পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্ধৰ্ভত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল
ভাৰতীয় শোধনাগাৰসমূহে সৰ্বোচ্চ ক্ষমতাৰ ব্যৱহাৰ কৰিছে
পৰ্যাপ্ত মজুতৰ সৈতে খুচুৰা বিপণীসমূহ কাৰ্যক্ষম কৰি তোলা হৈছে
প্ৰতিদিনে ৫০ লাখ চিলিণ্ডাৰ যোগান ধৰি থকা হৈছে
ঘৰুৱা এল পি জিৰ উৎপাদন ২৮% বৃদ্ধি পাইছে
সমগ্ৰ ভাৰতবৰ্ষত বন্দৰসমূহৰ কাম-কাজ সুস্থিৰ হৈ আছে
চৰকাৰে আন্তঃগাঁথনি, বিত্তীয় সুবিধা, শক্তি সুৰক্ষা নিৰীক্ষণ আৰু জাহাজৰ সুৰক্ষা সম্পৰ্কীয় কাৰ্য্যকলাপৰ জড়িয়তে সমন্বিত ব্যৱস্থা গ্ৰহণ কৰিছে
ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি মিছনসমূহে তেওঁলোকক বাণিজ্যিক বিমানৰ বিকল্প আৰু ভিছাৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে
এল পি জি চিলিণ্ডাৰৰ বুকিঙৰ ক্ষেত্ৰত আতংকিত নহ'বলৈ নাগৰিকক আহ্বান
নাগৰিকসকলক ভুল তথ্য আৰু উৰাবাতৰিৰ পৰা সাৱধান হ’বলৈ আহ্বান
পোষ্ট কৰা হৈছে:
12 MAR 2026 7:53PM by PIB Guwahati
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পশ্চিম এছিয়াত চলি থকা পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত শেহতীয়া পৰিস্থিতি সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰে। আন্তঃমন্ত্ৰীসভাৰ সংবাদমেলত ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ে আপডেট; নিৰৱচ্ছিন্ন শক্তি যোগান, সামুদ্ৰিক সুৰক্ষা, বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ কল্যাণ নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিষয়াসকলে নাগৰিকসকলক আতংকিত নহ’বলৈ আৰু ভুৱা তথ্য আৰু উৰাবাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনায়।
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা:
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে আশ্বাস দিয়ে যে ভাৰত চৰকাৰে নিৰৱচ্ছিন্ন শক্তি যোগান নিশ্চিত কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছে আৰু প্ৰতিদিনে ৫০ লাখ চিলিণ্ডাৰ যোগান ধৰা হৈছে।
খাৰুৱা তেল আৰু শোধনাগাৰ-
• যুদ্ধৰ ১৩ দিনৰ পিছত ইতিহাসত প্ৰথমবাৰৰ বাবে হৰমুজ জলদ্বীপ বাণিজ্যিক জাহাজ চলোৱাৰ বাবে বন্ধ কৰা হৈছে। খাৰুৱা তেল ৪০ খনতকৈও অধিক দেশৰ পৰা আহৰণ কৰা হয় আৰু আমাৰ ৭০% খাৰুৱা তেল এতিয়া ষ্ট্ৰেইট হৰমুজৰ বাহিৰে আন পথেৰেও আহিছে। লগতে জনোৱা হয় যে আমাৰ দৈনিক ব্যৱহাৰ ৫৫ লাখ বেৰেল আৰু দেশৰ ২২টা শোধনাগাৰেৰে ভাৰত বিশ্বৰ ৪ৰ্থ বৃহত্তম শোধনাগাৰ থকা দেশ হিচাবে পৰিচিত । ইয়াৰ উপৰি শোধনাগাৰসমূহে সেইবোৰৰ উচ্চ ক্ষমতাৰ ব্যৱহাৰ কৰি আছে; বহু ক্ষেত্ৰত ১০০ শতাংশতকৈ অধিক হৈছে।
• ভাৰতৰ বৃহৎ শোধন ক্ষমতাই আমাক পেট্ৰলিয়াম সামগ্ৰীৰ উপলব্ধতাৰ ক্ষেত্ৰত বহুত বেছি নিৰাপদ স্থান আৰু সংকটৰ মোকাবিলা কৰিবলৈ সক্ষম কৰি তুলিছে।
• আমাৰ খুচুৰা বিপণীৰ এক বিশাল নেটৱৰ্ক আছে। দেশত প্ৰায় ১ লাখ খুচুৰা বিপণী আছে। সকলো খুচুৰা বিপণীত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে।
প্ৰাকৃতিক গেছ-
• পৰিস্থিতিৰ বাবে প্ৰভাৱান্বিত হোৱা প্ৰাকৃতিক গেছৰ যোগানৰ বাবে বিকল্প পথ বিচাৰি উলিওৱা হৈছে আৰু যোগানকাৰীৰ জৰিয়তে ক্ৰয় চলি আছে। এই পৰিস্থিতি ফলপ্ৰসূভাৱে পৰিচালনা কৰিবলৈ চৰকাৰে যোগানক অগ্ৰাধিকাৰ দি অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত ২০২৬ চনৰ ৯ মাৰ্চত প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ আদেশ জাৰি কৰিছে।
এল পি জি যোগান-
• যুদ্ধ চলি আছে। ভাৰতে আমাৰ এল পি জি ব্যৱহাৰৰ প্ৰায় ৬০ % আমদানি কৰে আৰু ইয়াৰ প্ৰায় ৯০ % হৰমুজ জলদ্বীপৰ মাজেৰে আহে, যিটো বন্ধ হৈ আছে। বিশ্বৰ পৰিস্থিতি প্ৰত্যাহ্বানমূলক হৈছে। ইয়াৰ মাজতে চাহিদা- যোগানৰ ভাৰসাম্য ৰক্ষাৰ বাবে চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে।
• শোধনাগাৰসমূহে এল পি জিৰ উৎপাদন বৃদ্ধি কৰিছে। ২০২৬ চনৰ ৯ মাৰ্চত জাৰি কৰা এল পি জি নিয়ন্ত্ৰণ আদেশে সকলো শোধনাগাৰক এল পি জিৰ উৎপাদন সৰ্বাধিক কৰিবলৈ আৰু প্ৰপেন, বিউটেন, প্ৰপাইলিন তথা বিউটিনক সামৰি লোৱা চি ৩ আৰু চি ৪ হাইড্ৰ’কাৰ্বন প্ৰবাহৰ সমগ্ৰ উৎপাদন ঘৰুৱা ৰন্ধন গেছৰ বাবে তিনিটা তেল বিপণন কোম্পানীলৈ একান্তভাৱে ধাৱমান কৰিবলৈ নিৰ্দেশ দিছিল। সেয়েহে যোৱা ৫ দিনত শোধনাগাৰক দিয়া নিৰ্দেশনাৰ জৰিয়তে এল পি জি উৎপাদন ২৮ শতাংশ বৃদ্ধি কৰা হৈছে। অধিক ক্ৰয়ো সক্ৰিয়ভাৱে চলি আছে।
• আমাৰ সমগ্ৰ দেশতে ২৫০০০ তকৈ অধিক বিতৰক আছে। তেওঁলোকক মজুতৰ পৰিমাণ জনোৱা হৈছে। কোনো ধৰণৰ নাটনিৰ খবৰ পোৱা হোৱা নাই। প্ৰতিদিনে ৫০ লাখৰো অধিক চিলিণ্ডাৰ যোগান ধৰা হৈছে। আতংকৰ বৃদ্ধি পোৱা বাবে বুকিং বহুগুণে বৃদ্ধি পাইছে। আমি নাগৰিকসকলক আহ্বান জনাইছো যে বিশ্বজুৰি অনিশ্চয়তাৰ এই সময়ছোৱাত আতংকিত নহৈ কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰক আৰু সম্ভৱ হ’লে ইন্ধন সংৰক্ষণ কৰক।
• অ-ঘৰুৱা এল পি জিৰ ক্ষেত্ৰত চিকিৎসালয় আৰু শিক্ষানুষ্ঠানৰ দৰে অত্যাৱশ্যকীয় খণ্ডক অগ্ৰাধিকাৰ দিয়া হৈছে। ৰেষ্টুৰেণ্ট, হোটেল আৰু অন্যান্য বাণিজ্যিক ব্যৱহাৰকাৰীসকলৰ বাবে আবণ্টনৰ দিশটো পৰ্যালোচনাৰ বাবে আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকৰ তিনিজনীয়া সমিতি গঠন কৰা হৈছে। এই সমিতিখনে ৰাজ্যিক কৰ্তৃপক্ষ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে আলোচনা কৰি উপলব্ধ এলপিজি যাতে ন্যায্য আৰু স্বচ্ছ পদ্ধতিৰে বিতৰণ কৰিব পাৰে তাৰ বাবে এক পৰিকল্পনা চূড়ান্ত ৰূপায়ণ কৰিছে। এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি গড় মাহিলী বাণিজ্যিক এল পি জিৰ প্ৰয়োজনীয়তাৰ ২০% আজিৰে পৰা অ’এমচিয়ে আবণ্টন দিব। যাতে কোনো ধৰণৰ অবৈধ মজুত বা ক’লা বিপণন নহয় তাৰ বাবে ৰাজ্য চৰকাৰসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰা হৈছে।
• বাণিজ্যিক চিলিণ্ডাৰ যোগানৰ বাবে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাষ চাপিছে অ’এমচিয়ে। বাণিজ্যিক চিলিণ্ডাৰ ডেলিভাৰীৰ বাবে আজি মুখ্য সচিব দিল্লীৰ সৈতে আলোচনা কৰা হৈছে।
• এল পি জি আৰু গেছ যোগানৰ চাপ কম কৰিবলৈ বিকল্প ইন্ধন সক্ৰিয় কৰা হৈছে। খুচুৰা বিপণী আৰু পিডিএছ চেনেলৰ জৰিয়তে কেৰাচিন উপলব্ধ কৰা হৈছে আৰু ঔদ্যোগিক তথা বাণিজ্যিক গ্ৰাহকৰ বাবে ইন্ধন- তেল উপলব্ধ কৰা হৈছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডসমূহক এই সংকটৰ সময়ছোৱাত আতিথ্য আৰু ৰেষ্টুৰেণ্ট খণ্ডৰ বাবে বিকল্প ইন্ধন হিচাপে জৈৱ ইন্ধন , আৰডিএফ পেলেট আৰু কেৰাচিন/কয়লা ব্যৱহাৰৰ অনুমতি দিবলৈ পৰামৰ্শ দিছে।
• কালি কয়লা মন্ত্ৰালয়ে ৰাজ্যিক মনোনীত সংস্থাসমূহক অধিক পৰিমাণৰ কয়লা আবণ্টন দিয়াৰ নিৰ্দেশ জাৰি কৰিছে আৰু এইবোৰ ক্ষুদ্ৰ, মজলীয়া আৰু অন্যান্য গ্ৰাহকক আবণ্টন দিছে।
• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ অতিৰিক্ত পৰিমাণৰ ৪৮০০০ কে এল আবণ্টন দিয়া হৈছে , ইয়াৰ ওপৰত এক চতুৰ্থাংশৰ বাবে ১ লাখ কে এলতকৈ অধিক পৰিমাণক ইতিমধ্যে ৰন্ধন ইন্ধন হিচাপে ব্যৱহাৰৰ বাবে আবণ্টন দিয়া হৈছে।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচল
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰ্চী উপসাগৰীয় অঞ্চলৰ সামুদ্ৰিক পৰিস্থিতি আৰু ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা তথা আৰু কল্যাণ , ভাৰতৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ সৈতে শেহতীয়া বিষয়সমূহ শ্বেয়াৰ কৰে। ইয়াত অৱগত কৰা হৈছে যে-
• পাৰস্য উপসাগৰীয় অঞ্চলত চলি থকা ভাৰতীয় পতাকা থকা জাহাজৰ সংখ্যা ২৮ খনলৈ অপৰিৱৰ্তিত হৈ আছে । ইয়াৰে ২৪ খন জাহাজ হৰমুজ জলদ্বীপৰ পশ্চিমে আছে, য’ত ৬৭৭ জন ভাৰতীয় নাৱিক কঢ়িয়াই লৈ ফুৰিছে, আৰু ৪খন জাহাজ জলদ্বীপৰ পূব দিশত আছে য’ত ১০১ জন ভাৰতীয় নাৱিক আছে। ভাৰতীয় সকলো জাহাজ আৰু ক্ৰুৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সক্ৰিয়ভাৱে নিৰীক্ষণ কৰা হৈছে।
• কৰ্তৃপক্ষ, জাহাজ পৰিচালক আৰু নিযুক্তি দিয়া সংস্থাসমূহে ভাৰতীয় দূতাবাস তথা স্থানীয় কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় ৰক্ষা কৰি সুৰক্ষা নিশ্চিত কৰাৰ লগতে চিকিৎসা সাহায্য প্ৰদান কৰিছে।
• ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত ডি জি শ্বিপিঙৰ দ্বাৰা জাৰি কৰা ভাৰতীয় নাৱিক, ভাৰতীয় পতাকাযুক্ত জাহাজ আৰু সামুদ্ৰিক বাণিজ্যিক কাৰ্য্যকলাপৰ সুৰক্ষাৰ বাবে সতৰ্কতামূলক ব্যৱস্থাৰ বিষয়ত জাৰি কৰা পৰামৰ্শসমূহ বলৱৎ হৈ আছে।
• সমগ্ৰ ভাৰতত সামগ্ৰিকভাৱে বন্দৰৰ কাৰ্য্যকলাপ সুস্থিৰ হৈ আছে। অংশীদাৰ সমন্বয় আৰু সময়সীমা নিৰ্ধাৰিত অভিযোগ নিৰাময়ৰ জৰিয়তে জাহাজ লাইন আৰু ৰপ্তানিকাৰকসকলক সক্ৰিয়ভাৱে সুবিধা প্ৰদান কৰিবলৈ সকলো প্ৰধান বন্দৰ/ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডৰ বাবে এটা মানক পৰিচালনা পদ্ধতি জাৰি কৰা হৈছে। সকলো ডাঙৰ বন্দৰে একক যোগাযোগৰক্ষাকাৰী হিচাপে এজন ন’ডেল বিষয়া নিযুক্তি দিছে।
• এল পি জি জাহাজৰ বাবে অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ ডাঙৰ বন্দৰসমূহক নিৰ্দেশ দিয়া হৈছে।
• বন্দৰসমূহে কেতবোৰ সহজলভ্য ব্যৱস্থা ৰূপায়ণ কৰিছে যেনে প্ৰভাৱিত মধ্যপ্ৰাচ্যমুখী সামগ্ৰীক ট্ৰেন্সশ্বিপমেণ্ট কাৰ্গো হিচাপে অনুমতি দিয়া, অতিৰিক্ত সংৰক্ষণ স্থান আবণ্টন দিয়া, এড-হক জাহাজ বাৰ্থিং সক্ষম কৰা, নষ্ট হ’ব পৰা আৰু ঘূৰাই অনা ৰপ্তানি কাৰ্গো চম্ভালিবলৈ অগ্ৰাধিকাৰ দিয়া, শুল্ক বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি “বেক টু টাউন” গতিবিধি ক্ষিপ্ৰ কৰা, আৰু সম্ভৱ হ’লে বাংকাৰিং সমৰ্থন বৃদ্ধি কৰা।
• সংকটৰ সময়ছোৱাত নিৰৱচ্ছিন্ন লজিষ্টিক সমৰ্থন নিশ্চিত কৰিবলৈ ডাঙৰ বন্দৰসমূহক শুল্ক আৰু ডিজিএফটিৰ দৰে সংস্থাৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বন্দৰৰ সকাহৰ কথা বিবেচনা কৰিবলৈ আৰু মন্ত্ৰালয়ক দৈনিক ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
• চৰকাৰে আন্তঃগাঁথনি, বিত্তীয় সুবিধা, শক্তি সুৰক্ষা নিৰীক্ষণ আৰু জাহাজৰ সুৰক্ষা সম্পৰ্কীয় কাৰ্য্যকলাপৰ জড়িয়তে সমন্বিত ব্যৱস্থা গ্ৰহণ কৰিছে।
• মন্ত্ৰালয় (২৮ ফেব্ৰুৱাৰী ২০২৬) আৰু জাহাজ পৰিবহণ সঞ্চালকালয় উভয়তে ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম কৰিছে। সঞ্চালকালয়ে জাহাজৰ মালিক, পৰিচালক আৰু নাৱিকৰ পৰিয়ালৰ সৈতেও অহৰহ যোগাযোগ বজাই ৰাখি সময়মতে পৰিস্থিতিৰ খবৰ জনাইছে আৰু প্ৰয়োজনীয় সহায় আগবঢ়াইছে।
• ভাৰতীয় নাৱিক থকা তথা বিদেশী পতাকা থকা জাহাজ আক্ৰান্ত হৈছে। এই জাহাজসমূহত ৭৮ জন ভাৰতীয় নাৱিক আছিল। ইয়াৰে ৭০ জন কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰিছে আৰু ৪ জন আহত হৈছে যদিও তেওঁলোকৰ অৱস্থা সুস্থিৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে ৩ জন লোকৰ মৃত্যু হৈছে আৰু ১ জন নাৱিক নিৰুদ্দেশ হৈছে।
• বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰস্য উপসাগৰীয় অঞ্চলৰ প্ৰচলিত সামুদ্ৰিক পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু সেই অঞ্চলৰ পৰিৱৰ্তিত সামুদ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰীক্ষণ তথা প্ৰস্তুতিৰ ব্যৱস্থাসমূহ শক্তিশালী কৰিছে।
• সকলো সহায় আগবঢ়াবলৈ উদ্যোগ আৰু অংশীদাৰসকলৰ সৈতে নিয়মীয়াকৈ পাৰস্পৰিক আলোচনা অব্যাহত ৰখা হৈছে।
• ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা আৰু কল্যাণ সন্দৰ্ভত
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জিচিচি আৰু ইৰাণত থকা ভাৰতীয়সকলৰ সুৰক্ষা তথা কল্যাণৰ বিষয়ে তথ্য প্ৰদান কৰে। কোৱা হৈছে হৈছে যে-
• ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আমাৰ মিছনসমূহৰ সহায়ৰ লগতে বাণিজ্যিক বিমানৰ বিকল্পৰ বাবে তথ্য যোগান ধৰি তেওঁলোকক সহায় কৰা হৈছে । কিছু ক্ষেত্ৰত ভিছাৰ ক্ষেত্ৰতো সহায় কৰি আছে।
• আৰ্মেনিয়া আৰু আজাৰবাইজান হৈ বাণিজ্যিক বিমানেৰে উভতি আহিব বিচৰা ভাৰতীয় নাগৰিকসকলক দূতাবাসে সহায় কৰি আছে। ভিছাৰ লগতে স্থল-সীমা পাৰ হোৱাৰ সুবিধা প্ৰদান কৰা দূতাবাস।
• চলি থকা সংঘাতত আমি তিনিজন ভাৰতীয় নাগৰিকক হেৰুৱাইছো। লগতে আমাৰ এজন ভাৰতীয় নাগৰিকো আছে, যিজন নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।
• চাৰিওজন ভাৰতীয় নাগৰিকেই অঞ্চলটোত চলাচল কৰা বাণিজ্যিক জাহাজৰ নাৱিক আছিল।
• ওমান আৰু ইৰাকত থকা আমাৰ দূতাবাস তথা ডুবাইত থকা আমাৰ কনছুলেটে স্থানীয় কৰ্তৃপক্ষৰ সৈতে সহযোগিতাৰে কাম কৰি আছে, যাতে তেওঁলোকৰ মৃতদেহ অতি সোনকালে ভাৰতলৈ ঘূৰাই আনিব পাৰি।
• ইয়াৰ উপৰি কোৱা হৈছে যে ভাৰতে যিকোনো স্থানতে বাণিজ্যিক জাহাজত হোৱা আক্ৰমণক কঠোৰভাৱে গৰিহণা দিয়ে।
• শেহতীয়াকৈ মাৰ্শ্বাল আইলেণ্ডৰ ফ্লেগযুক্ত জাহাজ ছেফেচিয়া বিষ্ণুত সংঘটিত হৈছে ব্যাপক ক্ষতিসাধন। ইৰাকৰ ওচৰতে এই ঘটনাটো ঘটিছিল।
• মুঠতে জাহাজখনত ১৬ জন ভাৰতীয় নাগৰিককে ধৰি ২৮ জন ক্ৰু মেম্বাৰ আছিল। ইয়াৰে এজনৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছে। ইয়াৰ বাবে আমি সমবেদনা জ্ঞাপন কৰিছো। বাকী ১৫ জন নাগৰিকক উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোক বৰ্তমান বাছৰাত আছে। আমাৰ দূতাবাস তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে আৰু সকলো ধৰণৰ সহায় আগবঢ়াইছে।
• এই সংঘাতত এতিয়ালৈকে দুডজনৰো অধিক ভাৰতীয় আহত হৈছে। ইয়াৰে কেইবাজনো সুস্থ হৈ চিকিৎসাৰ অন্তত ঘৰলৈ উভতি আহিছে। ইয়াৰে কম সংখ্যকহে চিকিৎসালয়ত আছে।ভাৰতৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।
সংবাদ মাধ্যমৰ জৰিয়তে নাগৰিকলৈ আহ্বান:
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই আহ্বান জনাইছে:
• সংবাদ মাধ্যমৰ জৰিয়তে সকলো নাগৰিকক আহ্বান জনাইছে যে চিলিণ্ডাৰৰ নাটনিকলৈ কোনো ধৰণে আতংক হ’ব নালাগে আৰু এইক্ষেত্ৰত যাতে নিৰৱচ্ছিন্নভাৱে যোগান অব্যাহত ৰখা হয় তাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে।
• জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি তথা ৰাজ্য চৰকাৰসমূহে প্ৰয়োজনীয় কামসমূহ পৰিচালনা কৰিবলৈ আৰু ভূমি পৰ্যায়ত এল পি জি চিলিণ্ডাৰ বিতৰণ নিৰীক্ষণ কৰাৰ বিষয়ত গুৰুত্ব আৰেপ কৰা হৈছে।
• ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক ভুল তথ্য আৰু উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আৰু কেৱল বিশ্বাসযোগ্য তথা পৰীক্ষিত বিষয়বস্তু পোষ্ট কৰিবলৈ আহ্বান জনোৱা হৈছে।
• যিহেতু ই এক সঘনাই পৰিৱৰ্তিত পৰিস্থিতি, সেয়েহে তাৰিখ আৰু সময়ৰ ষ্টাম্প লগাই ভিজুৱেলসমূহ বাৰে বাৰে সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ টিভি চেনেলসমূহক আহ্বান জনোৱা হৈছে। যাতে নাগৰিকসকলে সমস্যাটো কেতিয়া হৈছিল সেই বিষয়ে সঠিকভাৱে অৱগত হ’ব পাৰে।
• ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰ অবৈধ মজুতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
****
MN/DM
(ৰিলিজ আই ডি : 2239362)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam