প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে তিৰু ডি জ্ঞানসুন্দৰম জীৰ মৃত্যুত শোক প্ৰকাশ
प्रविष्टि तिथि:
26 JAN 2026 9:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডি জ্ঞানসুন্দৰমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তামিল সংস্কৃতি আৰু সাহিত্যলৈ থিৰু ডি জ্ঞানসুন্দৰম জীৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ লিখনি আৰু জীৱনজোৰা উৎসৰ্গিত মনোভাৱৰ জৰিয়তে তেওঁ সমাজৰ সাংস্কৃতিক চেতনা সমৃদ্ধ কৰিছিল আৰু তেওঁৰ ৰচনাসমূহে প্ৰজন্মৰ পিছত প্ৰজন্মৰ পাঠক আৰু পণ্ডিতসকলক অনুপ্ৰাণিত কৰি থাকিব।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সৈতে ২০২৪ চনৰ জানুৱাৰী মাহত শ্ৰী ৰংগনাথস্বামী মন্দিৰ ভ্ৰমণৰ সময়ছোৱাত হোৱা মত বিনিময়ৰ কথাও স্মৰণ কৰে আৰু কয় যে কাম্বা ৰামায়ণৰ বিষয়ে তেওঁৰ জ্ঞান ব্যতিক্ৰমী আছিল।
প্ৰধানমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰে।
এটা পোষ্টত শ্ৰী মোদীয়ে কয়;
"থীৰু ডি জ্ঞানসুন্দৰাম জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। তামিল সংস্কৃতি আৰু সাহিত্যলৈ তেওঁৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব। তেওঁৰ লিখনি আৰু জীৱনজোৰা উৎসৰ্গিত মনোভাৱৰ জৰিয়তে তেওঁ সমাজৰ সাংস্কৃতিক চেতনা সমৃদ্ধ কৰিছিল। তেওঁৰ ৰচনাসমূহে পঢ়ুৱৈ আৰু পণ্ডিতসকলৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
২০২৪ চনৰ জানুৱাৰী মাহত মই তিৰুচিৰাপল্লীৰ শ্ৰী ৰংগনাথস্বামী মন্দিৰ ভ্ৰমণৰ সময়ত তেওঁৰ সৈতে হোৱা মত-বিনিময়ৰ কথা মোৰ মনত আছে। কাম্বা ৰামায়ণৰ বিষয়ে তেওঁৰ জ্ঞান আছিল ব্যতিক্ৰমী।
তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। ওম শান্তি।
***
MJPS/ST
(रिलीज़ आईडी: 2254822)
आगंतुक पटल : 51
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam