প্ৰতিটো সংস্কৃতি আৰু যুগতেই এনিমেচনৰ এক বিৰল শক্তি আছে, যিয়ে সাধাৰণ চিত্ৰবোৰকো আমাৰ হৃদয় স্পৰ্শ কৰিব পৰা কাহিনীলৈ ৰূপান্তৰিত কৰিব পাৰে। নিজৰ চলচ্চিত্ৰীয় পৰিসৰ অধিক প্ৰসাৰিত কৰি ২০২৬ চনৰ ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে ( আই এফ এফ আই) এনিমেটেড কাহিনী কথনৰ কলাত্মক দিশ আৰু আৱেগিক গভীৰতাক উদযাপন কৰিবলৈ এক বিশেষ নতুন 'এনিমেচন' শিতান উন্মোচন কৰিছে। জাপান, ফ্ৰান্স, চীন, ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাঁচখন উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় এনিমেটেড চলচ্চিত্ৰৰে সজোৱা এই শিতানটোৱে এনে ছবিসমূহক বিশেষভাৱে উপস্থাপন কৰিছে, যিবোৰে চকু জুৰ পেলোৱাৰ সমান্তৰালকৈ হৃদয়কো স্পৰ্শ কৰে।
আধুনিক ৰোমাঞ্চ আৰু সামাজিক উদ্বেগৰ এখন আলফুলীয়া খিৰিকী মুকলি কৰিছে মাছানাও কাৱাজিৰিৰ দ্বাৰা পৰিচালিত জাপানী এনিমেটেড চলচ্চিত্ৰ চেৰী এণ্ড ভাৰ্জিন-এ। ২০২৬ চনৰ এনিমেটেড চলচ্চিত্ৰখনে মহিলাৰ সৈতে কথা পাতিবলৈ সংকোচৰ সন্মুখীন হোৱা ৩২ বছৰীয়া ইন্দ্ৰীয়সুখাভিলাষী মাংগা শিল্পী ৰিঅ’ আৰু ২৮ বছৰীয়া মহিলা এমিৰ বিষয়ে বৰ্ণনা কৰা হৈছে যিগৰাকীয়েও বাস্তৱ জীৱনত পুৰুষৰ সৈতে কথা বতৰা হওতে সমানেই জটিলতাৰ সন্মুখীন হয়। ভয় আৰু ৰোমান্টিক অভিজ্ঞতাৰ অভাৱ সত্বেও দুয়োগৰাকী মিলিত হয় আৰু লাহে লাহে ইজনে সিজনক বুজিবলৈ আৰম্ভ কৰে, অসুৰক্ষিত অনুভৱক অতিক্ৰম কৰি তেওঁলোকে এক প্ৰকৃত সম্পৰ্কৰ প্ৰশান্তিময় সুখ আৱিষ্কাৰ কৰে।
মাংগা এনিমেচনৰ সৈতে লাইভ-একচন ফুটেজৰ সমিশ্ৰণেৰে চলচ্চিত্ৰখন উষ্ণতা আৰু হাস্যৰসেৰে আগবাঢ়িছে। ওছাকা ইউনিভাৰ্চিটি অৱ আৰ্টছৰ স্নাতক কাৱাজিৰীয়ে পূৰ্বে তেওঁৰ ২০১৮ চনৰ এনিমেটেড চুটি চলচ্চিত্ৰ ‘এ জাপানিজ বয় হু ড্ৰছ’ৰ বাবে স্বীকৃতি লাভ কৰিছিল, ইয়ে এক মিশ্ৰিত নান্দনিকতা প্ৰতিষ্ঠা কৰিছিল তথা জাপান আৰু বিদেশত প্ৰশংসিত হৈছে।
নিকোলা এথানে আৰু মাৰ্কো এনগুয়েনে সহ পৰিচালনা কৰা সমসাময়িক ব্যংগাত্মক ৰূপত তীক্ষ্ণ ৰসবোধ আৰু মৰ্ম কঢ়িয়াই আনিছে ফৰাচী এনিমেটেড চলচ্চিত্ৰ ‘জিম কুইন’-এ। পেৰিছৰ পটভূমিত নিৰ্মাণ কৰা ২০২৬ চনৰ এনিমেটেড চলচ্চিত্ৰখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে চহৰখনৰ সমকামী সম্প্ৰদায়ৰ দ্বাৰা প্ৰশংসিত এগৰাকী জনপ্ৰিয় ফিটনেছ ইনফ্লুয়েঞ্চাৰ। হেটেৰ’ছিছ নামৰ এক ৰহস্যময় ভাইৰাছে সমকামী পুৰুষসকলক পোনপটীয়াকৈ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁৰ জগতখন ভাগি পৰে তথা অনুগামী, বন্ধুবৰ্গ আৰু সামাজিক স্বীকৃতি পোনপটীয়াকৈ ক্ষতিগ্ৰস্ত হয়।
তেওঁৰ এজন অনুগত কিন্তু কম জনপ্ৰিয় যুৱক লুচিয়েনহে তেওঁৰ কাষত থাকিল। এই সমস্যাৰ আৰোগ্য কৰিব পৰা বুলি প্ৰচাৰিত এজন চিকিৎসকক বিচাৰি জিমে মাৰাইছৰ জনাকীৰ্ণ পথেৰে ওলাই যায়। দুয়োগৰাকী পৰিচালক বিখ্যাত গোবেলিন্স স্কুল অৱ এনিমেচনত প্ৰশিক্ষণপ্ৰাপ্ত। এথানে ইয়াৰ পূৰ্বে মিষ্টাৰ ফ্ল্যাপ, ষ্টাৰ্টআপ হিৰোজ আৰু পিপুডোৰ দৰে এনিমেটেড ধাৰাবাহিকৰ সহ-পৰিচালনাৰ লগতে ৰেমেন গেমছ, দ্য ৰাব্বিছ কেট, আৰু দ্য ৰেড টাৰ্টলত কাম কৰিছে, আনহাতে এনগুয়েনে দ্য ৰাব্বিছ কেট, আৰ্নেষ্ট এণ্ড কেলেষ্টাইন, আৰু দ্য ছামিট অৱ দ্য গডছলৈ আগবঢ়োৱা অৱদানৰ জৰিয়তে সমৃদ্ধ দৃশ্যমান পৰিচয় কঢ়িয়াই আনিছে।
দ্ৰুতগতিত সলনি হোৱা পৃথিৱীত নিঃসঙ্গতা, আকুল আকাংক্ষা আৰু আসক্তি অন্বেষণ কৰা হৈছে চীনা এনিমেটেড চলচ্চিত্ৰ লাইট পিল্লাৰত। ২০২৬ চনৰ এনিমেটেড চলচ্চিত্ৰখনৰ জৰিয়তে লেখক, পৰিচালক, আৰু প্ৰডাকচন ডিজাইনাৰ জু জাওৱে আত্মপ্ৰকাশ কৰিছে। ভৱিষ্যতৰ পটভূমিত নিৰ্মাণ কৰা চলচ্চিত্ৰখনত মহাকাশ ভ্ৰমণ নিয়মীয়া ঘটনা। চলচ্চিত্ৰখনত দেউলীয়া হোৱা চলচ্চিত্ৰ ষ্টুডিঅ' এটাৰ প্ৰাংগণৰ যত্ন লোৱা অকলশৰীয়া ঝাক অনুসৰণ কৰা হৈছে, যিয়ে এক জাকজমকতাপূৰ্ণ ভাৰ্চুৱেল জগতৰ ভিতৰত এগৰাকী মহিলাৰ প্ৰেমত পৰে। চন্দ্ৰত তেওঁৰ সৈতে অংশ ল’বলৈ টিকটৰ ব্যয় বহনৰ বাবে অতিৰিক্ত ঘণ্টা কাম কৰাৰ পিছত ঝাই গম পায় যে তেওঁৰ টিকট অকাৰ্যকৰী। চলচ্চিত্ৰৰ এজন কৰ্মীয়ে পুৰণি ষ্টুডিঅ'টো ধ্বংস কৰিবলৈ উপস্থিত হোৱাৰ লগে লগে ঝাই আঁতৰত থকাৰ লগতে তেওঁ চিনি পোৱা একমাত্ৰ জগতখনৰ পৰা আঁতৰি যোৱাৰ মৰ্মস্পৰ্শী সিদ্ধান্ত লয়। ১৯৯১ চনত চীনৰ আনছানত জন্মগ্ৰহণ কৰা জু জাওৱে বেইজিং ফিল্ম একাডেমীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে আৰু ইয়াৰ পূৰ্বে আই এফ এফ আৰ-ত প্ৰিমিয়াৰ হোৱা তেওঁৰ এনিমেটেড চুটি ছবি 'নো চেঞ্জেছ হেভ টেকেন ইন আৱাৰ লাইফ'-ৰ বাবে প্ৰশংসিত হৈছিল।
ছিংগাপুৰৰ পৰা আহিছে চীনা ভাষাৰ এনিমেটেড চলচ্চিত্ৰ মেজিক এটলাছ। ই হৈছে ছান জুনৰ দ্বাৰা পৰিচালিত স্মৃতি আৰু প্ৰতিৰোধৰ ওপৰত ২০২৬ চনৰ এক গা শিয়ঁৰি উঠা ৰূপকথা। এজন ৰহস্যময় যাদুকৰ বিচ্ছিন্ন কয়লা ৰাজ্য লুওছাত উপস্থিত হোৱাত তেওঁৰ উপস্থিতিয়ে ইতিমধ্যে উত্তেজনাপূৰ্ণ সমাজত ভয় আৰু অস্থিৰতাৰ সৃষ্টি কৰে। জিয়াও ঝি নামৰ এজন অনাথ ল’ৰাৰ সৈতে গ্ৰেপ্তাৰ আৰু কাৰাগাৰত বন্দী হৈ থকা যাদুকৰজনে গোপনে শিশুটিক মিমেং উৎসৱৰ সময়ত অতীতক পাহৰি যোৱাৰ বাবে পৰম্পৰা অনুসৰি দণ্ড জ্বলোৱা প্ৰথাৰ ঠিক আগেয়ে যাদুকৰী মানচিত্ৰ প্ৰদান কৰে। ১৯৮০ চনত চীনৰ ফুক্সিনত জন্মগ্ৰহণ কৰা ছান জুন এগৰাকী বেইজিংস্থিত শিল্পী আৰু চাইনা একাডেমী অৱ ফাইন আৰ্টছৰ স্নাতক। তেওঁ ২০০৫ চনত π এনিমেচন ষ্টুডিঅ' প্ৰ তিষ্ঠা কৰিছিল। ভেনিচ আৰু বাৰ্লিনত প্ৰদৰ্শিত তেওঁৰ কামৰ সৈতে মেজিক এটলাছ ল'কাৰ্ণো আৰু টকিঅ' চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতাত প্ৰদৰ্শনৰ পিছত আইএফএফআইত উপস্থিত হৈছে।
এই ভাগটোত অন্তৰ্ভুক্ত হৈছে ইংৰাজী ভাষাৰ আমেৰিকান এনিমেটেড ছবি ৰে গান, যিখন ২০২৬ চনত একাডেমী বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা ব্ৰেড বাৰ্ডে পৰিচালনা কৰিছিল। ভৱিষ্যতৰ মহানগৰ মেট্ৰ'পিয়াত স্থাপন কৰা, য'ত মানুহ আৰু বহিৰ্জগতৰ প্ৰাণীয়ে উৰণীয়া গাড়ীৰে ভৰি থকা আকাশৰ তলত একেলগে বাস কৰে আৰু য'ত সকলো বস্তুৰে দাম বেছি, এটা জিলিকি থকা সন্মুখভাগৰ পিছফালে ব্যাপক দুৰ্নীতি লুকাই থাকে। এই দৃশ্যপটৰ মাজত ৰে গান নামৰ এজন পুৰণি ধাৰাৰ ব্যক্তিগত চোৰাংচোৱাই তেওঁৰ বৃত্তিক অপ্রচলিত বুলি বিবেচনা কৰা এখন পৃথিৱীত তেওঁৰ মূল্যবোধ ধৰি ৰাখিবলৈ সংগ্ৰাম অব্যাহত ৰাখে। তেওঁ নিজকে তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ গোচৰলৈ টানি অনা বুলি অনুভৱ কৰে। লেখক, পৰিচালক, প্ৰযোজক আৰু কণ্ঠশিল্পী হিচাপে বিশ্বজুৰি স্বীকৃত বাৰ্ডে নিৰবচ্ছিন্নভাৱে আৱেগ, হাস্যৰস আৰু একচন আগবঢ়াইছে। বাৰ্ডে দ্য ইনক্ৰেডিবলছ, ৰাটাটুইল, আৰু মিছনঃ ইম্পছিবল-ঘোষ্ট প্ৰট’কলৰ দৰে চলচ্চিত্ৰৰ জৰিয়তে তেওঁৰ কাহিনী বৰ্ণনাৰ দক্ষতাৰ স্বাক্ষৰ ৰাখি থৈছে।
এই নতুন ভাগটোৰ জৰিয়তে, ৫৭ সংখ্যক আই এফ এফ আই ২০২৬-এ উৎসৱলৈ যোৱা লোকসকলক মাধ্যমটো উৰ্ধলৈও চাবলৈ আৰু আমাৰ আশা, দুৰ্বলতা আৰু অংশীদাৰী মানৱতাৰ এক ঘনিষ্ঠ আইনা হিচাপে এনিমেচনৰ অভিজ্ঞতা লাভ কৰিবলৈ আমন্ত্ৰণ জনাইছে।
আই এফ এফ আইৰ বিষয়ে
১৯৫২চনত আৰম্ভ হোৱা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ এছিয়াৰ আটাইতকৈপুৰণি আৰু বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহৰ ভিতৰত অন্যতম। গোৱা চৰকাৰ আৰু গোৱাৰ এণ্টাৰটেইনমেণ্ট ছ’চাইটিৰ সহযোগত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা আইএফএফআই-এ ভাৰতীয় চলচ্চিত্ৰ আৰু প্ৰতিভাৰ প্ৰচাৰ কৰাৰ লগতে বিশ্বৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ উদযাপন কৰে। গোৱাত বাৰ্ষিকভাৱে অনুষ্ঠিত হোৱা এই উৎসৱটোৱে সৃষ্টিশীল বিনিময়, নতুন কণ্ঠৰ আৱিষ্কাৰ আৰু চিনেমাৰ জৰিয়তে সাংস্কৃতিক বুজাবুজি বৃদ্ধিৰ এক মঞ্চ হিচাপে কাম কৰে।
* * *
PIB IFFI Team | Rajith Chandran/ Lekshmi Priya/ Mohammad Aqib Khan/ Darshana Rane/HS