গৃহ মন্ত্ৰালয়
গৃহ মন্ত্ৰালয়ে দোকান খোলাৰ অনুমতি প্ৰদান কৰা সন্দৰ্ভত স্পষ্টীকৰণ
পোষ্ট কৰা হৈছে:
25 APR 2020 11:34AM by PIB Guwahati
গৃহ মন্ত্ৰালয়ে লকডাউনৰ বাবে বন্ধ হৈ থকা দোকান-পোহাৰবোৰ খোলাৰ বাবে অনুমতি প্ৰদান কৰিবৰ বাবে লকডাউনৰ উপায় সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছিল।
(https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1618049)
এই নিৰ্দেশনাটোত উল্লেখ আছে যে -
গ্ৰামীণ এলেকাবোৰত, শ্বপিং মলৰ ভিতৰত থকা দোকানবোৰৰ বাদে আন দোকান-পোহাৰ খুলিব পাৰিব।
- নগৰ এলেকাবোৰত, সকলো গুমটি সদৃশ পৃথকে থকা দোকান, আবাসিক এলেকাত থকা দোকানবোৰ খুলিব পাৰিব। বজাৰ বা বজাৰ পৰিসৰৰ ভিতৰত থকা দোকানবোৰ খোলাৰ অনুমতি দিয়া হোৱা নাই।
এই কথা স্পষ্ট কৰি দিয়া হৈছে যে ই-কমাৰ্চ কোম্পানীবোৰক অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী চলাই থকাৰ অনুমতি দিয়া হৈছে।
লগতে এই কথাও স্পষ্ট কৰি দিয়া হয় যে সুৰাৰ বিক্ৰী আৰু অন্যান্য সামগ্ৰীৰ বিক্ৰীও ক’ভিড-১৯ ৰ ব্যৱস্থাপনাৰ বাবে দেশজোৰা লকডাউনৰ সময়ছোৱাত বন্ধ থাকিব।
পুনঃ জাৰি কৰা সামগ্ৰিক নিৰ্দেশাৱলীত উল্লেখ কৰা হৈছে যে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে সংক্ৰমিত এলেকা হিচাপে ঘোষণা কৰা ঠাইত এই দোকানসমূহ খুলিবলৈ দিয়া নহ’ব, সেয়া গ্ৰামাঞ্চলতেই হওঁক অথবা নগৰাঞ্চলতেই হওঁক।
*****
VG/SNC/VM/RD
(ৰিলিজ আই ডি : 1618147)
অতিথি কক্ষ : 361
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam