প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিভিন্ন উৎসৱ উপলক্ষে ৰাষ্ট্ৰবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

Posted On: 14 APR 2020 10:20AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উৎসৱ উপলক্ষে ৰাষ্ট্ৰবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘ভাৰতৰ জনসাধাৰণক উদযাপিত উৎসৱসমূহৰ বাবে শুভেচ্ছা যাচিছোঁ৷ এই উৎসৱসমূহে যাতে আমাপ ভ্ৰাতৃত্ববোধৰ এনাজৰীডাল অধিক সুদৃঢ় কৰি তোলে৷ উৎসৱসমূহে যাতে আপোনালোকলৈ আনন্দ আৰু সুস্বাস্থ্য বৰ্তাই ৰাখে তাৰে কামনা কৰিছো৷ আগন্তুক সময়ছোৱাত যাতে আমি ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি পাও৷

শুভৱ নৱবৰ্ষ! পহিলা বৈশাখ উপলক্ষে শুভেচ্ছা থাকিল৷ আগন্তুক বৰ্ষটোৱে যাতে সকলোলৈ সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনে৷

সকলোলৈ বিশুৰ শুভেচ্ছা যাচিলো৷ নতুন বৰ্ষই নতুন আশা আৰু নতুন শক্তি কঢ়িয়াই আনে৷ আগন্তুক বৰ্ষটোৱে যেন সকলোৰে জীৱনলৈ সুস্বাস্থ্য কঢ়িয়াই আনে৷

সকলোকে পুথাণ্ডুৰ শুভেচ্ছা যাচিছোঁ৷ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো৷

ব’হাগ বিহু উপলক্ষে সকলোকে শুভেচ্ছা যাচিছোঁ৷’’

**

VRRK/SH/MANN



(Release ID: 1614227) Visitor Counter : 82