প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৱালটাৰ ৰাছেল মিড নেতৃত্বত অহা আমেৰিকাৰ প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
07 OCT 2025 8:20PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱালটাৰ ৰাছেল মিড ডাঙৰীয়াৰ নেতৃত্বত আমেৰিকাৰ চিন্তাবিদ আৰু ব্যৱসায়িক নেতাৰ প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰত–আমেৰিকাৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে বিশ্ব শান্তি, প্ৰগতি, আৰু সমৃদ্ধিৰ বাবে দুয়োখন ৰাষ্ট্ৰৰ অংশীদাৰিত্বক আগুৱাই নিয়াত তেওঁলোকৰ অৱদানৰ বিষয়ে বিশেষভাবে উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;
'ৱালটাৰ ৰাছেল মিড ডাঙৰীয়াৰ নেতৃত্বত চিন্তাবিদ আৰু ব্যৱসায়িক নেতাৰ আমেৰিকাৰ প্ৰতিনিধি দল এটাৰ সৈতে মত বিনিময় কৰি আনন্দিত হৈছো।ভাৰত-আমেৰিকাৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত আৰু বিশ্ব শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে আমাৰ অংশীদাৰিত্বক আগুৱাই নিয়াত তেওঁলোকৰ অৱদানক স্বীকাৰ কৰিছো ।
@wrmead”
***
MJPS/ST
(ৰিলিজ আই ডি : 2176259)
অতিথি কক্ষ : 26
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam