PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 18 APR 2020 6:48PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

দেশত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৪,৩৭৮জন৷ ১৯৯২জন লোক অৰ্থাৎ ১৩.৮২% আৰোগ্য হৈছে৷ কাৰ্যকৰী পৰিকল্পনাৰ প্ৰণয়নে সুন্দৰ ফলাফল দেখুৱাইছে ২৩খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৪৭খন জিলাত৷  বিগত ১৪ দিনত ১২খন ৰাজ্যৰ ২২খন নতুন জিলাই কোনো নতুন পৰিঘটনা প্ৰতিবেদিত কৰা নাই৷

অধিক বিৱৰণৰ বাবে

ডাঃ হৰ্ষৱৰ্ধনে দিল্লীৰ প্ৰশাসন, স্বাস্থ্য মন্ত্ৰী, চিকিৎসালয়ৰ ছুপাৰিণ্টেনডেণ্ট আৰু কেন্দ্ৰ তথা দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ কৰে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে চিকিৎসালয়সমূহক গুৰুতৰ নন-ক’ভিড-১৯ ৰোগীসমূহকো সমানে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷ আৱশ্যক অনুসাৰে স্বেচ্ছাসেৱী ৰক্তদাতাসকলৰ পৰা ৰক্ত সংগ্ৰহ কৰি ৰাখিবলৈও তেওঁ আহ্বান জনাইছে৷ যদি কোনো ৰোগী যাক তৎকালীন চিকিৎসাৰ প্ৰয়োজন, তেওঁ বিনা চিকিৎসাই চিকিৎসালয়ৰ পৰা উভতিবলগীয়া হ’লে স্বাস্থ্যকৰ্মীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

বিদেশীসকলৰ বাবে জাৰি কৰা সকলো বিদ্যমান ভিছা আৰু ইমিগ্ৰেচন চেক পোষ্টৰ জৰিয়তে ভাৰতলৈ আহিবলগীয়া সকলো যাত্ৰীৰ ট্ৰেফিক কিছুমান বিশেষ শ্ৰেণীক বাদ দি ৩ মে’ ২০২০ তাৰিখলৈ নিলম্বিত হৈ থাকিব

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত গৃহ মন্ত্ৰালয়ে বিদেশীসকলৰ বাবে জাৰি কৰা সকলো বিদ্যমান ভিছা আৰু ইমিগ্ৰেচন চেক পোষ্টৰ জৰিয়তে ভাৰতলৈ আহিবলগীয়া সকলো যাত্ৰীৰ ট্ৰেফিক কিছুমান বিশেষ শ্ৰেণীক বাদ দি ৩ মে’ ২০২০ তাৰিখলৈ নিলম্বিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ বাবে অহা মে' তাৰিখলৈ ভ্ৰমণৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ভাৰতত থকা বিদেশী নাগৰিকলৈ কনছুলাৰ সেৱাৰ অনুমোদন

ভিড-১৯ বাবে ভ্ৰমণৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ভাৰতত থকা বিদেশী নাগৰিকলৈ ৩০ এপ্ৰিল, ২০২০ তাৰিখ পৰ্যন্ত কনছুলাৰ সেৱা প্ৰদানৰ বাবে বিগত ২৮ মাৰ্চ, ২০২০ তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অনুমোদন জনাইছিল৷

অধিক বিৱৰণৰ বাবে

সকলো ডাক কৰ্মচাৰীলৈ ১০লাখৰ ক্ষতিপূৰণ

গ্ৰামীন ডাক সেৱককে ধৰি সকলো ডাক কৰ্মচাৰীৰ ক্ষতিপূৰণৰ পৰিমাণ ১০লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই নিৰ্দেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী আৰু ভিড-১৯ৰ সংকট দূৰ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ সৃষ্ট পৰিস্থিতিতজিএছটি কৰদাতাক সহায় কৰিবলৈ আমি দায়বদ্ধ : চিবিআইচি

যোৱা ৩০মাৰ্চ, ২০২০ৰ পৰা এই পৰ্যন্তচিবিআইচি’-য়ে ,৫৭৫ কোটি টকা পৰিমাণৰ পুঁজি ঘূৰাই বিচাৰি কৰা ১২,৯২৩খন আবেদনৰ যাৱতীয় প্ৰক্ৰিয়া আগবঢ়োৱাইছে। আনকি, শেহতীয়া সপ্তাহটোতো সংস্থাটোৱে ৩৮৫৪কোটি টকা পৰিমাণৰ দাবী মঞ্জুৰী বিচাৰি কৰা ,৮৭৩খন আবেদনৰ কাম-কাজ সম্পন্ন কৰিছে। প্ৰসংগক্ৰমে, সংস্থাটোৱে যোৱা ৩১ মাৰ্চ, ২০২০ত প্ৰকাশ কৰা জাননী নং ১৩৩ত ব্যৱসায়-বাণিজ্যক্ষেত্ৰৰে জড়িতসকলক সহযোগিতা আগবঢ়াব পৰা কেতবোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি কয় যে, এই পদক্ষেপসমূহেজিএছটি ৰিটাৰ্ণদাখিল কৰাসকলৰ ক্ষেত্ৰতআইটিচি’- আগতীয়াৰিফাণ্ডনিশ্চিত কৰাৰ লগতেআইটিচি-ৰিফাণ্ড বাবে তথ্যবিহীন ভাবে ভুলতে জনোৱা দাবী মঞ্জুৰীৰ আবেদনসমূহৰ অগ্ৰগতিকো ৰোধ কৰাত সহায়ক ব৷

অধিক বিৱৰণৰ বাবে

এমএছএমইলৈ সকাহ প্ৰদানৰ উদ্দেশ্যে যোৱা ১০ দিনত ৫,২০১৪ কোটি টকাৰ আয়কৰ ৰিফাণ্ড নিষ্পত্তি কৰা হৈছে

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে (চিবিডিটি) আজি ৮ এপ্ৰিল ২০২০ৰ পৰা ৮.২ লাখ ক্ষুদ্ৰ ব্যৱসায়ীৰ ৫,২০১৪ কোটি টকাৰ আয়কৰ ৰিফাণ্ড নিষ্পত্তি কৰিছে বুলি জানিবলৈ দিয়ে৷ এই ৰিফাণ্ডৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগসমূহ এই সংকটৰ সময়ত উপকৃত হ’ব৷

অধিক বিৱৰণৰ বাবে

'ভিড-১৯ মহামাৰীৰ সুযোগ লৈ ভাৰতীয় উদ্যোগসমূহৰ অধিগ্ৰহণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে বৰ্তমানৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (FDI) নীতিৰ সংশোধন কৰিছে

ভাৰত চৰকাৰে ভিড-১৯ মোগ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় উদ্যোগসমূহৰ অধিগ্ৰহণৰ সুযোগ ৰোধ কৰাৰ বাবে বিদ্যমান বৈদেশিক প্ৰত্যক্ষ বিনিয়োগ নীতি পুনৰীক্ষণ কৰিছে আৰু বিদ্যমান এফডিআই নীতিৰ .. পেৰাগ্ৰাফটো সংশোধন কৰিছে৷ এতিয়াৰে পৰা ভাৰতৰ সীমাৰ সৈতে সীমা বিনিময় কৰা কোনো সংস্থা অথবা ভাৰতত বিনিয়োগৰ লাভ অৰ্জনকাৰী মালিক কোনো এনে দেশত আছে অথবা অন্য দেশৰ নাগৰিক, তেওঁলোকে কেৱল চৰকাৰী পথেৰেহে বিনিয়োগ কৰিব পাৰিব৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি শ্ৰীযুত চাইৰিল ৰামাফোছাই আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ দুয়োগৰাকী নেতাই ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা ঘুৰুৱা, আঞ্চলিক তথা বিশ্বজোৰা প্ৰত্যাহ্বানৰ সন্দৰ্ভত মত বিনিময় কৰে৷ তেওঁলোকে দুয়োখন দেশৰ চৰকাৰে দেশ দুখনৰ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ সমান্তৰালভাৱে অৰ্থনৈতিক প্ৰভাৱ কম কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আব্দেল ফাটাহ এল-ছিছিয়ে আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ দুয়োগৰাকী নেতাই ভিড-১৯ মহামাৰীয়ে বিশ্বত সৃষ্টি কৰা পৰিস্থিতিৰ লগতে দুয়োখন দেশৰ চৰকাৰে দেশ দুখনৰ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত মত বিনিময় কৰে৷ দুয়োগৰাকী নেতাই এই মহামাৰী ৰোধৰ বেলিকা লাভ কৰা অভিজ্ঞতা আৰু উন্নত অনুশীলনৰ বিনিময়ৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত কৃষক-ৰাইজক সেৱা আগবঢ়াব পৰাকৈ বিভিন্ন কাম-কাজ নিয়মীকৰণৰ পদক্ষেপ গ্ৰহণ সম্পৰ্কত কৃষি মন্ত্ৰীৰ আলোচনা

চৰকাৰে কৃষকসকললৈ ৰাজসাহায্যযুক্ত কৃষিসম্পৰ্কীয় সা-সৰঞ্জাম, যন্ত্ৰ-পাতি আদি নিবিচ্ছিন্ন ভাবে যোগান ধৰিব পৰাকৈ ট্ৰেক্টৰ, টিলাৰ, শস্য-কঁটা যন্ত্ৰৰ উত্তৰণ সম্পৰ্কীয় নমুনাৰ পৰীক্ষণৰ অনুমোদন চলিত বৰ্ষৰ অন্ত পৰ্যন্ত পিচুৱাৰ দিহা কৰিছে৷

অধিক বিৱৰণৰ বাবে

ন্যূনতম সাহায্য মূল্যত কৃষকৰপৰা পোনপটীয়াভাৱে মাহজাতীয় শস্য আৰু তৈলবীজ ক্ৰয়ৰ প্ৰক্ৰিয়া

ভাৰত চৰকাৰে এন এফ ডি আৰু ভাৰতীয় খাদ্য নিগম আদি সংযোগকাৰী সংস্থাৰ জৰিয়তে কৃষকক অধিক লাভ প্ৰদান সুনিশ্চিত কৰিবলৈ ২০২০-২১ বৰ্ষৰ ৰবি শস্যৰ বতৰৰ আৰম্ভণিৰে পৰাই ন্যূনতম সাহায্য মূল্যত কৃষকৰপৰা পোনপটীয়াভাৱে সামগ্ৰী ক্ৰয়ৰ প্ৰক্ৰিয়াৰ পোষকতা কৰিছে। লকডাউনৰ সময়ত কৃষকসকলক সময়মতে বিপণনৰ সুবিধা দিয়া হৈছে। গৰিষ্ঠসংখ্যক কৃষককে ভিড-১৯ মহামাৰীৰ ব্যৱস্থাপনা সম্পৰ্কে জাৰি কৰা চৰকাৰী নিৰ্দেশনাসমূহৰ প্ৰতি সজাগ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

শ্ৰমিকসকলৰ অভিযোগ নিবাৰণৰ বাবে ন’ডেল বিষয়া নিযুক্ত কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ পত্ৰ প্ৰেৰণ কৰিলে শ্ৰী সন্তোষ গংগৱাৰে

কেন্দ্ৰীয় ৰাজ্যিক শ্ৰম আৰু নিয়োজন (স্বতন্ত্ৰ) মন্ত্ৰীয়ে বিভিন্ন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ কেন্দ্ৰ চৰকাৰে স্থাপন কৰা ২০টা নিয়ন্ত্ৰণ কক্ষৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ শ্ৰম বিভাগৰ পৰা ন’ডেল বিষয়া নিযুক্ত কৰিবলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰে৷

অধিক বিৱৰণৰ বাবে

'ভিড-১৯ বিৰোধী যুঁজৰ বাবে PPE আৰু অন্যান্য সামগ্রী প্ৰস্তুত সন্দৰ্ভত ৱেৱ সন্মিলনৰ আয়োজন

ভিড-১৯ বিৰোধী যুঁজত প্ৰয়োজনীয় সামগ্রীৰ ক্ৰমৱর্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি স্বদেশী উদ্যোগ প্ৰতিষ্ঠানৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰী আৰু বেচৰকাৰী খণ্ডবোৰ আগবাঢ়ি অহাটো দৰকাৰ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থাৰ সহযোগিতাত ভাৰতীয় প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ চাইটিৰ দ্বাৰা এক ৱেবিনাৰৰ আয়োজন কৰে৷

অধিক বিৱৰণৰ বাবে

২০এপ্ৰিলৰ পৰা কেতবোৰ ক্ষেত্ৰতলকডাউনশিথিল হোৱাৰ সম্ভাৱনীয়তাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক কৰ্মসূচী পুনৰাম্ভ কৰাৰ প্ৰসংগৰে ঔদ্যোগিক সংস্থাসমূহৰে আলোচনা শ্ৰী নীতিন গাডকাৰীৰ

ক্ষুদ্ৰ-লঘূ আৰু মজলীয়া উদ্যোগ’- সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে ৰপ্তানী বৃদ্ধিত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে শক্তিৰ ব্যয়, সা-সামগ্ৰীৰ যোগান আৰু পৰিবহণ-ব্যৱস্থাপনাৰ ব্যয় হ্ৰাস কৰাৰ লগতে সামগ্ৰীকভাবে উৎপাদন ব্যয় হ্ৰাস কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰি গোলকীয় বাণিজ্যিকক্ষেত্ৰৰ প্ৰতিযোগিতাত বৰ্তী থকাৰ সামৰ্থ্য অৰ্জন কৰিবলৈ উদ্যোগক্ষেত্ৰক আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

দেশৰ ভিন্ন প্ৰান্তলৈ অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী পৰিবহণৰ বাবেলাইফলাইন উড়ান’- অধীনত ২৭৪খন বিমানৰ চলাচল

ভিড-১৯ৰ বিৰুদ্ধে দেশে অব্যাহত ৰখা যুঁজত সহযোগিতা আগবঢ়াই বিভিন্ন অঞ্চললৈ অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবেলাইফলাইন উড়ানকাৰ্গো সেৱা অব্যাহত ৰখা হৈছে। এই সেৱাৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ুসেনা বাহিনীৰ লগতে একাংশ ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থাৰ মুঠ ২৭৪খন বিমান চলোৱা হৈছে। ইয়াৰে ১৭৫খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰ-ৰ। এইসমূহ বিমানে আজি পৰ্যন্ত মুঠ ৪৬৩.১৫টন পৰিমাণৰ সা-সামগ্ৰীৰ পৰিবহণ কৰিছে। এইখিনি সামগ্ৰী বিতৰণৰ বাবে বিমানসমূহে এই সময়চোৱাত মুঠ ,৭৩,২৭৫কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ-পৰিক্ৰমা সম্পূৰ্ণ কৰিবলগীয়া হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ লকডাউনৰ সময়ছোৱাত অভিলেখসংখ্যক মালবাহী পৰিবহণৰ লগতে মুকলি কৰিছে উদ্ভাৱনী চিন্তাধাৰা

৩.২ মিলিয়নতকৈও অধিক খাদ্য সামগ্ৰী ১ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিল ২০২০ তাৰিখলৈ পৰিবহণ কৰা হৈছে৷  উত্তৰৰ পৰা অন্নপূৰ্ণা ৰে’ল আৰু দক্ষিণৰ পৰা জয় কিষাণ স্পেচিয়েল ৰে’লে খাদ্য সামগ্ৰীৰ সৈতে সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰিছে৷

অধিক বিৱৰণৰ বাবে

ৰাজহুৱা বিতৰণ প্ৰণালীৰে খাদ্য-শস্যৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ পূৰ্বৰ বৰ্ষৰ তুলনাত দুগুণ খাদ্য শস্য কঢ়িয়াইছে ৰে’লৱেয়ে

২৫ মাৰ্চৰ পৰা ১৭ এপ্ৰিললৈ লকডাউনৰ সময়ছোৱাত ৪.২ মিলিয়ন টনতকৈও অধিক আৰু ১৫০০ ৰেকতকৈও অধিক খাদ্য-শস্য কঢ়িয়াইছে ৰে’লৱেয়ে৷ পূৰ্বৰ বৰ্ষত এই পৰিমাণ আছিল ২.৩১ মিলিয়ন টন৷

অধিক বিৱৰণৰ বাবে

খাদ্য সামগ্ৰীৰ জৰুৰীকালীন বিতৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ ডাক বিভাগক শ্ৰী ৰবিশংকৰ প্ৰসাদৰ নিৰ্দেশ

শ্ৰী ৰবিশংকৰ প্ৰসাদে ডাক বিভাগক খাদ্য সামগ্ৰীৰ জৰুৰীকালীন বিতৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে৷ বিভাগটোৰ কৰ্মচাৰীসকলে নিজৰ সঞ্চয়ক ধনৰ পৰা অভাৱগ্ৰস্ত লোকসকলক খাদ্য, মাস্ক আদি বিতৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

আৰচিডি, দিল্লীয়ে ৫০,০০০ পুনৰ ব্যৱহাৰযোগ্য ফেচ মাস্ক যোগান ধৰে, লকডাউনৰ সময়ছোৱাত ঘৰৰ পৰা কাম কৰা অৱস্থাত মাস্কসমূহ প্ৰস্তুত কৰা হৈছে

অধিক বিৱৰণৰ বাবে

প্ৰতিৰক্ষা খণ্ডৰ পিএছইউ, এফবিসমূহে ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ব্যৱহাৰ কৰিছে তেওঁলোকৰ সম্পদসমূহ

ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ উঠি-পৰি লাগিছে প্ৰতিৰক্ষা খণ্ডৰ পিএছইউ, অস্ত্ৰ-শস্ত্ৰ কাৰখানা ৰ্ডসমূহে (এফবি) এই পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষা উৎপাদন বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়ে তেওঁলোকৰ সম্পদ আৰু উৎসসমূহ, প্ৰযুক্তিগত জ্ঞান তথা মানৱ সম্পদসমূহ এই মাৰাত্মক ভাইৰাছবিধৰ পৰা দেশক ৰক্ষা কৰিবলৈ আগবঢ়াই দিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে CSIR-NAL প্ৰস্তুত কৰি উলিয়ালে পাৰ্ছনেল প্ৰটেক্টিভ কভাৰঅল

ক’ভিড-১৯ প্ৰতিহত কৰাৰ উদ্দেশ্যেৰে বেঙ্গালুৰুস্থিত CSIR-নেশ্যনেল এৰ’স্পেচ লেবৰেট’ৰিজ (CSIR-NAL) ৰ CSIR কনষ্টিটুৱেণ্ট পৰীক্ষাগাৰে বেঙ্গালুৰুৰেই এমএএফ ক্ল’থিং প্ৰাইভেট লিমিটেডৰ সৈতে লগলাগি প’লিপ্ৰ’পেলিন লেপনৰ কেবাটাও তৰপ থকা তথা কোনো চিলাইবিহীন এবিধ সুৰক্ষা ছ্যুট বা সামগ্ৰিক প্ৰ’টেক্টিভ কভাৰঅল পোচাক প্ৰস্তুত কৰি উলিয়াইছে। ইয়াৰ ব্যৱহাৰ ক’ভিড-১৯ প্ৰশমনৰ বাবে অহৰ্নিশে কাম কৰি থকা চিকিৎসক, নাৰ্ছ, পেৰামেডিকেল চিকিৎসাকৰ্মী আৰু অন্যান্য চিকিৎসা কৰ্মীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰি উলিওৱা হৈছে।

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ নেচনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেডে খাদ্য আৰু ঔষধৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিতৰণৰ কৰিছে

কেন্দ্ৰীয় সাৰ বিভাগৰ অধীনত নেচনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেডে (এনএফএল) ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰক সহযোগিতা আগবঢ়াই খাদ্য আৰু ঔষধ বিতৰণৰ দিশত অগ্ৰসৰ হৈছে৷ ভাটিণ্ডাৰ এনএফএলে ৩,০০০ মাস্ক ভাটিণ্ডাৰ জিলা প্ৰশাসনক যোগান ধৰিছে৷

অধিক বিৱৰণৰ বাবে

দেখো আপনা দেশ’ ৱেবিনাৰ ছিৰিজৰ সৈতে পৰ্যটন মন্ত্ৰালয়ে আজি উদযাপন কৰিলে বিশ্ব ঐতিহ্য দিবস

পৰ্যটন মন্ত্ৰালয়ে আজি এক ৱেবিনাৰ ছিৰিজৰ সৈতে বিশ্ব ঐতিহ্য দিৱস ২০২০ পালন কৰে৷ এই উপলক্ষে পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী (স্বতন্ত্ৰ) শ্ৰী প্ৰহ্লাদ সিং পেটেলে ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিক প্ৰাচীন আৰু মূল্যৱান বুলি অভিহিত কৰে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত ৩,৩২৩লৈ বৃদ্ধি পালে ক’ভিড-১৯ৰ পৰিঘটনা৷ মুম্বাইত ২০জন নৌসেনাৰ লোকৰ শৰীৰত দেখা দিছে ভাইৰাছবিধে৷
  • গুজৰাটঃ গুজৰাটত মুঠ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ১,২৭২জন৷ মৃত্যু হৈছে ৪৮জনৰ৷
  • ৰাজস্থানঃ ৯৮জন নতুন ৰোগীৰ সৈতে মুঠ ৰোগীৰ সংখ্যা ১,২২৯৷ ১৮৩জন আৰোগ্য হৈছে আৰু মৃত্যু হৈছে ১১ জনৰ৷
  • কেৰালাঃ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাই কয় যে মালাপ্পুৰমৰ পৰ্যৱেক্ষণৰ অধীনত থকা ব্যক্তিজনৰ ফলাফল ঋণাত্মক ওলাইছে৷ কালি মাত্ৰ এজন ৰোগীৰ ধনাত্মক প্ৰদৰ্শিত হোৱাৰ বিপৰীতে ১০জন ৰোগী আৰোগ্য হৈছে৷
  • তামিলনাডুঃ তামিলনাডুত ৩৬,০০০ দ্ৰুত পৰীক্ষণ কিট বিতৰণ কৰা হৈছে৷ এই পৰ্যন্ত মুঠ ধনাত্মক ৰোগীৰ সংখ্যা ১,৩২৩জন, মৃত্যু ১৫ আৰু মুকলি কৰি দিয়া হৈছে ২৮৩জনক৷
  • কৰ্ণাটকঃ মুঠ নিশ্চিত পৰিঘটনা ৩৭১জন৷ মৃত্যু ১৩ আৰু মুকলি কৰি দিয়া হৈছে ৯২জনক৷
  • অন্ধ্ৰ প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৩১টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ এই পৰ্যন্ত ধনাত্মক ৰোগীৰ সংখ্যা ৬০৩জন; মুকলি কৰি দিয়া হৈছে ৪২জনক৷ ৰেড জোনত ঘৰে ঘৰে সৰ্বেক্ষণ আৰু পৰীক্ষণ আৰম্ভ কৰা হৈছে৷
  • তেলেংগানাঃ হায়দৰাবাদত নতুনকৈ এজন আৰক্ষীৰ দেহত পোৱা গৈছে ভাইৰাছৰ উপস্থিতি৷ ‘হটস্পট’ তেলেংগানাই নাপাব পাৰে লকডাউনৰ শিথিলতাৰ সুবিধা৷ দেওবাৰে ল’ব ৰাজ্যই চূড়ান্ত সিদ্ধান্ত৷  কালিলৈকে মুঠ ধনাত্মক পৰিঘটনা ৭৬৬টা আৰু মৃত্যু ১৮৷
  • অৰুণাচল প্ৰদেশঃ অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে অসম-অৰুণাচল সীমান্তৰ বান্দৰদোৱা ভ্ৰমণ কৰি ৰাজ্যখনত প্ৰৱেশ কৰা লোকসকলৰ বাবে গ্ৰহণ কৰা নিৰীক্ষণ প্ৰক্ৰিয়াৰ খতিয়ান লয়৷
  • অসমঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা নতুনকৈ ১জন ৰোগী মুকলি হোৱা বুলি টুইট কৰে৷ ৰাজ্যখনত আৰোগ্য হৈছে মুঠ ১২জন৷
  • মেঘালয়ঃ মেঘালয়ৰ জনসাধাৰণৰ ক’ভিড-১৯ সন্দৰ্ভত জিজ্ঞাসাসমূহৰ উত্তৰ দিয়াৰ বাবে মুকলি কৰা হৈছে বহু ভাষাভিত্তিক ‘বাণী-ক’ভিড-১৯’৷
  • মণিপুৰঃ ঘৰতে থকা শিশুসকলৰ বাবে শিক্ষা বিভাগে manipureducation.gov.in ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পৰাকৈ মুকলি কৰিছে এক ক’মিক পাঠ্যপুথি৷
  • মিজোৰামঃ বেংগালুৰুত আৱদ্ধ হৈ থকা মিজো লোকসকললৈ সাহায্য প্ৰদান কৰাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷
  • চণ্ডীগড়ঃ ক্ষুধাৰ্ত লোকসকলক ৬৮,৫২৫ পেকেট ৰন্ধন খাদ্য বিতৰণ কৰা হয়৷
  • পাঞ্জাৱঃ পাঞ্জাৱ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা মুকলি কৰে৷ এই আঁচনিৰ অধীনত স্মাৰ্ট কাৰ্ড আঁচনিৰ হিতাধিকাৰীসকললৈ বিনামূলীয়াকৈ আটা আৰু দাইল যোগান ধৰা হ’ব৷

 

#ক’ভিড-১৯ৰ ফেক্ট চেক



(Release ID: 1615850) Visitor Counter : 234