প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ আৰু ট’বাগো’ গ্ৰহণ কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণ

प्रविष्टि तिथि: 04 JUL 2025 10:45PM by PIB Guwahati

 

নমস্কাৰ,

সকলোকে শুভ ৰাতিপুৱা,

ৰাষ্ট্ৰপতি ক্ৰীষ্টিন কংগালু জী,

প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ-বিছেছাৰ জী,

বিশিষ্ট অতিথিসকল,

সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগো’ লাভ কৰাৰ বাবে আপোনালোক, আপোনালোকৰ চৰকাৰ আৰু আপোনালোকৰ জনসাধাৰণৰ প্ৰতি মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।

এই সন্মান আমাৰ দুয়োখন দেশৰ চিৰন্তন আৰু গভীৰ বন্ধুত্বৰ প্ৰতীক। এই সন্মান মই ১৪০ কোটি ভাৰতীয়ৰ হৈ গৌৰৱ হিচাপে গ্ৰহণ কৰো।

বন্ধুসকল,

প্ৰথমবাৰৰ বাবে বিদেশী নেতাক এই সন্মান প্ৰদান কৰাটোৱে আমাৰ বিশেষ সম্পৰ্কৰ গভীৰতা প্ৰতিফলিত কৰে। এই সম্পৰ্ক আমাৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

এশ আশী বছৰ আগতে ভাৰতৰ পৰা ইয়ালৈ অহা লোকসকলে আমাৰ বন্ধুত্বৰ ভেটি স্থাপন কৰিছিল। তেওঁলোকৰ হাত খালী হ’লেও তেওঁলোকৰ মন ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু বৈচিত্ৰ্যৰে চহকী আছিল। তেওঁলোকে যি পাৰস্পৰিক সম্প্ৰীতি আৰু সদিচ্ছাৰ বীজ সিঁচিছিল, সেই বীজ আজি ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰগতি আৰু সমৃদ্ধিৰ ৰূপত বাস্তৱায়িত হৈছে।

আমাৰ ভাগ-বতৰা কৰা পৰম্পৰা, সংস্কৃতি আৰু ৰীতি-নীতি এতিয়াও ভাৰতীয় সমাজে সংৰক্ষণ কৰি ৰখাটো অতি গৌৰৱৰ বিষয়। ৰাষ্ট্ৰপতি কংগালু জী আৰু প্ৰধানমন্ত্ৰী কমলা জী এই সম্প্ৰদায়ৰ আটাইতকৈ ডাঙৰ ব্ৰেণ্ড এম্বেছাদৰ। দুয়োখন দেশৰ মাজত সাংস্কৃতিক সম্প্ৰীতি প্ৰতিটো খোজতে দেখা যায়।

বন্ধুসকল,

ৰাষ্ট্ৰপতি কংগালু জীৰ পূৰ্বপুৰুষ আছিল সন্ত তিৰুৱল্লুৱৰ জীৰ ভূমি তামিলনাডুৰ। হাজাৰ হাজাৰ বছৰৰ আগতে সন্ত তিৰুৱল্লুৱৰে কৈছিল -

पडई कुडी कूळ् अमईच्चु नट्परन् आरुम्
उडैयान् अरसरुळ् एरु


অৰ্থাৎ শক্তিশালী দেশসমূহত ছটা বস্তু থাকিব লাগে। এক সাহসী সেনাবাহিনী, দেশভক্ত নাগৰিক, সম্পদ, ভাল জনপ্ৰতিনিধি, শক্তিশালী প্ৰতিৰক্ষা আৰু সদায় একেলগে থিয় দিয়া বন্ধুত্বপূৰ্ণ দেশ। ট্ৰিনিদাদ এণ্ড ট’বাগো ভাৰতৰ বাবে সদায়েই বন্ধুত্বপূৰ্ণ দেশ।


বন্ধুসকল,

এই সন্মানক আমাৰ সম্পৰ্কৰ দায়িত্ব হিচাপেও মই দেখিছোঁ। ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য অংশীদাৰ হিচাপে আমি ট্ৰিনিদাদ আৰু ট’বাগোৰ জনসাধাৰণৰ দক্ষতা বিকাশ আৰু সামৰ্থ্য বিকাশৰ ওপৰত গুৰুত্ব দি আহিছো। ভাৰতৰ বাবে ট্ৰিনিদাদ এণ্ড ট’বাগো কেৱল কেৰি-কমতে নহয়, সমগ্ৰ বিশ্বতে এক গুৰুত্বপূৰ্ণ অংশীদাৰ।

আমাৰ সহযোগিতা সমগ্ৰ গ্ল’বেল চাউথৰ বাবে গুৰুত্বপূৰ্ণ। দুখন সজীৱ গণতন্ত্ৰ হিচাপে আমি দুয়োখন দেশৰ জনসাধাৰণৰ লগতে সমগ্ৰ মানৱতাৰ কল্যাণৰ বাবে একেলগে কাম কৰি যাম।

মহামহিম,

আকৌ এবাৰ ১৪০ কোটি ভাৰতীয়ৰ হৈ এই সন্মানৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সন্মানে আমাক প্ৰতিটো ক্ষেত্ৰতে নতুন উচ্চতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।

আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।

 

MJPS/VJ/VK


(रिलीज़ आईडी: 2159309) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , Urdu , Bengali , Telugu , Malayalam , English , Marathi , हिन्दी , Manipuri , Gujarati , Odia , Tamil , Kannada