প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সামুদ্ৰিক নৱজাগৰণৰ বিষয়ে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰাৰ লগতে বিশ্বৰ বিনিয়োগকাৰীসকলক বিনিয়োগৰ বাবে আমন্ত্ৰণ জনায়

प्रविष्टि तिथि: 30 OCT 2025 3:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সামুদ্ৰিক খণ্ডত বিনিয়োগৰ ক্ষেত্ৰত ভাৰতক  আগশাৰীৰ গন্তব্যস্থান হিচাপে উত্থান ঘটোৱাৰ প্ৰসংগত নিজৰ চিন্তাধাৰা ব্যক্ত কৰিছে। তেওঁ দৃঢ়তাৰে  কয় যে সামুদ্ৰিক খণ্ডত বিনিয়োগৰ ক্ষেত্ৰত ভাৰত উপযুক্ত স্থান । আমাৰ অতি দীঘলীয়া উপকূল আছে। আমাৰ বিশ্বমানৰ বন্দৰ আছে। আমাৰ আন্তঃগাঁথনি, উদ্ভাৱন আৰু নিৰ্দিষ্ট উদ্দেশ্য আছে। আহক, ভাৰতত বিনিয়োগ কৰক, শ্ৰী মোদীয়ে এনেদৰে আহ্বান জনায় ।

 

লিংকডিন পেজত প্ৰধানমন্ত্ৰীয়ে সামুদ্ৰিক ক্ষেত্ৰত ভাৰতৰ কৌশলগত অৱস্থান, আধুনিক বন্দৰৰ আন্তঃগাঁথনি  তথা উদ্ভাৱনৰ প্ৰতি থকা  দায়বদ্ধতাই জাহাজ নিৰ্মাণ, বন্দৰ পৰিচালনা, লজিষ্টিক, উপকূলীয় জাহাজ আৰু আনুসংগিক  সেৱাৰ বিনিয়োগকাৰীৰ বাবে কেনেদৰে বিশাল সুযোগৰ বাট  মুকলি কৰি দিছে তাৰ ৰূপৰেখা দাঙি ধৰে।

 

তেওঁ কয় যে ৭,৫০০ কিলোমিটাৰতকৈ অধিক উপকূল ৰেখা আৰু বিশ্বৰ সৈতে ফেৰ মাৰিব পৰা  প্ৰতিযোগিতামূলক বন্দৰৰ সম্প্ৰসাৰিত নেটৱৰ্কৰ সৈতে ভাৰত এক ডাঙৰ সামুদ্ৰিক কেন্দ্ৰ হ’বলৈ সাজু হৈছে- কেৱল সংযোগেই নহয়, মূল্য সংযোজিত সেৱা, সেউজ জাহাজ চলোৱাৰ পদক্ষেপ আৰু উদ্যোগ-বন্ধুত্বপূৰ্ণ নীতিৰ কাঠামো গঢ়ি তোলা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলক  উদ্দেশ্যি এইবুলি আহ্বান জনায়-  “আহক, ভাৰতত বিনিয়োগ কৰক আৰু শক্তিশালী আন্তঃগাঁথনি, স্পষ্ট উদ্দেশ্য আৰু উদীয়মান উদ্ভাৱন পৰিৱেশ তন্ত্ৰৰ  আধাৰিত পৰিচালিত দেশৰ সামুদ্ৰিক বৃদ্ধিৰ কাহিনীৰ অংশ হওক- ।

 

লিংকডিনত প্ৰকাশ কৰা  নিজৰ চিন্তাধাৰা শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

 

‘সামুদ্ৰিক খণ্ডত বিনিয়োগৰ ক্ষেত্ৰত ভাৰত উপযুক্ত স্থান ।

 

আমাৰ অতি দীঘলীয়া উপকূল আছে।

 

আমাৰ বিশ্বমানৰ বন্দৰ আছে।

 

আমাৰ আন্তঃগাঁথনি, উদ্ভাৱন আৰু উদ্দেশ্য আছে।

 

আহক, ভাৰতত বিনিয়োগ কৰক!

 

@LinkedIn ত কেইটামান কথা শ্বেয়াৰ কৰিলোঁ।”

 

 

 

***

MJPS/ST/DM


(रिलीज़ आईडी: 2185207) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam