পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত প্ৰধান ক্ষেত্ৰসমূহৰ সন্দৰ্ভত শেহতীয়া তথ্য
এলপিজি নিয়ন্ত্ৰণ আদেশৰ সংশোধনীৰ অধীনত পিএনজিৰ গ্ৰাহকসকলে এলপিজি সংযোগ প্ৰত্যাহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে। এই সিদ্ধান্তৰ উদ্দেশ্য হৈছে এলপিজিৰ উপলব্ধতা উন্নত কৰা
গ্ৰাহকসকলক এলপিজি চিলিণ্ডাৰ বুক কৰাৰ বাবে ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ
যিমান পাৰি পিএনজিৰ বিকল্প নিৰ্বাচন কৰিবলৈ উৎসাহিত কৰা হৈছে নাগৰিকসকলক
ৰাজ্যসমূহত কৃত্ৰিম নাটনি আৰু ক'লা বেহাৰ বিৰুদ্ধে চলোৱা হৈছে অভিযান
পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে ২২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে; অন্যান্য ৰাজ্যসমূহতো এই ধৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে
ফুজাইৰা টাৰ্মিনেলত সংঘটিত দুৰ্ঘটনাৰ পিছত নিৰাপদে ভাৰত অভিমুখে ৰাওনা হৈছে ভাৰতীয় জাহাজ জগ লাডকী
সমগ্ৰ দেশৰ বন্দৰসমূহত জাহাজসমূহৰ চলাচল আৰু মাল পৰিবহণৰ ওপৰত নজৰ ৰখা হৈছে
পশ্চিম এছিয়াত ২৪x৭ হেল্পলাইনেৰে ভাৰতীয় সমুদায়ক সহায় কৰি আছে ভাৰতীয় মিছনে
পোষ্ট কৰা হৈছে:
15 MAR 2026 3:50PM by PIB Guwahati
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰস্তুতি আৰু সঁহাৰিৰ ব্যৱস্থাৰ বিষয়ে তলত দিয়া হ’ল। এই ব্যৱস্থাসমূহ মূলতঃ শক্তি যোগান ব্যৱস্থাপনা, সামুদ্ৰিক কাৰ্য্যকলাপ, অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলৰ কল্যাণ আৰু ৰাজহুৱা যোগাযোগ ব্যৱস্থাৰ সৈতে জড়িত।
শক্তি যোগান আৰু উপলব্ধতা
সমগ্ৰ দেশতে পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ সুস্থিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। নিয়মীয়াকৈ যোগান আৰু বিতৰণ নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰ্তমানৰ পৰিস্থিতি এনেধৰণৰ।
খাৰুৱা তেল/শোধনাগাৰ
- সকলো শোধনাগাৰে সম্পূৰ্ণ ক্ষমতাৰে কাম কৰি আছে আৰু পৰ্যাপ্ত খাৰুৱা তেল মজুত ৰখা হৈছে। পেট্ৰল-ডিজেল উৎপাদনত আমাৰ দেশ স্বাৱলম্বী আৰু ঘৰুৱা চাহিদা পূৰণৰ বাবে পেট্ৰল-ডিজেল আমদানি কৰাৰ প্ৰয়োজন নাই।
খুচুৰা বিপণী
- খুচুৰা বিপণীত তেল বিপণন কোম্পানীসমূহৰ পৰা কোনো ধৰণৰ নাটনিৰ খবৰ পোৱা নাই আৰু পেট্ৰ’ল আৰু ডিজেলৰ নিয়মীয়া যোগান বজাই ৰখা হৈছে।
- যিহেতু সমগ্ৰ দেশতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত আছে, সেয়েহে নাগৰিকসকলক আতংকিত হৈ অযথা ক্ৰয় কাৰ্যত লিপ্ত নহ’বলৈ পৰামৰ্শ দিয়া হৈছে।
প্ৰাকৃতিক গেছ
- পিএনজি আৰু চিএনজিত ১০০% যোগান নিশ্চিত কৰাটোকে ধৰি অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত গেছ যোগান সুৰক্ষিত কৰা হৈছে; আনহাতে ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকক গেছ যোগান প্ৰায় ৮০%ত সীমাবদ্ধ কৰা হৈছে।
- প্ৰধান চহৰ আৰু চহৰাঞ্চলৰ বাণিজ্যিক এলপিজি গ্ৰাহকসকলক পিএনজি সংযোগ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে; তেওঁলোকে ই-মেইল, চিঠি বা ‘চিটি গেছ বিতৰণ’ (চিজিডি) কোম্পানীসমূহৰ গ্ৰাহক পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰে।
- পিএনজি সংযোগৰ বৰ্তমানৰ অৱস্থা আৰু এলপিজিৰ পৰা পিএনজিলৈ ৰূপান্তৰৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে ২০২৬ চনৰ ১৪ মাৰ্চত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পিএনজিআৰবি আৰু বিভিন্ন চিজিডি সংস্থাৰ এখন বৈঠক অনুষ্ঠিত হয়।
এলপিজি
- বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এলপিজি যোগানৰ ওপৰত সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছে।
- এলপিজি বিতৰণ কেন্দ্ৰত নাটনিৰ কোনো খবৰ পোৱা নাই।
- এলপিজি বুকিঙৰ ক্ষেত্ৰত সামান্য নিম্নগামী ধাৰা দেখা গৈছে; আনহাতে ২০২৬ চনৰ ১৩ মাৰ্চত ৮৮.৮ লাখ বুকিঙৰ তথ্য পোৱা গৈছিল। কালি প্ৰায় ৭৭ লাখ বুকিঙৰ তথ্য আছে।
- অনলাইন এলপিজি চিলিণ্ডাৰ বুকিঙৰ হাৰ ৮৪%ৰ পৰা বৰ্তমান প্ৰায় ৮৭%লৈ বৃদ্ধি পাইছে।
- বিহাৰ, দিল্লী, হাৰিয়ানা আৰু ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে চৰকাৰী নিৰ্দেশনা মানি বাণিজ্যিক এলপিজি আবণ্টনৰ নিৰ্দেশ জাৰি কৰিছে।
- বাণিজ্যিক এলপিজি চিলিণ্ডাৰসমূহ অগ্ৰাধিকাৰমূলক বিতৰণৰ বাবে নিজ নিজ ৰাজ্য চৰকাৰৰ হাতত ৰখা হৈছে আৰু বৰ্তমান ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰাহকৰ বাবে গেছ উপলব্ধ।
ৰাজ্য চৰকাৰে আয়োজন কৰা বৈঠক
- পেট্ৰ’ল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিৰীক্ষণ কৰাত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
- এলপিজি যোগানৰ পৰিস্থিতি পৰ্যালোচনা, বিতৰণৰ ধাৰাবাহিকতা নিশ্চিত আৰু ক’লা বজাৰ আৰু আতংকিত হৈ কৰা বুকিং ৰোধৰ বাবে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হৈছে।
- ২২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে; কেইবাখনো ৰাজ্যই নাগৰিকসকলক সজাগ ৰাখিবলৈ সংবাদ মাধ্যমক বিবৃতি দিছে৷
বাধ্যতামূলক ব্যৱস্থা
- পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ কৃত্ৰিম নাটনি আৰু ক’লা বজাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰসমূহে বিভিন্ন বাধ্যতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।
- অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰকে ধৰি কেইবাখনো ৰাজ্যত এলপিজি চিলিণ্ডাৰৰ অবৈধ মজুত আৰু ক’লা বজাৰ পৰীক্ষা কৰাৰ বাবে অভিযান হাতত লোৱা হৈছে।
- চৰকাৰী নিয়ন্ত্ৰিত তেল বিপণন কোম্পানীসমূহৰ বিষয়াসকলেও এলপিজি বিতৰণ কেন্দ্ৰসমূহত আকস্মিক পৰিদৰ্শন কৰিছে, যাতে নিৰৱচ্ছিন্নভাৱে যোগান নিশ্চিত হয় আৰু অনিয়ম ৰোধ কৰিব পৰা যায়।
অন্যান্য চৰকাৰী পদক্ষেপ
- চৰকাৰে ঘৰুৱা গ্ৰাহকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি বিশেষকৈ পৰিয়াল আৰু চিকিৎসালয় আৰু শিক্ষানুষ্ঠানৰ দৰে অগ্ৰাধিকাৰ খণ্ডলৈ এলপিজিৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰি আহিছে।
- শোধনাগাৰত ঘৰুৱা এলপিজি উৎপাদন সৰ্বাধিক কৰা হৈছে আৰু যোগান আৰু চাহিদা সম্পৰ্কীয় কেইবাটাও ব্যৱস্থা ৰূপায়ণ কৰা হৈছে।
- ২০২৬ চনৰ ১৪ মাৰ্চত জাৰি কৰা এলপিজি নিয়ন্ত্ৰণ আদেশৰ সংশোধনী অনুসৰি পিএনজি সংযোগ থকা গ্ৰাহকে ঘৰুৱা এলপিজি সংযোগ ত্যাগ কৰিব লাগিব আৰু পিএনজি গ্ৰাহকৰ বাবে নতুন এলপিজি সংযোগ নিষিদ্ধ কৰা হৈছে।
- সুষম বিতৰণ নিশ্চিত কৰিবলৈ বুকিঙৰ ব্যৱধান চহৰ অঞ্চলত ২৫ দিন আৰু গ্ৰামাঞ্চলত সৰ্বাধিক ৪৫ দিনলৈকে বৃদ্ধি কৰা হৈছে।
- বিকল্প ইন্ধনৰ চাহিদা পূৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৪৮,০০০ কিলোলিটাৰ কেৰাচিনৰ অতিৰিক্ত আবণ্টন দিয়া হৈছে।
- এলপিজি যোগানৰ ওপৰত চাপ হ্ৰাস কৰিবলৈ আতিথ্য আৰু ৰেষ্টুৰেণ্টকে ধৰি কিছুমান খণ্ডৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন সক্ৰিয় কৰা হৈছে।
- চৰকাৰী মালিকানাধীন তেল বিপণন কোম্পানীসমূহে ডিজিটেল বুকিঙৰ প্ৰচাৰ কৰিছে, আতংকিত হৈ কৰা বুকিং কাৰ্যক নিৰুৎসাহিত কৰিছে আৰু নিৰৱচ্ছিন্ন যোগান নিশ্চিত হোৱাকৈ দেওবাৰে এলপিজি বিতৰণ কোম্পানীসমূহ খোলা ৰাখিছে।
জনসাধাৰণৰ বাবে পৰামৰ্শ
- ঘৰুৱা আৰু অত্যাৱশ্যকীয় খণ্ডৰ বাবে এলপিজিৰ পৰ্যাপ্ত যোগান বজাই ৰাখিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ বাবে নাগৰিকসকলক আতংকিত নহ’বলৈ পৰামৰ্শ দিয়া হৈছে।
- তেল বিপণন কোম্পানীসমূহৰ আইভিআৰএছ কল, এছএমএছ বুকিং, হোৱাটছএপ বুকিং আৰু মোবাইল এপ্লিকেচনকে ধৰি একাধিক ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে এলপিজি চিলিণ্ডাৰ বুকিং কৰিব পাৰিব।
- আতংকিত হৈ কৰা বুকিঙৰ পৰা হাত সাৰিবলৈ গ্ৰাহকক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু এলপিজি বিতৰকলৈ অপ্ৰয়োজনীয় ভ্ৰমণ এৰাই চলিবলৈ অনুৰোধ জনোৱা হৈছে।
- নাগৰিকসকলক যিমান পাৰি পিএনজিৰ দৰে বিকল্প ইন্ধন বাছি ল’বলৈ উৎসাহিত কৰা হয়।
- চৰকাৰ আৰু চৰকাৰী মালিকানাধীন তেল বিপণন কোম্পানীসমূহে নিৰৱচ্ছিন্ন এলপিজি যোগান আৰু শেহতীয়াকৈ আতংকিত হৈ কৰা বুকিং হ্ৰাস কৰাৰ বিষয়ে সজাগতা প্ৰচাৰ কৰৈ হৈছে।
- নাগৰিক আৰু সংবাদ মাধ্যমৰ সংস্থাসমূহক চৰকাৰী উৎসৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি অপ্ৰয়োজনীয় আতংকৰ পৰা হাত সাৰিবলৈ সঠিক তথ্য প্ৰচাৰত সহায় কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
সামুদ্ৰিক সুৰক্ষা আৰু নেভিগেচন কাৰ্যসূচী
- অঞ্চলটোত ভাৰতীয় জাহাজ আৰু নাৱিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সামুদ্ৰিক কাৰ্য্যকলাপ সুচাৰুৰূপে চলাৰ সুবিধাৰ্থে জাহাজ প্ৰাধিকৰণ আৰু সংশ্লিষ্ট উদ্যোগৰ সৈতে সমন্বয় বজাই ৰখা হৈছে।
- অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদে আছে আৰু যোৱা ২৪ ঘণ্টাত ভাৰতীয় নাৱিকৰ সৈতে জড়িত কোনো সামুদ্ৰিক দুৰ্ঘটনাৰ খবৰ পোৱা নাই।
- ১৪ মাৰ্চ, ২০২৬ত ফুজাইৰা ছিংগল পইণ্ট মুৰিঙত ভাৰতীয় পতাকাযুক্ত জাহাজ ‘জগ লাডকী’ খাৰুৱা তেল ভৰোৱাৰ সময়ত ফুজাইৰা অইল টাৰ্মিনেলত আক্ৰমণ সংঘটিত হয়। আজি পুৱা ১০:৩০ বজাত ফুজাইৰাৰ পৰা নিৰাপদে ৰাওনা হয় জাহাজখন; জাহাজখনে প্ৰায় ৮০,৮০০ মেট্ৰিক টন ‘মাৰ্বান’ খাৰুৱা তেল বহন কৰি ভাৰত অভিমুখে ৰাওনা হৈছে। জাহাজখনৰ লগতে জাহাজখনত থকা সকলো ভাৰতীয় নাৱিক সুৰক্ষিত অৱস্থাত আছে।
- ভাৰতৰ পতাকাযুক্ত এলপিজি দুখন বাহক—‘শিবালিক’ আৰু ‘নন্দা দেৱী’ ১৪ মাৰ্চ, ২০২৬ত হৰমুজ প্ৰণালী পাৰ হৈ প্ৰায় ৯২,৭১২ মেট্ৰিক টন এলপিজি বহন কৰি বৰ্তমান ভাৰতলৈ বুলি আহি আছে। দুয়োখন জাহাজ ১৬ মাৰ্চত মুন্দ্ৰা বন্দৰ আৰু ১৭ মাৰ্চত কণ্ডলা বন্দৰত উপস্থিত হোৱাৰ কথা আছে।
- বৰ্তমান পশ্চিম পাৰস্য উপসাগৰীয় অঞ্চলত ভাৰতৰ পতাকাযুক্ত ২২খন জাহাজ আছে, য’ত মুঠ ৬১১জন নাৱিক আছে। জাহাজ পৰিবহণ সঞ্চালকালয়ে জাহাজৰ মালিক, আৰপিএছএল আৰু ভাৰতীয় কূটনৈতিক অভিযানৰ সৈতে সমন্বয়ৰে পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে।
- জাহাজ সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষ মুকলি কৰাৰ পিছৰে পৰা নাৱিক, তেওঁলোকৰ পৰিয়াল আৰু সামুদ্ৰিক খণ্ডৰ সংশ্লিষ্ট অংশীদাৰসকলৰ পৰা তথ্য আৰু সহায় বিচৰা ২,৯৯৫টা ফোন কল আৰু ৫,৩৫৭টাতকৈও অধিক ই-মেইলৰ সঁহাৰি দিয়া হৈছে।
- জাহাজ পৰিবহণ সঞ্চালকালয়ে এতিয়ালৈকে উপসাগৰীয় অঞ্চলৰ পৰা ২৭৬জন ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে; ইয়াৰে ২৩ জন নাৱিকক যোৱা ২৪ ঘণ্টাত বিভিন্ন বিমানবন্দৰ আৰু আঞ্চলিক স্থানৰ পৰা দেশলৈ ঘূৰাই অনা হৈছে।
- বিকশিত সামুদ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন বন্দৰত জাহাজৰ চলাচল আৰু লোডিং আৰু আনলোডিং কাৰ্য্যকলাপৰ ওপৰত সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছে।
- সামুদ্ৰিক বাণিজ্য আৰু বন্দৰ কাৰ্য্যকলাপৰ ধাৰাবাহিকতাৰ লগতে ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট মন্ত্ৰালয়-বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় কূটনৈতিক অভিযান, জাহাজ কোম্পানী আৰু সামুদ্ৰিক অংশীদাৰসকলে তেওঁলোকৰ সৈতে সমন্বয়েৰে কাম কৰি আছে।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
ভাৰতীয় মিছন আৰু কেন্দ্ৰসমূহে ভাৰতীয় সমুদায়ৰ সৈতে নিয়মীয়া যোগাযোগ বজাই ৰাখিছে আৰু য’তেই প্ৰয়োজন হয় তাতেই সহায় আগবঢ়াইছে। ভাৰতীয় নাগৰিকৰ সুৰক্ষা আৰু কল্যাণৰ বাবে অহৰহ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হৈছে।
- বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ পৰিস্থিতিৰ ওপৰত সুক্ষ্মভাৱে নিৰীক্ষণ অব্যাহত ৰাখিছে। অঞ্চলটোত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা, কল্যাণ আৰু সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈয়েই আছে।
- ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰশ্নোত্তৰ দিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা নিৰ্দিষ্ট নিয়ন্ত্ৰণ কক্ষ ২৪ ঘণ্টাই কাৰ্যক্ষম কৰি ৰখা হৈছে; ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতেও নিয়মীয়া সমন্বয় বজাই ৰখা হৈছে।
- অঞ্চলটোৰ বিভিন্ন স্থানত অৱস্থিত ভাৰতীয় মিছন আৰু কাৰ্যালয়সমূহে ২৪x৭ কাম কৰি আছে; তেওঁলোকে ২৪x৭ হেল্পলাইন চলাই আছে, ভাৰতীয় সম্প্ৰদায়ৰ সংস্থাসমূহৰ সৈতে যোগাযোগ কৰি আছে আৰু নিয়মীয়া পৰামৰ্শ জাৰি কৰিছে।
- ভাৰতীয় মিছনসমূহে স্থানীয় কৰ্তৃপক্ষৰ সৈতে নিয়মীয়াকৈ যোগাযোগ অব্যাহত ৰখাৰ লগতে আৱদ্ধ ভাৰতীয় নাগৰিক আৰু কেইদিনমানৰ বাবে অহা পৰ্যটকক ভিছা সহায়, ভ্ৰমণ আৰু লজিষ্টিক সহায় আৰু ট্ৰেনজিট সুবিধাকে ধৰি বিভিন্ন ধৰণৰ সহায় আগবঢ়াই আছে। এই অভিযানসমূহে অঞ্চলটোত কৰ্মৰত ভাৰতীয় নাৱিকসকলকো প্ৰয়োজনীয় সহায় আগবঢ়াইছে।
- ২৮ ফেব্ৰুৱাৰী, ২০২৬ৰ পৰা এই অঞ্চলৰ প্ৰায় ১,৯৪,০০০ যাত্ৰী ভাৰতলৈ উভতি আহিছে।
- সংযুক্ত আৰব আমিৰশ্বাহীত (UAE) বিমান সংস্থাসমূহে দেশখনৰ অসামৰিক বিমান পৰিবহণ প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি সংশোধিত আৰু সীমিত সময়সূচীত বিমান সেৱা চলাই আছে। আবুধাবি, ডুবাই, ৰাছ আল খাইমা, শ্বাৰজাহ আৰু ফুজাইৰাৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা চলি আছে। যাত্ৰীসকলক আপডেট কৰা বিমানৰ সময়সূচীৰ বাবে নিজ নিজ বিমান সংস্থাসমূহৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
- ছৌদি আৰৱৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন ঠাইলৈ বিমান সেৱা চলি আছে।
- ওমানৰ পৰা ভাৰতৰ বিভিন্ন স্থানলৈ বিমান সেৱাও অব্যাহত আছে।
- কাটাৰৰ আকাশমাৰ্গ বৰ্তমান আংশিকভাৱে মুকলি হৈছে; আজি দিল্লীলৈ এখন বিমানকে ধৰি কাটাৰ এয়াৰৱেজে ভাৰতলৈ সীমিত সংখ্যক বিমান চলাই আছে।
- বৰ্তমান আকাশমাৰ্গ বন্ধ হৈ থকা বাহৰেইন, কুৱেইট আৰু ইৰাকত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে ছৌদি আৰৱৰ মাজেৰে ট্ৰেনজিটৰ ব্যৱস্থা কৰা হৈছে।
- পূৰ্বৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত দুৰ্ভাগ্যজনকভাৱে পাঁচজন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে আৰু চলিত সংঘাতৰ বাবে এজন ভাৰতীয় নাগৰিক এতিয়াও সন্ধানহীন হৈ আছে। নিৰুদ্দেশ হোৱা লোকজনৰ সন্ধান আৰু মৃত ভাৰতীয় নাগৰিকৰ মৃতদেহ যিমান পাৰি সোনকালে দেশলৈ ঘূৰাই পঠোৱাৰ সন্দৰ্ভত ওমান, ইৰাক আৰু ইউএইত থকা ভাৰতীয় মিছনে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছে।
চৰকাৰে সংশ্লিষ্ট মন্ত্ৰালয় আৰু সংস্থাসমূহৰ মাজত সমন্বয় বজাই ৰাখিছে আৰু মূল খণ্ডসমূহৰ মাজত প্ৰস্তুতি নিশ্চিত আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।
***
MN/DB
(ৰিলিজ আই ডি : 2240460)
অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam