প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সামূহিক প্ৰচেষ্টাৰ বাবে ভাৰতৰ বাঘৰ সংখ্যা বৃদ্ধি পাইছেঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 03 DEC 2024 7:10PM by PIB Guwahati

বাঘ সংৰক্ষণৰ ক্ষেত্ৰত দেশৰ সামূহিক প্ৰচেষ্টাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে ভাৰতৰ বাঘৰ সংখ্যা সময়ৰ লগে লগে বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে দেশৰ ৫৭নং বাঘ সংৰক্ষিত বনাঞ্চলৰ সংযোজন আমাৰ শতিকা পুৰণি প্ৰকৃতিপ্ৰেম আৰু সংৰক্ষণৰ পৰম্পৰাৰ প্ৰতিফলন।

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱৰ এক্স-হেণ্ডেলৰ এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে লিখে-

“প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এইটো এটা ডাঙৰ খবৰ, প্ৰকৃতি সংৰক্ষণৰ আমাৰ শতিকা পুৰণি মূল্যবোধৰ সৈতে সংগতি ৰাখি।সামূহিক প্ৰচেষ্টাৰ বাবেই ভাৰতৰ বাঘৰ সংখ্যা সময়ৰ লগে লগে বৃদ্ধি পাইছে আৰু মই নিশ্চিত যে আগন্তুক দিনতো এই গতি অব্যাহত থাকিব।”

 

***

MJPS/SR


(ৰিলিজ আই ডি : 2178426) অতিথি কক্ষ : 20