যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

ডাক বিভাগক জৰুৰী খাদ্য সামগ্ৰীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ ৰবি শংকৰ প্ৰসাদৰ

দুৰ্গম অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণেৰে আশা জগাই তুলিছে ভাৰতীয় ডাকে

Posted On: 18 APR 2020 5:02PM by PIB Guwahati

ডাক বিভাগে ক’ভিড-১৯ৰ এই সংকটকালত ইয়াৰ বৃহ নেটৱৰ্কৰ ডাকঘৰসমূহৰ জৰিয়তে দেশৰ লোকসকলক সহায় কৰি আহিছে৷ কেন্দ্ৰীয় যোগাযোগ, আইন আৰু ন্যায়, বৈদ্যুতিক আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে আজি এক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে চীফ পোষ্ট মাষ্টৰ জেনেৰেল আৰু চীফ জেনেৰেল মেনেজাৰসকলক এই ডাক নেটৱৰ্কক সক্ৰিয় কৰি ৰাখি সমগ্ৰ দেশৰ অভাৱগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ কয়৷ ভাৰতীয় ডাকে ক’ৰোনা যোদ্ধাৰ দৰে কাম কৰি দুৰ্গম অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণেৰে জনসাধাৰণৰ আশা সজীৱ কৰি তুলিছে৷

খাদ্য আৰু শুকান আহাৰ সামগ্ৰী বিতৰণ

ভিডিঅ’ কনফাৰেন্সত ৰবি শংকৰে ডাক বিভাগক অনগ্ৰসৰ আৰু অভাৱগ্ৰস্ত লোকসকলক জৰুৰী খাদ্য সামগ্ৰীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ ডাক বিভাগৰ কৰ্মচাৰীসকলে বস্তি অঞ্চলৰ অভাৱগ্ৰস্ত লোক, প্ৰব্ৰজিত শ্ৰমিক আৰু দিনহাজিৰা কৰা লোকসকলক খাদ্য, শুকান আহাৰ সামগ্ৰীৰ উপৰি মাস্ক বিতৰণ কৰিছে৷ বিগত কেইটামান দিনত প্ৰায় ১লাখ খাদ্য আৰু শুকান আহাৰৰ পেকেট বিতৰণ কৰা হৈছে৷ উত্তৰপ্ৰদেশৰ নয়দা, গাজিয়াবাদ, লক্ষ্মৌ, প্ৰয়াগৰাজ আৰু ফৈজাবাদত প্ৰব্ৰজিত শ্ৰমিক, অভাৱগ্ৰস্ত লোক আৰু নিৰ্মাণ শ্ৰমিকক ৫০,০০০তকৈ অধিক খাদ্য আৰু শুকান আহাৰ বিতৰণ কৰা হৈছে৷ একেদৰে বিহাৰত প্ৰায় ১৬,০০০ পেকেট খাদ্য আৰু ১১,৫০০ পেকেট চাবোন, মাস্ক, ছেনিটাইজাৰ আৰু মোজা বিতৰণ কৰা হৈছে৷ তেলেংগানাত লকডাউনৰ সময়ত ডাক বিভাগৰ বাহনেৰে ১৮,০০০ আহাৰ প্ৰদান কৰাৰ বিপৰীতে হায়দৰাবাদ চহৰতো ১৭৫০টা পৰিয়ালক খাদ্য আৰু শুকান সামগ্ৰী বিতৰণ কৰা হৈছে৷ নাগপুৰ, পাঞ্জাৱ, চণ্ডীগড় আৰু মুম্বাইৰ আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত ধাৰাৱীৰ বিভিন্ন প্ৰান্ততো ডাক বিভাগে এনে লোকক খাদ্য সামগ্ৰী বিতৰণ কৰিছে৷

 

ঔষধৰ পৰ্যাপ্ত সা-সুবিধা

লকডাউনৰ সময়ত নিয়মীয়া ঔষধ পৰ্যাপ্ত পৰিমাণে থাকিলেও কেন্সাৰ, বৃক্ক ৰোগ অন্যান্য দুৰাৰোগ্য ৰোগৰ ঔষধৰ অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত যোগাযোগ মন্ত্ৰীয়ে টুইটাৰ আৰু অন্যান্য মাধমেৰে ডাক বিভাগক এনে জীৱনদায়িনী ঔষধ সৰবৰাহ কৰাৰ ক্ষেত্ৰত অধিক  গুৰুত্ব দিবলৈ পৰামৰ্শ প্ৰদান কৰিছে৷ প্ৰসংগক্ৰমে তেওঁ উত্তৰাখণ্ড, পুনে, গুজৰাটৰ অংকলেশ্বৰ, চেন্নাই, উত্তৰপ্ৰদেশ, পুডুচেৰী, ওডিশা,, কলকাতা, শিলিগুৰি আৰু ৰাঁচীত বিভিন্ন জীৱনদায়িনী ঔষধ, চিকিসা সঁজুলি পৰিবহণ কৰাৰ সম্পৰ্কে আলোকপাত কৰে৷

 

ঘৰে ঘৰে বিত্তীয় সেৱা প্ৰদান

ডাক বিভাগে আধাৰভিত্তিক লেনদেন পদ্ধতিৰ জৰিয়তে দুখীয়া লোকসকলক ঘৰে ঘৰে বেংক একাউণ্ট খোলা আৰু ধন উঠোৱাক সুবিধা প্ৰদান কৰিছে৷ বিশেষকৈ মনৰেগা, প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজৰ অধীনত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ মাধ্যমত প্ৰদান কৰা সাহায্যৰ ধন উঠোৱাত জনসাধাৰণক সহায় কৰিছে ডাক বিভাগে৷ ১৩ এপ্ৰিললৈকে ইণ্ডিয়ান পোষ্টেল পেমেণ্ট বেংকৰ জৰিয়তে সৰ্বাধিক ১.০৯লাখ লেনদেনৰ জৰিয়তে ২২.৮১ কোটি টকা উঠোৱা বুলি সদৰি কৰিছে৷

শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত স্থানীয় প্ৰশাসনৰ অধীনত থকা সমীপৰ গাঁওসমূহৰ একাংশ প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বেংক একাউণ্ট খোলাৰ শিৱিৰ আয়োজন কৰা হৈছিল৷ এই আইপিপিবি একাউণ্টৰ জৰিয়তে খোলা একাউণ্টৰ জৰিয়তে প্ৰব্ৰজিত শ্ৰমিকসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে৷ একেদৰে জম্মু, কাশ্মীৰ, লেহ, গুজৰাট, তেলেংগানা, কৰ্ণাটকৰ অতি দুৰ্গম অঞ্চল, ঝাৰখণ্ড, বিহাৰ, মধ্যপ্ৰদেশৰ জনজাতীয় এলেকাত ঘৰে ঘৰে জ্যেষ্ঠ লোক, বিধবা, দিব্যাং আৰু বৃদ্ধ পেন্সন প্ৰদান কৰাত ডাক বিভাগে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে৷

****

RJ/NG/RP/DB



(Release ID: 1615897) Visitor Counter : 168