প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৌশল দীক্ষান্ত সমাৰোহ সম্বোধনেৰে ৬২,০০০ কোটি টকাৰো অধিক মূল্যৰ যুৱ-কেন্দ্ৰিক পদক্ষেপৰাজিৰ শুভাৰম্ভ কৰে
ভাৰত এখনি জ্ঞান আৰু দক্ষতাৰ দেশ, এই বৌদ্ধিক শক্তিয়েই হৈছে আমাৰ সৰ্ববৃহৎ শক্তিঃ প্ৰধানমন্ত্ৰী
আইটিআই সমূহ কেৱল ঔদ্যোগিক শিক্ষাৰ আগশাৰীৰ প্ৰতিষ্ঠানেই নহয়, বৰঞ্চ আত্মনিৰ্ভৰ ভাৰতৰ একো-একোখন কৰ্মশালাওঃ প্ৰধানমন্ত্ৰী
পিএম-সেতু যোজনাই ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্বৰ দক্ষতাৰ চাহিদাৰ সৈতে সংযোগ কৰিবঃ প্ৰধানমন্ত্ৰী
ভাৰত ৰত্ন কৰ্পূৰী ঠাকুৰ জীয়ে ওৰেটো জীৱন সমাজ সেৱা আৰু শিক্ষাৰ অগ্ৰগতিৰ বাবে উৎসৰ্গা কৰিছিল, তেওঁৰ নামত প্ৰতিষ্ঠা হোৱা দক্ষতা বিশ্ববিদ্যালয়ে সেই দৃষ্টিভংগীক আগুৱাই নিয়াৰ এক শক্তিশালী মাধ্যম হিচাপে কাম কৰিবঃ প্ৰধানমন্ত্ৰী
Posted On:
04 OCT 2025 1:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণেৰে ৬২,০০০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন যুৱ-কেন্দ্ৰিক পদক্ষেপৰ শুভাৰম্ভ কৰে। প্রধানমন্ত্রীগৰাকীয়ে সমগ্ৰ দেশৰ আইটিআই সমূহৰ সৈতে জড়িত লাখ-লাখ ছাত্র-ছাত্রীৰ লগতে বিহাৰৰ ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্রীসকলক শুভেচ্ছা জ্ঞাপনেৰে কয় যে কেইবছৰমান পূর্বে চৰকাৰে আইটিআই সমূহৰ ছাত্র-ছাত্রী সকলৰ বাবে বৃহৎ-পৰিসৰৰ সমাৱৰ্তন অনুষ্ঠান আয়োজনৰ এক নতুন পৰম্পৰা আৰম্ভ কৰিছিল। তেখেতে আজি সেই পৰম্পৰাৰেই আন এক মাইলৰ খুঁটি স্থাপন হৈছে বুলি কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই অনুষ্ঠান ভাৰতে দক্ষতা বিকাশৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কাৰ্য্যৰ প্ৰতীক। তেখেতে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবে শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত দুটা বৃহৎ পদক্ষেপ আৰম্ভৰ কথা ঘোষণা কৰে। শ্ৰী মোদীয়ে কয় যে ৬০,০০০ কোটি টকা মূল্যৰ পিএম সেতু (PM SETU) আঁচনিৰ অধীনত আইটিআইসমূহ এতিয়া উদ্যোগসমূহৰ সৈতে অধিক গভীৰভাৱে সংযুক্ত হৈ পৰিব। তেখেতে আৰু কয় যে সমগ্ৰ দেশজুৰি সমগ্ৰ নৱোদয় বিদ্যালয় আৰু একলব্য আদৰ্শ বিদ্যালয় সমূহত আজি ১,২০০ টা স্কিল লেব উদ্বোধন কৰা হৈছে।
শ্ৰী মোদীয়ে কয় যে এই অনুষ্ঠানৰ প্ৰাৰম্ভিক পৰিকল্পনা আছিল বিজ্ঞান ভৱনত সমাৱৰ্তন অনুষ্ঠান অনুষ্ঠিত কৰা। কিন্তু তেখেতে কয় যে শ্ৰী নীতিশ কুমাৰৰ পৰা এই অনুষ্ঠানক বৃহৎ-উৎসৱলৈ উন্নীতকৰণৰ প্ৰস্তাৱ লাভৰ লগে-লগে এয়া এক বৃহৎ উদযাপনলৈ ৰূপান্তৰিত হ’ল। এই মঞ্চৰ পৰাই বিহাৰৰ যুৱক-যুৱতীসকলৰ বাবে একাধিক আঁচনি আৰু প্ৰকল্প উৎসৰ্গা কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ ভিতৰত বিহাৰত নতুন দক্ষতা প্ৰশিক্ষণ বিশ্ববিদ্যালয় স্থাপন, আন বিশ্ববিদ্যালয়সমূহত সুবিধাৰ সম্প্ৰসাৰণ, নতুন যুৱ আয়োগ গঠন, হাজাৰ-হাজাৰ যুৱক-যুৱতীক স্থায়ী চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা আদি। তেখেতে দৃঢ়তাৰে কয় যে এই পদক্ষেপসমূহ হৈছে বিহাৰৰ যুৱক-যুৱতীসকলৰ এটি উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা।
শেহতীয়াকৈ বিহাৰৰ মহিলাসকলৰ বাবে নিয়োগ আৰু আত্ম-নিৰ্ভৰতাত গুৰুত্ব আৰোপ কৰা বৃহৎ-পৰিসৰৰ কাৰ্য্যসূচী ৰূপায়ণৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াত লাখ-লাখ ভগ্নীয়ে অংশগ্ৰহণ কৰিছিল। শ্ৰী মোদীয়ে কয় যে বিহাৰৰ যুৱ সবলীকৰণৰ বাবে আজিৰ বৃহৎ কাৰ্য্যসূচীয়ে তেওঁলোকৰ চৰকাৰে ৰাজ্যখনৰ যুৱক-যুৱতী আৰু মহিলাসকলক প্ৰদান কৰা অগ্ৰাধিকাৰ প্ৰদান কাৰ্য্যকে প্ৰতিফলিত কৰিছে।
ভাৰত এখনি জ্ঞান আৰু দক্ষতাৰ দেশ, এই বৌদ্ধিক শক্তিয়েই হৈছে আমাৰ সৰ্ববৃহৎ শক্তি বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দক্ষতা আৰু জ্ঞান ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তাৰ সৈতে সংপৃক্ত হৈ পৰা আৰু সেয়া পৰিপূৰণত অৰিহণা যোগোৱা মাত্ৰেকে ইয়াৰ প্ৰভাৱ বহুগুণে বৃদ্ধি পায়। তেখেতে কয় যে একবিংশ শতিকাৰ প্ৰয়োজন হৈছে দেশৰ প্ৰয়োজনীয়তা অনুসৰি স্থানীয় প্ৰতিভা, স্থানীয় সম্পদ, স্থানীয় দক্ষতা আৰু স্থানীয় জ্ঞানক দ্ৰুতগতিত আগুৱাই নিয়া। এই অভিযানত হাজাৰ-হাজাৰ আইটিআইৰ উল্লেখযোগ্য ভূমিকাত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে বৰ্তমান আইটিআই সমূহে প্ৰায় ১৭০ টা ট্ৰেডৰ প্ৰশিক্ষণ প্ৰদান কৰে আৰু বিগত ১১ বছৰত ১.৫ কোটিৰো অধিক যুৱক-যুৱতীক এই ট্ৰেডসমূহত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, তেওঁলোকে ভিন্ন খণ্ডত কাৰিকৰী অৰ্হতা লাভ কৰিছে। তেখেতে গৌৰৱেৰে উল্লেখ কৰে যে এই দক্ষতাসমূহ স্থানীয় ভাষাত প্ৰদান কৰা হয়, ইয়াৰ ফলত গভীৰ বুজাবুজি আৰু সুলভতা সম্ভৱ হৈছে। এইবাৰ সৰ্বভাৰতীয় ট্ৰেড পৰীক্ষাত ১০ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত ইয়াৰে পঞ্চল্লিশজনৰো অধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ সুযোগ লাভ কৰিছে বুলি কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বঁটাপ্ৰাপকসকলৰ গৰিষ্ঠ সংখ্যক ভাৰতৰ গ্ৰামাঞ্চল আৰু দুৰ্গম অঞ্চলসমূহৰ পৰা আহিছে। তেওঁলোকৰ মাজত কন্যা আৰু দিব্যাংগসকলৰ উপস্থিতিৰ কথা উল্লেখেৰে নিষ্ঠা আৰু অধ্যৱসায়ৰ জৰিয়তে তেওঁলোকৰ কষ্টোপাৰ্জিত সফলতাক প্ৰশংসা কৰে।
“আইটিআই সমূহ কেৱল ঔদ্যোগিক শিক্ষাৰ আগশাৰীৰ প্ৰতিষ্ঠানেই নহয়, বৰঞ্চ আত্মনিৰ্ভৰ ভাৰতৰ একো-একোখন কৰ্মশালাও” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আইটিআইৰ সংখ্যা বৃদ্ধি আৰু নিৰন্তৰ উন্নীতকৰণ উভয় কাৰ্য্যতে মনোনিৱেশ কৰিছে। তেখেতে উল্লেখ কৰে যে ২০১৪-লৈকে দেশত মাত্ৰ ১০ হাজাৰ আইটিআই আছিল যদিও বিগত দশকত প্ৰায় ৫ হাজাৰ নতুন আইটিআই স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে আইটিআই নেটৱৰ্কক বৰ্তমানৰ উদ্যোগ দক্ষতাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু অহা দহ বছৰৰ ভিতৰত ভৱিষ্যতৰ প্ৰয়োজনীৰ আগজাননী প্ৰদান কৰিবলৈ সাজু কৰা হৈছে। এই কাৰ্য্যক শক্তিশালী কৰিবলৈ উদ্যোগ আৰু আইটিআই সমূহৰ মাজত সমন্বয় বৃদ্ধি কৰা হৈছে। তেখেতে পিএম সেতু আঁচনি মুকলি কৰাৰ কথা ঘোষণাৰে কয় যে ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ ভাৰতৰ ১,০০০ ৰো অধিক আইটিআই প্ৰতিষ্ঠান উপকৃত হ’ব। এই পদক্ষেপৰ জৰিয়তে আইটিআইসমূহক নতুন যন্ত্ৰপাতি, উদ্যোগ প্ৰশিক্ষণ বিশেষজ্ঞ আৰু বৰ্তমান তথা ভৱিষ্যতৰ দক্ষতাৰ চাহিদাৰ অনুকূল পাঠ্যক্ৰমৰে উন্নীত কৰা হ’ব। “পিএম-সেতু যোজনাই ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্বৰ দক্ষতাৰ চাহিদাৰ সৈতে সংযোগ কৰিব”, শ্ৰী মোদীয়ে কয়।
আজিৰ কাৰ্য্যসূচীত বিহাৰৰ হাজাৰ-হাজাৰ যুৱক-যুৱতীয়ে যোগদান কৰা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই প্ৰজন্মই হয়তো সম্পূৰ্ণৰূপে বুজিব নোৱাৰিব যে বিহাৰৰ শিক্ষা ব্যৱস্থা কেনেকৈ দুইৰ পৰা ডেৰ-দুই দশক পূৰ্বে বিধ্বস্ত হৈ পৰিছিল। তেতিয়া আন্তৰিকতাৰে বিদ্যালয় খোলা হোৱা নাছিল, নিযুক্তিও প্ৰদান কৰা হোৱা নাছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিজন অভিভাৱকে নিজৰ সন্তানে স্থানীয়ভাৱে পঢ়া-শুনা আৰু অগ্ৰগতি লাভ কৰাটো কামনা কৰে। কিন্তু বাধ্যবাধকতাৰ বাবে লাখ-লাখ শিশুৱে বিহাৰ এৰি বাৰাণসী, দিল্লী, মুম্বাই আদি ঠাইলৈ প্ৰব্ৰজন কৰিবলগীয়া হৈছিল। তেখেতে ইয়াক প্ৰব্ৰজনৰ প্ৰকৃত আৰম্ভণি বুলি অভিহিত কৰে।
শ্ৰী মোদীয়ে কয় কয় যে শিপা আক্ৰান্ত হোৱা এজোপা গছক পুনৰুজ্জীৱিত কৰাটো এক বিশাল কৃতিত্ব আৰু তেখেতে বিৰোধীৰ অপশাসনৰ অধীনত বিহাৰৰ অৱস্থাক এনে গছৰ সৈতে তুলনা কৰে। তেখেতে উল্লেখ কৰে যে সৌভাগ্যক্ৰমে বিহাৰৰ জনসাধাৰণে শ্ৰী নীতিশ কুমাৰক শাসনৰ দায়িত্ব অৰ্পণ কৰিলে আৰু মিত্ৰজোঁট চৰকাৰৰ সমগ্ৰ টীমটোৱে সামূহিকভাৱে পথৰ পৰা আঁতৰি যোৱা ব্যৱস্থাসমূহক পুনৰুদ্ধাৰ কৰিবলৈ কাম কৰিলে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে আজিৰ কাৰ্য্যসূচীয়ে সেই ৰূপান্তৰৰ আভাস প্ৰদান কৰে।
আজিৰ কৌশল সমাৱৰ্তন অনুষ্ঠানত বিহাৰে নতুন দক্ষতা বিশ্ববিদ্যালয় লাভত সন্তুষ্টি প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শ্ৰী নীতিশ কুমাৰৰ নেতৃত্বত চৰকাৰে ভাৰত ৰত্ন জননায়ক কৰ্পূৰী ঠাকুৰৰ নামেৰে বিশ্ববিদ্যালয়খনৰ নাম ৰাখিছে। শ্ৰী মোদীয়ে কয় যে ভাৰত ৰত্ন কৰ্পূৰী ঠাকুৰে সমাজৰ অতিশয় বঞ্চিত শ্ৰেণীৰ উত্থানৰ বাবে ধাৰাবাহিকভাৱে প্ৰয়াস গ্ৰহণেৰে ওৰেটো জীৱন জনসেৱা আৰু শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে উৎসৰ্গা কৰিছিল। তেখেতে দৃঢ়তাৰে কয় যে তেওঁৰ সন্মানত নামকৰণ কৰা দক্ষতা বিশ্ববিদ্যালয়খনে সেই দৃষ্টিভংগীকে আগুৱাই নিয়াৰ ক্ষেত্ৰত এক শক্তিশালী মাধ্যম হিচাপে কাম কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কেন্দ্ৰ আৰু ৰাজ্যৰ তেওঁলোকৰ চৰকাৰে বিহাৰৰ শিক্ষানুষ্ঠানসমূহক আধুনিকীকৰণৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আছে। তেখেতে অৱগত কৰে যে আইআইটি-পাটনাত আন্তঃগাঁথনি সম্প্ৰসাৰণৰ কাম আৰম্ভ হৈছে আৰু সমগ্ৰ বিহাৰৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ আধুনিকীকৰণো আৰম্ভ হৈছে। শ্ৰী মোদীয়ে ঘোষণা কৰে যে এনআইটি-পাটনাৰ বিহটা কেম্পাছক এতিয়া প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি কৰা হৈছে। ইয়াৰ উপৰিও তেখেতে কয় যে পাটনা বিশ্ববিদ্যালয়, ভূপেন্দ্ৰ মণ্ডল বিশ্ববিদ্যালয়, ছাপৰাৰ জয় প্ৰকাশ বিশ্ববিদ্যালয় আৰু নালন্দা মুক্ত বিশ্ববিদ্যালয়ত নতুন শৈক্ষিক আন্তঃগাঁথনিৰ ভেটি স্থাপন কৰা হৈছে।
শিক্ষানুষ্ঠানসমূহক সুদৃঢ়কৰণৰ সমান্তৰালভাৱে শ্ৰী নীতিশ কুমাৰৰ নেতৃত্বত চৰকাৰে বিহাৰৰ যুৱক-যুৱতীসকলৰ শিক্ষা গ্ৰহণৰ আৰ্থিক বোজা লাঘৱৰ অৰ্থে সক্ৰিয়ভাৱে কাম কৰি আছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকল যাতে উচ্চ শিক্ষা গ্ৰহণৰ বেলিকা মাচুল পৰিশোধৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে। তেখেতে উল্লেখ কৰে যে বিহাৰ চৰকাৰে ষ্টুডেন্ট ক্ৰেডিট কাৰ্ড আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰি আহিছে আৰু এই আঁচনিৰ অধীনত শিক্ষা ঋণক সুত-মুক্তকৰণৰ বাবে এতিয়া এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ বৃত্তি ১,৮০০ টকাৰ পৰা ৩,৬০০ টকালৈ বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰে।
“ভাৰত হৈছে বিশ্বৰ সৰ্বাধিক যুৱ সমাজ থকা ৰাষ্ট্ৰসমূহৰ অন্যতম আৰু বিহাৰ হৈছে যুৱক-যুৱতীসকলৰ সৰ্বাধিক অনুপাত থকা ৰাজ্যসমূহৰ অন্যতম” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনা বৃদ্ধি পোৱা মাত্ৰেকে ৰাষ্ট্ৰখনৰ শক্তি বৃদ্ধি পায়। তেখেতে দৃঢ়তাৰে কয় যে তেওঁলোকৰ চৰকাৰে বিহাৰৰ যুৱক-যুৱতীসকলক অধিক সবলীকৰণৰ বাবে সম্পূৰ্ণ দায়বদ্ধতাৰে কাম কৰি আছে। শ্ৰী মোদীয়ে আৰু কয় যে পূৰ্বৰ বিৰোধী চৰকাৰৰ তুলনাত এতিয়া বিহাৰৰ শিক্ষা বাজেট বহুগুণে বৃদ্ধি কৰা হৈছে। আজি বিহাৰৰ প্ৰায় প্ৰতিখন গাঁৱতে এখন বিদ্যালয় আছে, অভিযান্ত্ৰিক আৰু চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। তেখেতে অৱগত কৰে যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ বিহাৰৰ ১৯ খন জিলাৰ বাবে কেন্দ্ৰীয় বিদ্যালয়ত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰত পূৰ্বে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰীড়া আন্তঃগাঁথনিৰ অভাৱ আছিল যদিও আজি ৰাজ্যখনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত হৈ আছে।
বিগত দুটা দশকত বিহাৰ চৰকাৰে ৰাজ্যখনৰ ৫০ লাখ যুৱক-যুৱতীক নিয়োগৰ সুযোগৰ সৈতে সংযোগ কৰা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে কেৱল যোৱা বছৰ কেইটাতে বিহাৰৰ যুৱক-যুৱতীসকলক প্ৰায় ১০ লাখ স্থায়ী চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে। তেখেতে শিক্ষা বিভাগক এক প্ৰধান উদাহৰণ হিচাপে অভিহিতকৰণেৰে কয় যে বৃহৎ পৰিসৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া অব্যাহত আছে। তেখেতে জনোৱা মতে, বিগত দুবছৰত বিহাৰত ২.৫ লাখৰো অধিক শিক্ষক নিযুক্তি প্ৰদান কৰা হৈছে, ইয়াৰ ফলত যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন সৃষ্টি আৰু শিক্ষা ব্যৱস্থাৰ মানদণ্ডৰ যথেষ্ট অগ্ৰগতি উভয় কাৰ্য্যই সাধন হৈছে।
বিহাৰ চৰকাৰে এতিয়া নতুন লক্ষ্যৰে কাম কৰি আছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৰাজ্যখনে বিগত দুটা দশকত সৃষ্টি হোৱাতকৈ দুগুণ নিয়োগৰ সুযোগ অনাগত পাঁচ বছৰত সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে ইয়াৰ অৰ্থে সংকল্পটো স্পষ্ট— যে বিহাৰৰ যুৱক-যুৱতীসকলে বিহাৰতে নিয়োগৰ সুযোগ লাভ কৰিব লাগে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰৰ যুৱক-যুৱতীসকলে এয়া দুগুণ বানচ লাভৰ সময়। তেখেতে সমগ্ৰ দেশতে অব্যাহত জিএছটি সঞ্চয় উৎসৱত আলোকপাতেৰে বাইক আৰু স্কুটাৰৰ জিএছটি হ্ৰাসৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ যুৱক-যুৱতীসকলৰ মাজত যি সুখানুভূতিৰ মনোভাৱ প্ৰকাশ পাইছে, সেই সম্পৰ্কে কয়। তেখেতে কয় যে আনকি বহু যুৱক-যুৱতী তথা ব্যক্তিয়ে ধনতেৰাছৰ সময়ত এয়া ক্ৰয়ৰ পৰিকল্পনাও কৰিছে। শ্ৰী মোদীয়ে বিহাৰৰ যুৱক-যুৱতী আৰু দেশবাসীক তেওঁলোকৰ অধিকাংশ অত্যাৱশ্যকীয় সামগ্ৰীৰ জিএছটি হ্ৰাসৰ ব্যৱস্থাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
“দক্ষতা বৃদ্ধিৰ লগে লগে ৰাষ্ট্ৰ এখন আত্ম-নিৰ্ভৰ হৈ পৰে, ৰপ্তানি বৃদ্ধি পায় আৰু নিয়োগৰ সুযোগ সম্প্ৰসাৰিত হয়”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে ২০১৪-ৰ আগতে ভাৰতৰ ওপৰত "ফ্ৰেজিল ফাইভ" অৰ্থনীতিৰ লেবেল লগোৱা হৈছিল, কিয়নো সেই সময়ত বিকাশৰ গতি মন্থৰ হৈ পৰিছিল আৰু সীমিত সংখ্যক নিয়োগহে সৃষ্টি হৈছিল। কিন্তু আজি ভাৰত শীৰ্ষ তিনি বিশ্ব অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে, উৎপাদন আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যথেষ্ট বৃদ্ধি পাইছে। শ্ৰী মোদীয়ে ম’বাইল ফোন, ইলেক্ট্ৰনিকছ, অট’ম’বাইল আৰু প্ৰতিৰক্ষাৰ দৰে খণ্ডত উৎপাদন আৰু ৰপ্তানিৰ অভূতপূৰ্ব বৃদ্ধি কাৰ্য্যত আলোকপাত কৰে। তেখেতে উল্লেখ কৰে যে এই উত্থানে বৃহৎ উদ্যোগ আৰু এমএছএমই-সমূহত উল্লেখযোগ্য নিয়োগ সৃষ্টি কৰিছে, ইয়াৰ ফলশ্ৰুতিত আইটিআইত প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীসকলো বহুখিনি উপকৃত হৈছে। তেখেতে কয় যে মুদ্ৰা আঁচনিখনে কোটি-কোটি যুৱক-যুৱতীক নিজাকৈ উদ্যোগ আৰম্ভত সহায় কৰিছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে ১ লাখ কোটি টকাৰ প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা ৰূপায়ণৰ কথা ঘোষণা কৰে, যি আঁচনিয়ে প্ৰায় ৩.৫ কোটি যুৱক-যুৱতীৰ ব্যক্তিগত খণ্ডত কৰ্মসংস্থাপন নিশ্চিতকৰণত সহায় কৰিব।
এয়া দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতীৰ বাবে সুযোগেৰে ভৰা সময় বুলি দৃঢ়তাৰে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বহু কথাৰ বিকল্প থাকিব পাৰে যদিও দক্ষতা, উদ্ভাৱন আৰু কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সকলোবোৰ গুণ ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত আছে বুলি দৃঢ়তাৰে উল্লেখেৰে এই শক্তিয়েই এখনি বিকশিত ভাৰতৰ শক্তি হৈ পৰিব বুলি কৈ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপনেৰে তেখেতৰ ভাষণৰ সামৰণি মাৰে।
এই কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জয়ন্ত চৌধাৰীকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জুৱেল ওৰাম, শ্ৰী ৰাজীৱ ৰঞ্জন সিং, শ্ৰী সুকান্ত মজুমদাৰকে প্ৰমুখ্য কৰি ভালে কেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ইয়াত ভাগ লয়।
পটভূমি
যুৱ সমাজৰ বিকাশৰ অৰ্থে এক গুৰুত্বপূৰ্ণ পদক্ষেপ স্বৰূপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৬২,০০০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন যুৱ-কেন্দ্ৰিক পদক্ষেপৰ শুভাৰম্ভ কৰে। এই পদক্ষেপৰাজিয়ে সমগ্ৰ দেশতে শিক্ষা, দক্ষতা আৰু উদ্যমিতাক এক নিৰ্ণায়ক উদ্দীপনা প্ৰদান কৰিব। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগী অনুসৰি আয়োজন কৰা ৰাষ্ট্ৰীয় দক্ষতা সমাৱৰ্তনৰ চতুৰ্থ সংস্কৰণ কৌশল দীক্ষান্ত সমাৰোহত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনস্থ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ ৪৬ গৰাকী সৰ্বভাৰতীয় টপাৰক সম্বৰ্ধনা জনোৱা হয়।
ইয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৬০,০০০ কোটি টকা বিনিয়োগেৰে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি পিএম-সেতু (PM-SETU: Pradhan Mantri Skilling and Employability Transformation through Upgraded ITIs)-ৰ শুভাৰম্ভ কৰে। এই আঁচনিখনৰ জৰিয়তে ২০০ হাব আইটিআই আৰু ৮০০ স্প’ক আইটিআইক সামৰি হাব-এণ্ড-স্প’ক মডেলত সমগ্ৰ দেশৰে ১,০০০ চৰকাৰী আইটিআইক উন্নীতকৰণৰ পৰিকল্পনা কৰা হৈছে। প্ৰতিটো হাবক গড়ে চাৰিটা স্প’কৰ সৈতে সংযোগ কৰা হ’ব, ইয়াৰ ফলত উন্নত আন্তঃগাঁথনি, আধুনিক ট্ৰেড, ডিজিটেল লাৰ্নিং চিষ্টেম আৰু ইনকিউবেচন সুবিধাৰে সজ্জিত ক্লাষ্টাৰৰ সৃষ্টি হ’ব। এংকৰ উদ্যোগ অংশীদাৰসকলে এই ক্লাষ্টাৰসমূহ পৰিচালনা কৰিব, বজাৰৰ চাহিদাৰ সৈতে সামঞ্জস্যপূৰ্ণ ফলাফলভিত্তিক দক্ষতা নিশ্চিত কৰিব। হাবসমূহত উদ্ভাৱন কেন্দ্ৰ, প্ৰশিক্ষকৰ প্ৰশিক্ষণৰ সুবিধা, উৎপাদন ইউনিট আৰু প্লেচমেন্ট সেৱাও থাকিব। আনহাতে স্প’কত প্ৰৱেশ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হ’ব। সামূহিকভাৱে পিএম-সেতুৱে ভাৰতৰ আইটিআই বাতাবৰণক পুনৰ সংজ্ঞায়িত কৰিব, ইয়াক চৰকাৰী মালিকানাধীন কিন্তু উদ্যোগ পৰিচালিত কৰি তুলিব, বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেন্ট বেংকৰ পৰা বিশ্বব্যাপী সহযোগী বিত্তীয় সমৰ্থনৰ জৰিয়তে এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব। আঁচনিখন ৰূপায়ণৰ প্ৰথম পৰ্য্যায়ত পাটনা আৰু দ্বাৰভাঙাৰ আইটিআই সমূহত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪০০ খন নৱোদয় বিদ্যালয় আৰু ২০০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত স্থাপন কৰা ১,২০০ টা বৃত্তিমূলক দক্ষতা লেব উদ্বোধন কৰে। এই লেবসমূহে দুৰ্গম আৰু জনজাতীয় অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলকে প্ৰমুখ্য কৰি ছাত্ৰ-ছাত্ৰীসকলক আইটি, অট’ম’টিভ, কৃষি, ইলেক্ট্ৰনিকছ, লজিষ্টিক আৰু পৰ্যটনৰ দৰে ১২ টা অধিক চাহিদাৰ খণ্ডত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰিব। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ আৰু চিবিএছইৰ পাঠ্যক্ৰমৰ সৈতে সংগতি ৰাখি এই প্ৰকল্পত উদ্যোগ-প্ৰাসংগিক শিক্ষণ প্ৰদান আৰু নিয়োগযোগ্যতাৰ বাবে আগতীয়া ভেটি গঢ়ি তুলিবলৈ ১,২০০ বৃত্তিমূলক শিক্ষকক প্ৰশিক্ষণো প্ৰদান কৰা হ’ব।
বিহাৰৰ চহকী উত্তৰাধিকাৰ আৰু যুৱ জনগাঁথনিৰ প্ৰতিফলন ঘটোৱা ৰাজ্যখনৰ ৰূপান্তৰশীল প্ৰকল্পৰাজিত এই কাৰ্য্যসূচীৰ বিশেষ গুৰুত্ব আৰোপ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ নৱীকৃত মুখ্যমন্ত্ৰী নিশ্চয় স্বয়ম সহায়তা ভাট্টা যোজনাৰ শুভাৰম্ভ কৰে, ইয়াৰ অধীনত প্ৰতি বছৰে প্ৰায় পাঁচ লাখ স্নাতক যুৱক-যুৱতীয়ে দুবছৰৰ বাবে মাহিলী ১,০০০ টকাৰ ভাট্টা লাভৰ লগতে বিনামূলীয়া দক্ষতা প্ৰশিক্ষণ লাভ কৰিব। তেখেতে নৱীকৃত বিহাৰ ছাত্ৰ ক্ৰেডিট কাৰ্ড আঁচনিও মুকলি কৰে। ইয়াৰ অধীনত ৪ লাখ টকা পৰ্য্যন্ত সম্পূৰ্ণ সুত-মুক্ত শিক্ষা ঋণ প্ৰদান কৰা হ’ব, ইয়াৰ ফলত উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আৰ্থিক বোজা যথেষ্ট লাঘৱ হ’ব। ইতিমধ্যে এই আঁচনিৰ অধীনত ৩.৯২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ৭,৮৮০ কোটি টকাৰো অধিক মূল্যৰ ঋণ লাভ কৰিছে। ৰাজ্যখনৰ যুৱ সবলীকৰণ কাৰ্য্যক অধিক সুদৃঢ়কৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৮-ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ সকলৰ বাবে বিহাৰ যুৱ আয়োগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰত বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰ্মশক্তি সৃষ্টিৰ বাবে উদ্যোগমুখী পাঠ্যক্ৰম আৰু বৃত্তিমূলক শিক্ষা প্ৰদানৰ পৰিকল্পনাৰে স্থাপন কৰা জন নায়ক কৰ্পূৰী ঠাকুৰ দক্ষতা বিশ্ববিদ্যালয়খনো উদ্বোধন কৰে।
উচ্চ শিক্ষাৰ পথসমূহৰ অগ্ৰগতি সাধনৰ দৃষ্টিভংগীৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০-ক আগুৱাই নি প্ৰধানমন্ত্ৰীগৰাকীয়ে পিএম-ঊষা (প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান)-ৰ অধীনত বিহাৰৰ চাৰিখন বিশ্ববিদ্যালয় ক্ৰমে পাটনা বিশ্ববিদ্যালয়, মাধেপুৰাৰ ভূপেন্দ্ৰ নাৰায়ণ মণ্ডল বিশ্ববিদ্যালয়, ছাপৰাৰ জয় প্ৰকাশ বিশ্ববিদ্যালয় আৰু পাটনাৰ নালন্দা মুক্ত বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক আৰু গৱেষণামূলক সুবিধাৰ আধাৰশিলা স্থাপন কৰে। ১৬০ কোটি টকা আবন্টনেৰে এই প্ৰকল্পসমূহে একেলগে আধুনিক শৈক্ষিক আন্তঃগাঁথনি, উন্নত পৰীক্ষাগাৰ, হোষ্টেল আৰু বহুবিষয়ক শিক্ষণ ব্যৱস্থা প্ৰশস্তকৰণেৰে ২৭ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এনআইটি-পাটনাৰ বিহটা চৌহদ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ৬,৫০০ ছাত্ৰ-ছাত্ৰীক আতিথ্য প্ৰদানৰ ক্ষমতা সম্পন্ন এই কেম্পাছত ৫জি ইউজ কেছ লেব, ইছৰোৰ সহযোগত স্থাপন কৰা আঞ্চলিক একাডেমিক চেন্টাৰ ফৰ স্পেচ আৰু ইতিমধ্যে নটা ষ্টাৰ্ট-আপক সহায় কৰা উদ্ভাৱন আৰু ইনকিউবেচন চেন্টাৰকে প্ৰমুখ্য কৰি উন্নত সা-সুবিধাসমূহ আছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰ চৰকাৰত নতুনকৈ নিযুক্তি পোৱা ৪ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণেৰে মুখ্যমন্ত্ৰী বালক/বালিকা বৃত্তি আঁচনিৰ অধীনত নৱম আৰু দশম শ্ৰেণীৰ ২৫ লাখ ছাত্ৰ-ছাত্ৰীলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে ৪৫০ কোটি টকাৰ বৃত্তি মুকলি কৰে।
আৰম্ভ কৰা এই পদক্ষেপসমূহে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে উল্লেখযোগ্য সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। শিক্ষা, দক্ষতা বিকাশ, উদ্যমিতা আৰু উন্নত আন্তঃগাঁথনিক একত্ৰিতকৰণেৰে পদক্ষেপৰাজিয়ে দেশৰ অগ্ৰগতিৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিব।
***
MJPS/SR/SB
(Release ID: 2174930)
Visitor Counter : 6
Read this release in:
Bengali
,
Bengali-TR
,
English
,
Urdu
,
Marathi
,
Hindi
,
Nepali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam