পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল

এলপিজি চিলিণ্ডাৰৰ ডাইভাৰচন ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক'ড ভিত্তিক যোগান প্ৰায় ৯৬% লৈ বৃদ্ধি কৰা হৈছে

যোৱা ৪ দিনৰ ভিতৰত প্ৰায় ১.৭৮ কোটি এল পি জি চিলিণ্ডাৰৰ বুকিঙৰ বিপৰীতে প্ৰায় ১.৮০ কোটি এল পি জি চিলিণ্ডাৰ যোগান ধৰা হৈছে

২৮.০৫.২০২৬ তাৰিখলৈকে প্ৰায় ৬০,৪০০ পিএনজি গ্ৰাহকে এমৱাইপিএনজিডি.ইন ( MYPNGD.in) ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগ ত্যাগ কৰিছে

ভাৰতৰ বাবে প্ৰায় ২ লাখ ৭০ হাজাৰ মেট্ৰিক টন খাৰুৱা তেলৰ সামগ্ৰী কঢ়িয়াই অনা মাৰ্শ্বেল দ্বীপপুঞ্জৰ পতাকা থকা খাৰুৱা তেল টেংকাৰ নিছছ কেৰোছ (NISSOS KEROS ) এ নিৰাপদে হৰমুজ জলদ্বীপ পাৰ হৈ ২০২৬ চনৰ ৩ জুনত বিশাখাপট্টনমত উপস্থিত হোৱাৰ সম্ভাৱনা আছে

তেহৰাণত থকা ভাৰতীয় দূতাবাসে ২৫৫৭ জন ভাৰতীয় নাগৰিকক স্থল সীমান্তৰ পথেৰে ইৰাণৰ বাহিৰলৈ যোৱাৰ সুবিধা প্ৰদান কৰিছে

পোষ্ট কৰা হৈছে: 29 MAY 2026 7:22PM by PIB Guwahati

পশ্চিম এছিয়াৰ বিকাশশীল পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে নিয়মীয়াকৈ তথ্য প্ৰদানৰ জৰিয়তে নাগৰিকসকলক পৰিস্থিতিৰ বিষয়ে  অৱগত কৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এখন সংবাদমেল অনুষ্ঠিত হয়, য’ত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জলপথ আৰু জাহাজ পৰিবহণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা তথা  মূল খণ্ডসমূহৰ মাজত স্থিতিশীলতা বজাই ৰাখিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তথ্য  প্ৰদান কৰে।

শক্তিৰ যোগান আৰু ইন্ধনৰ উপলব্ধতা

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ে তথ্য প্ৰদান কৰি পশ্চিম এছিয়াৰ বিকশিত পৰিস্থিতিৰ প্ৰেক্ষাপটত পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰে। মন কৰিবলগীয়া যেইয়াত মনকৰিবলগীয়া কথাবোৰ হৈছেঃ :

পৰামৰ্শ আৰু নাগৰিক সজাগতা

• পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাই থকাৰ বাবে নাগৰিকসকলক আতংকিত হৈ পেট্ৰ’ল, ডিজেল আৰু এল পি জি ক্ৰয় নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

• উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।

• এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।

• নাগৰিকসকলক বিকল্প ইন্ধন যেনে পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা  হৈছে।

• বাল্ক আৰু ঔদ্যোগিক গ্ৰাহকসকলক অনুমোদিত ক্ৰয় চেনেলৰ পৰা ডিজেল ক্ৰয় কৰিবলৈ অনুৰোধ জনোৱা  হৈছে।

• সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত  দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ সকলো নাগৰিককে অনুৰোধ জনোৱা হৈছে।

চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা ব্যৱস্থা

• চলি থকা ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো চৰকাৰে নিশ্চিত কৰিছে যে ঘৰুৱা এল পি জি, ঘৰুৱা পি এন জি আৰু চি এন জি (পৰিবহন)লৈ ১০০% যোগান ধৰা হৈছে।

• বাণিজ্যিক এল পি জিৰ বাবে চিকিৎসালয়, শিক্ষানুষ্ঠানক অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰি ফাৰ্মা, ষ্টীল, অটোম’বাইল, বীজ, কৃষি আদিকো অগ্ৰাধিকাৰ দিয়া হৈছে।ইয়াৰ লগতে  প্ৰব্ৰজিত শ্ৰমিকক ৫ কিলোগ্ৰাম এফটিএলৰ যোগানো গড়ৰ ভিত্তিত দুগুণ কৰা হৈছে। ২০২৬ চনৰ ২ আৰু ৩ মাৰ্চত দৈনিক যোগান ধৰা হৈছে।

• চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা উভয় দিশতে কেইবাটাও যুক্তিসংগতকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিঙৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদি আছে।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টা

• ৰাজ্য চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত যোগান নিৰীক্ষণ আৰু অবৈধ মজুতকৰণ আৰু ক'লা ব্যৱসায়ৰ  বিৰুদ্ধে কাম কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।

• চৰকাৰে পেট্ৰল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ তথা নিয়ন্ত্ৰণত ৰাখিবলৈ  ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে প্ৰাথমিক ভূমিকা পালন কৰিব লাগিব বুলি কৈছে। ভাৰত চৰকাৰে  সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ একাধিক পত্ৰ আৰু ভিচিৰ জৰিয়তে একেখিনি কথা পুনৰবাৰ উল্লেখ কৰিছে।

• ভাৰত চৰকাৰে একাধিক পত্ৰ আৰু  ভিডিঅ' কনফাৰেন্সৰ জড়িয়তে নাগৰিকসকলক পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতাৰ সন্দৰ্ভত আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে।

• ভাৰত চৰকাৰে  ২৬.০৫.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবক ৰাজ্য/জিলা কৰ্তৃপক্ষক জিলাভিত্তিক এইচ এছ ডি/এম এছ অফটেক পেটাৰ্ণ নিৰীক্ষণ আৰু পৰ্যালোচনা কৰিবলৈ উপযুক্ত নিৰ্দেশনা জাৰি কৰিবলৈ অনুৰোধ জনাইছে, দুৰ্বল অঞ্চলত আৰু প্ৰধান পৰিবহণ/ঔদ্যোগিক কৰিডৰৰ কাষেৰে পৰিদৰ্শন আৰু বলৱৎকাৰী কাৰ্য্যকলাপ তীব্ৰতৰ কৰি ঔদ্যোগিক তথা বাণিজ্যিকভাৱে খুচুৰা বিপণীৰ জৰিয়তে এইচ এছ ডিৰ অকৰ্তৃত্বশীল ক্ৰয় ৰোধ কৰিবলৈ অনুৰোধ জনাইছে । নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে তৎকালীন শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

বলৱৎকৰণ আৰু নিৰীক্ষণ কাৰ্য্য

• পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ অবৈধ মজুতকৰণ আৰু ক'লা ব্যৱসায় ৰোধৰ বাবে সমগ্ৰ দেশতে ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বলৱৎকাৰী ব্যৱস্থা অব্যাহত আছে।

• এল পি জি সম্পৰ্কীয় বলৱৎকৰণ - যোৱা ৪ দিনত সমগ্ৰ দেশতে ৬৫০০ৰো অধিক অভিযান চলাই ৩৮০টাতকৈও অধিক চিলিণ্ডাৰ জব্দ কৰা হৈছে, ৫খন  এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু ২জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

• পেট্ৰ’ল, ডিজেল সম্পৰ্কীয় বলৱৎকৰণ - যোৱা ২ দিনত প্ৰায় ৯০০টা অভিযান চলোৱা হয় য’ত সমগ্ৰ দেশতে ৪১৭ লিটাৰ পেট্ৰ’ল আৰু ৭৫৭১৫ লিটাৰ ডিজেল জব্দ কৰা হয়, ১২খন  এজাহাৰ  পঞ্জীয়ন কৰা হয় আৰু ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

• একেদৰে পিএছইউৰ অ’এমচিৰ বিষয়াসকলৰ আকস্মিক পৰিদৰ্শনো  অব্যাহত আছে-

• এল পি জি বিতৰক - যোৱা ৪ দিনৰ ভিতৰত ৮০০ৰো অধিক এল পি জি বিতৰকত পৰিদৰ্শন কৰা হৈছে। ৪৫টা এল পি জি বিতৰকক জৰিমনা বিহা হৈছে।

• খুচুৰা বিপনী – যোৱা ৪ দিনৰ ভিতৰত ৪৬৬০ টাতকৈও অধিক খুচুৰা বিপনীত পৰিদৰ্শন কৰা হৈছে। . ৭৩টা খুচুৰা বিপনীক  জৰিমনা বিহা হৈছে, আৰু ৫৬২টা খুচুৰা বিপনী নিলম্বিত কৰা হৈছে।

এল পি জিৰ যোগান

ঘৰুৱা এল পি জি যোগানৰ অৱস্থা:

• প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ফলত এল পি জি যোগানত   প্ৰভাৱ অব্যাহত আছে।

• ঘৰুৱা পৰিয়াললৈ এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া হৈছে।

• এল পি জি বিতৰকত কোনো ধৰণৰ নাটনি হোৱাৰ খবৰ পোৱা হোৱা নাই।

• কালি উদ্যোগৰ ভিত্তিত অনলাইন এল পি জি চিলিণ্ডাৰ বুকিং প্ৰায় ৯৯% লৈ বৃদ্ধি পাইছে।

• ডাইভাৰচন ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (DAC) ভিত্তিক ডেলিভাৰী প্ৰায় ৯৬% লৈ বৃদ্ধি কৰা হৈছে। গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত ডিএচি  লাভ কৰা হয়।

• যোৱা ৪ দিনত প্ৰায় ১.৭৮ কোটি এল পি জি চিলিণ্ডাৰৰ বুকিঙৰ বিপৰীতে প্ৰায় ১.৮০ কোটি এল পি জি চিলিণ্ডাৰ  যোগান ধৰা হৈছে।

বাণিজ্যিক এল পি জি যোগান আৰু আবণ্টনৰ ব্যৱস্থা:

• ভাৰত চৰকাৰে  ১০% সংস্কাৰ ভিত্তিক  সংকটৰ পূৰ্বৰ স্তৰৰ ৭০% মুঠ বাণিজ্যিক আবণ্টন আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে।

• যোৱা ৪ দিনত প্ৰায় ২.৪২ লাখ – ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছিল।

• কালি প্ৰায় ১৭৬টা শিবিৰৰ জৰিয়তে প্ৰায় ২৫৩৭ - ৫ কিলোগ্ৰামৰ এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হয়।

• যোৱা ৪ দিনৰ ভিতৰত মুঠ ২৯,৮১৪ মেট্ৰিক টন বাণিজ্যিক এল পি জি বিক্ৰী হৈছে।

• যোৱা ৪ দিনত প্ৰায় ৯৫৪ মেট্ৰিক অটো এল পি জি পি এছ ইউ অ’ এম চিয়ে বিক্ৰী কৰিছে।

প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণৰ পদক্ষেপ

• ডি-পিএনজি আৰু চিএনজি-ট্ৰেন্সপ’ৰ্টলৈ ১০০% যোগানৰ জৰিয়তে গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে।

• চলি থকা ইউৰিয়া উদ্যোগসমূহলৈ যোগান বৰ্তমান পূৰ্বৰ ছমাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৯৯%।

• চিজিডি নেটৱৰ্কৰ জৰিয়তে যোগানকে ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডলৈ গেছ যোগান ৮০% পৰ্যন্ত বৃদ্ধি কৰা হৈছে।

• চিজিডি সত্তাসমূহক  হোটেল, ৰেষ্টুৰেণ্ট আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে, যাতে বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সম্পৰ্কে উদ্বেগসমূহ সমাধান কৰিব পৰা যায়।

• ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ অনুৰোধ কৰা হৈছে।

• ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যসমূহলৈ অতিৰিক্ত ১০% বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰস্তাৱ দিছে,  যদিহে তেওঁলোকে এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত সহায় কৰিব পাৰে।

• ২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰিছে।

• ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ গেজেট অনুসৰি অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহ বিস্তাৰ, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬ অধিসূচনা কৰিছে।

এই আদেশে সমগ্ৰ দেশতে পাইপলাইন স্থাপন আৰু সম্প্ৰসাৰণৰ বাবে এক সুশৃংখলিত আৰু সময়সীমাবদ্ধ কাঠামো প্ৰদান কৰে, অনুমোদন আৰু ভূমিৰ প্ৰৱেশত হোৱা পলমৰ সৈতে মোকাবিলা কৰে, আৰু আবাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰে। ইয়াৰ দ্বাৰা পিএনজি নেটৱৰ্ক বৃদ্ধি ত্বৰান্বিত হ’ব, সমাজৰ শেষ মাইলৰ সংযোগ বৃদ্ধি হ’ব আৰু নিকা  ইন্ধনলৈ পৰিৱৰ্তনত সহায় হ’ব, যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতিক আগুৱাই নিব পৰা যাব ।

• পিএনজিআৰবিয়ে চিজিডি সত্তাসমূহক ডি-পিএনজি সংযোগ ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিছে। লগতে পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ ৰাষ্ট্ৰীয় পিএনজি অভিযান  ২.০ ৩০.০৬.২০২৬ লৈকে বৃদ্ধি কৰা হৈছে।

• স্বচ্ছ, অধিক সুৰক্ষিত আৰু স্বাৱলম্বী শক্তিৰ ভৱিষ্যতক উৎসাহিত কৰিবলৈ ভাৰত চৰকাৰে ৰাজ্যিক চিবিজি নীতিৰ আৰ্হি খচৰা প্ৰস্তুত কৰিছে।

আৰ্হি নীতিৰ উদ্দেশ্য হৈছে ৰাজ্যসমূহে চিবিজি উন্নয়নৰ বাবে নিজাকৈ বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ আৰু ৰূপায়ণমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ সক্ষম কৰিবলৈ এক বিস্তৃত নমনীয় পথ প্ৰদৰ্শক কাঠামো হিচাপে কাম কৰা। যিবোৰ ৰাজ্যই ইয়াক বাছি লয়, সেইবোৰক বাণিজ্যিক এল পি জিৰ অতিৰিক্ত আবণ্টনৰ পৰৱৰ্তী শাখাৰ বাবে অগ্ৰাধিকাৰ দিয়া হ’ব।

• চৰকাৰে ২৫.০৫.২০২৬ তাৰিখৰ ভাৰতীয় গেজেট অধিসূচনাত, যিসকলৰ পিএনজি সংযোগৰ কথা কোৱা হৈছে , ইয়াত তলত দিয়া বিকল্পসমূহ থাকিব লাগিব:

• গ্ৰাহকে পিএনজি সংযোগ লাভ কৰাৰ ৩০ দিনৰ ভিতৰত এলপিজি সংযোগ বন্ধ কৰাৰ বাবে আবেদন কৰিব পাৰে; অথবা

• গ্ৰাহকে ভৱিষ্যতে অ-পিএনজি এলেকাত এলপিজি সংযোগ পুনৰুদ্ধাৰৰ বাবে ট্ৰেন্সফাৰ ভাউচাৰ লাভ কৰিব পাৰে।

• ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা প্ৰায় ৮.৩ লাখ পিএনজি সংযোগ প্ৰদান কৰা হৈছে আৰু অতিৰিক্ত ২.৯১ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে, যাৰ ফলত মুঠ সংযোগ ১১.২১ লাখ হৈছে। ইয়াৰ উপৰি নতুন সংযোগৰ বাবে প্ৰায় ৮.৫৩ লাখ গ্ৰাহকৰ নাম  পঞ্জীয়ন কৰা হৈছে।

• ২৮.০৫.২০২৬ তাৰিখলৈকে প্ৰায় ৬০,৪০০ পিএনজি গ্ৰাহকে MYPNGD.in ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগ ত্যাগ কৰিছে।

খাৰুৱা তেলৰ অৱস্থান আৰু শোধনাগাৰৰ কাৰ্য্যকলাপ

• সকলো শোধনাগাৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।

• ঘৰুৱা ব্যৱহাৰক সহায় কৰিবলৈ শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন প্ৰায় ৫২ টি এম টি/দিনলৈ বৃদ্ধি কৰা হৈছে।

• ঘৰুৱা বজাৰৰ বাবে পেট্ৰ’কেমিকেল ফিডষ্টক যোগানৰ উপলব্ধতা নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰালয়ৰ যৌথ কৰ্মগোট (জে ডব্লিউ জি) গঠন কৰা হৈছে। ইয়াৰ পিছতে চৰকাৰে  ০১.০৪.২০২৬ তাৰিখৰ আদেশ অনুসৰি পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি তেল শোধনাগাৰ কোম্পানীসমূহক চেণ্টাৰ ফৰ হাই টেকন’লজি (চি এইচ টি)ৰ দ্বাৰা নিৰ্ধাৰিত জটিল খণ্ডসমূহৰ বাবে কিছুমান নূন্যতম পৰিমাণৰ চি ৩ আৰু চি ৪ ষ্ট্ৰিম উপলব্ধ কৰাৰ অনুমতি দিছে।

• ঔষধ বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’ ৰাসায়নিক বিভাগ (ডিচিপিচি), উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)ৰ পৰা পোৱা অনুৰোধৰ ভিত্তিত ফাৰ্মা, ৰাসায়নিক আৰু ৰং খণ্ডৰ কোম্পানীসমূহৰ বাবে ১১২০ মেট্ৰিক টন/দিন, ১১২০ মেট্ৰিক টনৰ চি৩-চি৪ অণুৰ ব্যৱস্থা কৰা হৈছে।

• ২০২৬ চনৰ ১ মে’ৰ পৰা মুম্বাই, কোচি, ভিজাগ, চেন্নাই, মথুৰা আৰু গুজৰাট শোধনাগাৰে কেমিকেল, ফাৰ্মা আৰু পেইণ্ট ইণ্ডাষ্ট্ৰীক ১৩৮৭০ মেট্ৰিক টনতকৈ অধিক চি৩-চি৪  অণু (প্ৰ’পাইলিন আৰু বুটাইলিনকে ধৰি) আৰু ৫৩৮০ মেট্ৰিক টনতকৈ অধিক বুটাইল এক্ৰিলেট বিক্ৰী কৰিছে।

খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা

• সমগ্ৰ দেশতে সকলো খুচুৰা বিপণী স্বাভাৱিকভাৱে চলি আছে।

• মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। এই প্ৰভাৱৰ পৰা গ্ৰাহকক সকাহ দিবলৈ  ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্কৰ বোজাৰ এটা অংশ  হ্ৰাস কৰিছে, সেইমৰ্মে দুয়োবিধ সামগ্ৰীৰ প্ৰতি লিটাৰত   ১০ টকাকৈ হ্ৰাস কৰা হৈছে।

• কিছুমান বিশেষ অঞ্চলৰ খুচুৰা বিপনীত অস্বাভাৱিকভাৱে অধিক বিক্ৰী আৰু প্ৰচণ্ড ভিৰ দেখা গৈছে। অৱশ্যে দেশৰ সকলো পেট্ৰ’ল পাম্পতে পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল আৰু ডিজেলৰ মজুত থকা বুলি অৱগত কৰা হৈছে।

• ১৫০ খনতকৈও অধিক জিলাত পেট্ৰ’ল আৰু ডিজেলৰ বিক্ৰী ৩০%তকৈ অধিক বৃদ্ধি পাইছে।

• ব্যক্তিগত তেল বিপণন কোম্পানী (-৩৮%) আৰু পিএছইউ অ’এমচিৰ বাল্ক বিক্ৰী (-২৯%) হ্ৰাস পাইছে। এই পৰিমাণ পিএছইউ অ’এমচিৰ খুচুৰা বিপণীলৈ স্থানান্তৰিত হৈছে।

• ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিশেষ স্কোৱাড গঠন কৰিবলৈ আৰু ইয়াৰ অধীনত জাৰি কৰা ইচি আইন আৰু নিয়ন্ত্ৰণ আদেশৰ প্ৰাসংগিক বিধানৰ অধীনত খুচুৰা গ্ৰাহকৰ বাবে নিৰ্ধাৰিত যোগান ,  ক’লা বিপণন, অকৰ্তৃত্বশীলভাৱে পেট্ৰলিয়াম সামগ্ৰীৰ মজুতকৰণ আৰু ডাইভাৰচন ৰোধ  কৰা,অবৈধ    মজুতকাৰীৰ  অসৎ  বিৰুদ্ধে  ব্যৱস্থা ল’বলৈ অনুৰোধ জনোৱা  হৈছে।

 

 

• উদ্যোগ সংস্থাসমূহক তেওঁলোকৰ সদস্যসকলক অনুমোদিত ক্ৰয় চেনেলৰ পৰা ডিজেল ক্ৰয় কৰিবলৈ পৰামৰ্শ দিবলৈ অনুৰোধ জনোৱা হৈছে।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলোৱাৰ কাৰ্য্যকলাপ

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰস্য  উপসাগৰৰ প্ৰচলিত সামুদ্ৰিক পৰিস্থিতিৰ বিষয়ে তথ্য  প্ৰদান কৰে, য’ত অঞ্চলটোত ভাৰতীয় জাহাজ আৰু নাবিকৰ সুৰক্ষা তথা  নিৰাপত্তা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিশদ বিৱৰণ দিয়া হয়। ইয়াত কোৱা হৈছে যে:

• জাহাজৰ তথ্যঃ  মাৰ্শ্বেল দ্বীপপুঞ্জৰ পতাকা থকা খাৰুৱা তেলৰ টেংকাৰে এইচ পি চি এললৈ চাৰ্টাৰৰ অধীনত ভাৰতৰ বাবে প্ৰায় ২ লাখ ৭০ হাজাৰ মেট্ৰিক টন খাৰুৱা তেলৰ সামগ্ৰী কঢ়িয়াই লৈ আহি আছে, য’ত ২৫ জন বিদেশী ক্ৰু সদস্য আছে  আৰু কোনো ভাৰতীয় নাৱিক নাই। ২০২৬ চনৰ ২৫/২৬ মে’ত নিৰাপদে হৰমুজ জলদ্বীপ পাৰ হৈ আহিব পাৰিব   বুলি আশা কৰা হৈছিল,  ২০২৬ চনৰ ০৩ জুনত জাহাজ খন বিশাখাপট্টনমত উপস্থিত  হ’ব।

• বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন  আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে,  যাতে নাবিকৰ কল্যাণ আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক কাৰ্য্যকলাপ নিশ্চিত কৰিব পৰা যায়।

• অঞ্চলটোৰ সকলো ভাৰতীয় নাবিক নিৰাপদে আছে  আৰু বিগত ৯৬ ঘণ্টাত ভাৰতীয় পতাকা থকা জাহাজ বা ভাৰতীয় নাবিক  থকা বিদেশী জাহাজৰ সৈতে জড়িত কোনো কূটাঘাত সংঘটিত হোৱা নাই।

• সক্ৰিয় হোৱাৰ পিছত ডি জি শ্বিপিং কণ্ট্ৰল ৰুমে ১০,৮৪১টা কল আৰু ২৪,০৯৮টাতকৈ অধিক ইমেইল চম্ভালিছে। যোৱা ৯৬ ঘণ্টাত নাৱিক, তেওঁলোকৰ পৰিয়াল, আৰু সামুদ্ৰিক অংশীদাৰসকলৰ পৰা মুঠ ৫০৯টা ফোন আৰু ১,৩৩২টা ই-মেইল লাভ কৰিছে

 

• মন্ত্ৰালয়ে জাহাজ সঞ্চালকালয় (ডি জি শিপিং)ৰ জৰিয়তে এতিয়ালৈকে ৩,৪২২ জনতকৈ অধিক ভাৰতীয় নাবিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে, য’ত সমগ্ৰ উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা যোৱা ৯৬ ঘণ্টাত ৪৭ জন নাবিকক নিৰাপদে ঘূৰাই অনাৰ সুবিধা প্ৰদান কৰিছে।

• সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে, কোনো ধৰণৰ অসুবিধাৰ  বাতৰি পোৱা হোৱা নাই।

অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ উন্নয়নসমূহ নিৰীক্ষণ অব্যাহত ৰাখিছে, অঞ্চলটোত ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰিবলৈ কেন্দ্ৰীভূত প্ৰচেষ্টা চলাই আছে। ইয়াত জনোৱা হৈছে  যে:

• তথ্যৰ বিনিময় আৰু প্ৰচেষ্টাসমূহৰ উন্নত প্ৰান্তিককৰণৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আছে।

 

• ভাৰতীয় দূতাবাস আৰু কনছুলেটসমূহে সময়মতে সহায় আগবঢ়াবলৈ ২৪ ঘণ্টাই হেল্পলাইন চলাই আছে আৰু আমাৰ নাগৰিকসকলক সক্ৰিয়ভাৱে সহায় কৰি আছে। স্থানীয় চৰকাৰৰ সৈতেও ঘনিষ্ঠ যোগাযোগত আছে।

• স্থানীয় চৰকাৰৰ নিৰ্দেশনা, বিমান আৰু ভ্ৰমণৰ পৰিস্থিতি, কনছুলাৰ সেৱা আৰু সমাজৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক ব্যৱস্থাৰ সৈতে জড়িত তথ্যকে ধৰি পৰামৰ্শ জাৰি কৰা হৈছে।

• ভাৰতীয় মিছনসমূহ আবাসী ভাৰতীয়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে।  তেওঁলোকে নিয়মিতভাৱে ভাৰতীয় সম্প্ৰদায়ৰ সংঘ, সংস্থা, পেছাদাৰী গোট, আৰু ভাৰতীয় কোম্পানীসমূহৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ উদ্বেগসমূহৰ সমাধান কৰি আছে।

• অঞ্চলটোৰ ভাৰতীয় নাবিকসকলৰ কল্যাণৰ বিষয়টোক  চৰকাৰে  অগ্ৰাধিকাৰ দিছে। স্থানীয় কৰ্তৃপক্ষ আৰু সংস্থাসমূহৰ সৈতে সমন্বয়, কনছুলাৰ সাহায্য প্ৰদান, ভাৰতলৈ ঘূৰি অহাৰ অনুৰোধৰ বাবে সহায় কৰাকে ধৰি ভাৰতীয় মিছনে তেওঁলোকক সকলো সহায় আগবঢ়াইছে।

 

• ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ অঞ্চলটোৰ পৰা অতিৰিক্ত বিমান চলাচলৰ ফলত সামগ্ৰিক বিমানৰ পৰিস্থিতিৰ উন্নতি অব্যাহত আছে।

• ইউ এ ইৰ আকাশমাৰ্গ মুকলি হৈ আছে। ভাৰত আৰু ইউ এ ইৰ কেৰিয়াৰে ইউ এ ইৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান চলাই আছে।

• চৌদি আৰব আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা অব্যাহত আছে।

• কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হৈ আছে। এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, ইণ্ডিগো আৰু কাটাৰ এয়াৰৱেজে কাটাৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা চলাই আছে।

• কুৱেইটৰ আকাশমাৰ্গ মুকলি হৈ আছে। জাজিৰা এয়াৰৱেজ আৰু কুৱেইট এয়াৰৱেজে কুৱেইটৰ পৰা ভাৰতলৈ বিমান চলাই আছে। ভাৰতীয় কেৰিয়াৰসমূহেও অতি সোনকালে কুৱেইটৰ পৰা ভাৰতলৈ পুনৰ যাত্ৰা আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

 

• বাহৰেইনৰ আকাশমাৰ্গ মুকলি হৈ আছে। বাহৰেইনৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, ইণ্ডিগো আৰু গালফ এয়াৰে বিমান চলাই আছে।

• ইৰাকৰ আকাশমাৰ্গ মুকলি  হৈ আছে আৰু অঞ্চলটোৰ গন্তব্যস্থানসমূহলৈ সীমিত বিমান সেৱাৰ ব্যৱস্থা আছে, যিবোৰ ভাৰতলৈ আগন্তুক যাত্ৰাৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব।

• ইৰাণৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হৈ৩ আছে। মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক ইৰাণলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে আৰু ইতিমধ্যে তাত থকাসকলক ভাৰতীয় দূতাবাসৰ সহায়ত  যাত্ৰা কৰিবলৈ আহ্বান জনাইছে। এই পৰ্যন্ত তেহৰাণত থকা ভাৰতীয় দূতাবাসে স্থল সীমান্ত পথেৰে ২,৫৫৭ ভাৰতীয় নাগৰিকক ইৰাণৰ বাহিৰলৈ যোৱাৰ সুবিধা প্ৰদান কৰিছে।

• ইজৰাইলৰ আকাশমাৰ্গ মুকলি হৈ আছে আৰু অঞ্চলটোৰ গন্তব্যস্থানসমূহলৈ সীমিত বিমান সেৱা পুনৰ আৰম্ভ কৰা হৈছে, যিবোৰ ভাৰতলৈ আগন্তুক যাত্ৰাৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব।

 

***

 TM/DM


(ৰিলিজ আই ডি : 2266904) অতিথি কক্ষ : 7