প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি কে মিশ্ৰই ‘দৈনন্দিন প্ৰয়োজনীয়তা- জনসেৱা আৰু সকলোৰে মৰ্য্যাদা নিশ্চিতকৰণ’ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিবেশনত ভাষণ প্ৰদান কৰে

মানৱ অধিকাৰ দিৱস কেৱল ঐতিহাসিক ঘোষণাৰ স্মাৰক নহয়, বৰঞ্চ মৰ্য্যাদাৰ জীৱন্ত অভিজ্ঞতাক অৱলোকনৰ এক উপলক্ষঃ ডঃ পি কে মিশ্ৰ

প্ৰযুক্তি, পৰিবেশ আৰু ডিজিটেল অন্তৰ্ভুক্তিক সামৰি ল’বলৈ মানৱ অধিকাৰৰ বিকাশ ঘটিছেঃ ডঃ পি কে মিশ্ৰ

ঘৰুৱা মৰ্য্যাদা, সামাজিক সুৰক্ষা, সৰ্বাংগীন অৰ্থনৈতিক বিকাশ আৰু দুৰ্বল সমাজৰ বাবে ন্যায়- ভাৰতে এই চাৰিটা স্তম্ভৰ জৰিয়তে দৈনন্দিন প্ৰয়োজনীয়তাক সুৰক্ষিত কৰিছেঃ ডঃ পি কে মিশ্ৰ

ডঃ পি কে মিশ্ৰই নাগৰিক-কেন্দ্ৰিক শাসন ব্যৱস্থাক গভীৰ, প্ৰযুক্তিৰ দায়িত্বশীল ব্যৱহাৰ, প্ৰতিষ্ঠানিক দূৰদৰ্শিতাক সুদৃঢ় আৰু প্ৰতিটো জনসেৱাৰ পথ-প্ৰদৰ্শক নীতি হিচাপে মৰ্য্যাদা নিশ্চিতকৰণত গুৰুত্ব আৰোপ কৰিছে

प्रविष्टि तिथि: 10 DEC 2025 3:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি কে মিশ্ৰই আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ‘দৈনন্দিন প্ৰয়োজনীয়তা- জনসেৱা আৰু সকলোৰে মৰ্য্যাদা নিশ্চিতকৰণ’ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিবেশনত ভাষণ প্ৰদান কৰে। তেওঁ ভাৰতৰ দৰে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে বিশ্ব মানৱ অধিকাৰ দিৱসৰ তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। য’ত সাংবিধানিক আদৰ্শ, গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু সমাজৰ প্ৰমূল্যবোধ একত্ৰিত হৈ মানৱ মৰ্য্যাদা ৰক্ষা আৰু ইয়াক প্ৰসাৰিত কৰিছে। তেওঁ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা (১৯৪৮)-ৰ ২৫(১) অনুচ্ছেদৰ কথা স্মৰণেৰে কয় যে এই অনুচ্ছেদে অসহায় সময়ত অন্ন, বস্ত্ৰ, বাসস্থান, চিকিৎসা সেৱা, সামাজিক সেৱা আৰু নিৰাপত্তাকে প্ৰমুখ্য কৰি পৰ্য্যাপ্ত জীৱন ধাৰণৰ অধিকাৰৰ নিশ্চয়তা প্ৰশস্ত কৰিছে। তেওঁ কয় যে মানৱ অধিকাৰ দিৱস কেৱল ঐতিহাসিক ঘোষণাৰ স্মাৰক নহয়, বৰঞ্চ মৰ্য্যাদাৰ জীৱন্ত অভিজ্ঞতাক অৱলোকনৰ এক উপলক্ষ। এই বৰ্ষৰ বিষয়বস্তু, “মানৱ অধিকাৰ, আমাৰ দৈনন্দিন প্ৰয়োজনীয়তা”-ই ৰাষ্ট্ৰৰ সৈতে নাগৰিকৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ গঢ় দিয়াৰ ক্ষেত্ৰত ৰাজহুৱা সেৱা আৰু প্ৰতিষ্ঠানসমূহৰ ভূমিকাক উজ্জ্বল কৰি তুলিছে।

ডঃ মিশ্ৰই ইউডিএইচআৰ যুগুতৰ ক্ষেত্ৰত ভাৰতৰ ঐতিহাসিক ভূমিকা, বিশেষকৈ ডঃ হংসা মেহতাৰ অৱদানৰ কথা স্মৰণ কৰে। তেওঁ ঘোষণাপত্ৰখনে “সকলো লোকেই জন্মগতভাৱে স্বাধীন আৰু সমান” বুলি দৃঢ় কৰাটো নিশ্চিত কৰিছিল। এয়া আছিল লিংগ সমতাৰ বাবে এক নিৰ্ণায়ক পদক্ষেপ। তেওঁ কয় যে অন্ন, পানী, বাসস্থান, শিক্ষা আৰু ন্যায়ৰ সুবিধাৰ জৰিয়তে অধিকাৰ বাস্তৱায়িত হ’ব লাগিব। মানৱ অধিকাৰৰ চিন্তাধাৰা নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ পৰা সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰক সামৰি লৈ বিকশিত হৈছে আৰু এতিয়া ই প্ৰযুক্তি, ডিজিটেল ব্যৱস্থা, পাৰিপাৰ্শ্বিক চিন্তা আৰু নতুন দুৰ্বলতালৈকে বিস্তৃত হৈছে। তেওঁ কয় যে আজিৰ মৰ্য্যাদা কেৱল স্বাধীনতাৰ দ্বাৰাই নহয়, বৰঞ্চ গোপনীয়তা, ম’বিলিটি, পৰিষ্কাৰ পৰিবেশ আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ সুবিধাও আধাৰিত হৈ পৰিছে।

তেওঁ ভাৰতৰ সভ্যতাবাদী নীতি-নিয়মে দীৰ্ঘদিন ধৰি জনজীৱনৰ কেন্দ্ৰবিন্দুত মৰ্য্যাদা আৰু কৰ্তব্যক স্থান দি আহিছে বুলিও কয়। ধৰ্ম, ন্যায়, কৰুণা আৰু সেৱাৰ দৰে ধাৰণাসমূহে সৎ আচৰণ আৰু কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। একেদৰে অহিংসাই সংযম আৰু বৃহত্তৰ মানৱ পৰিয়ালৰ অন্তৰ্গত হোৱাৰ পোষকতা কৰা বসুধৈৱ কুটুম্বকক উৎসাহিত কৰিছিল। এই নীতিসমূহে সংবিধানৰ কাঠামোক প্ৰভাৱিত কৰিছিল। সাৰ্বজনীন প্ৰাপ্তবয়স্ক মতাধিকাৰ আৰু বলবৎযোগ্য অধিকাৰৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্য, জীৱিকা আৰু কল্যাণক অগ্ৰাধিকাৰ প্ৰদান কৰা নিৰ্দেশনামূলক নীতিলৈকে ইয়াৰ প্ৰভাৱ পৰিছিল।

২০১৪-ৰ পূৰ্বৰ দশকটোৰ কথা স্মৰণ কৰি ডঃ মিশ্ৰই উল্লেখ কৰে যে ভাৰতে শিক্ষাৰ অধিকাৰ আইন, এমজি এনৰেগা আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আদি আইনৰ জৰিয়তে উন্নয়নৰ ক্ষেত্ৰত অধিকাৰ-ভিত্তিক পন্থা অৱলম্বন কৰিছিল। কিন্তু ফলপ্ৰসূ ৰূপায়ণ অবিহনে অধিকাৰ প্ৰণয়নে বিশ্বাসযোগ্যতাক প্ৰভাৱিত কৰিছিল। কিন্তু ২০১৪-ৰ পৰা চৰকাৰে চেচুৰেচন পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাতে কোনো যোগ্য হিতাধিকাৰীয়েই বাদ পৰি ৰ’বলগীয়া নহয়। ইয়াৰ ফলশ্ৰুতিত ডিজিটেল আন্তঃগাঁথনি, প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু বিকশিত ভাৰত সংকল্প যাত্ৰাৰ দৰে প্ৰচাৰ অভিযানৰ সমৰ্থনত “কাগজৰ অধিকাৰ”-ৰ পৰা “কাৰ্য্যকৰী অধিকাৰ”-লৈ ৰূপান্তৰ ঘটিল। তেওঁ কয় যে দৰিদ্ৰতা নিৰ্মূল কাৰ্য্য হৈছে মানৱ অধিকাৰৰ ক্ষেত্ৰত অতিশয় ফলপ্ৰসূ হস্তক্ষেপ। যোৱা দশকটোত ২৫ কোটি ভাৰতীয়ক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত কৰা হৈছে। গৃহস্থী উপযোগ ব্যয় সমীক্ষা, ২০২৩-২৪ ত এই কথা প্ৰতীয়মান হৈছে।

ডঃ মিশ্ৰই দৈনন্দিন প্ৰয়োজনীয়তাক সুৰক্ষিত কৰা চাৰিটা স্তম্ভৰ ৰূপৰেখা দাঙি ধৰে। প্ৰথমটো ঘৰতে মৰ্য্যাদাক বাসস্থান, পানী, অনাময়, বিদ্যুৎ আৰু স্বচ্ছ ইন্ধনৰ জৰিয়তে আগবঢ়াই নিয়া হৈছে। পিএম আৱাস যোজনা, জল জীৱন মিছন, স্বচ্ছ ভাৰত অভিযান, সৌভাগ্য আৰু উজ্জ্বলা যোজনাই জীৱনৰ ৰূপান্তৰ সাধন কৰিছে। দ্বিতীয়টো হৈছে সামাজিক সুৰক্ষা, খাদ্য সুৰক্ষা আৰু স্বাস্থ্য নিশ্চয়তা নিশ্চিত কৰা। ক’ভিড-১৯ ৰ সময়ছোৱাত পিএম গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ৮০ কোটি লোকলৈ খাদ্যৰ ব্যৱস্থা কৰা হৈছিল আৰু আয়ুষ্মান ভাৰত–পিএমজেএৱাই এ ৪২ কোটি নাগৰিকক সামৰি লৈছিল। বীমা, পেঞ্চন আৰু নতুন শ্ৰম আইনসমূহে অনানুষ্ঠানিক আৰু গিগ শ্ৰমিকসকললৈ সুবিধাসমূহ সম্প্ৰসাৰিত কৰাৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যসেৱা আইনৰ দৰে সংস্কাৰ সাধন কাৰ্য্যই দুৰ্বল গোটসমূহৰ মৰ্য্যাদা নিশ্চিত কৰিছে। তৃতীয় স্তম্ভ সৰ্বাংগীন অৰ্থনৈতিক বিকাশক বিত্তীয় অন্তৰ্ভুক্তি আৰু সবলীকৰণৰ জৰিয়তে সমৃদ্ধ কৰা হৈছে। জেএএম ট্ৰিনিটিয়ে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰে। ৫৬ কোটিৰো অধিক জন ধন একাউন্টে বেংকহীনসকলক আনুষ্ঠানিক বিত্তীয় ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰিলে। পিএম মুদ্ৰা যোজনা আৰু পিএম স্বনিধিৰ দৰে আঁচনিসমূহে উদ্যোগ সৃষ্টিৰ পথ প্ৰশস্ত কৰিলে। আত্ম সহায়ক গোট (SHG), “লাখপতি বাইদেউ”, বেটি বচাও বেটি পঢ়াও আৰু বিধান সভাসমূহত ঐতিহাসিক এক-তৃতীয়াংশ সংৰক্ষণৰ ব্যৱস্থাই নাৰী সবলীকৰণত আলোকপাত কৰিছে। চতুৰ্থ স্তম্ভ দুৰ্বল সমাজৰ ন্যায় আৰু সুৰক্ষাক নতুন ফৌজদাৰী আইন সংহিতা, ফাষ্ট-ট্ৰেক আদালত, পস্ক’ (POCSO) আইন, দিব্যাংগৰ অধিকাৰ আইন আৰু জনজাতীয় সমাজৰ বাবে পিএম-জনমান (PM-JANMAN)-ৰ জৰিয়তে সুদৃঢ় কৰা হৈছিল। ভেকচিন মৈত্ৰীকে প্ৰমুখ্য কৰি মানৱীয় সাহায্যই মানৱ অধিকাৰৰ সাৰ্বজনীনতাৰ ওপৰত ভাৰতৰ বিশ্বাসকে প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰীৰ জন ভাগীদাৰীৰ আহ্বানৰ দ্বাৰা পৰিচালিত হৈ জনসেৱা প্ৰদানৰ ব্যৱস্থাক প্ৰেছক্ৰিপচন প্ৰদানৰ পৰা সঁহাৰি দিয়ালৈ, আঁচনি প্ৰদানৰ পৰা মৰ্য্যাদা প্ৰদানলৈ আৰু জনতাক হিতাধিকাৰী হিচাপে চোৱাৰ পৰা ৰাষ্ট্ৰ-নিৰ্মাণৰ অংশীদাৰলৈ সমগ্ৰ ব্যৱস্থাৰ ৰূপান্তৰ ঘটিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ ভাৰতক নিৰ্বাচনে গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতি দেশখনৰ বিশ্বব্যাপী আস্থাকে প্ৰতিফলিত কৰিছে।

ভাৰত বিকশিত ভাৰত, ২০৪৭-ৰ অভিমুখে ধাৱমান হোৱাৰ লগে-লগে উদীয়মান প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক আহ্বান জনাই শ্ৰী মিশ্ৰই জলবায়ু পৰিৱৰ্তন, পৰিবেশ ন্যায়, তথ্য সুৰক্ষা, দায়বদ্ধ এআই, গিগ কামৰ দুৰ্বলতা আৰু ডিজিটেল নিৰীক্ষণক জৰুৰী চিন্তা হিচাপে অভিহিত কৰে।

সামৰণিত ডঃ মিশ্ৰই কয় যে সুশাসনেই হৈছে এক মৌলিক অধিকাৰ। ই হৈছে দক্ষতা, স্বচ্ছতা, অভিযোগ নিষ্পত্তি আৰু সময়োচিত সেৱা প্ৰদান আধাৰিত। তেওঁ নাগৰিক-কেন্দ্ৰিক শাসন ব্যৱস্থা, প্ৰযুক্তিৰ দায়িত্বশীল ব্যৱহাৰ আৰু সকলোৰে বাবে মৰ্য্যাদা, ন্যায় আৰু উন্নয়ন নিশ্চিত কৰাৰ অৰ্থে সামূহিক পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰি বসবাসযোগ্য চহৰ আৰু স্পন্দনশীল গাঁওসমূহৰ সৈতে এক আধুনিক, সৰ্বাংগীন ৰাষ্ট্ৰৰ কল্পনা কৰে।

***

MJPS/SR/SB
 


(रिलीज़ आईडी: 2202078) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Bengali , Bengali-TR , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Tamil , Kannada , Malayalam