ভাৰতীয় নিৰ্বাচন আয়োগ

ক’ভিড-১৯ৰ সাহায্য পুঁজিলৈ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তই এবছৰলৈ মূল বেতনৰ ত্ৰিছ শতাংশ আগবঢ়াব

Posted On: 13 APR 2020 12:18PM by PIB Guwahati

সম্প্ৰতি সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষও ক’ভিড-১৯ মহামাৰীৰ সৈতে যুঁজিবলগীয়া হৈছে৷ এই সংকটৰ সময়ত চৰকাৰে অন্যান্য সংস্থাৰ সৈতে ঐক্যবদ্ধ হৈ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ যৎপৰোনাস্তি প্ৰয়াস অব্যাহত ৰাখিছে আৰু জনস্বাস্থ্য তথা অৰ্থনীতিৰ ওপৰত ইয়াৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা হাতত লৈছে৷ এই ব্যৱস্থাসমূহ কাৰ্য়ৰূপায়নৰ বাবে চৰকাৰক এতিয়া বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হৈছে, যাৰ বাবে সকলো স্তৰৰ জনসাধাৰণে নিজৰ নিজৰ সাধ্য অনুসৰি অনুদান আগবঢ়াই চৰকাক সহায় কৰিছে৷

ইয়াৰ অংশস্বৰূপে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী সুনীল আৰোৰা আৰু নিৰ্বাচন আয়ুক্ত শ্ৰী অশোক লাভাছা আৰু শ্ৰী সুনীল চন্দ্ৰই ১ এপ্ৰিল,২০২০ৰ পৰা কাৰ্যকৰী অহা এবছৰলৈ নিৰ্বাচন আয়োগৰ পৰা মূল বেতনৰ ত্ৰিছ শতাংশ স্বেচ্ছাই ত্যাগ কৰিব৷ এইদৰে তেওঁলোকে ক’ভিড-১৯ সাহায্য পুঁজিলৈ সহায়ৰ হাত আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷

SBS/MS



(Release ID: 1613997) Visitor Counter : 237