক উদগনি দিয়া হৈছে তাতো সকলোৰে বাবে অৱকাশৰ সৃষ্টি হৈছে৷ যি জিলা, যি ব্লকত যিবোৰ সামগ্ৰীৰ উৎপাদন হয়, তাৰেই আশে-পাশে ইয়াৰ সৈতে জড়িত ক্লাষ্টাৰ বিকশিত কৰা হ’ব৷ যিদৰে পশ্চিমবংগৰ মৰাপাট কৃষকসকলৰ বাবে নিকটৱৰ্তী মৰাপাট উদ্যোগৰ সৈতে জড়িত খণ্ডক সৱলীকৃত কৰা হ’ব৷

বনজাত সামগ্ৰীৰ অপাৰ সম্পত্তি একত্ৰিত কৰা আদিবাসী বন্ধুসকলক অনেক ক্ষেত্ৰত আধুনিৰ প্ৰচেছিং ইউনিট উপলব্ধ কৰোৱা হ’ব৷ ইয়াৰ সৈতে  বাঁহ আৰু জৈৱিক সামগ্ৰীৰ বাবেও ক্লাষ্টাৰ্ছ নিৰ্মিত হ’ব৷ ছিক্কিমৰ দৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক জৈৱিক খেতিৰ বাবে বিকশিত কৰি তুলিব পাৰি৷ জৈৱিক ৰাজধানী হিচাপে গঢ়ি তুলিব পাৰি৷

আইচিচিৰ সৈতে জড়িত আপোনালোক সকলো ব্যৱসায়ীয়ে যদি দৃঢ় প্ৰতিজ্ঞ হয় তেন্তে উত্তৰ পূৰ্বাঞ্চলত জৈৱিক কৃষি এক বৃহৎ আন্দোলনলৈ পৰ্যবসিত হ’ব পাৰে৷ আপোনালোকে ইয়াক বিশ্বজনীনভাৱে পৰিচিত কৰি তুলিব পাৰে৷

বন্ধুসকল, আপোনালোক সকলোৱে উত্তৰ পূৰ্বাঞ্চল, পূব ভাৰতত বহু দশকৰ পৰা কাম কৰি আহিছে৷ চৰকাৰে যি যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰে বৃহদাংশ লাভ পূব আৰু উত্তৰ পূবৰ লোকে পাব৷

মই ভাবো যে কলকাতাই নিজকে এক বৃহৎ নেতাৰ ৰূপত অৱতীৰ্ণ হ’ব পাৰে৷ নিজৰ প্ৰাচীন ইতিহাসৰ পৰা প্ৰেৰণা গ্ৰহণ কৰি ভৱিষ্যতে কলকতাই সমগ্ৰ অঞ্চলটোৰ বিকাশত নেতৃত্ব প্ৰদান কৰিব পাৰে৷

আপোনাতকৈ ভালকৈ কোনে জানিব যে যেতিয়া শ্ৰমিক পূবৰ, সম্পত্তি পূবৰ, সংসাধন পূবৰ, তেন্তে এই ক্ষেত্ৰৰ বিকাশ কিমান দ্ৰুত গতিত হ’ব পাৰে৷

বন্ধুসকল, ৫ বছৰৰ পিছত অৰ্থাৎ ২০২৫ বৰ্ষত আপোনালোকৰ সংস্থাই শত বছৰ পূৰ্ণ কৰিব৷ আৰু ২০২২ চনত দেশে স্বাধীনতাৰ ৭৫তম বৰ্ষ পালন কৰিব৷ আপোনালোকৰ সংস্থাৰ বাবে, আপোনালোকৰ প্ৰত্যেক সদস্যৰ বাবে সংকল্প গ্ৰহণ কৰাৰ এয়াই সঠিক সময়৷ মই আপোনালোকক আহ্বান জনাইছো যে আত্মনিৰ্ভৰ ভাৰত অভিযানক চৰিতাৰ্থ কৰি তোলাৰ বাবে আইচিচিয়েও নিজৰ পৰ্যায়ত ৫০-১০০টা নতুন লক্ষ্য নিৰ্ধাৰণ কৰিব৷

এই লক্ষ্য সংস্থাৰো হওক, ইয়াৰ সৈতে জড়িত উদ্যোগ তথা ব্যৱসায়িক ইউনিট তথা প্ৰতিজন ব্যক্তিৰো হওক৷ আপুনি যিমানেই লক্ষ্যৰ দিশলৈ আগবাঢ়িব, সিমানেই এই অভিযান পূব ভাৰত, উত্তৰ পূবৰ দিশতো আগবাঢ়িব৷

বন্ধুসকল, নিৰ্মাণ খণ্ডত পশ্চিমবংগৰ ঐতিহাসিক শ্ৰেষ্ঠতাক আমি পুনৰুজ্জীৱিত কৰিব লাগিব৷ আমি সদায়েই শুনি আহিছো যে ‘‘What Bengal thinks today, India Thinks Tomorrow"৷ আমি ইয়াৰ পৰা প্ৰেৰণা লৈ আগবাঢ়িব লাগিব৷  ভাৰতীয় অৰ্থনীতিক আদেশ আৰু নিয়ন্ত্ৰণৰ পৰা বাহিৰলৈ উলিয়াই প্লাগ এণ্ড প্লে’ৰ দিশলৈ লৈ যোৱাৰ এই সময়৷ এই সময় সংৰক্ষণশীল মনোভাৱৰ নহয়, বৰঞ্চ এই সময় সাহসিক পদক্ষেপ গ্ৰহণৰ সময়, সাহসিক বিনিয়োগৰ সময়৷ এই সময় ভাৰতত এক বিশ্বজনীন প্ৰতিদ্বন্ধিতামূলক থলুৱা যোগান শৃংখল প্ৰস্তুত কৰা সময়৷

ইয়াৰ বাবে উদ্যোগ জগতে নিজৰ বিদ্যমান যোগান শৃংখলাৰ সকলো ষ্টেকহ’ল্ডাৰক সংকটৰ পৰা মুক্তি দিয়াত সহায় কৰিব লাগিব আৰু মূল্য সংযোজনত তেওঁলোকক হাতে-হাত ধৰি সহায়ো কৰিব লাগিব৷

বন্ধুসকল, আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দিশত অগ্ৰসৰ হৈ ক’ৰোনা কালৰ সৈতে সংঘৰ্ষ কৰি আজি আপোনালোকে এই এজিএমত যি জনসাধাৰণ, গ্ৰহণ আৰু লাভৰ বিষয় উত্থাপন কৰিছে সেয়াও অতিশয় গুৰুত্বপূৰ্ণ৷ কিছুমান লোকে কয় যে এই তিনিওটা পৰস্পৰবিৰোধী৷ কিন্তু এনে নহয়৷ জনসাধাৰণ, গ্ৰহ আৰু লাভ, পৰস্পৰে পৰস্পৰৰ আন্তঃসংযোগী৷ এই তিনিওটাই নিজৰ মাজত সমন্বয় স্থাপন কৰিব পাৰে৷

মই আপোনালোকক কিছু উদাহৰণ দি বুজাব পাৰো৷ যেনে এলইডি বাল্ব৷ ৫-৬ বছৰ পূৰ্বে এলইডি বাল্বৰ মূল্য চাৰে তিনিশ টকাতকৈও অধিক আছিল৷ আজি সেই বাল্ব ৫০ টকাতো পায়৷ আপোনালোকে চিন্তা কৰক, মূল্য হ্ৰাস হোৱাৰ পৰা সমগ্ৰ দেশত কোটি কোটি সংখ্যাত এলইডি বাল্ব ঘৰে ঘৰে উপলব্ধ হৈছে৷ ইয়াৰ পৰিমাণ ইমানেই বৃহৎ যে ইয়াৰ দ্বাৰা উৎপাদনৰ ব্যয় হ্ৰাস হৈছে আৰু লাভো বৃদ্ধি হৈছে৷ ইয়াৰ দ্বাৰা কোন উপকৃত হৈছে?

জনসাধাৰণ, সাধাৰণ জনতাৰ, যাৰ বিদ্যুতৰ বিল কম হৈছে৷ আজি প্ৰতি বছৰে দেশবাসীৰ প্ৰায় ১৯ হাজাৰ কোটি টকাৰ বিদ্যুতৰ বিল এলইডিৰ ফলত হ্ৰাস হৈছে৷ এই ৰেহাই দুখীয়াই লাভ কৰিছে, এই ৰেহাই দেশৰ মধ্যবিত্তলোকসকলে লাভ কৰিছে৷

ইয়াৰ লাভ ধৰিত্ৰীয়েও লাভ কৰিছে৷  চৰকাৰী সংস্থাসমূহে যিমান এলইডি বাল্ব কম মূল্যত বিক্ৰী কৰিছে তাৰ দ্বাৰা প্ৰতি বছৰে প্ৰায় ৪ কোটি টন কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন কম হৈছে৷

অৰ্থাৎ লাভ দুয়ো দিশৰ পৰাই হৈছে৷ যদি আপোনালোকে চৰকাৰৰ অন্য যোজনা আৰু সিদ্ধান্তসমূহ প্ৰত্যক্ষ কৰে তেন্তে দেখিব যে বিগত ৫-৬ বছৰত জনসাধাৰণ, গ্ৰহ আৰু লাভৰ এই ধাৰণা অধিক শক্তিশালী হৈছে৷ যিদৰে আপোনালোকে দেখা পাইছে যে চৰকাৰে আন্তঃদেশীয় জলপথৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে৷  হালদিয়াৰ পৰা বাৰাণসীলৈ জলপথ চালু কৰা হৈছে আৰু এতিয়া উত্তৰ পূৰ্বাঞ্চলতো জলপথৰ পৰিসৰ বৃদ্ধি কৰা হৈছে৷  এই জলপথসমূহৰ পৰা জনসাধাৰণ উপকৃত হৈছে কিয়নো ইয়াৰ দ্বাৰা পৰিবহণৰ ব্যয় হ্ৰাস হৈছে৷ এই জলপথসমূহৰ পৰা ধৰিত্ৰীও উপকৃত হৈছে কিয়নো ইয়াত ইন্ধনৰ ব্যয় কম৷ আৰু আমি এয়া পাহৰিব নালাগিব যে ইয়াৰ দ্বাৰা পেট্ৰ’ল-ডিজেলৰ আমদানি হ্ৰাস হ’ব, পথত ভিৰ কম হ’ব, সামগ্ৰীৰ দাম কম হ’ব, সামগ্ৰী হ্ৰস্ব পথেৰে শীঘ্ৰে উপলব্ধ হ’ব আৰু ক্ৰয় কৰোতা তথা বিক্ৰী কৰোতাসকলো লাভান্বিত হ’ব৷

বন্ধুসকল, ভাৰতত আন এক অভিযানো আৰম্ভ হৈছে আৰু সেয়া হ’ল দেশক এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্ত কৰা৷ ইয়াতো জনসাধাৰণ, ধৰিত্ৰী আৰু লাভ তিনিওটা বিষয়েই অন্তৰ্ভুক্ত আছে৷

বিশেষকৈ পশ্চিমবংগৰ বাবে এয়া অতিশয় লাভজনক৷ ইয়াৰ দ্বাৰা আপোনালোকৰ মৰাপাটৰ ব্যৱসায় বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে৷ আপোনালোকে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব নে? এতিয়া পেকেজিঙো মৰাপাটৰ দ্বাৰা কৰা হৈছে৷ চাবলৈ গ’লে আপোনালোকৰ পাঁচোটা আঙুলিতে ঘিউ আছে৷

আপোনালোকে এই সুযোগৰ সদ্ব্যৱহাৰ কৰিব লাগে৷ যদি এই সুযোগ এৰি দিয়ে তেন্তে কোনে সহায় কৰিব? চিন্তা কৰক, যেতিয়া পশ্চিমবংগত নিৰ্মাণ হোৱা মৰাপাটৰ বেগ সৰ্বত্ৰ উপলব্ধ হ’ব তেতিয়া ইয়াৰ জনসাধাৰণ কিমান উপকৃত হ’ব৷

বন্ধুসকল, জনতাকেন্দ্ৰিক, জনতা পৰিচালিত আৰু ধৰিত্ৰী অনুকূল বিকাশ এতিয়া দেশৰ শাসন ব্যৱস্থাৰ অংশ হৈ পৰিছে৷ যি আমাৰ প্ৰযুক্তিগত হস্তক্ষেপ হোৱাৰ লগতে জনসাধাৰণ, ধৰিত্ৰী আৰু লাভৰো অনুকূল হয়৷

ইউপিআইৰ জৰিয়তে আমাৰ বেংকিং স্পৰ্শবিহীন, নগদবিহীন আৰু দিনটোৰ চৌবিশ ঘণ্টাই উপলব্ধ হৈছে৷ ভীম এপৰ দ্বাৰা লেনদেনৰ নতুন অভিলেখৰ সৃষ্টি হৈছে৷ ৰুপে’ কাৰ্ড এতিয়া দৰিদ্ৰ, কৃষক, মধ্যবিত্ত, দেশৰ সকলো শ্ৰেণীৰ লোকৰ পচন্দৰ কাৰ্ডলৈ পৰিৱৰ্তিত হৈছে৷ যেতিয়া আমি আত্মনিৰ্ভৰ ভাৰতৰ কথা কও তেন্তে কিয়নো ৰুপে’ কাৰ্ডৰ কথা গৰ্বেৰে প্ৰকাশ নকৰো?

বন্ধুসকল, এতিয়া দেশত বেংকিং সেৱাৰ পৰিসৰ সেই সকল লোককো প্ৰদান কৰা হৈছে যাক দীৰ্ঘ সময়লৈ Have notsৰ শ্ৰেণীত ৰখা হৈছিল৷ ডিবিটি, জেএএম অৰ্থাৎ জনধন আধাৰ ম’বাইলৰ জৰিয়তে ছিদ্ৰবিহীনভাৱে কোটি কোটি হিতাধিকাৰীলৈ আৱশ্যকীয় সাহায্য প্ৰদান কৰাটো সম্ভৱ হৈছে৷

এইদৰে চৰকাৰী ই-মাৰ্কেটপ্লেছ অৰ্থাৎ জিইএমৰ দ্বাৰা জনসাধাৰণক চৰকাৰৰ সৈতে জড়িত কৰোৱাই লাভ আদায় কৰাৰ অৱকাশ প্ৰদান কৰা হৈছে৷ আপোনালোকে জানে যে জিইএম প্লেটফ’ৰ্মত সৰু সৰু আত্মসহায়ক গোট, এমএছএমইয়ে প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰক নিজৰ সামগ্ৰী আৰু সেৱা প্ৰদান কৰিব পাৰে৷ অন্যথা পূৰ্বতে সামান্য লাখ টকাৰ টাৰ্ণ অভাৰৰ উদ্যোগসমূহে এয়া চিন্তাই কৰিব পৰা নাছিল যে তেওঁলোকেও চৰকাৰক নিজৰ সামগ্ৰী বিক্ৰী কৰিব পাৰে৷

সেইবাবে মই আইচিচিকো আহ্বান জনাইছো যে আপোনালোকৰ যিসমূহ সদস্য আছে, নিৰ্মাণ খণ্ডৰ সৈতে জড়িত হৈ আছে, তেওঁলোককো অধিক সংখ্যাত জিইএমৰ সৈতে জড়িত হ’বলৈ অনুপ্ৰেৰিত কৰক৷ যদি আপোনালোকৰ সৈতে জড়িত প্ৰতিটো নিৰ্মাণখণ্ড জিইএমৰ সৈতে জড়িত হ’ব তেতিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকলেও নিজৰ সামগ্ৰী প্ৰত্যক্ষভাৱে চৰকাৰৰ ওচৰত বিক্ৰী কৰিব পাৰিব৷

বন্ধুসকল, যদি আমি ধৰিত্ৰীৰ কথা কও, তেতিয়া আপোনালোকেও দেখা পাব যে আন্তৰ্জাতিক সৌৰ মৈত্ৰী এক বৃহৎ বিশ্বজনীন আন্দোলনলৈ পৰিৱৰ্তিত হৈছে৷  সৌৰ শক্তিৰ ক্ষেত্ৰত যি ভাল ভাৰতে লাভ কৰিব সেই লাভ বিশ্বৰ অন্য প্ৰান্তই লাভ কৰিব৷ মই ইণ্ডিয়ান চেম্বাৰ্ছ অব্ কমাৰ্চৰ সমূহ সদস্যক অনুৰোধ জনাইছো যে পুনৰ নৱীকৰণ শক্তি, সৌৰ শক্তি উৎপাদনৰ বাবে যি লক্ষ্য দেশে নিৰ্ধাৰণ কৰিছে, তাত আমি অৱদান আৰু বিনিয়োগ প্ৰসাৰিত কৰিব লাগিব৷

দেশত সৌৰ পেনেলৰ নিৰ্মাণ, সৌৰ সঞ্চয় ক্ষমতা বৃদ্ধিৰ বাবে উন্নত বেটেৰীৰ গৱেষণা আৰু বিকাশ আৰু নিৰ্মাণত বিনিয়োগ কৰক৷ যি এই কামত জড়িত হৈছে, তেনে সংস্থা, এমএছএমইসমূহক সাহায্য প্ৰদান কৰক৷ পৰিৱৰ্তিত বিশ্বত সৌৰ ৰি-চাৰ্জেবল বেটেৰীৰ এক বৃহৎ বজাৰ সৃষ্টি হ’বলৈ গৈ আছে৷ ভাৰতৰ উদ্যোগ জগতে ইয়াৰ নেতৃত্ব প্ৰদান কৰিব পাৰিব নে? এই ক্ষেত্ৰত ভাৰত এক বৃহৎ হাবলৈ পৰিবৰ্তিত হ’ব পাৰে৷

আইচিচি আৰু ইয়াৰ সদস্যসকলে ২০২৫ চনত যেতিয়া শতবৰ্ষ পূৰণ কৰিব, সেই পৰিপ্ৰেক্ষিতত এই অৱকাশসমূহৰ সৈতে জড়িত লক্ষ্য, এই বিষয়সমূহতো নিজৰ লক্ষ্য নিৰ্ধাৰিত কৰিব পাৰিব৷

বন্ধুসকল, এই সময় অৱকাশক চিনি পোৱাৰ, নিজকে জড়িত কৰোৱাৰ আৰু উন্নতিৰ নতুন শিখৰলৈ যোৱাৰ৷ যদি ই আমাৰ সবাতোকৈ বৃহৎ সংকট হ’ব পাৰে তেন্তে ইয়াৰ পৰা শিক্ষা লাভ কৰি ইয়াৰ সুবিধাও আদায় কৰিব লাগে৷

মই আপোনালোকক আশ্বস্ত কৰিছো যে চৰকাৰ ইয়াৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিৱদ্ধ৷ আপোনালোকে বিনা সংকোচে আগবাঢ়ক৷ নতুন সংকল্পৰ সৈতে, নতুন বিশ্বাসৰ সৈতে আগবাঢ়ক!! আত্মনিৰ্ভৰ ভাৰতৰ মূলতে আছে আত্মবিশ্বাসী ভাৰত৷

চিন্তা কৰক, এয়া কেনে বৃহৎ মন্ত্ৰ- দৌৰি থাকোঁতেই নতুন পথৰ সৃষ্টি হ’ব৷ এনে এক বৃহৎ প্ৰেৰণা যেতিয়া আমি পাম তেতিয়া খোজৰ গতি ধীৰ কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে৷

মোৰ সম্পূৰ্ণ বিশ্বাস যে যেতিয়া আপোনালোকে শতবাৰ্ষিকী পালন কৰিব, যেতিয়া দেশে স্বতন্ত্ৰতাৰ ৭৫তম বৰ্ষ পালন কৰিব, তেতিয়ালৈ আত্মনিৰ্ভৰ ভাৰতৰ পথত আমাৰ দেশ বহু আগুৱাই যাব৷

পুনৰবাৰ আপোনালোক সকলোলৈ অশেষ শুভকামনা জনালো৷


সুস্থ হৈ থাকক, সুৰক্ষিত হৈ থাকক৷

ভালে থাকক!!

***

 

VRRK/KP/IG/MG/AK/MANN



(Release ID: 1632012) Visitor Counter : 167