বিত্ত মন্ত্ৰালয়
ভৱিষ্যতৰ সফল উদ্যোগীৰ সৃষ্টি কৰিবলৈ, নিৰ্বাচিত চৰ্তৰ ভিত্তিত উদ্যমিতাক উৎসাহিত কৰিবলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১০,০০০ কোটি টকাৰ উৎসৰ্গীকৃত ক্ষুদ্ৰ আৰু মজলীয়া বিকাশৰ পুঁজি আগবঢ়াইছে
কেন্দ্ৰীয় বাজেটত এমএছএমইসমূহক টিআৰইডিএছৰ সম্ভাব্য পূৰ্ণ সুবিধা লাভৰ বাবে ৪টা উপায় আগবঢ়াইছে
পোষ্ট কৰা হৈছে:
01 FEB 2026 1:00PM by PIB Guwahati
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে দ্বিধাগ্ৰস্ততাৰ বিপৰীতে কাৰ্যব্যৱস্থা, ভাষণৰ পৰিবৰ্তে সংস্কাৰ আৰু জনপ্ৰিয়তাৰ বিপৰীতে জনসাধাৰণক বাচি লৈ সিদ্ধান্তকাৰী আৰু ধাৰাবাহিক পদক্ষেপ গ্ৰহণ কৰি আহিছে।
আজি সংসদত ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰি তেওঁ কয় যে চৰকাৰ ৩টা কৰ্তব্যৰ দ্বাৰা অনুপ্ৰাণিত, ইয়াৰ প্ৰথম কৰ্তব্য হৈছে উৎপাদনশীলতা আৰু প্ৰতিযোগিতামূলক দৃষ্টিভংগী বৃদ্ধি কৰি তথা অস্থিৰ গোলকীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সহনশীলতা গঢ়ি তোলাৰ জৰিয়তে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত আৰু বহনক্ষম কৰা।
এমএছএমইক বিকাশৰ এক গুৰুত্বপূৰ্ণ ইঞ্জিন হিচাপে স্বীকৃতি দি বিত্ত মন্ত্ৰীগৰাকীয়ে প্ৰথম কৰ্তব্যৰ অধীনত সফল হিচাপে বিকশিত হোৱাত সহায় কৰিবলৈ ত্ৰিমাত্ৰিক দৃষ্টিভংগীৰ প্ৰস্তাৱ দিয়ে।
প্ৰথমটো হৈছে ইকুইটি সমৰ্থন য’ত তেওঁ ১০,০০০ কোটি টকাৰ এছ এম ই বিকাশ পুঁজিৰ প্ৰস্তাৱ কৰে।ভৱিষ্যতৰ সফল উদ্যমী সৃষ্টি কৰিবলৈ তথা নিৰ্বাচিত চৰ্তৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক উৎসাহিত কৰিবলৈ এই প্ৰস্তাৱ কৰা হৈছে। তেওঁ ২০২১ চনত গঠন কৰা আত্মনিৰ্ভৰ ভাৰত পুঁজিত ২০০০ কোটি টকা যোগ দিবলৈও প্ৰস্তাৱ কৰে, যাতে ক্ষুদ্ৰ উদ্যোগসমূহক সমৰ্থন অব্যাহত ৰাখিব পৰা যায় আৰু তেওঁলোকে বিপদাশংকাৰ মূলধনত তেওঁলোকৰ প্ৰৱেশাধিকাৰ বৰ্তাই ৰাখিব পাৰে।
লিকুইডিটি সমৰ্থনৰ দ্বিতীয় পদ্ধতিৰ সন্দৰ্ভত বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে টি আৰ ই ডি এছ-ৰ জৰিয়তে এম এছ এম ই-বোৰলৈ ৭ লাখ কোটি টকাতকৈও অধিক ধন উপলব্ধ কৰা হৈছে। ইয়াৰ সম্পূৰ্ণ সামৰ্থ্যৰ সদব্যৱহাৰ কৰিবলৈ, তেওঁ ৪টা পদক্ষেপৰ প্ৰস্তাৱ দিছে। (১) অন্যান্য কৰ্প’ৰেটৰ বাবে মান হিচাপে কাম কৰা চি পি এছ ই-ৰ দ্বাৰা এম এছ এম ই-ৰ পৰা কৰা সকলো ক্ৰয়ৰ বাবে লেনদেন নিষ্পত্তি মঞ্চ হিচাপে টি আৰ ই ডি এছ-ক বাধ্যতামূলক কৰা; (২) টি আৰ ই ডি এছ প্লেটফৰ্মত চালান ৰেহাইৰ বাবে চি জি টি এম এছ ই-ৰ জৰিয়তে ক্ৰেডিট গেৰাণ্টি সমৰ্থন ব্যৱস্থা প্ৰৱৰ্তন কৰা; (৩) এম এছ এম ই-ৰ পৰা চৰকাৰী ক্ৰয়ৰ বিষয়ে বিত্তদাতাৰ সৈতে তথ্য ভাগ বাটোৱাৰা কৰাৰ বাবে জি ই এম-ক টি আৰ ই ডি এছ-ৰ সৈতে সংযোগ কৰা, কম খৰচী আৰু দ্ৰুত বিত্তীয় সাহায্যক উৎসাহিত কৰা; (৪) সম্পত্তি-সমৰ্থিত প্রতিভূতি হিচাপে টি আৰ ই ডি এছ গ্ৰহণযোগ্য সামগ্ৰী প্ৰৱৰ্তন কৰা, আনুষংগিক বজাৰ গঢ়ি তোলাত সহায় কৰা, লিকুইডিটি বৃদ্ধি কৰা আৰু লেনদেনৰ নিষ্পত্তি কৰা।
পেছাদাৰী সমৰ্থনৰ চূড়ান্ত দৃষ্টিভংগী সন্দৰ্ভত শ্ৰীমতী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে চৰকাৰে আইচিএআই, আইচিএছআই, আইচিএমএআইৰ দৰে পেছাদাৰী প্ৰতিষ্ঠানসমূহক বিশেষকৈ দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰসমূহত 'কৰ্পোৰেট মিত্ৰ' ৰ বিকাশ কৰিবলৈ হ্ৰস্বম্যাদী, খণ্ড ভিত্তিক পাঠ্যক্ৰম আৰু ব্যৱহাৰিক সঁজুলি প্ৰস্তুত কৰাত সহায় কৰিব। এই স্বীকৃতিপ্ৰাপ্ত অৰ্ধ-পেচাদাৰীসকলে এমএছএমইসমূহক সুলভ মূল্যত আইন অনুসৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব।
****
NB/GDH/HS
(ৰিলিজ আই ডি : 2222454)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada