তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ত ভাৰতে নিজৰ সৃষ্টিশীল সম্ভাৱনা প্ৰদৰ্শন কৰিব; বিআইএফএফলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী প্ৰতিনিধি দলৰ নেতৃত্ব দিব ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে
বিআইএফএফ ২০২৫ত ১০খন ছবিৰ সৈতে ভাৰতৰ এতিয়ালৈকে আটাইতকৈ শক্তিশালী লাইন-আপ; এচিএফএম, এছিয়ান কন্টেন্টছ এণ্ড ফিল্ম মাৰ্কেটত সহ-প্ৰযোজনা বজাৰৰ বাবে নিৰ্বাচিত ৫টা ভাৰতীয় প্ৰকল্প
বিআইএফএফ ২০২৫ত অংশগ্ৰহণে ভাৰতৰ সহ-প্ৰযোজনা সম্প্ৰসাৰণ, এভিজিচিৰ সুযোগসমূহক প্ৰসাৰিত কৰা আৰু দক্ষিণ কোৰিয়াৰ সৈতে সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে
ভাৰত পেভিলিয়নৰ ৱেভছ মাৰ্কেটে ভাৰতীয় সৃষ্টিকৰ্তাসকলক বিশ্বৰ বজাৰৰ সৈতে সংযোগ ঘটাব আৰু সহ-প্ৰযোজনা আৰু এভিজিচিৰ বাবে প্ৰৰোচনাৰ ওপৰত আলোকপাত কৰিব
ভাৰত পৰ্ভ আৰু ভাৰতীয় চলচিত্ৰই বুছানত ভাৰতৰ সংস্কৃতি আৰু সৃষ্টিশীলতাক উদযাপন কৰিব; ভাৰত-কোৰিয়া এভিজিচি আৰু চলচ্চিত্ৰ সহ-প্ৰযোজনা কাঠামো শক্তিশালী কৰাৰ বাবে নীতিগত আলোচনা আৰু বুজাবুজি চুক্তি
Posted On:
16 SEP 2025 1:04PM by PIB Guwahati
দক্ষিণ কোৰিয়াত বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (বিআইএফএফ) ২০২৫ আৰু এছিয়ান কন্টেন্টছ এণ্ড ফিল্ম মাৰ্কেট (এচিএফএম)ত তথ্য আৰু সম্প্ৰচাৰৰ মাননীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে ভাৰতে উল্লেখযোগ্য স্থান দখল কৰিবলৈ সাজু হৈছে। সাংস্কৃতিক কূটনীতি শক্তিশালী কৰা, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৃষ্টিশীল সহযোগিতা সম্প্ৰসাৰণ কৰা, আৰু ভাৰতক সৃষ্টিশীল অৰ্থনীতিৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে স্থান দিয়াৰ বাবে ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইটোৱেই হ’ব ভাৰতৰ পৰা বিআইএফএফলৈ প্ৰথমবাৰৰ বাবে মন্ত্ৰীসভাৰ প্ৰতিনিধি দল।
প্ৰতিনিধি দলটোত আইএণ্ডবি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, এনএফডিচি, এফআইচিচিআই, এফটিআইআই, এছআৰএফটিআইআই, আৰু আইআইএমচিৰ প্ৰতিনিধিৰ লগতে ৱেভছ বজাৰৰ পদক্ষেপৰ নিৰ্বাচিত সৃষ্টিকৰ্তাসকলো থাকিব।
এই ভ্ৰমণৰ পূৰ্বে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে কয় যে, “এছিয়ান আৰু বিশ্বব্যাপী চিনেমাৰ শ্ৰেষ্ঠসকলক একত্ৰিত কৰা উৎসৱ বিআইএফএফ ২০২৫ত অংশগ্ৰহণ কৰি ভাৰত গৌৰৱান্বিত। ইয়াত আমাৰ উপস্থিতিয়ে ভাৰতৰ সহ-প্ৰযোজনা সম্প্ৰসাৰণ, এভিজিচিত নতুন সুযোগ সৃষ্টি, আৰু দক্ষিণ কোৰিয়াৰ সৈতে সাংস্কৃতিক বন্ধন শক্তিশালী কৰাৰ সংকল্প প্ৰতিফলিত কৰে। আমি কেৱল আমাৰ সৃষ্টিশীল অৰ্থনীতিয়ে নহয়, ভাৰতৰ কালজয়ী ঐতিহ্য আৰু প্ৰতিভাকো প্ৰদৰ্শন কৰোঁ।”
ভাৰতৰ অংশগ্ৰহণৰ মূল আলোকপাত
বিআইএফএফ এণ্ড এচিএফএমত ভাৰত পেভিলিয়ন – ‘ৱেভছ বজাৰ’ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ
“ভাৰত – বিশ্বৰ সৃষ্টিশীল অৰ্থনীতি” শীৰ্ষক বিষয়বস্তুৰ অধীনত বিআইএফএফ আৰু এচিএফএম দুয়োটাতে ভাৰত পেভিলিয়ন স্থাপন কৰা হ’ব। এই পেভিলিয়নে ভাৰতীয় কন্টেন্ট সৃষ্টিকৰ্তা, প্ৰযোজক, আৰু বিতৰকসকলক বিটুবি সভাৰ জৰিয়তে বিশ্ব বজাৰৰ সৈতে সংযোগ কৰিবলৈ ডিজাইন কৰা ৱেভছ বজাৰ পদক্ষেপক আলোকপাত কৰিব। এচিএফএমৰ অফিচিয়েল প্ৰগ্ৰেমৰ অংশ হিচাপে দুয়োখন দেশৰ আগশাৰীৰ উদ্যোগ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াৰ সৈতে “ভাৰত–কোৰিয়া সহযোগীতা: সহ-প্ৰযোজনাৰ নতুন দিগন্ত” বিষয়ক এক পেনেল আলোচনাৰ আয়োজন কৰা হ’ব।
বুছানত ভাৰতীয় চিনেমা প্ৰদৰ্শন
এই বছৰ ভাৰতৰ শ্ব’কেছ এতিয়ালৈকে আটাইতকৈ শক্তিশালী, দহখনতকৈও অধিক ছবিয়ে ভাৰতীয় কাহিনী কোৱাৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে:
- স্পায়িং ষ্টাৰছ্ (পদ্মশ্ৰী নীল মাধব পাণ্ডা) – উদ্বোধনী প্ৰতিযোগিতা শিতানত প্ৰতিযোগিতা।
- ইফ অন এ ৱিণ্টাৰ নাইট (সঞ্জু সুৰেন্দ্ৰন); কোক কোক কোকুক (মহৰ্ষি তুহিন কাশ্যপ); শ্বেপ অৱ মোমো (ট্ৰাইবেনি ৰায়) – ভিজন এছিয়া অংশৰ অধীনত।
- আন আন প্ৰকল্পসমূহৰ ভিতৰত বায়ান (বিকাশ ৰঞ্জন মিশ্ৰ); ডন’ট টেল মাদাৰ (অনুপ লক্কুৰ); ফুল প্লেট (তনিষ্ঠা চেটাৰ্জী); কৰিঞ্জী (শীতল এনএছ); আই, পপি (বিবেক চৌধুৰী)।
এছিয়ান প্ৰকল্প বজাৰত (এচিএফএম) সহ-প্ৰযোজনা বজাৰৰ বাবে পাঁচটা ভাৰতীয় প্ৰকল্প নিৰ্বাচিত কৰা হয়:
- ডিফিকাল্ট ডটাৰ – ছ’নি ৰাজদানৰ পৰিচালনা; আলিয়া ভাট, শ্বাহীন ভাট, এলান মেকএলেক্স, আৰু গ্ৰীষ্ম শ্বাহৰ দ্বাৰা প্ৰযোজিত।
- দ্য লাষ্ট অৱ থেম প্লেগছ – কুঞ্জিলা মাচিলামানীৰ পৰিচালনা; পায়াল কাপাড়িয়া, জেও বেবী, আৰু কানি কুছৰুতিৰ দ্বাৰা প্ৰযোজিত।
