প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সংবিধান দিৱস উপলক্ষে নাগৰিকলৈ প্ৰধানমন্ত্ৰীৰ পত্ৰ
বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ নাগৰিকসকলক তেওঁলোকৰ কৰ্তব্যক প্ৰথমে মনত ৰাখিবলৈ আহ্বান জনায়
প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰ শক্তিশালী কৰিবলৈ আহ্বান জনায়
प्रविष्टि तिथि:
26 NOV 2025 9:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ নৱেম্বৰৰ সংবিধান দিৱস উপলক্ষে ভাৰতৰ নাগৰিকসকলক ১৯৪৯ চনত সংবিধানৰ ঐতিহাসিক গ্ৰহণক স্মৰণ কৰি ৰাষ্ট্ৰৰ প্ৰগতিৰ পথ প্ৰদৰ্শনত ইয়াৰ স্থায়ী ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পত্ৰ লিখে। তেওঁ উল্লেখ কৰে যে ২০১৫ চনত চৰকাৰে এই পবিত্ৰ দস্তাবেজক সন্মান জনোৱাৰ বাবে ২৬ নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে ঘোষণা কৰিছিল।
শ্ৰী মোদীয়ে সংসদ আৰু সংবিধানৰ প্ৰতি শ্ৰদ্ধাৰে নিজৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰি কেনেদৰে সংবিধানে সাধাৰণ শ্ৰেণীৰ লোকসকলক সৰ্বোচ্চ পৰ্যায়ত ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে তাৰ ওপৰত আলোকপাত কৰে। তেওঁ ২০১৪ চনত সংসদত প্ৰণিপাত কৰে আৰু ২০১৯ চনত সংবিধানখনৰ ওচৰত মূৰ দোঁৱায়। এই কাৰ্যক সন্মানৰ চিন হিচাপে তেওঁ স্মৰণ কৰে। তেওঁ কয় যে সংবিধানে অগণন লোকক সপোন দেখাৰ ক্ষমতা আৰু সেই সপোনবোৰ বাস্তৱায়িত কৰাৰ শক্তি প্ৰদান কৰিছে।
সংবিধান সভাৰ সদস্যসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ড০ ৰাজেন্দ্ৰ প্ৰসাদ, ড০ বাবাচাহেব আম্বেদকাৰ আৰু কেইবাগৰাকীও বিশিষ্ট মহিলা সদস্যক স্মৰণ কৰে, যাৰ দৃষ্টিভংগীয়ে সংবিধানক সমৃদ্ধ কৰিছিল। তেওঁ সংবিধানৰ ৬০ সংখ্যক বাৰ্ষিকী উপলক্ষে গুজৰাটত অনুষ্ঠিত সংবিধান গৌৰৱ যাত্ৰা, সংসদৰ বিশেষ অধিৱেশন আৰু ইয়াৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত দেশজোৰা কাৰ্যসূচীক মাইলৰ খুঁটি হিচাপে অভিহিত কৰে, য’ত অভিলেখসংখ্যক জনসাধাৰণৰ অংশগ্ৰহণ দেখা গৈছিল।
এই বছৰৰ সংবিধান দিৱস বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো ই চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী, বন্দে মাতৰামৰ ১৫০ সংখ্যক বাৰ্ষিকী আৰু শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক ছহিদ বাৰ্ষিকীৰ সৈতে মিলি যায় বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই ব্যক্তিত্ব আৰু মাইলৰ খুঁটিবোৰে আমাক সংবিধানৰ অনুচ্ছেদ ৫১এ-ত সন্নিবিষ্ট আমাৰ কৰ্তব্যৰ প্ৰাধান্যৰ কথা মনত পেলাই দিয়ে। তেওঁ মহাত্মা গান্ধীৰ এই বিশ্বাসৰ কথা স্মৰণ কৰি কয় যে কৰ্তব্য পালনৰ পৰা অধিকাৰৰ প্ৰবাহ হয় আৰু কৰ্তব্য পালন কৰাটোৱেই হৈছে সামাজিক তথা অৰ্থনৈতিক প্ৰগতিৰ ভেটি।
এই শতিকাৰ আৰম্ভণিৰ পৰা ইতিমধ্যে ২৫ বছৰ পাৰ হৈ গৈছে আৰু মাত্ৰ দুটা দশকৰ ভিতৰতে ভাৰতে ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰি ১০০ বছৰ সম্পূৰ্ণ কৰিব বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। ২০৪৯ চনত সংবিধান গৃহীত হোৱাৰ শতবৰ্ষ সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰি তেওঁ এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে আজি গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্তই ভৱিষ্যৎ প্ৰজন্মৰ জীৱন গঢ় দিব। বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত ভাৰতৰ নাগৰিকসকলক তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰি গণতন্ত্ৰ শক্তিশালী কৰাৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বিদ্যালয় তথা মহাবিদ্যালয়সমূহক প্ৰথমবাৰৰ বাবে ১৮ বছৰ সম্পূৰ্ণ কৰা ভোটদাতাসকলক সন্মান জনাই সংবিধান দিৱস উদযাপন কৰিবলৈ পৰামৰ্শ দিয়ে। দায়িত্ব আৰু গৌৰৱেৰে যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিলে গণতান্ত্ৰিক মূল্যবোধ আৰু ৰাষ্ট্ৰৰ ভৱিষ্যতক শক্তিশালী হ’ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।
পত্ৰখন সমাপ্ত কৰি প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক এই মহান ৰাষ্ট্ৰৰ নাগৰিক হিচাপে তেওঁলোকৰ কৰ্তব্য পালন কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিবলৈ আহ্বান জনায়, যাৰ ফলত এক উন্নত আৰু শক্তিশালী ভাৰত গঢ়ি তোলাত অৰ্থপূৰ্ণ অৱদান আগবঢ়াব পাৰে।
এক্সত দিয়া পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
‘সংবিধান দিৱসত মই সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ এখন পত্ৰ লিখিছো। ই আমাৰ সংবিধানৰ মহানতা, জীৱনত মৌলিক কৰ্তব্যৰ গুৰুত্ব আৰু আমি প্ৰথমবাৰৰ বাবে ভোটদাতা হোৱাটো কিয় উদযাপন কৰা উচিত আদি বহু বিষয়ৰ ওপৰত নিজৰ চিন্তাধাৰা ভাগ-বাটোৱাৰা কৰো।’
‘সংবিধান দিৱসত মই সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ এখন পত্ৰ লিখিছো। ই আমাৰ সংবিধানৰ মহানতা, জীৱনত মৌলিক কৰ্তব্যৰ গুৰুত্ব আৰু আমি প্ৰথমবাৰৰ বাবে ভোটদাতা হোৱাটো কিয় উদযাপন কৰা উচিত আদি বহু বিষয়ৰ ওপৰত নিজৰ চিন্তাধাৰা ভাগ-বাটোৱাৰা কৰো।’
MJPS/SR/MK
(रिलीज़ आईडी: 2194516)
आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Khasi
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam