PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 07 APR 2020 6:39PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা ভিড-১৯ সন্দৰ্ভত আপডেট

 

এই পৰ্যন্ত দেশত ৪৪২১টা ক’ভিড-১৯ৰ নিশ্চিত পৰিঘটনা আৰু ১১৭টা মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ৩২৬জনক সুস্থ হোৱাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছে৷ ক’ভিড-১৯ৰ ৰোগীক উপযুক্ত উৎসৰ্গতি সুবিধা আগবঢ়াবলৈ বিভিন্ন শাখাত তিনি প্ৰকাৰৰ নিৰ্ণয়কাৰী ব্যৱস্থা স্থাপন কৰা হ’ব৷

অধিক বিৱৰণৰ বাবে

ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুইডেনৰ প্ৰধানমন্ত্ৰী ষ্টীফেন ল’ফভেনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ বিষয়ে আলোচনা কৰাৰ লগতে দুয়োখন দেশত স্বাস্থ্য আৰু অৰ্থনীতিৰ প্ৰতিকূল পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বিষয়েও আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বাৰ্তা

অধিক বিৱৰণৰ বাবে

ওমানৰ চুলতানৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ সৈতে টেলিফোনেৰে বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে৷ এই সংকটৰ সময়ছোৱাত দুয়োগৰাকী নেতাই পৰস্পৰে পৰস্পৰক সাম্ভাৱ্য সহায়-সহযোগিতা আগবঢ়াব বুলি মত পোষণ কৰে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী আৰু বাহৰেইনৰ ৰজাৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাহৰেইনৰ ৰজা হামাদ বিন ইছা আল খালিফাৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ ফলত উদ্ভৱ হোৱা স্বাস্থ্য সংকট, লজিষ্টিক শৃংখলা তথা বিত্তীয় বজাৰৰ বিষয়ে পৰ্যালোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰীয় উদ্যান/বন্যপ্ৰাণী ক্ষেত্ৰ/ব্যাঘ্ৰ সংৰক্ষিত এলেকাত ভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে পৰামৰ্শাৱলী

দেশত ভিড-১৯ ব্যাপক সংক্ৰমণ আৰু নিউয়ৰ্কত এটা বাঘ ভিড-১৯ আক্ৰান্ত হোৱাৰ শেহতীয়া বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় উদ্যান/বন্যপ্ৰাণী ক্ষেত্ৰ/ব্যাঘ্ৰ সংৰক্ষিত এলেকাত  ক’ভিড-১৯ ব্যৱস্থাপনা আৰু প্ৰতিৰোধ সন্দৰ্ভত এক পৰামৰ্শাৱলী প্ৰকাশ কৰিছেৰাষ্ট্ৰীয় উদ্যান/বন্যপ্ৰাণী ক্ষেত্ৰ/ব্যাঘ্ৰ সংৰক্ষিত এলেকাত থকা বন্যপ্ৰাণীবোৰৰ মাজত এই ৰোগবিধ সংক্ৰমণ হ’ব পৰা সম্ভাৱনীয়তা আৰু মানুহৰ পৰা জন্তুলৈ অথবা জন্তুৰ পৰা মানুহলৈ এই ৰোগ সংক্ৰমণৰ কথা চিন্তা কৰিয়েই এই পৰামৰ্শাৱলী জাৰি কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

নিউয়ৰ্কত এটা বাঘ ভিড-১৯ত আক্ৰান্ত বুলি প্ৰমাণিত হোৱাৰ পাছতে ভাৰতৰ চিৰিয়াখানাসমূহকো সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ালে কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণে

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণে দেশৰ সকলো চিৰিয়াখানাক সতৰ্ক হৈ থকাৰ লগতে চিচিটিভৰ জৰিয়তে ২৪ ঘণ্টাই জীৱ-জন্তুসমূহে কোনো অস্বাভাৱিক আচৰণ বা লক্ষণ কৰে নেকি নিৰীক্ষণ কৰাৰ পৰামৰ্শ দিছে৷ তদুপৰি, কোনো ৰখীয়া বা তত্ত্বাৱধায়ক ব্যক্তিগত সুৰক্ষা সঁজুলি(পিপিই) অবিহনে আৱেষ্টনী নোযোৱা, ৰুগীয়া জীৱ-জন্তুক আছুতীয়া আৰু কোৱাৰেণ্টাইত ৰখা আৰু জীৱ-জন্তুক আহাৰ দিয়াৰ সময়ত দুৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

জাহাজ পৰিবহণ মন্ত্ৰালয়ে দেশত ক’ভিড-১৯ৰ বাবে বলৱৎ লকডাউনৰ পৰিস্থিতিত সামগ্ৰীসমূহৰ সুচল পৰিবহণ গ্ৰহণ কৰিছে বিশেষ ভূমিকা

মাৰ্চৰ পৰা এপ্ৰিললৈ প্ৰধান বন্দৰসমূহত মুঠ সামগ্ৰীৰ পৰিবহণত ০.৮২%ৰ উত্তৰণ হৈছে৷ প্ৰধান বন্দৰসমূহত ৪৬,০০০ত কৈও অধিক কৰ্মচাৰী/যাত্ৰীৰ থাৰ্মেল স্কেন কৰা হৈছে৷ বিভিন্ন ধৰণৰ মাচুল ৰেহাই দিয়া হৈছে৷ বন্দৰসমূহত ক’ভিড-১৯ৰ বাবে চিকিৎসালয় প্ৰস্তুত কৰি তোলা হৈছে৷

অধিক বিৱৰণৰ বাবে

লাইফলাইন উড়ান বিমানে যোৰহাট, লেংপুই, ডিমাপুৰ, ইম্ফলকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য স্থানসমূহলৈ কঢ়িয়াইছে চিকিৎসা সঁজুলি

১৫২খন কাৰ্গ’ বিমানে আজিৰ তাৰিখ পৰ্যন্ত দেশৰ বিভিন্ন স্থানলৈ চিকিৎসা সঁজুলিসমূহ কঢ়িয়াইছে৷ এই ক্ষেত্ৰত দূৰ্গম আৰু পাহাৰীয়া এলেকাসমূহক অধিক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯: স্মাৰ্ট চিটীসমূহত চৰকাৰে সহযোগিতা স্থাপন কৰিছে চিকিৎসা কৰ্মীসকলৰ সৈতে

স্মাৰ্ট চিটীসমূহে ক’ভিড-১৯ৰ সন্দেহযুক্ত পৰিঘটনা নিৰীক্ষণ কৰাৰ বাবে জিলা প্ৰশাসন, জিলা আৰক্ষী আৰু নগৰ প্ৰশাসনৰ সৈতে সহযোগিতা স্থাপনৰ নিশ্চিতি প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

ইন-হাউচ পিপিই নিৰ্মাণৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে আগবাঢ়িছে ভাৰতীয় ৰে’লৱেয়ে

ভাৰতীয় ৰেলৱে’ই যুদ্ধকালীন তৎপৰতাৰে প্ৰতিষ্ঠানৰ আভ্যন্তৰীণ পিপিই উৎপাদনৰ কাম আৰম্ভ কৰিছে৷ জাগাধাৰী ৱৰ্কশ্ব’পে উৎপাদন কৰা এনে পিপিইক শেহতীয়াকৈ ডিআৰডিঅ’ লেবৰেট’ৰীয়ে ব্যৱহাৰৰ উপযোগী বুলি ঘোষণা কৰিছে৷ এই অনুমোদিত ডিজাইন আৰু সামগ্ৰীসমূহ এতিয়া বিভিন্ন মণ্ডলৰ ৱৰ্কশ্ব’পসমূহত কৰ্মৰত কৰ্মীসকলৰ বাবে ব্যৱহৃত হ’ব৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ লকডাউনৰ মাজতে ২৪ মাৰ্চৰ পৰা বিগত ১৪ দিনত সমগ্ৰ দেশজুৰি ৬৬২ ৰেকত প্ৰায় ১৮.৫৪ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী সৰবৰাহ কৰিছে এফচিআয়ে

সমগ্ৰ দেশত প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা(পিএমজিকেএৱাই) ৰূপায়ণেৰে সকলো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এনএফএছএ)ৰ হিতাধিকাৰীক অহা তিনিমাহলৈ প্ৰতিজন ব্যক্তিৰ বিপৰীতে প্ৰতিমাহত ৫ কিলোগ্ৰামকৈ খাদ্য সামগ্ৰী বিনামুলীয়াকৈ যোগানৰ বাবে ভাৰতীয় খাদ্য নিগমে প্ৰতিখন ৰাজ্যত পৰ্যাপ্ত পৰিমাণে সামগ্ৰী মজুতত বাবে প্ৰেৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ তথা আসন্ন ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ বাবে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে মুকলি কৰি ‘সমাধান’

মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ উদ্ভাৱন গোট আৰু অল ইণ্ডিয়া কাউন্সিল ফ’ৰ টেকনিকেল এডুকেচনে ফ’ৰ্জ আৰু ইনভেচিঅ’ কিউৰিছৰ সহযোগত শিক্ষাৰ্থীসকলৰ উদ্ভাৱনী মানসিকতা পৰীক্ষণৰ বাবে ‘সমাধান’ শীৰ্ষক এক মেগা অনলাইন প্ৰতিযোগিতা মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ বিৰুদ্ধে চলি থকা যুঁজত জনসাধাৰণলৈ সহায়ৰ হাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ

সমগ্ৰ দেশেই ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯) ৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম চলাই থকাৰ সমান্তৰালকৈ স্থলসেনা, নৌসেনা আৰু বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীসকলে স্বেচ্ছাই নিস্বাৰ্থভাৱে অসামৰিক প্ৰশাসনলৈ নিজৰ সেৱা আৰু সহায়ৰ হাত আগবঢ়াইছে।

অধিক বিৱৰণৰ বাবে

লকডাউনৰ পাছৰ ৰোডমেপ প্ৰস্তুত কৰাৰ বেলিকা স্বাস্থ্য সম্পৰ্কীয় দিশবোৰ অৰ্থনীতিতকৈও চিন্তাৰ বিষয় বুলি লে উপ-ৰাষ্ট্ৰপতিয়ে

ৰোনা ভাইৰাছক লৈ চৰকাৰে ঘোষণা কৰা দেশজোৰা লকডাউনৰ সপ্তাহ ১৪ এপ্ৰিলত অন্ত পৰাৰ প্ৰাকক্ষণত উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুৱে অৰ্থনীতিৰ সুস্থিৰতাতকৈও জনসাধাৰণৰ স্বাস্থ্যৰ বিষয়ে অধিক চিন্তা কৰাৰ আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

পিএমবিজেপিৰ অধীনত ঘৰে ঘৰে অত্যাৱশ্যসী সেৱা আৰু ঔষধ যোগান ধৰিছে ফাৰ্মাচিষ্টসকলে

প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ ফাৰ্মাচীষ্ট, যাক আমি ‘স্বাস্থ্য কে চিপাহী’ বুলিও জানো, তেওঁলোকে ভাৰত চৰকাৰৰ অধীনৰ প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা চমুকৈ PMBJP ৰ অংশ হিচাপে ৰোগী আৰু বয়োজ্যেষ্ঠ লোকৰ ঘৰে ঘৰে গৈ ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে।

অধিক বিৱৰণৰ বাবে

কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ক’ভিড-১৯ সন্দৰ্ভত কাৰ্যৱলীসমূহৰ পুনৰীক্ষণ মন্ত্ৰীৰ

ড’নাৰ মন্ত্ৰালয়, প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) ড০ জিতেন্দ্ৰ সিঙে আজি ভিডিঅ’ কনফাৰেন্সযোগে ডিঅ’পিটি, ডিএআৰপিজি আৰু ডিঅ’পিপিডব্লিউৰ কামকাজৰ খতিয়ান লয়৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱালাইটৰ ছুইচ অফকাৰ্যক্ৰমে লাভ কৰিলেব্যাপক সঁহাৰি’ : কেন্দ্ৰীয় শক্তি মন্ত্ৰী

যোৱা দেওবাৰে ‘লাইটৰ ছুইচ অফ’ কৰি এগছি বন্তি জ্বলাই ক’ভিড-১৯ বিৰোধী যুঁজৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানে ব্যাপক সঁহাৰি লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা পোৱা ইনপুটসমূহ

উত্তৰ পূৰ্বাঞ্চল

  • অৰুণাচল প্ৰদেশত মাস্ককে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগানৰ বাবে তৎপৰ হৈছে বিভিন্ন আত্মসহায়ক গোটকে ধৰি কেইবাটাও আজীৱিকা অভিযান প্ৰকল্পই৷
  • অসমত ধিঙৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামক ক’ভিড-১৯ সন্দৰ্ভত আপত্তিজনক মন্তব্য প্ৰদান কৰাৰ বাবে গ্ৰেপ্তাৰ৷
  • মণিপুৰৰ যিসকল লোক লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে তেওঁলোকৰ বেংক একাউণ্টলৈ মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ সাহায্য পুঁজিৰ পৰা ২০০০ টকাকৈ প্ৰদান কৰিব বুলি টুইট কৰে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে৷
  • মেঘালয়ত ব্যক্তিগত চিকিৎসালয়সমূহে নন-ক’ভিড-১৯ ৰোগীসমূহক ৰাখিবলৈ প্ৰস্তুত৷ চৰকাৰে বহন কৰিব যাৱতীয় ব্যয়৷
  • যিকোনো ব্যক্তিৰ স্বাস্থ্যজনিত সমস্যা যিকোনো সময়তে সমাধান কৰিব পৰাকৈ প্ৰস্তুত থাকিবলৈ চিকিৎসকসকলক মিজোৰাম স্বাস্থ্য বিভাগৰ নিৰ্দেশ৷
  • সন্দেহযুক্ত নিজামুদ্দিন মাৰ্কাজৰ ব্যক্তিসকলক চিনাক্ত কৰিবলৈ সকলো প্ৰয়াস কৰা হৈছে বুলি নাগালেণ্ড চৰকাৰৰ প্ৰকাশ৷ সেই ব্যক্তিসকলক ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষত যোগাযোগ কৰিবলৈ আহ্বান৷
  • ছিক্কিমত ১০৭জন লোক আৰু ৪টা আচুতীয়া কেন্দ্ৰৰ সৈতে ১২টা কোৱাৰেণ্টাইন কেন্দ্ৰ মজুত কৰা হৈছে৷
  • ত্ৰিপুৰাত অভাৱী লোকসকলক সাহায্য প্ৰদান কৰিবলৈ ওলাই আহিছে বিভিন্ন সংস্থা৷

পশ্চিম অঞ্চল

  • মঙলবাৰে ৰাজস্থানত ২৪টা নতুন ক’ভিড-১৯ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ যোধপুৰে প্ৰতিবেদন কৰিছে সৰ্বাধিক সংখ্যা৷ ৰাজ্যখনত মুঠ ধনাত্মক পৰিঘটনাৰ সংখ্যা ৩২৫লৈ বৃদ্ধি পাইছে৷ (ৰাজস্থান স্বাস্থ্য বিভাগ)
  • মঙলবাৰে গুজৰাটত ক’ভিড-১৯ৰ পৰিঘটনা ১৬৫টালৈ বৃদ্ধি পাইছে৷ নতুন পৰিঘটনাসমূহৰ ১৩টা আহমেদবাদৰ পৰা প্ৰতিবেদিত হৈছে৷ (উৎসঃ মুখ্য সচিব- স্বাস্থ্য)
  • ভূপালত ১২টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মধ্য প্ৰদেশত মুঠ ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ২৬৮লৈ বৃদ্ধি পাইছে৷ নতুন ৰোগীসমূহৰ ভিতৰত ৭ জন এটা আৰক্ষীৰ পৰিয়াল আৰু বাকী ৫ জন স্বাস্থ্যবিভাগৰ কৰ্মচাৰী৷ (উৎসঃ মুখ্য চিকিৎসা বিষয়া, ভূপাল)
  • গোৱা চৰকাৰে এটা ঘৰে ঘৰে সৰ্বেক্ষণ তিনি দিনৰ ভিতৰত সম্পন্ন কৰাৰ কথা ঘোষণা কৰিছে৷ এই সৰ্বেক্ষণত প্ৰায় ৭,০০০ তথ্য গ্ৰহণকাৰী জড়িত হ’ব আৰু তেওঁলোকে ফ্লু-জাতীয় লক্ষণ তথা ভ্ৰমণ ইতিহাসৰ তথ্য সংগ্ৰহ কৰিব৷
  • মহাৰাষ্ট্ৰ আৰক্ষীয়ে পালঘাৰন্দ জিলাৰ ৱাডাত এটা ৰাসায়নিক কাৰখানা ছীল কৰে৷ এফডিএ’ৰ অনুমোদন নোহোৱা কাৰখানাটোৰ পৰা হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰা কেঁচামাল আৰু প্ৰস্তুত হোৱা ছেনিটাইজাৰ জব্দ কৰা হয়৷

দক্ষিণ অঞ্চল

  • কেৰালাঃ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে ১৪ এপ্ৰিলৰ পিছতো ৰাজ্যখনত নিষেধাজ্ঞা জাৰি থাকিব৷ মুম্বাই আৰক্ষীয়ে ধাৰাভিৰ প্ৰথমজন ক’ভিড ৰোগীৰ সৈতে থকা এজন কেৰালাৰ লোকক চিনাক্ত কৰিছে, এওঁলোকে দিল্লীৰ তবলিগী জামাতত অংশগ্ৰহণ কৰিছিল৷ আমেৰিকাত এজন কেৰালাৰ ব্যক্তি মৃত্যু মুখত পৰিছে৷
  • তামিলনাডুঃ কৃষকসকলৰ বাবে বিভিন্ন পদক্ষেপ ঘোষণা ৰাজ্যৰঃ টোল ফ্ৰী নম্বৰ, বিনামূলীয়া শীতলীকৃত ষ্ট’ৰেজ, ভ্ৰাম্যমান শাক-পাচলিৰ দোকান, কৃষিজাত সামগ্ৰী উৎপাদন কৰা উদ্যোগসমূহৰ বাবে ঋণৰ সুবিধা ইত্যাদি৷
  • অন্ধ্ৰ প্ৰদেশঃ কুৰ্ণুলত এজনৰ সৈতে মুঠ মৃত্যুৰ সংখ্যা ৪জন৷ ৯০০ ভেণ্টিলেটৰ উপলব্ধ কৰোৱা হৈছে৷ হটস্পটসমূহত যাদৃচ্ছিক নমুনা সংগ্ৰহৰ বাবে সিদ্ধান্ত গ্ৰহণ ৰাজ্যৰ৷ ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহক ক’ভিড-পৰিঘটনাসমূহক আৰোগ্যশ্ৰী স্বাস্থ্য সেৱা আঁচনিৰ অধীনত চিকিৎসা প্ৰদান কৰিবলৈ আহ্বান; ১৬,০০০ টকাৰ পৰা ২.১৬ লাখ টকালৈ বিনামূলীয়া চিকিৎসা৷
  • তেলেংগানাঃ এই পৰ্যন্ত ১১টা ধনাত্মক পৰিঘটনা, ৩৭৫লৈ মুঠ সংখ্যা বৃদ্ধি; সক্ৰিয়া পৰিঘটনা ৩১৭টা৷ তেলেংগানা উচ্চতম ন্যায়ালয়ৰ ৩০ এপ্ৰিললৈ লকডাউন সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ৷ লকডাউন বাহাল ৰাখিবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰিব ক্ৰাউড এনালাইটিকছ ছফটৱেৰ আৰু স্বয়ংক্ৰিয় নম্বৰ প্লেট চিনাক্তকৰণ ব্যৱস্থ্যা (এএনপিআৰ)ৰ সৈতে ড্ৰোন কেমেৰা৷

#ক’ভিড-১৯ৰ ফেক্ট চেক




(Release ID: 1612073) Visitor Counter : 192