PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 14 JUN 2020 7:08PM by PIB Guwahati

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন   

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যসমূহ; আৰোগ্যৰ হাৰ ৫০%তকৈও অধিক হৈছে; মুঠ ১,৬২,৩৭৮ জন ৰোগীয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে

বিগত ২৪ ঘণ্টাত ৮,০৪৯ জন ৰোগীয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে৷ শেহতীয়াকৈ আৰোগ্যৰ হাৰ হৈছে ৫০.৬০%৷ মুঠ ১,৬২,৩৭৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷  বৰ্তমানে ১,৪৯,৩৪৮ জন ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷ বিগত ২৪ ঘণ্টাত ১,৫১,৪৩২ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ এই পৰ্যন্ত ৫৬,৫৮,৬১৪ টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ শেহতীয়া তথ্যঃ ৰেমডেছিভিৰৰ স্থিতি

১৩ জুন ২০২০ তাৰিখে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত এক উন্নীত ক্লিনিকেল ব্যৱস্থাপনাৰ প্ৰট’ক’ল মুকলি কৰিছে  য’ত ৰেমডেছিভিৰক জৰুৰীকালীন পৰিস্থিতিৰ বাবে এক ‘অনুসন্ধানমূলক ঔষধ’ বুলি উল্লেখ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ক’ভিড-১৯ প্ৰতিৰোধী যুঁজৰ পৰ্যালোচনা কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে ভাৰতে চলাই থকা যুঁজৰ পৰ্যালোচনা কৰিবলৈ জেষ্ঠ মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে আজি এক বিস্তৃত আলোচনাত মিলিত হয়। বৈঠকত মহামাৰী সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্থিতি আৰু প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাজ্য আৰু দিল্লীকে ধৰি কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰিস্থিতিৰো বুজ লয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব, কেবিনেট সচিব, স্বাস্থ্য সচিব, আইচিএমআৰৰ সঞ্চালক প্ৰধান আৰু অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতিনিধিসকল বৈঠকত উপস্থিত থাকে।

http://static.pib.gov.in/WriteReadData/Gallery/PhotoGallery/2020/Jun/I2020061488833.JPG

অধিক বিৱৰণৰ বাবে

দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে ক’ভিড-১৯ৰ স্থিতি সন্দৰ্ভত বুজ ল’বলৈ এক পুনৰীক্ষণ বৈঠকত সভাপতিত্ব কৰে

বৈঠকখনত উপস্থিত আছিল ডাঃ হৰ্ষৱৰ্ধন, মুখ্যমন্ত্ৰী শ্ৰী অৰৱিন্দ কেজৰিৱাল আৰু এইমছৰ চিকিৎসকসকল৷  কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ দিল্লীত ক’ভিড-১৯ৰ সন্দৰ্ভত ব্যৱস্থাপনা গ্ৰহণ কৰিবলৈ বদ্ধপৰিকৰ৷  তেওঁ কয় যে মোদী চৰকাৰে অতি শীঘ্ৰেই ৫০০টা ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে পৰিৱৰ্তিত কৰা ৰে’লৰ দবা দিল্লীক প্ৰদান কৰিব৷

অধিক বিৱৰণৰ বাবে

শ্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষি খণ্ডত ব্যক্তিগত বিনিয়োগকাৰীৰ বৃদ্ধি সন্দৰ্ভত গুৰুত্ব  আৰোপ কৰে

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষিখণ্ডত ব্যক্তিগত বিনিয়োগকাৰীৰ বৃদ্ধি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে ইয়াৰ জৰিয়তে কৃষিখণ্ডৰ প্ৰভূত উত্থান হ’ব তথা দেশত স্বাৱলম্বীতাৰ হাৰো বৃদ্ধি হ’ব৷

অধিক বিৱৰণৰ বাবে

বিএআৰচি উচ্চ গুণগতমানৰ ব্যয়সাধ্য মুখৰ আৱৰণী প্ৰস্তুত কৰা হৈছেঃ ড জিতেন্দ্ৰ সিং

ভাবা আণৱিক গৱেষণা কেন্দ্ৰ (বিএআৰচি)ত উচ্চ গুণগতমানৰ ব্যয়সাধ্য মুখৰ আৱৰ্ণী প্ৰস্তুত কৰা হৈছে৷ এই মাস্কসমূহ হেপা ফিল্টাৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে৷  এই তথ্য সদৰী কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে৷

অধিক বিৱৰণৰ বাবে

পিআইৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ বৰ্তমানে ১৩৪২ জন ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে৷  যোৱা কালি ৮৫ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷
  • তামিললাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪২৬৮৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ১৮৮৭৮ জন৷ মৃত্যু হৈছে ৩৯৭ জনৰ৷ মুকলি কৰি দিয়া হৈছে ২২০৪৭ জনক৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা ৬৮২৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ৩০৯২ জন৷ মৃত্যু হৈছে ৮১ জনৰ৷ মুকলি কৰি দিয়া হৈছে ৩৬৪৮ জনক৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা ৪৮৪১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ২০৩৪ জন৷ আৰোগ্য লাভ কৰিছে ২৭২৩ জনে৷ মৃত্যু হৈছে ৮৪ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৭৩৭ জন৷ মৃত্যু হৈছে ১৮২ জনৰ৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০৪,৫৬৮ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা ২৩,০৭৯ জন৷ মৃত্যু হৈছে ১৪৪৯ জনৰ৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২,৫৩২ জন৷ 
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০,৬৪১ জন৷ বিগত ২৪ ঘণ্টাত ১৯৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • চট্টিশগড়ঃ মুছ ৰোগীৰ সংখ্যা হ’ল ১৫৫০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ৯১৩ জন৷
  • অসমঃ অসমত ৪৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৯৪৩ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২১২৭ জন৷ আৰোগ্য লাভ কৰিছে ১৮০৫ জনে৷ আৰু মৃত্যু হৈছে ৮ জনৰ৷
  • মণিপুৰঃ  ৰাজ্যখনলৈ উভতি অহা লোকসকলৰ বাবে ৰাজ্য চৰকাৰে নতুন ক’ভিড-১৯ পৰীক্ষণ সঁজুলি স্থাপনৰ পৰিকল্পনা কৰিছে য’ত এদিনত ৩০০০ৰ পৰা ৪০০০ টা পৰীক্ষণ সম্পন্ন কৰিব পৰা হ’ব৷
  • মিজোৰামঃ মিজোৰাম আৰক্ষীয়ে কোৱাৰেণ্টিন কেন্দ্ৰত ড্ৰাগ আৰু মাদক দ্ৰব্যৰ যোগান ধৰা ছজন যুৱকক গ্ৰেপ্তাৰ কৰিছে৷
  • নাগালেণ্ডঃ মন জিলাৰ প্ৰশাসনে ৱাংখাও চৰকাৰী মহাবিদ্যালয় আৰু আইটিআই প্ৰাংগনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জনসাধাৰণৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে৷
  • ছিক্কিমঃ ৫ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬৩ জন৷

ফেক্ট চেক



(Release ID: 1631585) Visitor Counter : 219