- লংকা (দ্য ফায়াৰ) – সৌৰভ ৰায়ৰ পৰিচালনা; সুদীপ্ত সাধুখন, বিৰাজ চেলট, আৰু অংকিতা পুৰকায়স্থৰ দ্বাৰা প্ৰযোজিত।
- মুন – পৰিচালনা আৰু প্ৰযোজনা প্ৰদীপ কুৰ্বাহ।
- দ্য মেজিকেল মেন – বিপ্লব চৰকাৰৰ পৰিচালনা; ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সহযোগী প্ৰযোজনা।
ভাৰত পৰ্ব – ভাৰতীয় সংস্কৃতি উদযাপন
আইএণ্ডবি মন্ত্ৰালয়ে আয়োজন কৰিব “ভাৰত পৰ্ভ”, ভাৰতীয় কলা, সংগীত, আৰু খাদ্য সম্ভাৰৰ সাংস্কৃতিক সন্ধিয়া। ভাৰত আৰু কোৰিয়া উভয় সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ নেতাসকলে অংশগ্ৰহণ কৰিব লগা এই অনুষ্ঠানটোৱে ভাৰত আৰু কোৰিয়াৰ মানুহৰ মাজত গভীৰ আৰু সাংস্কৃতিক সংযোগৰ মঞ্চ হিচাপে কাম কৰিব।
নীতি সংলাপ আৰু সহযোগিতা
ৰিপাব্লিক অৱ কোৰিয়াৰ সংস্কৃতি, ক্ৰীড়া আৰু পৰ্যটন মন্ত্ৰীৰ সৈতে তথ্য আৰু সম্প্ৰচাৰৰ ৰাজ্যিক মন্ত্ৰীৰ জি2জি বৈঠকত ভাৰত–কোৰিয়া এভিজিচি আৰু চলচ্চিত্ৰ সহ-প্ৰযোজনাৰ কাঠামোৰ বাবে এক গাঁথনিগত আলোচনা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।
এনএফডিচি, এফটিআইআই, আইআইচিটি (ভাৰত) আৰু কেএএফএ, কেঅ’এফআইচি, কঅ’চিচিএকে ধৰি কোৰিয়ান প্ৰতিষ্ঠানসমূহৰ লগতে প্ৰশিক্ষণ, বিনিময় কাৰ্যসূচী, আৰু ভাৰতীয় বিষয়বস্তু বিতৰণৰ বাবে কোৰিয়ান অ’টিটি প্লেটফৰ্মৰ মাজত উদ্দেশ্য পত্ৰৰ স্বাক্ষৰ (এলঅ’আই)ৰ দিন ধাৰ্য কৰা হৈছে।
বিআইএফএফ আৰু এচিএফএমৰ বিষয়ে
ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) আৰু কান চলচ্চিত্ৰ মহোৎসৱৰ সমান্তৰালভাৱে এফআইএপিএফে স্বীকৃতি প্ৰদান কৰা বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (বিআইএফএফ) এছিয়াৰ অন্যতম সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ। এছিয়ান কন্টেন্টছ এণ্ড ফিল্ম মাৰ্কেটে (এচিএফএম) এক আগশাৰীৰ সহ-প্ৰযোজনা আৰু ফাইনেন্সিং প্লেটফৰ্ম হিচাপে কাম কৰে, যিয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলক বিশ্বব্যাপী বিনিয়োগকাৰী আৰু অংশীদাৰৰ সৈতে সংযোগ কৰে।
*****
Dharmendra Tewari\ Navin Sreejith/AA
(Release ID: 2167312)
Visitor Counter : 2
Read this release in:
English
,
Urdu
,
Nepali
,
Hindi
,
Marathi
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam