বিত্ত মন্ত্ৰালয়
কৃষিৰ ক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ উদ্ভাৱনে ইতিবাচক ফলাফল দিছে: অৰ্থনৈতিক জৰীপ
ভূমি আৰু সম্পদৰ শাসন, বজাৰৰ সংস্কাৰ, পানীৰ ব্যৱস্থাপনা আৰু প্ৰযুক্তি তথা ডিজিটেল কৃষিকে ধৰি বিভিন্ন খণ্ডত উদ্ভাৱন হৈছে
পোষ্ট কৰা হৈছে:
29 JAN 2026 2:00PM by PIB Guwahati
ভাৰতৰ কেইবাখনো ৰাজ্যই শেহতীয়া বছৰবোৰত লক্ষ্য নিৰ্ধাৰণ কৰি কৃষি সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰিছে, য’ত ভূমিৰ পৰিচালনা, বজাৰ, পানী ব্যৱস্থাপনা, প্ৰযুক্তি গ্ৰহণ আৰু শস্যৰ বৈচিত্ৰ্য আদি বিষয়সমূহ সামৰি লোৱা হৈছে। এই পদক্ষেপসমূহে কৃষিৰ ফলাফল উন্নত কৰিছে বুলি কয় কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে। আজি সংসদত অৰ্থনৈতিক জৰীপ ২০২৫-২৬ দাখিল কৰি তেওঁ এনেদৰে কয় ।
বিভিন্ন ৰাজ্যই গ্ৰহণ কৰা কিছুমান মূল পদক্ষেপ আৰু শাসন তথা আঁচনিভিত্তিক পদক্ষেপৰ ফলাফল তলত দিয়া ধৰণৰ:
ভূমি আৰু সম্পদৰ শাসন: অন্ধ্ৰ প্ৰদেশে টেম্পাৰ-প্ৰুফ ডিজিটেল ভূমিৰ টাইটেল জাৰি কৰিবলৈ ড্ৰোন, কন্টিনিউছলি অপাৰেটিং ৰেফাৰেন্স ষ্টেচন (CORS), আৰু জিআইএছ ব্যৱহাৰ কৰি অন্ধ্ৰ প্ৰদেশ পুনৰ জৰীপ প্ৰকল্প (২০২১) ৰূপায়ণ কৰিছে। ২০২৫ চনলৈকে ৬,৯০১ খন গাঁও সামৰি লোৱা হৈছে, ৮১ লাখ ভূমিখণ্ড পুনৰ জৰীপ কৰা হৈছে । লগতে প্ৰায় ৮৬,০০০ সীমা বিবাদ সমাধান কৰা হৈছে।
বিহাৰে জলজ কৃষিৰ বাবে চৌৰ ভূমি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী সমকিত চাউৰ বিকাশ যোজনা (২০২৫) আৰম্ভ কৰিছে, যাৰ ফলত ২২খন জিলাত ১৯৩৩ হেক্টৰতকৈ অধিক মাটি মাছ ভিত্তিক উৎপাদনৰ অধীনলৈ আনিব পৰা গৈছে।
বজাৰৰ সংস্কাৰ: মধ্যপ্ৰদেশৰ সৌদা পাত্ৰৰ পদক্ষেপে (২০২১) ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে কৃষকৰ পৰা প্ৰত্যক্ষ এমএছপি ভিত্তিক শস্য ক্ৰয় সুবিধাজনক কৰি তুলিছে। যাৰ ফলত মাণ্ডীৰ যানজঁট হ্ৰাস পাইছে আৰু ধন আদায় দিয়াৰ ক্ষেত্ৰত স্বচ্ছতা উন্নত হৈছে। ২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে ১.০৩ লাখতকৈ অধিক লেনদেনৰ সুবিধা হৈছে।
অন্ধ্ৰ প্ৰদেশৰ ই-ফাৰমাৰ্কেট প্লেটফৰ্মে ঋথু ভৰোছা কেন্দ্ৰৰ জৰিয়তে কৃষক আৰু ব্যৱসায়ীসকলক সংযোগ কৰিছে।
জল ব্যৱস্থাপনাঃ অসম ৰাজ্যিক জলসিঞ্চন পৰিকল্পনা (২০২২)ৰ লক্ষ্য আছিল নতুন আঁচনি আৰু সৌৰ পাম্পৰ জৰিয়তে জলসিঞ্চনৰ পৰিসৰ সম্প্ৰসাৰিত কৰা, ২০২৪–২৫ চনৰ ভিতৰত মুঠ জলসিঞ্চিত ভূমি ২৪.২৮ শতাংশ লৈ বৃদ্ধি কৰা।
উত্তৰ প্ৰদেশৰ ভূগৰ্ভস্থ জল নিয়মে (২০২০) নিষ্কাশনৰ নিয়ন্ত্ৰণ শক্তিশালী কৰিছে, ২০২৫ চনৰ ভিতৰত ভূগৰ্ভস্থ পানী পুনৰ সামান্যভাৱে বৃদ্ধি পালে যদিও নিষ্কাশনৰ তীব্ৰতাও বৃদ্ধি পালে।
প্ৰযুক্তি আৰু ডিজিটেল কৃষি: কৰ্ণাটকৰ ফ্ৰুইটছ প্লেটফৰ্মে (২০২০) ডিবিটি, এমএছপি ক্ৰয় আৰু শস্য জৰীপক সমৰ্থন কৰিব পৰাকৈ এক ঐক্যবদ্ধ কৃষক তথ্যকোষ সৃষ্টি কৰিছে। যিয়ে ৫৫ লাখতকৈ অধিক কৃষক আৰু একাধিক আঁচনি সামৰি লৈছে।
ঝাৰখণ্ডই কৃষি পৰ্যায়ৰ অনুসৰণ আৰু জলবায়ু-অৱগত পৰিকল্পনা সক্ষম কৰিবলৈ জিআইএছ ভিত্তিক জলবায়ু স্মাৰ্ট কৃষি আৰু কৃষি ষ্টেক আঁচনি (২০২৪) আৰম্ভ কৰিছে। বিহাৰৰ চতুৰ্থ কৃষি ৰোডমেপ (২০২৩–২৮) পূৰ্বৰ ৰোডমেপসমূহৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে, যাৰ ফলত ইতিমধ্যে মাছ আৰু গাখীৰৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে।
ভাৰতীয় কৃষিৰ বিকাশৰ কাহিনী কৃষি খণ্ডত ৰাজ্যিক পৰ্যায়ৰ উদ্ভাৱনৰ দ্বাৰা কেনেদৰে পৰিচালিত হৈছে আৰু ইতিবাচক ফলাফল পোৱা গৈছে সেই কথা ওপৰৰ উদাহৰণসমূহেই প্ৰমাণ কৰে।
***
NB/RC/RK/DM
(ৰিলিজ আই ডি : 2220699)
অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Nepali
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam