PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 17 APR 2020 6:38PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

কালিৰে পৰা ১০০৭টা নতুন পৰিঘটনা আৰু ২৩টা নতুন মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ দেশত মুঠ নিশ্চিত পৰিঘটনা হ’ল ১৩,৩৮৭টা৷ ১৭৪৯জন ব্যক্তিক আৰোগ্য হোৱাৰ পিছত মুকলি কৰি দিয়া হৈছে৷ লকডাউনৰ পূৰ্বে ভাৰতৰ ডাবলিং হাৰ আছিল ৩ দিন৷ বিগত ৭ দিনৰ পৰা ডাবলিং হাৰ হৈছে ৬.২ দিন৷ মুঠ ১,৯১৯টা সুবিধা কেন্দ্ৰত ১,৭৩,৭৪৬ আচুতীয়া বিচনা আৰু ২১,৮০৬খন আইচিইউ বিচনা উপলব্ধ হৈছে৷

অধিক বিৱৰণৰ বাবে

মন্ত্ৰীগোটে পুনৰীক্ষণ কৰিলে ক’ভিড-১৯ ব্যৱস্থাপনাৰ শেহতীয়া স্থিতি আৰু কাৰ্যাৱলী

মন্ত্ৰীগোটে ক’ভিড-১৯ৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণৰ বিশদ বিৱৰণ দাঙি ধৰে৷ তেওঁলোকে শেহতীয়া স্থিতি, সামাজিক ব্যৱধানৰ কৌশল আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্যাৱলীসমূহৰ পুনৰীক্ষণ কৰে৷

অধিক বিৱৰণ বাবে

আৰ্তজনক সাহায্য প্ৰদান আৰু বিত্তীয় সুস্থিৰতা বৰ্তাই ৰখাৰ বাবে আৰবিআইয়ে ঘোষণা কৰিছে বিভিন্ন পদক্ষেপ; ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক ক’ভিড-১৯ ব্যৱস্থাপনাৰ বাবে ঋণৰ আবেদন কৰিবলৈ অনুমতি

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসে আজি জৰ্জৰিত ঘৰুৱা অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৯টা বিশেষ পদক্ষেপৰ বিষয়ে ঘোষণা কৰে৷ তেওঁ কয় যে পৰ্যাপ্ত তাৰল্য বৰ্তাই ৰখাৰ বাবে অতিৰিক্ত পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ তেওঁ ইয়াকো কয় যে এই মহামাৰী বিধৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ তেওঁলোকে পাৰ্যমানে সকলো ধৰণৰ প্ৰয়াস কৰিব৷

অধিক বিৱৰণৰ বাবে

আৰবিআইয়ে আজি ঘোষণা কৰা উপায়সমূহক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা; এই পদক্ষেপৰ দ্বাৰা তাৰল্য আৰু ঋণ যোগান বৃদ্ধি বঃ প্ৰধানমন্ত্ৰী

অধিক বিৱৰণৰ বাবে

কেবিনেট সচিবৰ সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে সুৰক্ষা, আশ্ৰয় আৰু খাদ্য নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান

ভাৰত চৰকাৰে লকডাউনৰ সময়ছোৱাত প্ৰব্ৰজিত শ্ৰমিকসকলৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই সন্দৰ্ভত কেবিনেট সচিবে প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে গৃহ মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনাসমূহৰ পূৰণৰ নিশ্চিতিৰ বাবে আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰে৷

অধিক বিৱৰণ বাবে

ভিড-১৯ৰ বাবে প্ৰযোজ্য লকডাউনৰ নিষেধাজ্ঞাৰ পৰা ক্ষুদ্ৰ বনজ উৎপাদন, শস্য ৰোপণ, এনবিএফচি, সমবায় ঋণ চাইটি আৰু গ্ৰামীণ এলেকাত নিৰ্মাণ কৰ্মক ৰেহাই দিবলৈ আদেশ পত্ৰ জাৰি কৰিলে গৃহ মন্ত্ৰালয়ে

গৃহ মন্ত্ৰালয়ে ভিড-১৯ৰ বাবে প্ৰযোজ্য ৰাষ্ট্ৰজোৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত সন্মিলিত সংশোধিত নিৰ্দেশনাৱলীৰ অধীনত কিছুমান বিশেষ ক্ষেত্ৰক ৰেহাই দিয়াৰ বাবে এক আদেশ পত্ৰ জাৰি কৰিছে৷

অধিক বিৱৰণৰ বাবে

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা আৰু বিত্তীয় কমিটী(আইএমএফচি) পূৰ্ণাংগ বৈঠকত ভিডিঅকনফাৰেন্সযোগে ভাগ লে নিৰ্মলা সীতাৰমণে

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি(আইএমফ) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা আৰু বিত্তীয় কমিটী(আইএমএফচি) মন্ত্ৰী পৰ্যায়ৰ কমিটীৰ পূৰ্ণাংগ বৈঠকত ভিডিঅকনফাৰেন্সযোগে ভাগ লয়৷ সভাত আইএমএফৰ বিশ্বস্তৰীয় নীতিৰ ভিত্তিত আজিৰ আলোচনাৰ বিষয় আছিল, “ব্যতিক্ৰমী সময়-ব্যতিক্ৰমী কাম বৈঠকত আইএমএফচিৰ সদস্যসকলে ভিড-১৯ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে কমিটীৰ সৈতে তথ্যৰ আদান-প্ৰদান কৰে৷ তদুপৰি, এই সংকটকালত সদস্য দেশসমূহৰ ধনৰ প্ৰয়োজন অনুসৰি আইএমএফৰ সংকট মোকাবিলা পেকেজৰ সন্দৰ্ভতো আলোচনা কৰা হয়৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত পিএমউফৱাই হিতাধিকাৰীলৈ এই পৰ্যন্ত .৫১ কোটিতকৈও অধিক বিনামূলীয়া এলপিজি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে

এই মাহত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত পিএমইউৱাই হিতাধিকাৰীলৈ .৫১ কোটিতকৈও অধিক বিনামূলীয়া এলপিজি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে৷ পিএমজিকেৱাই আঁচনিৰ অধীনত পিএমইউৱাই হিতাধিকাৰীলৈ এপ্ৰিলৰ পৰা জুন ২০২০লৈ ৩টা চিলিণ্ডাৰ বিনামূলীয়াকৈ যোগানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তৈল বিপণন উদ্যোগসমূহে প্ৰতিদিনে ৫০ৰ পৰা ৬০ লাখ চিলিণ্ডাৰ বিতৰণ কৰি আছে পিএমইউৱাই হিতাধিকাৰীৰ বাবে প্ৰায় ১৮ লাখ বিনামূলীয়া চিলিণ্ডাৰো অন্তৰ্ভুক্ত আছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী আৰু ভূটানৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুটানৰ প্ৰধানমন্ত্ৰী . লোটেছিৰিংৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সাম্প্ৰতিক ভিড-১৯ সংক্ৰান্তীয় আঞ্চলিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে আৰু এই ৰোগৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰিবৰ বাবে দুয়োখন চৰকাৰে নিজ নিজ দেশত গ্ৰহণ কৰা পদক্ষেপ সমূহ সন্দৰ্ভত পৰস্পৰে অৱগত কৰে৷

অধিক বিৱৰণৰ বাবে

জৰ্দানৰ হাছেমিটে সাম্ৰাজ্যৰ ৰজাৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৰ্দানৰ হাছেমিটেসাম্ৰাজ্যৰ ৰজা আব্দুল্লা দ্বিতীয়ৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে৷ ক’ভিড-১৯ মহামাৰীৰ বাবে সমগ্ৰ দেশতে সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতি সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনা কৰে আৰু এই ৰোগৰ সংক্ৰমণ ৰোধ কৰা আৰু ইয়াৰ প্ৰভাৱ সীমিত কৰিবৰ বাবে গ্ৰহণ কৰি বিভিন্ন পদক্ষেপ সন্দৰ্ভত পৰস্পৰে অৱগত কৰে। প্ৰয়োজনীয় যোগান উপলব্ধ কৰাৰ জৰিয়তে আৰু তথ্য বিনিময় আৰু ইয়াৰ ব্যৱহাৰৰ যোগেদি দুয়োখন দেশেই পৰস্পৰে পৰস্পৰক সহায় কৰা বিষয়ত সহমত পোষণ কৰে।

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত খাদ্যসামগ্ৰীৰ পৰিবহণ সুবিধা উপলব্ধ কৰিবলৈ কৃষি মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমাৰে ‘কিষাণ ৰথ’ মোবাইল এপ মুকলি কৰে

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমাৰে আজি কৃষি ভৱনত এনআইচিয়ে প্ৰস্তুত কৰা এক কৃষি অনুকুল মোবাইল এপলিকেচন মুকলি কৰে৷ ইয়াৰ সহায়ত কৃষক আৰু ব্যৱসায়ীয়ে কৃষি আৰু উদ্যান শস্যৰ উৎপাদিত সামগ্ৰীৰ প্ৰাথমিক আৰু লঘু পৰিবহণৰ বাবে বাহনৰ সন্ধান কৰিব পাৰিব৷ প্ৰাথমিক পৰিবহনে ফাৰ্মৰ পৰা হাট-বজাৰ, এফপিঅসংগ্ৰহ কেন্দ্ৰ আৰু ৱেৰহাউচ আদিলৈ অহা-যোৱাক সাঙুৰি লয়৷ একেদৰে, লঘু পৰিবহণে হাট-বজাৰৰ পৰা ৰাজ্যিক আৰু আন্তঃৰাজ্যিক বজাৰ, প্ৰস্তুত কেন্দ্ৰ, ৰেলৱেষ্টেচন, ৱেৰহাউচ আৰু পাইকাৰী বিক্ৰেতা আদিক সাঙুৰি লয়৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ত ২৪৭ খন লাইফলাইন উড়ান বিমানে সমগ্ৰ দেশতে যোগান ধৰিলে ৪১৮ টন চিকিৎসা সামগ্ৰী

লাইফলাইন উড়ানৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ু সেনা আৰু ব্যক্তিগত পৰিবহন সংস্থাসমূহে মুঠ ২৪৭ খন বিমান চলাই আছে ইয়াৰে ১৫৪ খন বিমান চলাই আছে এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে এই বিমানসমূহে এই পৰ্যন্ত পৰিবহণ কৰোৱা সামগ্ৰীৰ পৰিমাণ ৪১৮ টন আজিলৈ এই লাইফলাইন উড়ান বিমানসমূহে সামৰি লোৱা দূৰত্ব হৈছে .৪৫ লাখ কিলোমিটাৰ৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশতে খাদ্য-দ্ৰব্যৰ যোগান গড় হিচাপৰ দুগুণৰো অধিক কৰিলে এফচিআই-য়ে

এই সময়চোৱাতএফচিআই-য়ে ১৩৩৫খন ৰেলগাড়ীৰ জৰিয়তে খাদ্য সামগ্ৰীৰ ভাণ্ডাৰ ৰাহি হৈ থকা ৰাজ্যসমূহৰ পৰা আন ৰাজ্যলৈ অভিলেখ পৰিমাণৰ .৭৪ নিযুত মেট্ৰিক টন খাদ্য সামগ্ৰী কঢ়িয়াই নিবলৈ সক্ষম হয় এই পৰিসৰৰ খাদ্য-দ্ৰব্যৰ সঞ্চালন কৰিবলৈ যাওতে নিগমটোৱে প্ৰতিদিনে গড়ে .৭লাখ মেট্ৰিক টন পৰিমাণৰ খাদ্য-দ্ৰব্যৰ সঞ্চালন কৰিছিল এয়া আছিল নিগমৰ নিয়মীয়া গড় সঞ্চালন প্ৰায় .৮লাখ মেট্ৰিক টন/প্ৰতিদিনৰ দুগণৰো অধিক এই একেচোৱা সময়ত লক্ষ্য নিৰ্দ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনস্থ হিতাধিকাৰীসকলৰ মাজত বিতৰণৰ বাবে প্ৰেৰণ কৰা .৩৪নিযুত মেট্ৰিক টন পৰিমাণৰ খাদ্য সামগ্ৰীৰ ভাণ্ডাৰ উপভোক্তা ৰাজ্যসমূহত মজুত কৰাৰো কাম সম্পন্ন কৰে নিগমটোৱে৷

অধিক তথ্যৰ বাবে

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা পেকেজৰ অংশস্বৰূপে ১৫ দিনত ইপিএফঅৱে .৩১লাখ দাবী নিষ্পত্তি কৰে

এই আঁচনি মুকলি হোৱাৰে পৰা মাত্ৰ ১৫দিনত ইপিএফঅৱে .৩১লাখ দাবী নিষ্পত্তিৰে মুঠ ৯৪৬.৪৯কোটি ধন বিতৰণ কৰিছে৷ ইয়াৰ উপৰি, এই আঁচনিৰ অধীনত ৰাহিপ্ৰাপ্ত পিএফ ন্যাসৰদ্বাৰা অতিৰিক্তভাৱে ২৮৪কোটি টকা বিতৰণ কৰা হৈছে, যাৰ ভিতৰত টিচিএছৰ নাম উল্লেখনীয়৷  সংকটৰ সময়ত ইপিএইঅইয়াৰ সদস্যসকলক সহায় কৰিবলৈ সংকল্পবদ্ধ আৰু জটিল পৰিস্থিতি স্বত্তেও ইপিএফঅকাৰ্যালয়সমূহ জৰুৰী সেৱাৰ বাবে খোলা ৰখা হৈছে৷ এই সুবিধাসমূহ অনলাইনত উপলব্ধ হোৱাৰ বাবে অভাৱগ্ৰস্তসকলে লকডাউনৰ সময়ছোৱাত অধিক সহায় লাভ কৰিছে৷

অধিক বিৱৰণ বাবে

ভিড-১৯ প্ৰতিহত কৰিবলৈ সশস্ত্ৰ বাহিনী মেডিকেল সেৱাৰ কাৰ্যাৱলীৰ পৰ্যালোচনা কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে সশস্ত্ৰ বাহিনী মেডিকেল সেৱাৰ বিভিন্ন কাৰ্যাৱলী তথা তেওঁলোকে সাধাৰণ ৰাইজক কেনেদৰে সহায় কৰিছে এই আটাইবোৰ দিশ পৰ্যালোচনাৰ বাবে আজি আয়োজিত এক বৈঠকত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷

অধিক বিৱৰণৰ বাবে

ডিআৰডিঅ’ই ক’ভিড-১৯ বীজাণুনাশকৰণ প্ৰক্ৰিয়া সমৰ্থিত দুটা নতুন সামগ্ৰী মুকলি কৰিলে

ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ ডিআৰডিঅ’ নিৰৱচ্ছিন্নভাৱে বিভিন্ন সমাধানসূচক সামগ্ৰী নিৰ্মাণ কৰি আহিছে৷ আজি ডিআৰডিঅ’ই ৰাজহুৱা স্থানত ব্যৱহাৰ কৰিব পৰাকৈ দুটা নতুন সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতৰ ছফ্টৱেৰ টেকনলজী পাৰ্ক’(এছটিপিআই)সমূহৰ পৰা কাম-কাজ পৰিচলনা কৰা তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক মাহৰ ভাড়া ৰেহাইৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

ভাৰত চৰকাৰৰ ‘ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে’ গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি দেশৰ ‘এছটিপিআই’সমূহত থকা এই তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক ০১-০৩-২০২০ৰ পৰা ৩০-০৬-২০২০পৰ্যন্ত অৰ্থাত ৪ মাহৰ বাবে ভাড়া ৰেহাই দিয়া হ’ব। এনেদৰে ৰেহাই দিয়া ভাড়াৰ মুঠ পৰিমাণ প্ৰায় ৫কোটি টকা হ’ব। এই সিদ্ধান্তই তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক প্ৰত্যক্ষ ভাবে সহায় কৰাৰ উপৰি এইসমূহ প্ৰতিষ্ঠানত কাম কৰি থকা প্ৰায় ৩০০০গৰাকী কৰ্মচাৰীকো উপকৃত কৰিব।

অধিক তথ্যৰ বাবে

গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনত ৰূপায়ণ হোৱা সকলো ধ্বজাবাহী আঁচনিৰ সবিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিলে গ্ৰামোন্নয়ন, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে

পিএমএৱাইৰ(জি)ৰ দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন লাভ কৰা ৪০লাখ হিতাধিকাৰীক তেওঁলোকৰ আবাসসমূহ সম্পূৰ্ণ কৰিব পৰাকৈ তাৎক্ষণিকভাৱে বাকী ধন প্ৰদান কৰিবলৈ পৰামৰ্শ টোমৰৰ৷

মন্ত্ৰী টোমৰে মহাত্মা গান্ধী নিয়োগ নিশ্চিতকৰণ আঁচনি(এমজিএনআৰইজিএছ) অধীনত ২০১৯-২০২০ত বিত্তীয় বৰ্ষৰ লগতে ২০২০-২০২১ বৰ্ষৰ প্ৰথম পষেকৰ বাবে দিবলৈ থকা মজুৰি আৰু সামগ্ৰীৰ বাবদ ,৩০০ কোটি টকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক মুকলি কৰি দিয়াৰ বাবে বিষয়াসকলক প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

দূৰদৰ্শন আৰু ৰেডিঅ’ত সম্প্ৰচাৰিত হৈছে শৈক্ষিক কাৰ্যসূচী/ভাৰ্চুৱেল শ্ৰেণী কোঠা

ভাৰতৰ ৰাজহুৱা সম্প্ৰচাৰক দূৰদৰ্শন আৰু ৰেডিঅ’ই লকডাউনৰ মাজতে শিক্ষাৰ্থীসকলক সহায়ৰ দিশত অগ্ৰসৰ হৈছে৷ বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহৰ সহযোগিতাত দূৰদৰ্শন আৰু ৰেডিঅ’ই ভাৰ্চুৱেল শ্ৰেণী কোঠা আৰু অন্যান্য শৈক্ষিক কাৰ্যসূচী তেওঁলোকৰ আঞ্চলিক চেনেলসমূহ আৰু ইউটিউবৰ জৰিয়তে সম্প্ৰচাৰ কৰি আছে৷

অধিক বিৱৰণ বাবে

লকডাউনৰ সময়ছোৱাত সাধাৰণ লোকৰ সাহাযাৰ্থে অগ্ৰসৰ হৈছে পথ পৰিবহণ বিভাগ

ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়ছোৱাত সাধাৰণ লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে৷ প্ৰধানমন্ত্ৰীয়ে লকডাউন বৃদ্ধি কৰা ঘোষণাৰ পিছত তেওঁলোকে নিজৰ কৰ্মী/শ্ৰমিক আৰু সাধাৰণৰ জনতাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে৷

অধিক বিৱৰণৰ বাবে

২ ঘণ্টাতে ক’ভিড-১৯ৰ নিশ্চিত পৰীক্ষণৰ ফলাফল সম্ভৱ কৰি তুলিলে চিত্ৰাজিনলেম্প-এনে 

ছাৰ্চ-চিঅ’ভি২ৰ এন জিন নিৰ্ধাৰণ কৰিব পৰা নিশ্চিত চিকিৎসা য’ত ভাইৰেল নিউক্লিয়েক এচিড (আৰটি-লেম্প)ৰ বিপৰীত ট্ৰেন্সক্ৰিপ্টেছ লুপ-মেডিয়েটেড এম্প্লিফিকেচন পদ্ধতি ব্যৱহাৰ হয়, ই বিশ্বৰ ভিতৰতে এনে শ্ৰেণীৰ ভিতৰত সৰ্বপ্ৰথম৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অৰুণাচল প্ৰদেশঃ ৰাজধানী ইটানগৰত আৱদ্ধ হৈ থকা ৰোগীসমূহক গৃহ জিলালৈ স্থানান্তৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা
  • অসমঃ  দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলৰ সহায়ৰ  থকা হেল্পলাইন নম্বৰত পঞ্জীভুক্ত হৈছে ৪ লাখতকৈও অধিক পৰিয়ালৰ ফোনকল, অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে
  • মেঘালয়ঃ শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া আৰ্মী নিয়োজন ৰে’লী ৫-৮ অক্টোবৰলৈ বাতিল কৰা হৈছে৷
  • মণিপুৰঃ তামেংগ্লং জিলাৰ জিলা উপায়ুক্তই দুপৰীয়া ১.৩০ বজাৰ পৰা সন্ধিয়া ৪.৩০ বজালৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ খোলাৰ বাবে অনুমতি প্ৰদান কৰিছে৷
  • নাগালেণ্ডঃ প্ৰথমজন ক’ভিড-১৯ ৰোগীৰ সংস্পৰ্শলৈ অহা ১৪০জনৰ ভিতৰত ১০০জন ফলাফল ঋণাত্মক৷ ৪০টা নমুনাৰ ফলাফল ওলোৱা নাই৷
  • ত্ৰিপুৰাঃ ২৫,০২৫ লোকক সাহায্যৰ বাবে ২.৮৫ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে৷
  • কেৰালাঃ মুখ্য নিৰ্বাচনী বিষয়াই কয় যে কুট্টানাড় আৰু ছাৱাড়াৰ উপ নিৰ্বাচন লকডাউনৰ ফলত অনুষ্ঠিত নহ’বও পাৰে৷ শ্ৰীচিত্ৰা ইন্সটিটিউটে দ্ৰুত পৰীক্ষণ কিট নিৰ্মাণ কৰিছে৷ কালিৰে পৰা ৭টা নতুন পৰিঘটনা আৰু ২৭জন আৰোগ্য হৈছে৷ এই পৰ্যন্ত মুঠ পৰিঘটনা ৩৯৪; আৰোগ্য ২৪৫; সক্ৰিয় পৰিঘটনা ১৪৭৷
  • তামিলনাডুঃ ৩২জন লোক আৰোগ্য হোৱাৰ পিছত তেওঁলোকক এমজিএম চৰকাৰী চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে৷ ৰাজ্যই লাভ কৰিছে ২৪,০০০টা দ্ৰুত পৰীক্ষণ কিট৷ ৰাজ্যখনত গ্ৰামীণ পথ নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ মুঠ পৰিঘটনা ১২৬৭; মৃত্যু ১৫; মুকলি কৰি দিয়া হৈছে ১৮০৷
  • কৰ্ণাটকঃ আজি ৩৮টা নতুন পৰিঘটনা নিশ্চিত হৈছে৷ মুঠ মৃত্যু ১৩; মুকলি কৰি দিয়া হৈছে ৮২জনক৷ মুঠ নিশ্চিত পৰিঘটনা ৩৫৩৷
  • অন্ধ্ৰ প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৩৮টা নতুন পৰিঘটনাৰ জৰিয়তে মুঠ পৰিঘটনা ৫৭২টা৷ আৰোগ্য হৈছে ৩৫জন, মৃত্যু ১৪৷ দক্ষিণ কোৰিয়াৰ পৰা ১ লাখ দ্ৰুত পৰীক্ষণ কিট ক্ৰয়৷
  • তেলেংগানাঃ নিজামাবাদৰ এজন লোক ছৌদি আৰৱত ঢুকাইছে৷ সূৰ্যপেটত ৫টা নতুন পৰিঘটনা৷
  • মহাৰাষ্ট্ৰঃ মুঠ ধনাত্মক পৰিঘটনা ৩,২৩৬টা৷ মুঠ ২৯৫ লোক আৰোগ্য, ১৯৪জনৰ মৃত্যু৷
  • গুজৰাটঃ শুকুৰবাৰে ৰাতিপুৱা মুঠ ১,০২১টা ধনাত্মক পৰিঘটনাৰ সংখ্যা প্ৰতিবেদিত হয়৷ ৰাজ্যই ক’ভিড-১৯ৰ ৰোগীৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে কনভালছেণ্ট প্লাজমা থেৰাপী আৰম্ভ কৰিবলৈ আইচিএমআৰৰ পৰা অনুমতি বিচাৰিছে৷  
  • ৰাজস্থানঃ আজি ৩৪টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ লগতে মুঠ ১১৬৯টা পৰিঘটনা৷
  • মধ্য প্ৰদেশঃ ২২৬টা নতুন ধনাত্মক পৰিঘটনাৰ সৈতে মুঠ ১,১৬৪টা পৰিঘটনা৷
  • চণ্ডীগড়ঃ প্ৰশাসনে আৰোগ্য সেতু এপ ডাউনলোড কৰিবলৈ আহ্বান জনাইছে৷ ক্ষুধাৰ্ত লোকসকলক খাদ্য বিতৰণ কৰিবলৈ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷
  • পাঞ্জাৱঃ লকডাউনৰ সময়ছোৱাত চিকিৎসা আৰু উদ্বেগজনিত কাৰণসমূহৰ বাবে নাগৰিকলৈ ১৮০০১৮০৪১০৪ হেল্পলাইন নম্বৰ মুকলি কৰিছে৷

 

#ক’ভিড-১৯ৰ ফেক্ট চেক



(Release ID: 1615487) Visitor Counter : 218