প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীৰ জাপান, পাপুয়া নিউগিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ

प्रविष्टि तिथि: 16 MAY 2023 5:00PM by PIB Guwahati

জাপানৰ অধ্যক্ষতাত জি-৭ শীৰ্ষ সন্মিলনৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী মহামান্য কিছিদা ফুমিঅ’ৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯-২১ মে’ ২০২৩ত জাপানৰ হিৰোচিমা ভ্ৰমণ কৰিব। শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অংশীদাৰ দেশসমূহৰ সৈতে জি-৭ৰ অধিবেশন যেনে বহনক্ষম গ্ৰহৰ শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধি; খাদ্য, সাৰ আৰু শক্তিৰ সুৰক্ষা; স্বাস্থ্য; লিংগ সমতা; জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ; স্থিতিস্থাপক আন্তঃগাঁথনি; আৰু উন্নয়নমূলক সহযোগিতা ইত্যাদিত  ভাষণ দিব।

প্ৰধানমন্ত্ৰী কিছিদা ফুমিঅ’ৰ সৈতেও প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। তেওঁ শীৰ্ষ সন্মিলনৰ পাৰ্শ্বৱৰ্তী আন একাংশ অংশগ্ৰহণকাৰী নেতাৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে পাপুয়া নিউগিনিৰ প’ৰ্ট ম’ৰছবিলৈ যাত্ৰা কৰিব, য’ত তেওঁ ২২ মে’ ২০২৩ত পাপুয়া নিউ গিনিৰ প্ৰধানমন্ত্ৰী মহামান্য জেমছ মাৰাপেৰ সৈতে যৌথভাৱে ভাৰত–প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ মঞ্চৰ তৃতীয় সন্মিলন (এফআইপিআইচি তৃতীয় সন্মিলন) আয়োজন কৰিব। ২০১৪ চনত আৰম্ভ কৰা এফআইপিআইচিয়ে ভাৰত আৰু ১৪খন প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশ (পিআইচি) যথা, কুক দ্বীপপুঞ্জ, মাইক্ৰ’নেছিয়াৰ ফেডাৰেটেড ষ্টেটছ, ফিজি, কিৰিবাটি, নাউৰু, নিউৱে, পালাউ, পাপুয়া নিউ গিনি, ৰিপাব্লিক অৱ মাৰ্শ্বেল দ্বীপপুঞ্জ, চামোয়া, ছলমন দ্বীপপুঞ্জ, টংগা, টুভালু আৰু ভানুআটুক সামৰি লৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে পাপুয়া নিউগিনিত গৱৰ্ণৰ জেনেৰেল ছাৰ বব দাদাই আৰু প্ৰধানমন্ত্ৰী জেমছ মাৰাপেৰ সৈতে বৈঠককে ধৰি দ্বিপাক্ষিক যোগাযোগ স্থাপন কৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এইটোৱেই হ’ব প্ৰথমবাৰৰ বাবে পাপুয়া নিউগিনি ভ্ৰমণ।

ইয়াৰ পাছত ২২-২৪ মে’ ২০২৩ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামান্য এণ্টনি আলবানিজৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি মহামান্য জোচেফ আৰ বাইডেন জুনিয়ৰ আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামান্য কিছিদা ফুমিঅ’ ডাঙৰীয়াৰ সৈতে কোৱাড লিডাৰ্ছ ছামিটত অংশগ্ৰহণৰ বাবে অষ্ট্ৰেলিয়াৰ ছিডনী ভ্ৰমণ কৰিব। এই সন্মিলনে নেতাসকলক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নৰ বিষয়ে মতামত বিনিময় কৰাৰ লগতে মুক্ত, মুকলি আৰু সৰ্বাংগীন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে তেওঁলোকৰ দৃষ্টিভংগী আগবঢ়াই নিয়াৰ সুযোগ প্ৰদান কৰে।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ২৪ মে’ ২০২৩ত প্ৰধানমন্ত্ৰী আলবানিজৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়াৰ চিইঅ’ আৰু ব্যৱসায়িক নেতাসকলৰ সৈতেও মত বিনিময় কৰিব, আৰু ২৩ মে’ ২০২৩ত ছিডনীত অনুষ্ঠিত হ’বলগীয়া এক সামূহিক অনুষ্ঠানত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক সম্বোধন কৰিব।
 


(रिलीज़ आईडी: 2189115) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam