প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ জলাশয় সংৰক্ষণ অভিযানৰ মাইলৰ খুঁটি হিচাপে বিহাৰৰ নতুন ৰামছাৰ স্থানক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 27 SEP 2025 6:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দুটা নতুন ৰামছাৰ ছাইট—বক্সাৰ জিলাৰ গোকুল জলাশয় (৪৪৮ হেক্টৰ) আৰু পশ্চিম চম্পাৰণ জিলাৰ উদয়পুৰ ঝীল (৩১৯ হেক্টৰ) সংযোজন কৰাটো ভাৰতৰ পৰিৱেশ তন্ত্ৰৰ বাবে এক গৌৰৱময় মুহূৰ্ত হিচাপে প্ৰশংসা কৰে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ এক্সৰ এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়-

"অতি আনন্দৰ  খবৰ! বহনক্ষম উন্নয়নৰ বাবে জলাশয় অতি প্ৰয়োজনীয়।এয়া পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কেনেকৈ আগৰণুৱা হ'ব পাৰি সেই বিষয়ে চিন্তা আৰু কৰ্মৰে দেখুৱাই দিয়া  বিহাৰৰ জনসাধাৰণৰ প্ৰতি এক বিশেষ প্ৰশংসা।"

 

MJPS/SR/SKS/DM


(ৰিলিজ আই ডি : 2172330) অতিথি কক্ষ : 37