প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এংগোলাৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ ফলাফল

পোষ্ট কৰা হৈছে: 03 MAY 2025 5:30PM by PIB Guwahati

১/ বুজাবুজি চুক্তি: 
i. আয়ুৰ্বেদ আৰু অন্যান্য পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত গণৰাজ্য চৰকাৰ আৰু এংগোলা গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজি চুক্তি 
ii. কৃষি ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত গণৰাজ্য চৰকাৰ আৰু এংগোলা গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজি চুক্তি 
iii. ২০২৫ -২৯ চনৰ বাবে সংস্কৃতিৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু এংগোলা গণৰাজ্য চৰকাৰৰ মাজত সহযোগিতা কাৰ্যসূচী
২/ এংগোলাই আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা (আই এছ এ) কাঠামো চুক্তিত স্বাক্ষৰ কৰি আই এছ এৰ ১২৩ সংখ্যক সদস্য হয়।
৩/ প্ৰতিৰক্ষা ক্ৰয়ৰ বাবে এংগোলাৰ ২০০ মিলিয়ন মাৰ্কিন ডলাৰৰ এল অ’ চিৰ অনুৰোধত ভাৰত চৰকাৰে অনুমোদন জনাইছে।

 

MJPS/SR/SKS


(ৰিলিজ আই ডি : 2159378) অতিথি কক্ষ : 39