প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অসমত আইআইএম প্ৰতিষ্ঠাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীক অভিনন্দন জনায়
Posted On:
20 AUG 2025 7:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত ভাৰতীয় মেনেজমেন্ট প্ৰতিষ্ঠান (IIM) প্ৰতিষ্ঠাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনাইছে।
শ্ৰী মোদীয়ে কয় যে আইআইএম-ৰ স্থাপন কাৰ্য্যই শিক্ষা আন্তঃগাঁথনিৰ বৰ্ধন ঘটাব আৰু সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে গৱেষকসকলকো আকৰ্ষিত কৰিব।
অসমত আইআইএম প্ৰতিষ্ঠা সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক্স-ত কৰা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;
“অসমৰ ৰাইজক অভিনন্দন জনালোঁ! ৰাজ্যখনত আইআইএম-ৰ স্থাপন কাৰ্য্যই শিক্ষা আন্তঃগাঁথনিৰ বৰ্ধন ঘটাব আৰু সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে গৱেষকসকলকো আকৰ্ষিত কৰিব।”
******
MJPS/ST/SB
(Release ID: 2158647)