তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক শক্তিশালী কৰাৰ লক্ষ্যৰে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে

प्रविष्टि तिथि: 29 JUN 2026 8:27PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ বিকাশত সহায় কৰিব। লগতে, সমগ্ৰ দেশজুৰি চিনেমা হলৰ সংখ্যা বৃদ্ধিতো সহায়ক হ'ব।

এই সিদ্ধান্তসমূহ আজি নতুন দিল্লীত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চপৰ্যায়ৰ পৰ্যালোচনা বৈঠকত গ্ৰহণ কৰা হয়। মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে চলচ্চিত্ৰ নিৰ্মাণ, বিতৰণ আৰু প্ৰযুক্তিৰ সংহতি শক্তিশালী কৰাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে গাঁথনিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

এক অধ্যয়ন গোট গঠন

মন্ত্ৰালয়ে এক উচ্চপৰ্যায়ৰ অধ্যয়ন গোট গঠন কৰিছে। এই গোটৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিব শ্ৰী প্ৰসূন যোশীয়ে। গোটটোত উদ্যোগ খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰযুক্তি সহযোগীসকলকো অন্তৰ্ভুক্ত কৰা হ'ব।

এই গোটে ভাৰতীয় চিনেমাৰ সন্মুখত থকা সুযোগ আৰু প্ৰত্যাহ্বানসমূহ অধ্যয়ন কৰিব। খণ্ডটোক অধিক শক্তিশালী কৰাৰ উপায়সমূহৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে ভাৰতীয় চলচ্চিত্ৰসমূহক বিশ্বব্যাপী অধিক প্ৰতিযোগিতামূলক কৰি তোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপৰ পৰামৰ্শ দিব।

অধ্যয়ন গোটে অন্যান্য বিষয়ৰ লগতে তলত উল্লেখিত দিশসমূহ পৰ্যালোচনা কৰিবঃ

  • বিশ্ব বজাৰত ভাৰতীয় চলচ্চিত্ৰসমূহক অধিক প্ৰতিযোগিতামূলক কৰি তোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ।
  • নতুন প্ৰযুক্তিৰ চলচ্চিত্ৰ জগতৰ ওপৰত প্ৰভাৱ। ইয়াৰ অন্তৰ্গত হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাৰ্চুৱেল প্ৰডাকশ্যন। এই সঁজুলিসমূহ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলে কেনেদৰে ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰে, সেই বিষয়ে গোটে পৰামৰ্শ আগবঢ়াব।
  • চলচ্চিত্ৰ নিৰ্মাণৰ বাবে চলচ্চিত্ৰ নিৰ্মাতাসকলে বজাৰৰ পৰা প্ৰাতিষ্ঠানিক বিত্তীয় সহায় আৰু নতুন পুঁজিৰ উৎস কেনেদৰে লাভ কৰিব পাৰে।
  • চলচ্চিত্ৰ নিৰ্মাণ আৰু বিতৰণৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰ নিৰ্মাতাসকলে সন্মুখীন হোৱা সমস্যাসমূহ।
  • ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সমন্বয়। গোটে উত্তম অনুশীলনসমূহ চিহ্নিত কৰাৰ লগতে ভাৰতীয় চিনেমাৰ দীৰ্ঘম্যাদী বিকাশৰ বাবে এক বিস্তৃত নীতি-ৰূপৰেখাৰ পৰামৰ্শ আগবঢ়াব।

অধ্যয়ন গোটে দেশজুৰি সকলো প্ৰাসংগিক অংশীদাৰৰ সৈতে পৰামৰ্শ সম্পন্ন কৰিব আৰু তিনিমাহৰ ভিতৰত মন্ত্ৰালয়ত নিজৰ প্ৰতিবেদন দাখিল কৰিব।

ৰাজ্যসমূহে গ্ৰহণ কৰিব পৰাকৈ আদৰ্শ ৰাজ্যিক চিনেমা নিয়মাৱলী

চিনেমা হল আৰু প্ৰেক্ষাগৃহৰ নিয়ন্ত্ৰণ ৰাজ্যিক তালিকাভুক্ত বিষয়। চিনেমা হল আৰু প্ৰেক্ষাগৃহৰ বাবে প্ৰয়োজনীয় বিভিন্ন অনুমতি প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্যই ভিন্ন নিয়ম অনুসৰণ কৰে। বিশেষকৈ সৰু চহৰ আৰু গ্ৰাম্যাঞ্চলত চিনেমা আন্তঃগাঁথনিৰ বিকাশৰ ক্ষেত্ৰত এই বিষয়টো এক উল্লেখযোগ্য বাধা হিচাপে পৰিগণিত হৈ আহিছে।

চিনেমা আন্তঃগাঁথনিৰ বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে মন্ত্ৰালয়ে এক আদৰ্শ নিয়মাৱলীৰ খচৰা প্ৰস্তুত কৰিছে। সকলো অংশীদাৰৰ সৈতে বিস্তৃত আলোচনা কৰি এই নিয়মাৱলী প্ৰস্তুত কৰা হৈছে। মন্ত্ৰালয়ে এতিয়া এই আদৰ্শ ৰাজ্যিক চিনেমা নিয়মাৱলী সকলো ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে। ৰাজ্যসমূহক এই নিয়মাৱলী গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে। এই নিয়মাৱলী বাস্তৱায়নৰ ক্ষেত্ৰতো মন্ত্ৰালয়ে ৰাজ্যসমূহক প্ৰয়োজনীয় সহায় আগবঢ়াব।

এই দুয়োটা সিদ্ধান্তই একেলগে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক অধিক শক্তিশালী, আধুনিক আৰু বিশ্বমানৰ প্ৰতিযোগিতামূলক উদ্যোগ হিচাপে গঢ়ি তোলাত সহায় কৰিব। সৃষ্টিশীলতা, সংস্কৃতি আৰু উদ্ভাৱনৰ এক শক্তিশালী মাধ্যম হিচাপে ভাৰতীয় চিনেমাই আগলৈও নিজৰ গুৰুত্ব অটুট ৰাখিব।

 

 

*****

Mahesh Kumar/ Vivek Vishwash/AA


(रिलीज़ आईडी: 2279246) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Khasi , Urdu , Marathi , Gujarati , Odia , Tamil , Kannada , Malayalam