গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

এলভিএম৩-এম৬ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ দলটোক অভিনন্দন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

ই ভাৰতৰ মহাকাশ দক্ষতাক বাণিজ্যিক সাফল্যলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আমাৰ বিজ্ঞানীসকলৰ সামৰ্থ্য প্ৰদৰ্শন কৰে

মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ মোদী জীৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিছে

प्रविष्टि तिथि: 24 DEC 2025 12:22PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে এলভিএম৩-এম৬ৰ সফল উৎক্ষেপণৰ বাবে ইছৰো দলটোক অভিনন্দন জনাইছে আৰু কৈছে যে ই ভাৰতৰ মহাকাশ দক্ষতাক বাণিজ্যিক সাফল্যলৈ ৰূপান্তৰিত কৰাত আমাৰ বিজ্ঞানীসকলৰ সামৰ্থ্যকে প্ৰদৰ্শন কৰিছে।

এক্সত এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘এলভিএম৩-এম৬ৰ সফল উৎক্ষেপণৰ বাবে ইছৰো দলটোক অভিনন্দন জনাইছো। বিশ্বজুৰি উন্নত যোগাযোগ প্ৰদান কৰিবলৈ আজি উৎক্ষেপণ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশযান ব্লুবাৰ্ড ব্লক-২য়ে ভাৰতৰ মহাকাশ দক্ষতাক বাণিজ্যিক সাফল্যলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আমাৰ বিজ্ঞানীসকলৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে, যিয়ে মহাকাশ প্ৰযুক্তিৰ বাবে ভাৰতক বিশ্বৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মোদী জীৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিছে।’

****

RK/PR/PS/HS


(रिलीज़ आईडी: 2208053) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu