বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ডিপিআইআইটিৰ নিয়ন্ত্ৰণ কক্ষই লকডাউনৰ সময়ছোৱাত উদ্যোগ আৰু বাণিজ্যৰ সমস্যাসমূহ নিৰীক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আৰু বিভিন্নজনে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিছে

৮৯% প্ৰশ্ন, অভাৱ-অভিযোগৰ সমাধান/নিষ্পত্তি কৰা হৈছে মন্ত্ৰী, সচিব আৰু জেষ্ঠ বিষয়াৰ নিয়মীয়া নিৰীক্ষণ আৰু পৰ্যবেক্ষণে দ্ৰুত সমাধানত সহায় কৰিছে

টেলিফোন নম্বৰটো হ’ল ০১১২৩০৬২৪৮৭ আৰু ইমেইল হ’ল controlroom-dpiit@gov.in

Posted On: 30 APR 2020 2:04PM by PIB Guwahati

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনষ্ঠ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ বিভাগে (ডিপিআইআইটি) উদ্যোগ আৰু বাণিজ্য বিষয়ক সমস্যাসমূহ নিৰীক্ষণ কৰা আৰু সেয়া সংশ্লিষ্ট ৰাজ্য চৰকাৰ, জিলা আৰু আৰক্ষী প্ৰশাসনক অৱগত কৰোৱাৰ বাবে এক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰে৷ এই নিয়ন্ত্ৰণ কক্ষই নিৰীক্ষণ কৰে

. অত্যাৱশ্যকীয় সামগ্ৰীৰ আভ্যন্তৰীণ বাণিজ্য, প্ৰস্তুত, বিতৰণ আৰু পৰিবহণ৷

.লকডাউনৰ সময়ছোৱাত যোগান শৃংখল বৰ্তাই ৰখাৰ ক্ষেত্ৰত বিভিন্নজনে সন্মুখীন হোৱা জটিলতাসমূহ৷

 

২৮ এপ্ৰিল,২০২০লৈ পঞ্জীভূত হোৱা মুঠ ১৯৬২টা অভাৱ-অভিযোগৰ ভিতৰত ১৭৩৯টা নিষ্পত্তি কৰা হৈছে৷ একেদৰে, ২২৩টা অভাৱ-অভিযোগ নিষ্পত্তি হোৱাৰ পথত আছে৷ পঞ্জীভূত হোৱা ১৯৬২টা অভাৱ-অভিযোগৰ ভিতৰত প্ৰায় ১০০০টা লাভ কৰা হৈছে দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু গুজৰাটৰ দৰে পাঁচখন ৰাজ্যৰ পৰা৷

নিৰীক্ষণ আৰু প্ৰশ্নৰ নিষ্পত্তি তদাৰক কৰিবলৈ এটা সম্পূৰ্ণ পেছাদাৰী দল নিয়োগ কৰা হৈছে আৰু তেওঁলোকে দৈনিক ভিত্তিক বিভাগৰ জেষ্ঠ বিষয়াসকলক এমআইএছ প্ৰতিবেদন দাখিল কৰে৷ দলটোৱে আক্ৰান্ত ৰোগীক ফোন কৰি তেওঁলোকৰ দৰকাৰী প্ৰশ্নসমূহ গ্ৰহণ কৰে আৰু সমস্যাসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰায়৷

নিয়ন্ত্ৰণ কক্ষই টেলিফোনৰ লগতে ইমেইলৰ মাধ্যমেৰে প্ৰশ্নসমূহ গ্ৰহণ কৰে৷ যিকোনো নিৰ্মাতা, পৰিবহণকাৰী, বিতৰক, পাইকাৰী বিক্ৰেতা অথবা -কমাৰ্চ কোম্পানীয়ে সামগ্ৰী পৰিবহণ আৰু বিতৰণত বুনিয়াদী স্তৰত সমস্যাৰ সন্মুখীন লে বিভাগৰ সৈতে নিম্নোক্ত নম্বৰ/ইমেইলত যোগাযোগ কৰিব পাৰে৷

টেলিফোন: +৯১১১২৩০৬২৪৮৭

ইমেইল : controlroom-dpiit[at]gov[dot]in

টেলিফোন নম্বৰটো পুৱা ৮বজাৰ পৰা সন্ধিয়া ৬বজালৈ মুকলি থাকিব৷ নিৰ্মাতা, পৰিবহণকাৰী, বিতৰক, পাইকাৰী বিক্ৰেতা অথবা -কমাৰ্চ কোম্পানীৰ অভাৱ-অভিযোগসমূহ পঞ্জীয়ন কৰি ডিপিআইআইটিৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্মচাৰীয়ে ৰাজ্যিক পৰ্যায়ৰ নিয়ন্ত্ৰণ কক্ষলৈ সেয়া হস্তান্তৰ কৰে৷ তাৰ পাছত ৰাজ্যৰ মুখ্য সচিবে প্ৰয়োজনীয় পদক্ষেপ হাতত লয়৷

ৰেলৱে, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলে সাধাৰণ লোকৰ বাবে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আহ্বান জনাইছে৷ ডিপিআইআইটিৰ সচিব ড০ গুৰুপ্ৰসাদ মহাপাত্ৰই ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে নিয়মীয়াকৈ স্থিতি পৰ্যবেক্ষণ কৰি আছে৷

২৪ মাৰ্চ,২০২০ত কেন্দ্ৰীয় চৰকাৰে ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতিৰোধৰ লক্ষ্যৰে ৰাষ্ট্ৰজোৰা লকডাউন ঘোষণা কৰিছিল৷ অৱশ্যে লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান আৰু অত্যাৱশ্যকীয় সেৱাসমূহ নাগৰিকৰ বাবে উপলব্ধ কৰিবলৈ চৰকাৰে সকলো যাৱতীয় ব্যৱস্থা হাতত লৈছে৷

*******

YB/MS



(Release ID: 1619682) Visitor Counter : 213