প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰে সাক্ষাৎ ব্ৰিটেইনৰ বৈদেশিক সচিবৰ
পোষ্ট কৰা হৈছে:
04 JUN 2026 9:37PM by PIB Guwahati
ব্ৰিটেইনৰ বৈদেশিক সচিব ইভেট কুপাৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এই সাক্ষাৎকাৰক লৈ সন্তোষ প্ৰকাশ কৰে আৰু সাম্প্ৰতিক সময়ত ভাৰত-ব্ৰিটেইন অংশীদাৰিত্ব গভীৰতৰ হোৱা কাৰ্যক প্ৰশংসা কৰে, যিয়ে দুয়োখন দেশৰ বাবে অভূতপূৰ্ব বিকাশৰ সুযোগ মুকলি কৰিছে।
প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ‘ভাৰত-ব্ৰিটেইন ভিজন ২০৩৫’ -এ এই অংশীদাৰিত্বক পথ প্ৰদৰ্শন কৰি যাব আৰু বিশ্বৰ কল্যাণৰ বাবে যৌথ প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়:
"ব্ৰিটেইনৰ বৈদেশিক সচিব ইভেট কুপাৰক লগ পাই নথৈ সুখী অনুভৱ কৰিছোঁ। সাম্প্ৰতিক সময়ত ভাৰত-ব্ৰিটেইন অংশীদাৰিত্ব গভীৰতৰ হোৱা কাৰ্যক প্ৰশংসা কৰিছোঁ, যিয়ে আমাৰ দুয়োখন দেশৰ বাবে অভূতপূৰ্ব বিকাশৰ সুযোগ মুকলি কৰিছে।
‘ভাৰত-ব্ৰিটেইন ভিজন ২০৩৫’-এ আমাৰ অংশীদাৰিত্বক পথ প্ৰদৰ্শন কৰি যাব আৰু বিশ্বৰ কল্যাণৰ বাবে আমাৰ যৌথ প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব। @YvetteCooperMP"
***
MJPS/SS/PRK/DB
(ৰিলিজ আই ডি : 2270265)
অতিথি কক্ষ : 42
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam