শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
শ্ৰম আইন সৰল আৰু সুশৃংখলিত কৰাৰ বাবে চৰকাৰে ৰূপায়ণ কৰিছে চাৰিখন শ্ৰম সংহিতা
চাৰিখন শ্ৰম সংহিতাই উল্লেখনীয় পৰিৱৰ্তনৰ আগজাননী দিছে: ভাৰতৰ কৰ্মশক্তিৰ বাবে উন্নত মজুৰি, সুৰক্ষা, সামাজিক সুৰক্ষা আৰু বৰ্ধিত কল্যাণৰ নিশ্চিতি
শ্ৰম সংহিতাই এক সুৰক্ষিত ভৱিষ্যতৰ বাবে কৰ্মশক্তিক সাজু কৰাৰ লগতে উদ্যোগৰ স্থিতিস্থাপক ভেটি স্থাপন কৰিব, নিয়োগ বৃদ্ধি কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ বাবে শ্ৰম সংস্কাৰক আগুৱাই লৈ যাব
শ্ৰম সংহিতাই ভাৰতৰ শ্ৰমিক পৰিৱেশ তন্ত্ৰক বিশ্ব মানৰ সৈতে একাকাৰ কৰে, সকলো শ্ৰমিকৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰে
Posted On:
21 NOV 2025 3:00PM by PIB Guwahati
এক ঐতিহাসিক সিদ্ধান্ত অনুসৰি ভাৰত চৰকাৰে ঘোষণা কৰিছে যে চাৰিখন শ্ৰম সংহিতা - মজুৰি সংহিতা, ২০১৯, উদ্যোগ সম্পৰ্ক সংহিতা, ২০২০, সামাজিক সুৰক্ষা সংহিতা, ২০২০ আৰু বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা ২০২০ ২০২৫ চনৰ ২১ নৱেম্বৰৰ পৰা কাৰ্যকৰী কৰা হৈছে। বৰ্তমানৰ ২৯ খন শ্ৰম আইনক কাৰ্যকৰী কৰা হৈছে। শ্ৰম নিয়মক আধুনিকীকৰণ কৰি, শ্ৰমিকৰ কল্যাণ বৃদ্ধি কৰি আৰু শ্ৰমিক পৰিৱেশ তন্ত্ৰক কৰ্মৰ উপযোগী বিকাশশীল জগতখনৰ সৈতে একাকাৰ কৰি এই ঐতিহাসিক পদক্ষেপে আত্মনিৰ্ভৰ ভাৰতৰ বাবে শ্ৰম সংস্কাৰক আগুৱাই নিব পৰা ভৱিষ্যতৰ বাবে কৰ্মশক্তিক সাজু কৰি তোলাৰ লগতে ইয়াক অধিক শক্তিশালী কৰি তোলা হৈছে। ই স্থিতিস্থাপক উদ্যোগৰ ভেটি স্থাপন কৰিব।
ভাৰতৰ বহু শ্ৰম আইন স্বাধীনতাৰ পূৰ্বৰে পৰা চলি আহিছিল আৰু স্বাধীনতাৰ পিছৰ আৰম্ভণিৰ যুগত (১৯৩০–১৯৫০) যুগত সেই আইনবোৰৰ কাঠামো ৰচনা কৰা হৈছিল। সেই সময়ত অৰ্থনীতি আৰু কৰ্ম়ৰ জগতখন মৌলিকভাৱে পৃথক আছিল। যোৱা দশকবোৰত বেছিভাগ প্ৰভাৱশালী অৰ্থনীতিয়ে নিজৰ শ্ৰম নিয়মসমূহ নবীকৰণ আৰু একত্ৰিত কৰিলেও ভাৰতে ২৯খন কেন্দ্ৰীয় শ্ৰম আইনত নিহিত হৈ থকা জটিল তথা পুৰণি বিধানৰ অধীনত কাম কৰি আছিল । এই নিষেধাজ্ঞামূলক কাঠামোসমূহে পৰিৱৰ্তিত অৰ্থনৈতিক বাস্তৱতা তথা বিকশিত নিয়োগৰ ক্ষেত্ৰসমূহৰ সৈতে খোজ মিলাবলৈ সংগ্ৰাম কৰিছিল, যাৰ ফলত শ্ৰমিক আৰু উদ্যোগ উভয়ৰে বাবে অনিশ্চয়তাৰ সৃষ্টি হৈছিল আৰু নিয়ম অনুসৰণৰ বোজা বৃদ্ধি পাইছিল। চাৰিখন শ্ৰম সংহিতাৰ ৰূপায়ণে ঔপনিৱেশিক যুগৰ গাঁথনিৰ বাহিৰলৈ গৈ আধুনিক বিশ্বব্যাপী ধাৰাসমূহৰ সৈতে মিলি যোৱাৰ এই দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তাক প্ৰতিফলিত কৰিছে। এই সংহিতাসমূহে একেলগে শ্ৰমিক আৰু উদ্যোগ উভয়কে শক্তিশালী কৰিব, ই এনে এক কৰ্মশক্তি গঢ়ি তুলিব যি সুৰক্ষিত, উৎপাদনশীল আৰু কৰ্মৰ বিৱৰ্তনশীল জগতখনৰ সৈতে সংযুক্ত — অধিক স্থিতিস্থাপক, প্ৰতিযোগিতামূলক আৰু আত্মনিৰ্ভৰশীল দেশৰ পথ মুকলি কৰিব।
শ্ৰম সংহিতা ৰূপায়ণৰ পূৰ্বে আৰু পিছত শ্ৰম পৰিৱেশ তন্ত্ৰৰ তুলনা তলত দিয়া ধৰণৰ:
|
|
শ্ৰম সংস্কাৰৰ পূৰ্বৰ
|
শ্ৰম সংস্কাৰৰ পিছৰ
|
|
নিয়োগৰ আনুষ্ঠানিককৰণ
|
কোনো বাধ্যতামূলক নিযুক্তি পত্ৰ নাছিল
|
সকলো শ্ৰমিকলৈ বাধ্যতামূলক নিযুক্তি পত্ৰ।
লিখিত প্ৰমাণে স্বচ্ছতা, চাকৰিৰ সুৰক্ষা, আৰু নিৰ্দিষ্ট নিয়োগ নিশ্চিত কৰিব।
|
|
সামাজিক সুৰক্ষা আৱৰণ
|
সীমিত সামাজিক সুৰক্ষা আৱৰণ
|
সামাজিক সুৰক্ষাৰ সংহিতাৰ অধীনত, ২০২০ গিগ আৰু প্লেটফৰ্ম কৰ্মীকে ধৰি সকলো কৰ্মীয়ে সামাজিক সুৰক্ষা আৱৰণ লাভ কৰিব। সকলো শ্ৰমিকে পি এফ, ই এছ আই চি, বীমা, আৰু অন্যান্য সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰিব।
|
|
নূন্যতম মজুৰি
|
কেৱল নিৰ্ধাৰিত উদ্যোগ/নিয়োগৰ ক্ষেত্ৰতহে প্ৰযোজ্য নূন্যতম মজুৰি
|
মজুৰিৰ সংহিতা, ২০১৯ৰ অধীনত সকলো শ্ৰমিকে বিধিগত অধিকাৰৰ নূন্যতম মজুৰি প্ৰদান লাভ কৰিব। নূন্যতম মজুৰি আৰু সময়মতে ধন পৰিশোধ কৰিলে আৰ্থিক সুৰক্ষা নিশ্চিত হ’ব।
|
|
প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা
|
নিয়োগকৰ্তাই শ্ৰমিকসকলক বিনামূলীয়াকৈ বাৰ্ষিক স্বাস্থ্য পৰীক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো আইনী প্ৰয়োজনীয়তা নাছিল
|
নিয়োগকৰ্তাই ৪০ বছৰৰ ওপৰৰ সকলো শ্ৰমিকক বিনামূলীয়াকৈ বাৰ্ষিক স্বাস্থ্য পৰীক্ষা প্ৰদান কৰিব লাগিব।
সময়মতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা প্ৰসাৰিত কৰা
|
|
সময়মতে মজুৰি
|
নিয়োগকৰ্তাৰ বাবে এইক্ষেত্ৰত কোনো বাধ্যতামূলক নিয়ম নাছিল
|
মজুৰি প্ৰদান নিয়োগকৰ্তাই সময়মতে মজুৰি প্ৰদান কৰাটো বাধ্যতামূলক,
আৰ্থিক স্থিতিশীলতা নিশ্চিত কৰা, কৰ্মৰ চাপ হ্ৰাস কৰা আৰু শ্ৰমিকসকলৰ সামগ্ৰিক মনোবল বৃদ্ধি কৰা।
|
|
মহিলাৰ কৰ্মশক্তিৰ অংশগ্ৰহণ
|
ই এছ আই চিৰ কভাৰেজ অধিসূচিত অঞ্চল আৰু নিৰ্দিষ্ট উদ্যোগসমূহত সীমাবদ্ধ আছিল; ১০ জনতকৈ কম কৰ্মচাৰী থকা প্ৰতিষ্ঠানসমূহক সাধাৰণতে বাদ দিয়া হৈছিল আৰু বিপজ্জনক কামৰ গোট সমূহৰ বাবে সমগ্ৰ ভাৰতত একেধৰণৰ বাধ্যতামূলক ই এছ আই চি আৱৰণ নাছিল
|
মহিলাসকলক তেওঁলোকৰ সন্মতি আৰু প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাৰ অধীনত সকলো প্ৰতিষ্ঠানতে ৰাতি আৰু সকলো ধৰণৰ কামত কাম কৰাৰ অনুমতি দিয়া হৈছে।
মহিলাসকলে অধিক উপাৰ্জনৰ সমান সুযোগ পাব – উচ্চ দৰমহা পোৱা চাকৰি লাভ কৰিব পাৰিব।
|
|
ই এছ আই চিৰ আৱৰণ
|
ই এছ আই চিৰ কভাৰেজ অধিসূচিত অঞ্চল আৰু নিৰ্দিষ্ট উদ্যোগসমূহত সীমাবদ্ধ আছিল; ১০ জনতকৈ কম কৰ্মচাৰী থকা প্ৰতিষ্ঠানসমূহক সাধাৰণতে বাদ দিয়া হৈছিল আৰু বিপজ্জনক কামৰ গোট সমূহৰ বাবে সমগ্ৰ ভাৰতত একেধৰণৰ বাধ্যতামূলক ই এছ আই চি আৱৰণ নাছিল
|
ই এছ আই চি আৱৰণ আৰু সুবিধাসমূহ সৰ্বভাৰতীয়ভাৱে সম্প্ৰসাৰিত কৰা হৈছে - ১০ জনতকৈ কম কৰ্মচাৰী থকা প্ৰতিষ্ঠানসমূহৰ বাবে স্বেচ্ছামূলক আৰু বিজ্জনক কামত কেৱল এজন কৰ্মচাৰী নিয়োজিত হ'লেও সেয়া বাধ্যতামূলক কৰা হৈছে।
সামাজিক সুৰক্ষাৰ আৱৰণ সকলো শ্ৰমিকলৈ সম্প্ৰসাৰিত কৰা হ’ব।
|
|
অনুপালনৰ বোজা
|
বিভিন্ন শ্ৰম আইনসমূহৰ মাজেৰে একাধিক পঞ্জীয়ন, অনুজ্ঞাপত্ৰ আৰু ৰিটাৰ্ণৰ প্ৰক্ৰিয়াৰে চলি আছিল।
|
একক পঞ্জীয়ন, সমগ্ৰ ভাৰতত একক অনুজ্ঞাপত্ৰ আৰু একক ৰিটাৰ্ণ। সৰলীকৃত প্ৰক্ৰিয়া আৰু অনুপালনৰ বোজা হ্ৰাস কৰা হৈছে।
|
মূল খণ্ডসমূহত শ্ৰম সংস্কাৰৰ সুবিধাসমূহ:
১/ নিৰ্দিষ্ট স্থায়ী কৰ্মচাৰী (এফটিই):
• ছুটী, চিকিৎসা, আৰু সামাজিক সুৰক্ষাকে ধৰি স্থায়ী শ্ৰমিকৰ সমান সকলো সুবিধা লাভ কৰিবলৈ এফটিই।
• পাঁচ বছৰৰ পৰিৱৰ্তে মাত্ৰ এবছৰৰ পিছত গ্ৰেচুইটিৰ যোগ্যতা।
• স্থায়ী কৰ্মচাৰী হিচাপে সমান মজুৰি, আয় আৰু সুৰক্ষা বৃদ্ধি।
• প্ৰত্যক্ষ নিযুক্তিক প্ৰসাৰিত কৰে আৰু অত্যধিক চুক্তিবদ্ধকৰণ হ্ৰাসকৰণ ।
২/ গিগ আৰু প্লেটফৰ্মৰ কৰ্মী:
• ‘গিগ ৱৰ্ক’, ‘প্লেটফৰ্ম ৱৰ্ক’, আৰু ‘এগ্ৰিগেটৰ’ৰ বিষয়ে প্ৰথমবাৰৰ বাবে সংজ্ঞায়িত কৰা হৈছে।
• এগ্ৰিগেটৰসকলে বাৰ্ষিক টাৰ্ণঅভাৰৰ ১–২% অৰিহণা যোগাব লাগিব, যাৰ সীমা নিৰ্ধাৰণ কৰা হৈছে গিগ আৰু প্লেটফৰ্মৰ কৰ্মীসকলক প্ৰদান কৰা/প্ৰদান কৰিবলগীয়া ধনৰ ৫%।
• আধাৰ-সংযুক্ত ইউনিভাৰ্চেল একাউণ্ট নম্বৰে কল্যাণমূলক সুবিধাসমূহ সহজে লাভ কৰাত সহায় কৰিব , ইয়াক সম্পূৰ্ণৰূপে পৰ্টেবল আৰু প্ৰব্ৰজন নিৰ্বিশেষে ৰাজ্যসমূহৰ মাজত উপলব্ধ কৰি তুলিব।
৩/ ঠিকাভিত্তিক শ্ৰমিক:
• নিৰ্দিষ্ট স্থায়ী কৰ্মচাৰী (এফটিই)য়ে নিয়োগযোগ্যতা বৃদ্ধি কৰিব আৰু সামাজিক সুৰক্ষা, স্থায়ী কৰ্মচাৰীৰ সমান সুবিধাৰ দৰে আইনী সুৰক্ষা নিশ্চিত কৰিব।
• নিৰ্দিষ্ট ম্যাদী কৰ্মচাৰীসকলে এবছৰ অবিৰত সেৱা আগবঢ়োৱাৰ পিছত গ্ৰেচুইটিৰ বাবে যোগ্য হৈ পৰিব।
• প্ৰধান নিয়োগকৰ্তাই ঠিকাভিত্তিক শ্ৰমিকসকলক স্বাস্থ্য সুবিধা আৰু সামাজিক সুৰক্ষাৰ সুবিধা প্ৰদান কৰিব।
● শ্ৰমিকসকলে বিনামূলীয়াকৈ বাৰ্ষিক স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰিব।
৪/ মহিলা শ্ৰমিক:
• লিংগ বৈষম্য আইনগতভাৱে নিষিদ্ধ।
• সমান কামৰ বাবে সমান দৰমহা নিশ্চিত কৰিব লাগিব।
• মহিলাসকলে নিশাৰ শ্বিফটত আৰু সকলো ধৰণৰ কামত (ভূগৰ্ভস্থ খনন আৰু গধুৰ যন্ত্ৰপাতিকে ধৰি) কাম কৰাৰ অনুমতি আছে, এয়া তেওঁলোকৰ সন্মতি আৰু বাধ্যতামূলক সুৰক্ষা ব্যৱস্থাৰ অধীনত কৰা হ'ব ।
• অভিযোগ নিৰাময় সমিতিত মহিলাৰ বাধ্যতামূলক প্ৰতিনিধিত্ব নিশ্চিত কৰা হৈছে
• মহিলা কৰ্মচাৰীৰ পৰিয়ালৰ সংজ্ঞাই শহুৰেকক যোগ কৰাৰ ব্যৱস্থা কৰিছে , নিৰ্ভৰশীল লোকৰ কভাৰেজ সম্প্ৰসাৰণ কৰাৰ লগতে অধিক অন্তৰ্ভুক্তি নিশ্চিত কৰা হৈছে ।
৫/ যুৱ কৰ্মী:
• সকলো শ্ৰমিকৰ বাবে নূন্যতম মজুৰি নিশ্চিত কৰা হৈছে ।
• সকলো শ্ৰমিকে নিযুক্তি পত্ৰ লাভ কৰিবলৈ, - সামাজিক সুৰক্ষা, নিয়োগৰ ইতিহাস আৰু আনুষ্ঠানিক নিয়োগৰ প্ৰসাৰ নিশ্চিত কৰা হৈছে।
• নিয়োগকৰ্তাই শ্ৰমিকক শোষণ কৰাটো নিষিদ্ধ—ছুটীৰ সময়ত মজুৰি দিয়াটো বাধ্যতামূলক কৰা হৈছে।
• এক মৰ্যদাসম্পন্ন জীৱন ধাৰণৰ মান নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা মজুৰি অনুসৰি শ্ৰমিকসকলে মজুৰি লাভ কৰিব।
৬/ এম এছ এম ইৰ কৰ্মী:
• সামাজিক সুৰক্ষা সংহিতা, ২০২০ৰ অধীনত সামৰি লোৱা সকলো এম এছ এম ই কৰ্মীৰ কৰ্মচাৰীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি যোগ্যতা নিশ্চিত কৰা হৈছে।
• সকলো শ্ৰমিকৰ বাবে নূন্যতম মজুৰি নিশ্চিত কৰা হৈছে ।
• শ্ৰমিকসকলে কেণ্টিন, খোৱাপানী আৰু জিৰণি লোৱা ঠাইৰ দৰে সুবিধাসমূহ নিশ্চিত কৰা হৈছে।
• মানক কৰ্ম সময়, অতিৰিক্ত সময়ৰ কামৰ বাবে দুগুণ মজুৰি আৰু দৰমহাসহ ছুটীৰ ব্যৱস্থা।
• সময়মতে মজুৰি দিয়া নিশ্চিত কৰা হৈছে ।
৭/ বিড়ি আৰু চিগাৰেট উদ্যোগৰ শ্ৰমিকৰ বাবে :
• সকলোৰে বাবে নূন্যতম মজুৰি নিশ্চিত কৰা হৈছে ।
• কামৰ সময় প্ৰতিদিনে ৮ -১২ ঘণ্টা, প্ৰতি সপ্তাহত ৪৮ ঘণ্টাৰ সীমা নিৰ্ধাৰণ কৰা হৈছে।
• অতিৰিক্ত সময় নিৰ্ধাৰিত ঘণ্টাৰ বাহিৰত কাম কৰিব লাগিলে সেয়া সন্মতি ভিত্তিক হ’ব লাগিব আৰু এইক্ষেত্ৰত সাধাৰণ মজুৰিৰ হাৰতকৈ অন্ততঃ দুগুণ দিব লাগিব।
• সময়মতে মজুৰি প্ৰদান কৰাটো নিশ্চিত কৰা হৈছে।
• এবছৰত ৩০ দিনৰ কাম সম্পূৰ্ণ কৰাৰ পিছত বোনাছৰ বাবে শ্ৰমিক এজন যোগ্য হৈ পৰিব।
৮) বাগিচাৰ শ্ৰমিক:
• বাগিচাৰ শ্ৰমিকসকলক এতিয়া অএছএইছডব্লিউচি সংহিতা আৰু সামাজিক সুৰক্ষা সংহিতাৰ অধীনলৈ অনা হৈছে।
• ১০ জনতকৈ অধিক শ্ৰমিক বা ৫ বা ততোধিক হেক্টৰ বাগিচাত শ্ৰম সংহিতা প্ৰযোজ্য কৰা হৈছে ।
• ৰাসায়নিক পদাৰ্থ পৰিচালনা, সংৰক্ষণ আৰু ব্যৱহাৰৰ বিষয়ত বাধ্যতামূলক সুৰক্ষা প্ৰশিক্ষণৰ দিহা কৰা হৈছে।
• দুৰ্ঘটনা আৰু ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শ ৰোধ কৰিবলৈ সুৰক্ষামূলক সঁজুলি বাধ্যতামূলক কৰা হৈছে ।
• শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালে সম্পূৰ্ণ ই এছ আই চিকিৎসা সুবিধা লাভ কৰিব লাগিব ; তেওঁলোকৰ সন্তানৰ বাবে শিক্ষাৰ সুবিধাও নিশ্চিত কৰা হৈছে।
৯) অডিঅ'-ভিজুৱেল আৰু ডিজিটেল মিডিয়া কৰ্মী:
• ইলেক্ট্ৰনিক মাধ্যমৰ সাংবাদিক, ডাবিং শিল্পী, ষ্টাণ্ট ব্যক্তিকে ধৰি ডিজিটেল তথা দৃশ্য-শ্ৰাব্য মাধ্যমৰ কৰ্মীসকলে এতিয়া সম্পূৰ্ণ সুবিধা লাভ কৰিব।
• সকলো শ্ৰমিকৰ বাবে বাধ্যতামূলক নিযুক্তি পত্ৰ - তেওঁলোকৰ পদবী, মজুৰি, আৰু সামাজিক সুৰক্ষাৰ প্ৰাপ্যৰ বিষয়ে স্পষ্টভাৱে উল্লেখ কৰা হৈছে।
• সময়মতে মজুৰি প্ৰদান কৰাটো নিশ্চিত কৰা হৈছে।
• অতিৰিক্ত সময় নিৰ্ধাৰিত ঘণ্টাৰ বাহিৰত কাম কৰাটো সন্মতি ভিত্তিক হ’ব লাগিব আৰু এইক্ষেত্ৰত সাধাৰণ মজুৰিৰ হাৰৰ অন্ততঃ দুগুণ দিব লাগিব।
১০) খনিৰ শ্ৰমিকৰ বাবে :
• সামাজিক সুৰক্ষা সংহিতাই কিছুমান দুৰ্ঘটনাক নিয়োগ সম্পৰ্কীয় দুৰ্ঘটনা বুলি গণ্য কৰে, সময় আৰু নিয়োগৰ স্থানৰ চৰ্তসমূহৰ অধীনত তেনে কৰা হৈছে।
• কৰ্মক্ষেত্ৰৰ বৃত্তিগত সুৰক্ষা আৰু স্বাস্থ্যৰ অৱস্থাৰ মানকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰিছে।
• সকলো শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰা হ’ব। বাৰ্ষিক বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব।
• স্বাস্থ্য আৰু কৰ্ম-জীৱনৰ ভাৰসাম্যতা নিশ্চিত কৰিবলৈ প্ৰতিদিনে ৮ৰ পৰা ১২ ঘণ্টা, প্ৰতি সপ্তাহত ৪৮ ঘণ্টা কৰ্ম সময়ৰ সীমা নিৰ্ধাৰণ কৰা হৈছে ।
১১) বিপজ্জনক উদ্যোগৰ শ্ৰমিক:
• সকলো শ্ৰমিকে বাৰ্ষিক বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰিব।
• শ্ৰমিকৰ উন্নত সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মান নিৰ্ধাৰণ কৰিব।
• মহিলাসকলে ভূগৰ্ভৰ খনন, গধুৰ যন্ত্ৰপাতি আৰু বিপজ্জনক কামকে ধৰি সকলো প্ৰতিষ্ঠানতে কাম কৰিব পাৰিব, যাতে সকলোৰে বাবে সমান চাকৰিৰ সুযোগ নিশ্চিত কৰিব পাৰি।
• প্ৰতিটো স্থানত স্থানীয় সুৰক্ষা নিৰীক্ষণৰ বাবে বাধ্যতামূলক সুৰক্ষা সমিতি আৰু বিপজ্জনক ৰাসায়নিক পদাৰ্থৰ নিৰাপদ পৰিচালনা নিশ্চিত কৰা হৈছে।
১২) বস্ত্ৰশিল্পৰ শ্ৰমিকৰ বাবে :
• সকলো প্ৰব্ৰজিত শ্ৰমিক (প্ৰত্যক্ষ, ঠিকাদাৰ ভিত্তিক আৰু স্ব-প্ৰব্ৰজনকাৰী)ক সমান মজুৰি, কল্যাণমূলক সুবিধা আৰু পিডিএছ পৰ্টেবিলিটি সুবিধা লাভ কৰিব।
• শ্ৰমিকসকলে পাবলৈ বাকী থকা ধন লাভৰ বাবে ৩ বছৰলৈকে দাবী উত্থাপন কৰিব পাৰে, যাৰ ফলত নমনীয় আৰু সহজ সমাধানৰ সুবিধা নিশ্চিত হ'ব।
• অতিৰিক্ত সময়ৰ কামৰ বাবে শ্ৰমিকক দুগুণ মজুৰি প্ৰদানৰ ব্যৱস্থা।
১৩) আই টি আৰু আই টি ই এছৰ কৰ্মীৰ বাবে :
• প্ৰতি মাহৰ ৭ তাৰিখৰ ভিতৰত দৰমহা মুকলি কৰাটো বাধ্যতামূলক। স্বচ্ছতা আৰু বিশ্বাস নিশ্চিত কৰিব লাগিব।
• সমান কামৰ বাবে সমান দৰমহা বাধ্যতামূলক কৰা হৈছে, মহিলাৰ অংশগ্ৰহণ শক্তিশালী কৰা হৈছে ।
• সকলো প্ৰতিষ্ঠানতে মহিলাসকলে নৈশ শ্বিফটত কাম কৰাৰ সুবিধা লাভ কৰিব – মহিলাসকলে অধিক মজুৰি, উপাৰ্জনৰ সুযোগ পাব লাগিব।
• হাৰাশাস্তি, বৈষম্য আৰু মজুৰি সম্পৰ্কীয় বিবাদৰ সময়মতে সমাধান কৰিব লাগিব ।
• নিৰ্দিষ্ট সময়ৰ নিয়োগ আৰু বাধ্যতামূলক নিযুক্তি পত্ৰৰ জৰিয়তে সামাজিক সুৰক্ষাৰ সুবিধাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব।
১৪) ডক কৰ্মী:
• সকলো ডক কৰ্মীয়ে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিবলৈ আইনী সুৰক্ষা লাভ কৰিব ।
• সামাজিক সুৰক্ষাৰ সুবিধা নিশ্চিত কৰিবলৈ বাধ্যতামূলক নিযুক্তি পত্ৰ প্ৰদান কৰিব লাগিব।
• চুক্তিবদ্ধ বা অস্থায়ী ডক কৰ্মী,সকলোৰে বাবে প্ৰভিডেণ্ট ফাণ্ড, পেঞ্চন, আৰু বীমাৰ সুবিধা নিশ্চিত কৰিব লাগিব।
• নিয়োগকৰ্তাৰ পুঁজিৰে শ্ৰমিকৰ বাৰ্ষিক স্বাস্থ্য পৰীক্ষা বাধ্যতামূলক কৰা হৈছে।
• ডক কৰ্মীসকলক বাধ্যতামূলক চিকিৎসা সুবিধা প্ৰদান , প্ৰাথমিক চিকিৎসা, অনাময় ব্যৱস্থা আদি লাভ কৰিব লাগিব , যাতে কৰ্মস্থলীৰ পৰিস্থিতি উন্নত হোৱাৰ লগতে সুৰক্ষাও নিশ্চিত হয়।
১৫) ৰপ্তানি খণ্ডৰ শ্ৰমিকৰ বাবে :
• ৰপ্তানি খণ্ডৰ নিৰ্দিষ্ট সময়ৰ শ্ৰমিকসকলে গ্ৰেচুইটি, প্ৰভিডেণ্ট ফাণ্ড (পিএফ) আৰু অন্যান্য সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰিব ।
• প্ৰতিজন শ্ৰমিকে এবছৰত ১৮০ দিন কাম কৰাৰ পিছত বাৰ্ষিক ছুটীৰ সুবিধা লোৱাৰ বিকল্প ব্যৱস্থা থাকিব।
• প্ৰতিজন শ্ৰমিকে সময়মতে মজুৰি লাভৰ অধিকাৰ পাব লাগিব আৰু কোনো ধৰণৰ অকৰ্তৃত্বশীলভাবে মজুৰি কৰ্তন কৰা নচলিব। লগতে কোনো ধৰণৰ মজুৰিৰ উৰ্ধসীমাৰ বাধা থাকিব নালাগিব ।
● মহিলাসকলক সন্মতি সাপেক্ষে নৈশ শ্বিফটত কাম কৰিবলৈ দিব লাগিব, যাৰ ফলত তেওঁলোকৰ বাবে অধিক উপাৰ্জনৰ সুযোগ নিশ্চিত কৰিব পৰা যাব ।
● সুৰক্ষা আৰু কল্যাণমূলক ব্যৱস্থাসমূহৰ ভিতৰত আছে বাধ্যতামূলক লিখিত সন্মতি, অতিৰিক্ত সময়ৰ বাবে দুগুণ মজুৰি প্ৰদান , নিৰাপদ পৰিবহণ, চিচিটিভিৰ জডিয়তে চোৱাচিতা আৰু নিৰাপত্তাৰ ব্যৱস্থা।
ইতিমধ্যে উল্লেখ কৰা বিশেষ কল্যাণমূলক পদক্ষেপসমূহৰ বাহিৰেও শ্ৰম সংহিতাই আৰু কেইবাটাও সংস্কাৰ প্ৰৱৰ্তনৰ দিহা কৰিছে। যিয়ে শ্ৰমিকৰ সুৰক্ষা শক্তিশালী কৰিব আৰু নিয়োগকৰ্তাৰ বাবে নিয়মৰ অনুসৰণ সৰল কৰি তুলিব:
• কোনো শ্ৰমিকে নূন্যতম জীৱন ধাৰণৰ মানৰ তলৰ মজুৰি লাভ নকৰাটো নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় স্তৰৰ মজুৰিৰ নিশ্চিতি প্ৰদান কৰা হৈছে।
• লিংগ নিৰপেক্ষ দৰমহা আৰু চাকৰিৰ সুযোগ, বৈষম্য স্পষ্টভাৱে নিষিদ্ধ কৰা হৈছে —তৃতীয় লিংগৰ ব্যক্তিৰ বিৰুদ্ধেও কোনো বৈষম্য নচলিব ।
• পৰিদৰ্শকৰ লগতে সহ-সুবিধাকাৰীৰ ব্যৱস্থাৰে শাস্তিমূলক ব্যৱস্থাৰ পৰিৱৰ্তে নিৰ্দেশনা, সজাগতা আৰু অনুসৰণ সমৰ্থনৰ দিশত নিয়মসমূহ বলবৎকৰণৰ ব্যৱস্থা কৰা হৈছে ।
• দ্ৰুত বিবাদ নিষ্পত্তি, দুজনীয়া ঔদ্যোগিক ন্যায়াধিকৰণ আৰু পোনপটীয়াকৈ ন্যায়াধিকৰণৰ কাষ চাপিব পৰা বিকল্পৰ ব্যৱস্থা কৰা হৈছে।
• সুৰক্ষা আৰু কামৰ চৰ্তৰ প্ৰয়োজনীয়তাসমূহত গুৰুত্ব প্ৰদীন কৰি একাধিক ফাইলিঙৰ ঠাইত একক পঞ্জীয়ন, একক অনুজ্ঞাপত্ৰ আৰু একক ৰিটাৰ্ণৰ দিহা কৰা হৈছে ।
• বিভিন্ন খণ্ডত সুসংহত সুৰক্ষা আৰু স্বাস্থ্যৰ মান নিৰ্ধাৰণ কৰিবলৈ ৰাষ্ট্ৰীয় অ’এছএইচ ব’ৰ্ড গঠন কৰা হ'ব ।
• ৫০০+ শ্ৰমিক থকা প্ৰতিষ্ঠানসমূহত বাধ্যতামূলক সুৰক্ষা সমিতি, কৰ্মক্ষেত্ৰৰ জবাবদিহিতা উন্নত কৰা হ'ব।
• ডাঙৰ কাৰখানাৰ ক্ষেত্ৰত প্ৰযোজ্যতাৰ সীমা, সৰু গোটসমূহৰ বাবে নিয়ন্ত্ৰণমূলক বোজা লাঘৱ কৰাৰ লগতে শ্ৰমিকসকলৰ বাবে সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা নিশ্চিত কৰা হৈছে।
শ্ৰম সংহিতাৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত ব্যাপক আলোচনাৰ সৈতে সংগতি ৰাখি চৰকাৰে একেদৰেই সংহিতাৰ অধীনত সংশ্লিষ্ট নিয়ম, বিধি, আঁচনি আদি যুগুত কৰোতে জনসাধাৰণ আৰু অংশীদাৰসকলক নিয়োজিত কৰিব। পৰিৱৰ্তনৰ লক্ষ্যৰে বৰ্তমানৰ শ্ৰম আইনসমূহৰ প্ৰাসংগিক বিধান আৰু ইয়াৰ নিয়ম-নীতি, অধিসূচনা, মান আদিৰে আঁচনি আদি বলৱৎ হৈ থাকিব।
বিগত দশকত ভাৰতে সামাজিক-নিৰাপত্তাৰ আৱৰণ লক্ষ্যণীয়ভাৱে সম্প্ৰসাৰণ কৰিছে, ২০১৫ চনত প্ৰায় ১৯% কৰ্মশক্তিৰ পৰা ২০২৫ চনত ৬৪%তকৈ অধিক বৃদ্ধি পাইছে, যাৰ ফলত সমগ্ৰ দেশতে শ্ৰমিকসকলৰ মাজত সুৰক্ষা আৰু মৰ্যাদা লাভ কৰাটো নিশ্চিত হৈছে। ইয়াৰ লগতে সামাজিক সুৰক্ষাৰ কৃতিত্বৰ এই মাইলৰ খুঁটিৰ বাবে বিশ্বত শ্ৰমৰ ক্ষেত্ৰখনত স্বীকৃতি লাভ কৰিছে। চাৰিখন শ্ৰম সংহিতাৰ ৰূপায়ণে এই কাহিনীক নৱ ৰূপ প্ৰদান কৰিব। সামাজিক-সুৰক্ষাৰ আৱৰণ আৰু অধিক সম্প্ৰসাৰিত কৰি তথা ৰাজ্য আৰু খণ্ডসমূহৰ মাজত সুবিধাসমূহৰ বহনযোগ্যতা সন্নিৱিষ্ট কৰি শ্ৰমিকসকল উপকৃত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । সম্প্ৰসাৰিত সামাজিক সুৰক্ষা, শক্তিশালী সুৰক্ষা আৰু প্ৰাপ্যৰ ক্ষেত্ৰত দেশজোৰা বহনযোগ্যতাৰ সৈতে এই সংহিতাসমূহে শ্ৰমিকসকলক, বিশেষকৈ মহিলা, যুৱক-যুৱতী, অসংগঠিত, গিগ আৰু প্ৰব্ৰজিত শ্ৰমিকসকলক শ্ৰম খণ্ডৰ প্ৰশাসনিক বিষয়ৰ কেন্দ্ৰত দৃঢ়ভাৱে উপস্থাপন কৰিব। বিধি অনুসৰণৰ বোজা হ্ৰাস কৰি আৰু নমনীয় তথা আধুনিক কৰ্ম ব্যৱস্থা সক্ষম কৰি এই সংহিতাসমূহে নিয়োগ, দক্ষতা তথা উদ্যোগৰ বিকাশ সম্ভৱ কৰি তুলিব। যিবোৰ ব্যৱস্থা শ্ৰমিকৰ পক্ষত , মহিলাৰ পক্ষত , যুৱক-যুৱতীৰ পক্ষত তথা নিয়োগৰ সমৰ্থনত চৰকাৰৰ দায়বদ্ধতাকেই পুনৰবাৰ দৃঢ় কৰি তুলিছে।
Rini Choudhury/Anjelina Alexander/DM
(Release ID: 2192786)
Visitor Counter : 152
Read this release in:
English
,
Khasi
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam