PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 09 JUN 2020 6:36PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যসমূহ; মন্ত্ৰীমণ্ডলৰ গোটে খতিয়ান ল’লে ক’ভিড-১৯ৰ শেহতীয়া পৰিস্থিতি

বিগত ২৪ ঘণ্টাত ১,৪১,৬৮২ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ এই পৰ্যন্ত ১,২৯,২১৪ জন লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৪৭৮৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪৮.৪৭%৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,২৯,৯১৭ জন৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ সৰ্বাধিক সংখ্যক পৰিঘটনা পৰিলক্ষিত কৰা অঞ্চলসমূহৰ বাবে কেন্দ্ৰীয় দলে আৱণ্টিত কৰিছে ৫০টা পৌৰনিগমৰ সংস্থা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ উচ্চভালে প্ৰদৰ্শিত হোৱা অঞ্চলসমূহৰ বাবে ১৫ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ বাবে ৫০টাতকৈও অধিক জিলা/পৌৰ নিগমৰ সংস্থা আৱণ্টিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড জৰুৰীকালীন ঋণ সুবিধাই কেৱল এমএছএমইকেই নহয়, বৰঞ্চ সকলো কোম্পানীকেই সামৰি লৈছে। - বিত্তমন্ত্ৰী

কেন্দ্ৰীয় বিত্ত আৰু ক’ৰ্পোৰেট মন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণে আজি কয় যে ক’ভিড জৰুৰীকালীন ঋণ সুবিধাই কেৱল এমএছএমইকেই নহয় বৰঞ্চ সকলো ধৰণৰ কোম্পানীকেই সামৰি লয়। ফিক্কিৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিতিৰ সদস্যসকলক সম্বোধন কৰি শ্ৰীমতী সীতাৰমণে ভাৰতীয় ব্যৱসায়ক আৱশ্যকীয় সম্বল প্ৰদান কৰিবলৈ আৰু অৰ্থব্যৱস্থালৈ নতুন জীৱন কঢ়িয়াই অনাৰ উদ্দেশ্যেৰে উদ্যোগ জগতক যথাসম্ভৱ সকলোধৰণৰ সহায়তাৰ আশ্বাস প্ৰদান কৰিছে। ইয়াৰ লগতে তেওঁ কয়, ‘যদিহে আপোনালোকৰ কোনো সদস্যৰ কোনোধৰণৰ সমস্যা হয়, তেন্তে আমি তেওঁলোকক সম্বল দিবলৈ/আৱশ্যকীয় উপায় প্ৰদান কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।”

অধিক বিৱৰণৰ বাবে

২০২০-২১ বিত্তীয় বৰ্ষত ‘মহাত্মা গান্ধী এনৰেগা’ আঁচনিৰ বাবে সৰ্বাধিক ১,০১,৫০০কোটি টকাৰ পুঁজি আৱণ্টন; মোকলাই দিলে ৩১,৪৯৩ কোটি টকা

২০২০-২১ বিত্তীয় বৰ্ষত ‘মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি’ চমুকৈ ‘এমজিএনৰেগা’-ৰ বাবে ১,০১,৫০০কোটি টকাৰ পুঁজিৰ আৱণ্টন দিয়া হৈছে। সূচনাৰে পৰা এই পৰ্যন্ত আঁচনিখনৰ বাবে আবণ্টিত এয়াই হৈছে সৰ্বাধিক পৰিমাণৰ পুঁজি।

ইতিমধ্যে, এই পুঁজিৰ পৰা ৩১,৪৯৩ কোটি টকা মোকলাই দিয়া হৈছে। চলিত বৰ্ষৰ বাজেটত অনুমোদিত পুঁজিৰ এয়া প্ৰায় ৫০শতাংশৰ সমান।

ইফালে, চলিত বিত্তীয় বৰ্ষত এই পৰ্যন্ত ৬.৬৯ কোটি ব্যক্তিলৈ ৬০.৮০লাখ কৰ্ম-দিনৰ কামৰ সুবিধা আগবঢ়োৱা হৈছে। ইফালে, মে’ ২০২০ত প্ৰতিদিনে ২.৫১কোটি কামৰ আৱণ্টন দিয়াৰো ব্যৱস্থা কৰা হৈছিল। যোৱাবছৰৰ মে’ মাহৰ তুলনাত এই পৰিমাণ ৭৩শতাংশ অধিক আছিল। উল্লেখ্য যে, যোৱাটো বৰ্ষৰ মে’ মাহত এই পৰিমাণ আছিল ১.৪৫ কোটি কাম/প্ৰতিদিন।

অধিক বিৱৰণৰ বাবে

ৰাজ্যসমূহৰ চাহিদা অনুসাৰে ভাৰতীয় ৰে’লৱেয়ে যোগান ধৰিছে শ্ৰমিক বিশেষ ৰে’ল

এই পৰ্যন্ত ভাৰতীয় ৰে’লৱেৰ অধীনত ৪৩৪৭ খন শ্ৰমিক বিশেষ ৰে’লে চলাচল কৰি আছে৷ ৰে’লৱে মন্ত্ৰীয়ে ৰাজ্য চৰকাৰক তেওঁলোকৰ চাহিদাসমূহৰ বিষয়ে জনাবলৈ অনুৰোধ কৰিছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত ইপিএফঅ’য়ে নিষ্পত্তি কৰিলে ৩৬.০২ লাখ দাবী

ক’ভিড-১৯ৰ লকডাউনে জৰ্জৰিত কৰা ইপিএফঅ’ৰ সদস্যসকলৰ জীৱন সহজ কৰি তোৱাৰ বাবে প্ৰতিষ্ঠানটোৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ লকডাউনৰ নিষেধাজ্ঞাৰ মাজতো ইপিএফঅ’য়ে ১১,৫৪০ কোটি টকা তেওঁলোকৰ সদস্যসকললৈ মুকলি কৰি দি প্ৰায় ৩৬.০২ লাখ দাবী নিষ্পত্তি কৰিছে৷ ইয়াৰে ১৫.৫৪ লাখ দাবী নিষ্পত্তিৰ জৰিয়তে প্ৰদানমন্ত্ৰী গৰিব কল্যাণ যোজনা (পিএমজিকেৱাই)ৰ অধীনত প্ৰায় ৪৫৮০ কোটি টকা মোকলাই দিয়া হৈছে৷

অধিক বিৱৰণৰ বাবে

যানবাহন তথ্যৱলীসমূহৰ বৈধতা ৩০ ছেপ্টেম্বৰ ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰা হৈছে

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে আজি যানবাহনৰ তথ্যাৱলীসমূহৰ বৈধতাৰ তাৰিখ চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈ সম্প্ৰসাৰিত কৰাৰ কথা ঘোষণা কৰিছে৷

অধিক বিৱৰণৰ বাবে

চৰকাৰে এছএমএছৰ জৰিয়তে নিল জিএছটি ৰিটাৰ্ণৰ সুবিধা প্ৰদান কৰিছে

কৰদাতাসকলক বিশেষ সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে চৰকাৰে আজি এছএমএছৰ জৰিয়তে ফৰ্ম জিএছটিআৰ-৩বিত মাহিলী নিল জিএছটিৰ ৰিটাৰ্ণৰ সুবিধা প্ৰদান কৰিছে৷ ইয়াৰ দ্বাৰা ২২ লাখ পঞ্জীকৃত কৰদাতা উপকৃত হোৱাৰ সম্ভাৱনা আছে৷

অধিক বিৱৰণৰ বাবে

শ্ৰী ৰামবিলাস পাছোৱানে চেনী উদ্যোগ সংক্ৰান্তীয় সমস্যাসমূহৰ পুনৰীক্ষণ কৰে

কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী শ্ৰী ৰামবিলাস পাছোৱানে আজি খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰি চেনী উৎপাদন, দেয় পৰিশোধ, ইথানল উৎপাদন আদিৰ বিষয়ে আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

এমএছপিত এমএফপিৰ আহৰণ ৰাজ্যসমূহে বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত আদিবাসীসকলৰ উপাৰ্জন বৃদ্ধি পাইছে

চৰকাৰে দৰিদ্ৰ আৰু বঞ্চিত লোকসকলৰ উত্তৰণৰ বাবে নিৰৱচ্ছিন্ন প্ৰয়াস কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহৰ পৰা ইতিবাচক সঁহাৰি পোৱাটো পৰিলক্ষিত হৈছে৷ এই প্ৰয়াসৰ ফলত ৭খন ৰাজ্যৰ ব্যক্তিগত সংস্থাসমূহে এমএফপি এমএছপি মূল্যতকৈ অধিক হাৰত ক্ৰয় কৰিছে৷

অধিক বিৱৰণৰ বাবে

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২০ৰ পূৰ্বালোকন ১০ জুনত ডিডি নিউজযোগে সম্প্ৰচাৰিত হ’ব

আয়ুষ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বালোকন হিচাপে এক দূৰদৰ্শনৰ কাৰ্যসূচী মোৰাৰাজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সহযোগত আয়োজন কৰিব, যিটো ১০ জুন, ২০২০ৰ সন্ধিয়া ৭ বজাৰ পৰা বিয়লি ৮ বজালৈকে ডি ডি নিউজযোগে সম্প্ৰচাৰ কৰা হ’ব৷ এই কাৰ্যসূচী আয়ুষ মন্ত্ৰালয়ৰ ফেচবুক পেজৰ জৰিয়তে পোনপটীয়াকৈ চাব পাৰিব৷

এই পূৰ্বালোকন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২০ উপলক্ষে ১০ দিনীয়া চৰকাৰী কাউণ্টডাউন হিচাপে চিহ্নিত হ’ব৷ এই উপলক্ষে কেন্দ্ৰীয় আয়ুষ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছো নায়ক, প্ৰধানমন্ত্ৰী কাৰ্যায়লৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং আৰু ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ অধ্যক্ষ ড০ বিনয় সহস্ৰবুদ্ধই বৈদ্যুতিন মাধ্যমেৰে দেশবাসীক সম্বোধন কৰিব৷ আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেশাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷

ক’ভিড-১৯ৰ বাবে দেশত সৃষ্টি হোৱা স্বাস্থ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ডিজিটেল মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰা হ’ব৷ ক’ৰোনা ভাইৰাছৰ অত্যাধিক সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে জনসাধাৰণক নিজৰ নিজৰ ঘৰতে যোগাভ্যাস কৰাৰ বাবে উৎসাহ যোগাই আহিছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাধাৰণ জনতাৰ বাবে ‘মেৰা জীৱন, মেৰা  যোগ’ শীৰ্ষক এক ভিডিঅ’ ব্ল’গিং প্ৰতিযোগিতাৰ কথাও ঘোষণা কৰিছিল৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ প্ৰশাসনে বাপুধাম ক’লনীৰ বাসিন্দাসকলৰ সৈতে পৃথক আচৰণ নকৰিবলৈ জনসাধাৰণক আহ্বান জনায়৷
  • পাঞ্জাৱঃ ৰাজ্যিক কৃষি আৰু কৃষক কল্যাণ বিভাগে ৪০০০ ডিএছআৰ যন্ত্ৰ আৰু ৮০০ ধান ৰোপণ যন্ত্ৰ কৃষকসকললৈ ৪০%ৰ পৰা ৫০% সাহায্যত যোগান ধৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানা ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰীয়ে কয় যে আনলক-১ক সময়ছোৱাত ৰাজ্য চৰকাৰে ক্ৰীড়া ষ্টেডিয়াম নিৰ্দিষ্ট চৰ্তসাপেক্ষে পুনৰ মুকলি কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৮,৫২৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৪,৩৭৪ জন৷
  • গুজৰাটঃ ১৯ খন জিলাৰ পৰা ৪৭৭ জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰতিবেদিত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০,৫৭৪ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩০৯ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০,৮৭৬ জন৷ ইয়াৰে ৮১১৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰু ২৪৬ জন ৰোগীৰ মৃত্যু হৈছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৬৩৮ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬৮৮ জন৷ ৪১৪ জন ৰোগীৰ মৃত্যু ঘটিছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১৯৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৮৫ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৩০ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬৩ জন৷ ৬৭জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • কেৰালাঃ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১৭৪ জন৷  কালিৰে পৰা ৯১ জন নতুন ৰোগী আক্ৰান্ত হোৱাৰ লগতে এজনৰ মৃত্যু হৈছে৷
  • তামিলনাডুঃ ৰাজ্যখন মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৩২২৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫৪১৩ জন৷ মৃত্যু হৈছে ২৮৬ জনৰ৷ মুকলি কৰি দিয়া হৈছে ১৭৫২৭ জনক৷
  • কৰ্ণাটকঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৭৬০ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১৭৫ জন৷ মৃত্যু হৈছে ৬৪ জনৰ৷ আৰোগ্য লাভ কৰিছে ২৫১৯ জনে৷
  • অন্ধ্ৰ প্ৰদেশঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৮৪৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩৮১ জন৷ আৰোগ্য লাভ কৰিছে ২৩৮৭ জনে৷ মৃত্যুৰ সংখ্যা ৭৫ জন৷
  • তেলেংগানাঃ ৮ জুন ২০২০ তাৰিখলৈ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৭৪২ জন৷  এই পৰ্যন্ত ৪৪৮ জন প্ৰব্ৰজক আৰু বিদেশ ফেৰৎ লোকৰ দেহত ৰোগৰ বীজাণু পোৱা গৈথে৷

 

ফেক্ট চেক

 

 

 

 



(Release ID: 1630535) Visitor Counter : 289